অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন ৰোগৰ বনদৰৱৰ চিকিৎসা

জণ্ডিচঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ৰ’দত ঘূৰা, অনিয়মিত আহাৰ গ্ৰহণ, অপৰিষ্কাৰ পানী খোৱা, যকৃতৰ দোষ, কৃমি আৰু মদ্যপানৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

এই ৰোগ হ’লে চকু, শৰীৰ আৰু প্ৰস্ৰাৱ হালধীয়া হয়। ভোক নালাগে, জ্বৰ উঠে, শৰীৰ দুৰ্বল হয়, পেট বিষায়।

ৰোগৰ চিকিৎসা-

কুলেখৰা, কলমৌ, নিম, গুলঞ্চ, হেলেঞ্চি আৰু কেঁচা হালধীৰ ৰস এচামুচকৈ লৈ মিহলি কৰি সেই ৰস দুই চামুচকৈ প্ৰতিদিন ৰাতিপুৱা খালী পেটে খালে ১০ দিনতে ৰোগ নিৰাময় হয়।

পথ্যাপথ্য-

কুঁহিয়াৰৰ ৰস, ৰবাব টেঙা, মিছিৰিৰ পানী খোৱা ভাল। তিতাকেৰেলা, পুৰাকল, অমিতা সিদ্ধৰে ৰোগ নিৰাময় নোহোৱালৈকে ভাত খাব।

খুজতীয়া আৰু পকতীয়াঃ

ৰোগৰ কাৰণ-

তেজ দূষিত হ’লে আৰু লেতেৰা হৈ থকাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

প্ৰথমতে দেহত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে। সেইবোৰ খুব খজুৱায়। তাৰ পিছত তাৰ পৰা ৰস ওলায়, ইয়াকে কোৱা হয় খুজতীয়া। কিছুদিন পিছত এই খুজতীয়াই গৈ ডাঙৰ ডাঙৰ ফোঁহাত পৰিণত হয় আৰু পকি উঠে। তাৰপৰা পুঁজ ওলায়। ইয়াকে কোৱা হয় পকতীয়া।

ৰোগৰ চিকিৎসা-

এই ৰোগৰ সৰ্বোৎকৃষ্ট ঔষধ হ’ল ২৫ গ্ৰাম নিমপাত, ২৫ গ্ৰাম নিমৰ ছাল, ২৫ গ্ৰাম নিমৰ শিপা, ২৫০ গ্ৰাম এৱাঁ গাখীৰেৰে সৈতে বটি লৈ ২৫০ গ্ৰাম নাৰিকল তেলেৰে জুইত গৰম কৰিব। সেই তেল যেতিয়া শুহি ১০০ গ্ৰাম হ’ব জুইৰ পৰা নমাই থৈ ছেকি লৈ সেই মিশ্ৰণ ঘা হোৱা ঠাইত বা খুজতীয়াত লগালে ৭ দিনতে ৰোগ ভাল হ’ব।

পথ্যাপথ্য-

টেঙাজাতীয় বস্তু, তেল আৰু ঘিউত ভজা বস্তু নাখাব।

আমবাত (এলাৰ্জী)ঃ

ৰোগৰ কাৰণ-

একো একোজন মানুহৰ একো একোটা বস্তু সহ্য নহয়। সহ্য নোহোৱা বস্তুটো মানুহজনে খালে বা ব্যৱহাৰ কৰিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

দেহৰ নানা ঠাইত ছালৰ ওপৰত চকলা বান্ধি ৰঙা পৰি উঠে আৰু খজুৱায়।

ৰোগৰ চিকিৎসা-

কেঁচা হালধী শুকাই গুড়ি কৰক, নিমপাত গুড়ি কৰক, আমলখি গুড়ি কৰক। হালধীৰ গুড়ি ১০০ গ্ৰাম আৰু অন্যান্যবোৰৰ ৫০ গ্ৰামকৈ লৈ মিহলি কৰি এটা বটলত ৰাখিব। সেই চূৰ্ণ প্ৰতিদিন ৫ গ্ৰামকৈ ৭ দিন খালে আমবাত নহয়।

পথ্যাপথ্য-

মিছা মাছ, বৰালী মাছ, ইলিচ মাছ, কণী, বেঙেনা, পিঁয়াজ, নহৰু এইবোৰ বস্তু আমবাত হ’লে নাখাব।

