মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হ'ল আয়ুৰ্বেদিক সূত্ৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হ'ল আয়ুৰ্বেদিক সূত্ৰ

বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হ'ল আয়ুৰ্বেদিক সূত্ৰ ৰ বিষয়ে লিখা হৈছে ।

বহু হাজাৰ বছৰ পুৰণি বেদ, পুৰাণ আদিত বৰ্ণিত কথাবোৰ কিমান সত্য তাৰ আজি প্ৰমাণ বিচাৰিছে নব প্ৰজন্মই। বহু হাজাৰ বছৰ আগতেই ৰচিত হৈছিল অথৰ্ববেদ। তাৰেই অংগ হ'ল আয়ুৰ্বেদ।

ব্ৰহ্মাৰ পৰা সৃষ্ট এই বিদ্যা হিমালয়ৰ পাদদেশত বহি ঋষি মুনিৱসকলে আহৰণ কৰিছিল আৰু তেওঁলোকে এই বিদ্যা শিষ্য সকলত দিছিল। এই শিষ্য সকল মহাজ্ঞানী আছিল আৰু মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন গুৰু সকলক সুধিছিল আৰু গুৰুসকলে উত্তৰ দিছিল।

এই গুৰুশিষ্যৰ প্ৰশ্ন আৰু উত্তৰ পুথি হিচাবে সংগৃহীত হৈছিল আৰু তাৰেই ফলশ্ৰুতি চৰক সংহিতা, সুশ্ৰুত সংহিতা, অষ্টাঙ্গ হৃদয় আদি বহু মূল্যবান গ্ৰন্থ।

ইয়াত সন্নিবিষ্ট সূত্ৰ তথা চিকিৎসা সমূহ অতি বিজ্ঞান সন্মত। উল্লেখ কৰিব লাগিব যে গুৰু সকলে দিয়া উপদেশ তথা প্ৰশ্ন উত্তৰ সমূহ, গুৰু সকলৰ মাজত হোৱা বৌদ্ধিক যুক্তি তৰ্ক তথা আলোচনাৰ ফলশ্ৰুতি।

সংহিতা অধ্যয়ন কৰিলে এই কথা স্পষ্ট হৈ পৰে যে আজি কালিৰ দৰে আগতেও ঋষি মুনি সকলৰ মাজত যুক্তি কটা কটি হৈছিল যাক তদ্ধিত সম্ভাষা বুলি কোৱা হয়। এতিয়া আহিছো মূল কথালৈ।

আয়ুৰ্বেদত উল্লেশ কৰা হৈছিল বিভিন্ন কথা। মই যেতিয়া BAMS পঢ়ি আছিলো (নব্বৈ দশকৰ কথা) তেতিয়া এই সংহিতাৰ কথা সমূহ বিশ্বাসত লব পৰা নাছিলো। কিয়নো ইয়াৰ কিছুমানৰ কোনো বৈজ্ঞানিক ভিত্তি বিচাৰি পোৱা নাছিলো।

শিক্ষক সকলে আমাক কৈছিল এয়া মহৰ্ষি সকলে কোৱা। এয়াই সত্য। আমি এই কথাত পতিয়ন যোৱা নাছিলো। কিয়নো আমি বিজ্ঞানৰ ছাত্ৰ, প্ৰমাণ অবিহনে বিশ্বাস নকৰো।

এতিয়া বয়স বাঢ়িল, নিজেই শিক্ষক হলো আৰু ছাত্ৰ-ছাত্রী সকলক এই বিষয়ে পঢ়াও আৰু আমাৰ ছাত্ৰ অৱস্থাৰ কিছু কথা বিজ্ঞানে মানি লোৱাৰ কথা কৈ আনন্দ পাও আৰু আন কেতবোৰ কথাৰ বৈজ্ঞানিক ভিত্তি এতিয়াও বিচাৰি নাপাওঁ। কিন্তু জীৱনৰ বাটত যি দেখিলো এদিন নিশ্চয় এই কথা সমূহো বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হব।

