মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / ভেকুৰি তিতাৰ মিঠা গুণসমুহ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেকুৰি তিতাৰ মিঠা গুণসমুহ :

ভেকুৰি তিতাৰ মিঠা গুণসমুহৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমাণে দেখা পোৱা এবিধ বনৌষধি গছ হ’ল ভেকুৰি।অসমীয়াত ইয়াক মতা নাম কেইবাটাও আছে।সেইকেইটা হ’ল-তিতা ভেকুৰি,তিতাগুটি,বৃহতী ,কটাহী বেঙেনা,ভেকুৰি,কোটাহি বেঙেনা,কণ্টকাৰী,কোটাহা বেঙেনা।কিন্তু পৰিতাপৰ কথা,ঘৰৰ গৰুৰ সৈতে বাৰীৰ ঘাঁহৰ ৰাহি-যোৰা নিমিলাৰ দৰে এনেহেন লাগতিয়াল বনৌষধি আমাৰ চকুত অনাদৃত আৰু অৱহেলিত হৈ ৰয়।কেইদিনমানৰ আগতে মই হাঁপানী ৰোগৰ বিষয়ে এটি নিবন্ধ লিখিছিলোঁ।সেইটো পঢ়ি এজন সচেতন পাঠকে জনালে যে ভেকুৰি গুটি খাই তেওঁৰ হাপানী ৰোগ ভাল হ’ল।তেতিয়াই মই ঠিৰাং কৰিলোঁ যে আমাৰ ৰাইজক ভেঁকুৰি তিতাৰ গুণসমুহৰ সৈতে পৰিচয় কৰাম ।

মোৰ জন্মস্থান কালুগাঁৱৰ আমাৰ ঘৰৰ বাৰীত ভেকুৰিকে ধৰি অনেক বনৌষধি গছ,বনশাক,তামোল-পান আৰু আজিকালিৰ দুৰ্লভ ফলমুলৰ গছ (লেটেকু,পনিয়ল,ৰবাৰ টেঙা,কুজি থেকেৰা,অমিতা,বিধে বিধে কলগছ,নাৰিকল আদি)আছিল।বাৰীৰ পুখুৰীত আছিল মাছ।চাকৰিত থাকিও দেউতাই ঘৰত সকলো বতৰৰ শাক-পাচলিৰ খেতি কৰিছিল।সময়ে সময়ে দেউতাই,লগতে মায়েও সেই পাচলি,বনশাক আদিৰ গুণ আমাক বখানি শুনাইছিল।সপ্তাহত ৩ বা ৪ দিন দেউতাই বাৰীৰ পৰা ভেকুৰি এমুঠিমান ছিঙি আনিছিল।মায়ে কেতিয়াবা মিঠাতেলেৰে শুকানকৈ ভাজি দিছিল আৰু কেতিয়াবা কলপাতেৰে মেৰিয়াই জুইত পুৰি পাতত দিছিল।দেখিবলৈ ধুনীয়া লাগিলেও খাবলৈ ভেকুৰি সদায় তিতা।আমি বাধ্যত পৰি সেয়া খাইছিলোঁ।

ভেকুৰিৰ ব’টানিকেল নাম হ’ল-Solanium indicum।ই Solanaces family ৰ বা আলু,বেঙেনা আৰু বিলাহীৰ সৈতে একেটা বংশৰ।

প্ৰাপ্তিস্থান-ভেকুৰি ঘাইকৈ ভাৰত,শ্ৰীলংকা,চীন,মালেয়ছিয়া,ফিলিপাইনছ আদি দেশ আৰু আফ্ৰিকা মহাদেশৰ গ্ৰীষ্মকালীন অঞ্চলত পোৱা যায়।সমুদ্ৰপৃষ্ঠৰ পৰা ১৫০০ মিটাৰ উচ্চতালৈকে ইয়াৰ উপস্থিতি দেখা গৈছে।ই বাটৰ কাষত জিকা আৰু ছাঁ পৰি থকা ঠাইত সহজে গজি উঠে।