নখকুনিঃ

ৰোগৰ কাৰণ-

নখ কটাৰ দোষত নখ বহি গৈ বা কোনো খোৱা বস্তুৰ কঠিন অংশ নখৰ মাজত সোমাই থাকিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

নখৰ দুয়োকাষে বিষ হয় আৰু পকি উঠে।

ৰোগৰ চিকিৎসা-

(১) প্ৰথমে দুখিলা পাণৰ সৈতে এটা তেজপাত বটি আঙুলিৰ ওপৰত প্ৰলেপ দিব। ১৫ মিনিটমান পাছত একাপ পানীত ২৫-৩০ টা মান নিমপাত থেতেলাই ১৫ মিনিট গৰম কৰি সেই পানীত আঙুলিটো ডুবাই ৰাখিব।

(২) চাৰি চামুচ কেঁচা হালধীৰ ৰসৰ সৈতে ২-৩টা শিলিখা, ২০টা মান নিমপাত আৰু নিমফল বটি অলপ গৰম কৰি প্ৰলেপ দিব। যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলে তিনি দিনতে ৰোগ ভাল হ’ব।

খৰঃ

ৰোগৰ কাৰণ-

খুব বেছি পিঁয়াজ, নহৰু খালে, গাৰ ছাল অপৰিষ্কাৰ আৰু পিন্ধা কাপোৰ অপৰিষ্কাৰ হ’লে, খুব জোৰে আঁটি অন্তৰ্বাস পৰিধান কৰিলে আৰু ভিজা কাপোৰ পৰিধান কৰিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

ঘূৰণীয়া চকা চকা হৈ ফুলি উঠে, খুব খজুৱায়, খুজালে ছাল উঠি যায় আৰু তাৰপৰা আঠাযুক্ত পানী ওলায়, সেই আঠাযুক্ত পানী অন্য ঠাইত লাগিলে খৰ বাঢ়ি গৈ থাকে। খৰ শুকাই যোৱাৰ পিছতো তাৰ দাগ থাকি যায়।

ৰোগৰ চিকিৎসা-

এটি শিলৰ বাটিৰ ভিতৰত নাৰিকলৰ কোৰোকা এটা পুৰিবলৈ দি তাৰ ওপৰত অন্য এটি শিলৰ বাটি ঢাকি দিয়ক। কোৰোকাটো পোৰা শেষ হ’লে বাতিটো তুলি আনক। দেখিব ওপৰৰ শিলৰ বাতিটোত ক’লা ক’লা তেলৰ দৰে পদাৰ্থ জমা হৈছে। সেই তেল খৰ হোৱা ঠাইত ২-৩ দিন লগালে খৰ ভাল হয়। তুলসী পাতৰ সৈতে লোণ মিহলাই খৰ হোৱা ঠাইত লগালেও খৰ ভাল হয়।

পথ্যাপথ্য-

টেঙা, তেলত ভজা আৰু ঘিউ জাতীয় বস্তু নাখাব। পিঁয়াজৰ সৈতে নহৰু মিহলাই নাখাব।

পবা গগলা (আঙুলহাড়া)ঃ

ৰোগৰ লক্ষণ-

এই ৰোগটোও নখকুনিৰ দৰেই। এই ৰোগ হ’লে আঙুলি ফুলি উঠে।

ৰোগৰ চিকিৎসা-

(১) ২৫ গ্ৰাম সুৱগা, হাপৰমানীৰ সৈতে তুলসীপাত মিহলাই বটি আঙুলিত প্ৰলেপ দিলে তিনি দিনতে ৰোগ ভাল হ’ব।

(২) ২৫ গ্ৰামকৈ নিমৰ ছাল, অজকৰ্ণ গছৰ ছাল, যষ্টিমধু বটি মিহলি কৰি লৈ ১৫ মিনিটৰ মূৰে মূৰে ২-৩ বাৰ প্ৰলেপ দিলে এই ৰোগ নিৰাময় হয়।

ফোঁহাঃ

ৰোগৰ কাৰণ-

তেজৰ দোষ বা শৰীৰৰ ছাল অপৰিষ্কাৰ থকাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