২০১৭ চনত চিকিৎসা বিজ্ঞানৰ বঁটা প্ৰদান কৰা হয় তিনিজনবিজ্ঞানীলৈ শৰীৰ ক্ৰিয়া(physioligy)ৰ ওপৰত গৱেষণা কৰা আমেৰিকাৰ জেফ্ৰি চি হল, মাইকেল ৰছবেশ আৰু মাইকেল ডব্লিউ য়ংক।

তেখেতসকলে বহু দিনীয়া গৱেষণাৰ অন্তত জৈৱিক ঘড়ীৰ ৰহস্য উৎঘাটন কৰিছিল।
জৈৱিক ঘড়ী হ'ল আমাৰ দিনটোৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘটিত পৰিঘটনা যেনে-

  • ধৰক ৰাতিপুৱা শুই উঠা,
  • দুপৰীয়াৰ আহাৰৰ আগত ভোক লগা,
  • ৰাতিৰ খাদ্য খোৱাৰ ৰুচি উৎপাদন হোৱা,
  • ৰাতি টোপনি অহা ইয়াদি পৰিক্ৰমাক জৈৱিক ঘড়ী বুলি কোৱা হয়।
  • অৰ্থাৎ সঠিক সময়ত আপোনাৰ-
  • ভোক লাগিব,
  • পিয়াহ লাগিব,
  • ভাগৰ লাগিব,
  • টোপনি আহিব আৰু এই আটাইবোৰ প্ৰকৃতিৰ দিন ৰাতিৰ ওপৰত নিৰ্ভৰ কৰিব। এই গোটেই প্ৰক্ৰিয়া স্বতঃ স্ফূৰ্ত।

আমাৰ গোটটি আৰম্ভ হৈছিল 23 মে, 2017 ত। জুন মাহত মই এটি লিখনি আগবঢ়াইছিলোঁ শিৰোনামা আছিল "জৈৱিক ঘড়ী"। লিখনীটোৰ সমল আছিল আয়ুৰ্বেদৰ গ্ৰন্থ সমূহ আৰু ইয়াত জৈৱিক ঘড়ীৰ বিষয়ে আয়ুৰ্বেদত কি কোৱা আছিল সুন্দৰ ভাবে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছিলো।

আৰু তাৰ চাৰি মাহ পিছতেই এই বিষয়ৰ ওপৰত গৱেষণা কৰা বিজ্ঞানীয়ে লাভ কৰিলে নবেল বঁটা। যিটো বঁটা লাভ কৰিব লাগিছিল ভাৰতীয় বিজ্ঞানীয়ে কিয়নো এই জৈৱিক ঘড়ীৰ উদ্ভাৱক ভাৰতীয় চিকিৎসা পদ্ধতি।

কিন্তু পৰিতাপৰ বিষয় যে গৱেষণা হ'ল পশ্চিমৰ দেশত কিয়নো ভাৰতীয় বিজ্ঞানীৰ নিজৰ ভাৰতীয় শাস্ত্ৰ সমূহৰ ওপৰত বিশ্বাস কম।

ওপৰৰ বিজ্ঞানী কেইজনে আবিষ্কাৰ কৰিছে যে কোষৰ ভিতৰৰ এটি জিনে এই আটাইবোৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

এই জিনটো প্ৰথমে আগবাঢ়ি আহে আৰু m RNA প্ৰস্তুত কৰি কোষৰ চাইটোপ্লাজমত নিঃসৰীত হয়। এই m RNA ই PER নামৰ এবিধ প্ৰটিন নিঃসৰণ কৰে।

এই প্ৰটিন বিধেই দিন ৰাতিৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ তাৰতম্য সমূহ নিয়ন্ত্ৰণ কৰে। ৰাতিৰ ভাগত ইয়াৰ নিঃসৰণ বাঢ়ে আৰু দিনলৈ কমি আহে। TIM জিন আৰু DBT প্ৰটিনিও PER প্ৰটিনক সহায় কৰে।

দিন ৰাতি বায়ুণ্ডলৰ পৰিবৰ্তনত, বিভিন্ন পৰিবেশত আমাৰ দেহটোক সন্তুলিত কৰি ৰখাত এই জৈৱিক প্ৰক্ৰিয়াই সহায় কৰে।