ভেকুৰিৰ কি কি অংশ ব্যৱহৃত হয়?ভেকুৰিৰ ফল,কোমল পাত আৰু আগ,শিপা ঔষধি হিচাপে ব্যৱহৃত হয়।সাধাৰণতে ভেকুৰিৰ ফলৰ চাটনি,আঞ্জা,ভাজি,সিদ্ধি কৰি আৰু পিটিকা কৰি খোৱা হয়।ইয়াৰ ঘোলক চাহৰ দৰেও সেৱন কৰিব পাৰি।ভেকুৰিৰ আচাৰো বনাব পাৰি।ভেকুৰি গুটিৰ তেল উলিয়াই আৰু চুৰ্ণ বনায়।ঔষধ হিচাপে ইয়াৰ মাত্ৰা হ’ল পাউডাৰ হিচাপে দৈনিক ৩ ৰ পৰা ৫ গ্ৰাম আৰু জলীয় ছীৰাপ হিচাপে ৫০ ৰ পৰা ১০০ মিলিলিটাৰ।

কি কি লাগতিয়াল তত্ত্ব ভেকুৰিত থাকে?ভেকুৰিত থাকে এণ্টিঅক্সিডেণ্ট,ফাইটোকেমিকেলছ,ছেক্স হৰম’ন,ভিটামিন –চি,কাৰ্বোহাইড্ৰেট,কেলচিয়াম,ফছফৰাছ,কেৰ’টিন ,ষ্টেৰইডযুক্ত (কটিচন থকা)এলকেলইড (ছলানিয়াম,ছলানিদিন,ছলাছডিন)আৰু আন ৰাসায়নিক তত্ত্ব যেনে কেপ্ৰ’ষ্টৰল,কেপেষ্টৰল ,লেন’ষ্টৰল ,ডায়োছোজেনিন আদি। কেইবাটিও গৱেষণামুলক অনুসন্ধানত ভেকুৰিৰ এণ্টিকেঞ্চাৰ,এণ্টিবেক্টেৰিয়েল,এণ্টিপেৰাছাইটিক আৰু কাৰ্ডিয়োটনিক গুণ থকা পৰিলক্ষিত হৈছে।

উপকাৰিতাৰ দীঘলীয়া তালিকাখনলৈ লক্ষ্য কৰক -

অতি প্ৰাচীন কালৰ পৰা আমাৰ দেশত বিভিন্ন অসুখ যেনে শ্বাসজনিত ৰোগ,জ্বৰ,কাহ,পাকস্থলীৰ বিকাৰ,মুত্ৰৰোগ,দাঁতৰ বিষ,গাৰ বিষ,নাকৰ ঘাঁ আৰু কৃমি ৰোগত লোক ঔষধি হিচাপে ভেকুৰীৰ প্ৰয়োগ হৈ অহিছে।

আয়ুৰ্বেদত উল্লেখিত এণ্টিইনফ্লেমেটৰী ‘দশমুল’ৰ ই এক লাগতিয়াল তত্ত্ব।

*হাঁপানী ,ব্ৰ্ংকাইটিছ,কফ আদি শ্বাসজনিত ৰোগৰ ফলপ্ৰসু চিকিৎসা-ভেকুৰিৰ কেঁচা ফল আৰু শিপা ইয়াৰ বাবে ব্যৱহৃত হয়।

*কেইটিমান কেঁচা ভেকুৰি থেতালি উতলা গৰম পানীত কিছুপৰ থৈ কুহুমীয়া কৰি খালে কাহৰ উপশম ঘটে।

*জ্বৰ,বিষহাৰক হিচাপে প্ৰয়োগ হয়।

*প্ৰস্ৰাৱৰ পৰিমাণ বঢ়ায় (Diuretic action)।মুত্ৰাশয়ৰ ৰোগ,শৰীৰ ফুলা ৰোগৰ উপশম ঘটায়।

*বেক্টেৰিয়া বিনাশক-ই-কলাই,ষ্টেফাইলোকক্কাছ অ’ৰিয়াছ আদিৰ ওপৰত প্ৰয়োগ কৰি উপযোগী দেখা গৈছে।