হঠাতে শৰীৰৰ কোনো ঠাইত ছাল ৰঙা পৰি ফুলি উঠে আৰু বিষ হয়। ফোঁহা পকিলে খুব টন্ টন্ কৰি থাকে আৰু পুঁজ বাহিৰ নোহোৱালৈকে সেই টনটনি থাকে। ফোঁহাৰ বিষত সামান্য জ্বৰও হ’ব পাৰে।

ৰোগৰ চিকিৎসা-

তোকমা ভিজাই বিজলুৱা হ’লে ফোঁহাৰ ওপৰত দিব লাগে। তেতিয়া ফোঁহা পকি ফাটি পুঁজ বাহিৰ ওলায়।

পথ্যাপথ্য-

টেঙাজাতীয় বস্তু আৰু যি খালে এলাৰ্জী হয় এনে খোৱা বস্তুৰ বাহিৰে সকলো খাব পাৰে।

বেচু (একজিমা)ঃ

ৰোগৰ কাৰণ-

তাপৰ তাৰতম্য আৰু শৰীৰ অপৰিষ্কাৰ থকাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

প্ৰথমতে গাৰ ছালত ৰঙা ৰঙা ফোঁহা হয়। খজুৱাই দিলে ফোঁহা ফাটি ৰস বাহিৰ হয় আৰু তাত ঘা হয়। বেচু দুবিধ- এবিধ শুকান বেচু আৰু আনবিধ পানী বেচু।

ৰোগৰ চিকিৎসা-

ঘা হোৱা ঠাইত অলিভ অইল লগালে আৰু আয়ুৰ্বেদিক দোকানৰ পৰা পুনৰ্মথাৰিষ্ট কিনি খালে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

যি খালে এলাৰ্জী হয় এনেধৰণৰ খোৱা বস্তু আৰু টেঙাজাতীয় বস্তু নাখাব।

শালমণ (ব্ৰণ)ঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত শুক্ৰ ক্ষয়, ৰজঃস্ৰাৱ, বহুদিন ধৰি মেলেৰিয়াত ভোগা ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

শৰীৰ শেঁতা পৰি যায়, চকু-নাক-মুখত উজ্জ্বলতা নাথাকে, মুখত অৰুচি হয়, শৰীৰ দুৰ্বল হয়।

ৰোগৰ চিকিৎসা-

প্ৰতিদিন ৰাতিপুৱা কুলেখড়া পাতৰ ৰস বা কুলপী শাকৰ ৰস আধা কাপকৈ ৪৫ দিন খালে এই ৰোগত উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

সকলো ধৰণৰ পুষ্টিকৰ খাদ্যই এই ৰোগৰ প্ৰকৃত পথ্য।

পুৰণি বাতঃ

ৰোগৰ কাৰণ আৰু লক্ষণ-

বাতৰ যিবোৰ কাৰণ আৰু লক্ষণ, এই পুৰণি বাত বেমাৰতো সেই একেই কাৰণ আৰু লক্ষণ দেখা যায়। পাৰ্থক্যৰ ভিতৰত এই পুৰণি বাত বেমাৰত ৰোগীৰ হাত, ভৰি, কঁকালৰ গাঁঠিবোৰ টান হৈ ফুলি উঠে।

ৰোগৰ চিকিৎসা-

১০ গ্ৰামকৈ আদা, নহৰু, কালজিৰা ঘিউত ভাজি প্ৰতিদিন দুপৰীয়া আৰু ৰাতি গৰম ভাতৰ সৈতে সানি এমাহ খালে এই ৰোগ ভাল হয়।

পথ্যাপথ্য-

বৰালী মাছ, মিছা মাছ, হাঁহৰ কণী আৰু ঠাণ্ডা বস্তু খোৱা ভাল নহয়।

বহুমূত্ৰ (ডায়েবেটিছ)ঃ

ৰোগৰ কাৰণ-

শাৰীৰিক পৰিশ্ৰম নকৰি আৰামৰ জীৱন-যাপন কৰা, অতিৰিক্ত মিঠা বস্তু খোৱা, খাই উঠিয়েই শোৱা, বেছি গাড়ী মটৰত ঘূৰিফুৰা, মাটিত ভৰি নিদিয়া, দুশ্চিন্তা, উদ্বেগ আদি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