এতিয়া আহিছো পুনৰ আয়ুৰ্বেদলৈ। বহু হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদত এষাৰি কথা মহৰ্ষি চৰকে কৈ থৈ গৈছে যে আমাৰ শৰীৰটো পৰিচালিত হয় প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা।

প্ৰকৃতি যেনেকৈ বায়ু, সূৰ্য্য, আৰু পানীৰ ওপৰত নিৰ্ভৰশীল ঠিক তেনেকৈ আমাৰ শৰীৰটো বায়ু, পিত্ত, কফৰ দ্বাৰা পৰিচালিত।

সূৰ্য্যৰ ৰশ্মি দুপৰীয়া শীৰ্ষত থাকে বাবে পিত্তৰ কৰ্মশক্তি বাঢ়ে আৰু তাৰবাবে ভোক বাঢ়ে, ৰাতি চন্দ্ৰমাৰ শক্তি বাঢ়ে যিয়ে কফৰ তুল্য হয় বাবে ৰাতি কফৰ শক্তি বাঢ়ে।

বায়ু মণ্ডলৰ পৰিৱৰ্তনে শৰীৰৰ কোষত প্ৰভাৱ পেলায়।

আমাৰ শৰীৰটো সুচাৰুৰূপে চলিবলৈ এই ত্ৰিদোষ(বায়ু, পিত্ত, কফ) সন্তুলিত অৱস্থাত থকা দৰকাৰ। ৰাতিপুৱা কফৰ প্ৰাধান্যৰ বাবে-

  • শৰীৰত বল অনুভৱ কৰো,
  • দুপৰীয়া পিত্তৰ বাবে ভোক বা হজম শক্তি বাঢ়ে,
  • আবেলি বায়ুৰ বাবে ভাগৰুৱা অনুভৱ হয়।

ঠিক তেনেদৰে ৰাতিৰ প্ৰথমাৰ্ধত বায়ুৰ, মধ্যৰাত্রি পিত্তৰ, আৰু পুৱা ৰাতি কফৰ প্ৰাধান্য হৈ আমাৰ শৰীৰটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।

উপৰি উক্ত আয়ুৰ্বেদত বৰ্ণিত কথা খিনিকেই পৰৱৰ্তী সময়ত BIOLOGICAL CLOCK বুলি আধুনিক চিকিৎসা বিজ্ঞানত সন্নিবিষ্ট হ'ল আৰু আজি ইয়াৰ সত্য এবিধ জিন আৰু প্ৰটিনৰ আবিষ্কাৰ কৰি প্ৰমাণিত হ'ল লগতে চিকিৎসা বিজ্ঞানৰ নোবেল বটা লাভ কৰিলে।

দুখৰ বিষয় যে এই কেইজন বিজ্ঞানী আমেৰিকাৰ আৰু এই সূত্ৰ যে আয়ুৰ্বেদত কোন তাহানিবাই আমাৰ ঋষি মুনি সকলে আবিষ্কাৰ কৰিছিল সেয়া এন্ধাৰত থাকি গ'ল।

যিহওক এজন আয়ুৰ্বেদিক চিকিৎসক তথা এই চিকিৎসা শাস্ত্ৰৰ এজন শিক্ষক হিচাবে আজি গৌৰৱ অনুভৱ কৰিছো যে আয়ুৰ্বেদৰ সূত্ৰ সমূহ সচাকৈ বিজ্ঞান সন্মত।

2017 চনৰ তেৰ এপ্ৰিলত এখন গৱেষণা পত্ৰই গোটেই বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। গৱেষক আছিল জাৰ্মানীৰ বিজ্ঞানী ডঃ কৰিম নায়েৰণীয়া, নৰ্থ ইষ্ট ইংলেণ্ড ষ্টেম চেল গৱেষণা কেন্দ্ৰৰ গৱেষক।

তেওঁৰ গৱেষণা পত্ৰ খন প্ৰকাশিত হৈছিল Academic journel of Reproductive:Gamate Biology ত। তেখেতে আবিষ্কাৰ কৰিছিল যে আমাৰ হাঁড়ৰ মজ্জাৰ কোষৰ পৰা সংগৃহীত কেতবোৰ কোষৰ পুৰুষৰ শুক্ৰ উৎপাদন কৰিব পৰা ক্ষমতা আছে।

সাধাৰণতে পুৰুষৰ অণ্ড কোষৰ germinal কোষে কেতবোৰ হৰমনৰ প্ৰভাৱত শুক্ৰ উৎপাদন কৰিব পাৰে। কেতিয়াবা এই কোষৰ বিসঙ্গতি হলে পুৰুষ জনৰ শুক্ৰ উৎপাদন কৰাৰ ক্ষমতা নোহোৱা হয়।

এই germinal কোষৰ আবিষ্কাৰ আমাৰ হাঁড়ৰ মজ্জাৰ কোষৰ পৰা কৰিব পাৰি বুলি গৱেষণাত পৰিস্ফুট হৈছে।হাঁড়ৰ মজ্জাৰ এই কোষ সমূহক germinal stem cell বুলি নামাকৰণ কৰিছে।

এতিয়া আহিছো এই গৱেষণাৰ লগত আয়ুৰ্বেদৰ সম্পৰ্কৰ বিষয়ে:

আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰটো বিভিন্ন কোষৰ সমষ্টি আৰু এই কোষ বোৰৰ একো একোটা গোটে কেতবোৰ ধাতু(tissue)ৰ সৃষ্টি কৰে আৰু আমাৰ শৰীৰটো এনেধৰণ সাত বিধ ধাতুৰে গঠিত লগতে আন কেতবোৰ উপধাতুৰ সমষ্টি।

আমি খোৱা খাদ্য সমূহ পেটত হজম হৈ ৰস ধাতুলৈ(plasma) পৰিৱৰ্তিত হয় আৰু তাৰ পিছত এই ৰস ধাতু ৰক্ত অগ্নিৰ সহায়ত ৰক্ত ধাতুলৈ(blood) পৰিৱৰ্তিত হয়।

  • ৰক্ত ধাতুৰ পৰা মাংস অগ্নিৰ সহায়ত মাংসধাতুলৈ(muscle),
  • মাংসৰ পৰা মেদ(fatty tissue),
  • মেদৰ পৰা অস্থি(bone), আৰু
  • অস্থিৰ পৰা মজ্জা(bone marrow) আৰু মজ্জাৰ পৰা শুক্ৰ ধাতু(sperm)ৰ সৃষ্টি হয়।

এই প্ৰক্ৰিয়া সমূহ অতি জটিল তথা ইয়াৰ মাজত অন্য বহু পৰিঘটনা জড়িত আছে। থুলমূলকৈ কব পাৰি যে শুক্ৰ ধাতুৰ সৃষ্টিত হাঁড়ৰ ভিতৰৰ মজ্জাৰ ভূমিকাৰ কথা বহু হাজাৰ বছৰ আগতে আয়ুৰ্বেদত বৰ্ণিত।

2017 চনৰ এপ্ৰিল মাহৰ আগলৈ কোনো বিজ্ঞানীয়ে এই কথাত পতিয়ন যোৱা নাছিল কিয়নো পৰীক্ষাগাৰত এয়া প্ৰমাণিত নাছিল।

কেৱলমাত্ৰ আয়ুৰ্বেদত হে বৰ্ণিত আছিল। আমাৰ আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ ছাত্ৰ ছাত্রী সকলেও এই কথাখিনি বিশ্বাসত লব পৰা নাছিল।

কিন্ত আজি বহু দিনৰ মূৰত পুনৰ প্ৰমাণিত হ'ল যে আয়ুৰ্বেদৰ সূত্ৰ সমূহৰ বৈজ্ঞানিক ভিত্তি আছে।
সেয়েহে কোৱা হয় আয়ুৰ্বেদ হ'ল শ্বাস্বতঃ।

অৰ্থাৎ ইয়াত বৰ্ণিত কোনো কথাই অশুদ্ধ নহয়। সেই পুৰণি দিনটো আছিল আৰু আজিও প্ৰাসংগিক আৰু ভৱিষ্যতলৈ ও প্ৰাসংগিক হৈ থাকিব। এয়া মই কোৱা কথা নহয় আয়ুৰ্বেদ স্ৰষ্টা ঋষি মুনি সকলে কোৱা।

ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: :8638211711

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top