*কৃমি পেলুৰ ক্ষেত্ৰত প্ৰমাণিত ঔষধ সিদ্ধ হৈছে।

*কৰ্কট ৰোগ প্ৰতিষেধক পৰীক্ষাগাৰত দেখা গৈছে ভেকুৰিয়ে মাইটোকন্দ্ৰিয়াৰ পথত ক্ৰিয়া কৰি কৰ্কট ৰোগৰ কোষৰ বিকাশত বাধা জন্মায়।

*এণ্টিঅক্সিডেণ্ট গুণৰ বাবে শৰীৰক অপকাৰী ফ্ৰী-ৰেডিকেলছৰ পৰা মুক্ত কৰি শৰীৰৰ ইমউনিটী (ৰোগ প্ৰতিৰোধ ক্ষমতা )বঢ়ায়।

*কোষ্ঠ-কাঠিন্য আঁতৰ কৰে।পেটৰ বিষ কমায়।

*পেটৰ গেছ কমায় আৰু ভোক বঢ়ায়।

*বমি-ওকালি বন্ধ কৰে।

*মেল এবজৰ্পচন ছীনড্ৰম,ইৰিটেবল বাৱেল ছীনড্ৰম আদি উদৰ ৰোগৰ চিকিৎসাত সহায়ক।

*শিশুৰ ডায়েৰিয়া গাখীৰৰ সৈতে কেইটিমান ভেকুৰি খুৱালে নিৰাময় হয়।

*যৌনশক্তি বৃদ্ধি কৰে।পুৰুষ জননাংগত ইপাৰ প্ৰলেপ দিলে শিথিলতা দুৰ হয়।

*ভেকুৰিয়ে জৰায়ুৰ সংকোচন ঘটাই প্ৰসৱ সুচল কৰে।

*খজুৱতি আৰু চৰ্মৰোগত শিপাৰ প্ৰলেপ উপকাৰী।

*বৃশ্চিক আদি কীট-পত্ংগৰ দংশনৰ চিকিৎসাত ফলপ্ৰসু।

*চুলি সৰা ৰোধ কৰিবলৈ ভেকুৰি পিচি মৌৰ সৈতে মিহলাই মুৰত ঘঁহা হয়।

*মুখৰ দুগৰ্ন্ধ আঁতৰাবলৈ ভেকুৰিৰ ৰসেৰে কুলকুলি কৰিবৰ পৰামৰ্শ দিয়া হয়।

*মৃগী ৰোগীৰ ফিটৰ গভীৰতা ভেকুৰিয়ে হ্ৰাস কৰে।

*ভেকুৰিৰ শিপাৰে হৃদৰ সবলতা আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে টনিক প্ৰস্তুত কৰা হয়।

*বাত বিষৰ ঔষধ ভেকুৰিৰ পৰা বনোৱা হৈছে।

*দন্তৰোগ,কাণৰ বিষ,জিভাত জাৰি পৰা,মহিলাৰ বন্ধ্যাত্ব,স্নায়ুৰোগ আদি সানমিহলি চিকিৎসাত বিজ্ঞজনে প্ৰয়োগ কৰে।

সৰ্তকবাণী -

গৰ্ভৱতী মহিলাই নোখোৱাই ভাল।

অত্যধিক পৰিমাণত কেতিয়াও নাখাব।

শৰীৰৰ উত্তাপ বৃদ্ধিকাৰক গুণযুক্ত-একেৰাহে তিনি মাহৰ বেছি কাল নাখাব।

দেখিবলৈ একে হাতী-ভেকুৰি বা Solonum torvom(Turkry berry) ৰ একোটা ফলৰ আকাৰ আমলখিৰ সমান।তাত থকা এলকেলইড মানুহৰ বাবে কিছু পৰিমাণে বিসাক্ত হ’ব পাৰে-সেয়ে নাখাবলৈ পৰামৰ্শ দিয়া হয়।

লেখক: ডা:ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top