বাৰে বাৰে প্ৰস্ৰাৱ হয়, ক্ষুধা, তৃষ্ণা বৃদ্ধি পায়।

ৰোগৰ চিকিৎসা-

(১) এক কোঁহকৈ নহৰু গৰম ভাতৰ সৈতে দুমাহ খালে ৰোগৰ উপশম হয়।

(২) ২০-২৫টা নিমপাত আৰু ৭টা মান জালুক ৰাতিপুৱা চোবাই খালে ভাল ফল পোৱা যায়।

(৩) আমৰ পাত শুকাই গুড়ি কৰি আৰু ক’লা জামুৰ গুটি শুকাই গুড়ি কৰি দুয়োবিধ মিহলাই প্ৰতিদিন দুবাৰকৈ দুমাহ খালে, ৰাতিপুৱা আৰু আবেলি ২ কিলোমিটাৰমান খালী ভৰিৰে খোজ কাঢ়িলে ৰোগ ভাল হ’ব।

পথ্যাপথ্য-

মাটিৰ তলত হোৱা যিকোনো পাচলি নাখাব। এবেলা ভাত আৰু এবেলা ৰুটি খাব।

মূৰৰ বিষঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত পৰিশ্ৰম কৰা, ৰাতি উজাগৰে থকা, স্নায়বিক দুৰ্বলতা, শ্লেষ্মা, বাত, কোষ্ঠকাঠিন্য আদি কাৰণত এই ৰোগ হয়।

ৰোগৰ চিকিৎসা-

নহৰুৰ ৰস নাকেৰে উজালে বা ধপাতৰ পাতত চূণ লগাই কাণৰ দুয়োফালে চাপ দি ৰাখিলে মূৰৰ বিষত উপকাৰ পোৱা যায়।

যক্ষ্মা কাহঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত পৰিশ্ৰম, পুষ্টিকৰ খাদ্যৰ অভাৱ, দুশ্চিন্তা, শাৰীৰিক দুৰ্বলতা, অস্বাস্থ্যকৰ পৰিৱেশত বাস ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

খুক্ খুক্ কাহ, শ্বাসকষ্ট, বুকুৰ বিষ, ক্ষুধামান্দ্য, আবেলিৰ ফালে জ্বৰ, স্বৰভঙ্গ, ৰাতি অতিৰিক্ত ঘাম, হালধীয়া খেকাৰ আদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা-

২৫ গ্ৰাম ৰুদ্ৰাক্ষ শিপা আৰু ১০ গ্ৰাম পাতসহ তুলসীৰ ডাল ১০০ গ্ৰাম পানীত গৰম কৰি সেই পানী ৫০ গ্ৰাম হ’লে নমাই ৰাতিপুৱা আৰু ৰাতি গৰমে গৰমে পান কৰিলে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

ভিটামিন পূৰ্ণ, প্ৰ’টিনযুক্ত পুষ্টিকৰ আহাৰ খাব লাগিব। গাখীৰ অতি উপকাৰী।

চুলি সৰাঃ

ৰোগৰ কাৰণ-

পেটৰ গোলমাল, প্ৰচুৰ ঘাম, মানসিক চিন্তা আদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

প্ৰতিদিন চুলি আচুৰিবৰ সময়ত প্ৰথমে দুই চাৰিডাল, পিছত কোছা কোছে সৰে। এইদৰে চুলি সৰি অকালতে তপা হয়।

ৰোগৰ চিকিৎসা-

নিমপাতৰ ৰস ১ চামুচ, কালমেঘৰ ৰস ১ চামুচ, কলমৌ শাকৰ ৰস ১ চামুচ একেলগে মিহলাই প্ৰতিদিন ৰাতিপুৱা খালী পেটে ডেৰমাহ খালে আৰু ২৫০ গ্ৰাম নাৰিকলৰ তেলৰ সৈতে ১০০ গ্ৰাম কেঁচা আমলখি মিহলাই পগাই লৈ সেই তেল প্ৰতিদিন স্নান কৰাৰ আগতে মূৰত ঘঁহি স্নান কৰিলে চুলি সৰা আৰু চুলি পকা বন্ধ হয়।

পথ্যাপথ্য-

যি বস্তু খালে পিত্ত গৰম হয়, এনে খাদ্যৰ বাহিৰে অইন সকলো খাব পাৰিব।

উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate