বৰ্তমান দেখা গৈছে যে ভাৰতবৰ্ষৰ কিছুসংখ্যক বিদ্যালয়ত ‘যোগ’ বিষয়টো অন্তৰ্ভুক্ত হৈছে। আন বিষয়ৰ দৰে যোগৰ বিষয়টোও তাত একেদৰেই শিকোৱা হয়। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনৰ কেন্দ্ৰীয় বিদ্যালয়সমূহতো যোগৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। প্ৰত্যেক দিনা পুৱাৰ প্ৰাৰ্থনা সভাৰ সময়তো দুই-তিনি মিনিট যোগ চৰ্চা কৰাৰ উপৰি নিৰ্ধাৰিত বিদ্যালয়ৰ শ্ৰেণীসমূহৰ কাৰ্যসূচীত যোগৰ প্ৰেক্টিকেল তথা থিয়’ৰী শিকোৱা হয়। ই নিশ্চিতভাৱে এক যোগাত্মক পদক্ষেপ।
ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ বিকাশৰ বাবে তেওঁলোকৰ, শাৰীৰিক, মানসিক, আধ্যাত্মিক স্বাস্থ্যও সুস্থ হোৱাটো দৰকাৰ। বৰ্তমানৰ এই প্ৰতিযোগিতাৰ দৌৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষাৰ যি গধূৰ বোজা পৰিছে তথা দীৰ্ঘব্যাপী মানসিক সক্ৰিয়তাৰ যি প্ৰয়োজন আহি পৰিছে, তাক ব্যৱস্থাপনাৰ বাবে যোগৰ অৰিহনা শলাগিবলগীয়া। দেশ এখনৰ মানৱ সম্পদ হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসমূহ। আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। দেশৰ স্তম্ভস্বৰূপ হৈছে এওঁলোক। এওঁলোক টনকিয়াল মানে দেশ টনকিয়াল তথা এওঁলোকৰ স্থিতি থৰক-বৰক মানে দেশৰ অৱস্থা পুতৌজনক। শৰীৰত অদম্য শক্তি, মনত অফুৰন্ত সৎ সাহস তথা হৃদয়ত দেশমাতৃ আৰু মানুহলৈ নিঃস্বাৰ্থ প্ৰেমৰ গৰাকী হওক আমাৰ এই উঠি অহা যুৱচাম।
‘Yoga in school’s mission is to impower students and teachers with yoga inspired exercises to promote lifetime wellness...Yoga in school’s vision is to make yoga available in all schools so that students and teachers develop mind-body awareness and the ability to nurture their own well-being...’ প্ৰতিযোগিতাৰ এই দৌৰত পশ্চিমীয়া অপ-সংস্কৃতিৰ মায়াজালত, অস্থিৰ সামাজিক, ৰাজনৈতিক তথা ঘৰুৱা পৰিৱেশৰ মাজতো প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী (তথা সকলো জনসাধাৰণে) জীৱন তথা যিকোনো অবাঞ্ছিত পৰিৱেশ-পৰিস্থিতিক প্ৰত্যাহ্বান জনাব পৰাৰ ক্ষমতা যোগৰ দ্বাৰাহে আহে। যোগে এইদৰে শাৰীৰিক সুস্থতা প্ৰদান কৰাৰ উপৰি মানসিক শক্তিৰে বলীয়ান কৰে। সুস্থ মানসিকতা, ধনাত্মক দৃষ্টিভংগী প্ৰদান কৰাৰ উপৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সুস্থ-সবল জীয়াই থকাৰ প্ৰেৰণা জন্মায়। যোগে এইদৰে সমাজলৈ ৰূপান্তৰ আনে। ক’বলৈ গ’লে যোগ মানৱ সমাজৰ উত্তৰণৰ এক অমোঘ অস্ত্ৰ, বিশ্বশান্তি, সৌহাৰ্দ্য আৰু আত্মিক বিকাশৰো উপযুক্ত মাধ্যম।
দৈনিক যোগাসনৰ অভ্যাস কৰিলে বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি থা ৰোগীসকলে লাগতিয়াল যোগৰ আসন-মুদ্ৰা-প্ৰাণায়াম, ধ্যান কৰিলে ৰোগৰ পৰা পৰিত্ৰাণ পাব। যোগে আমাক এটা নিৰোগী দেহ, মন আৰু আমাসৱৰ আত্মাবোৰ পৱিত্ৰ কৰে, দৈৱসম্পন্ন কৰে। দেহ-মনত প্ৰফুল্লতাৰ ভাব বিৰিঙি উঠে। প্ৰতিজন ব্যক্তিকে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে যদি সৰুকালৰ পৰাই যোগ শিক্ষা প্ৰদান কৰিব পৰা যায়, তেতিয়াহ’লে যোগৰূপী সঞ্জীৱনীৰ পৰশ পাই প্ৰতিজন ছাত্ৰ তথা দেশৰ আন নাগৰিক সকলেও নৈতিকতা, দয়া, ক্ষমা, কৰ্তব্যপৰায়ণতা, সততা তথা নিৰৱচ্ছিন্নতাৰে কৰ্ম কৰাৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক শক্তি লাভ কৰে, লগতে কৰ্মনিপুণতা বাঢ়িব আৰু সময়-সুযোগৰ সঠিক জ্ঞান লাভ কৰিব। দৈনিক শুদ্ধ অন্তৰেৰে যোগ কৰিলে ই আমাৰ মানসিক জগতখনৰ উত্তৰণ ঘটায়। যোগ প্ৰাণায়াম, যোগনিদ্ৰাৰ দ্বাৰা আমাৰ চিন্তাশক্তি, স্মৰণ শক্তি, ধৈৰ্য শক্তিৰ বিকাশ ঘটে তথা মগজু শীতল হৈ থকাৰ বাবে খং, ৰাগ কমে। উচ্ছৃংখলতা, অত্যধিক কাম প্ৰৱণতাক প্ৰশমিত কৰি ৰাখে। এওঁলোকৰ ব্যৱহাৰ কেতিয়াও কৰ্কশ হ’ব নোৱাৰে। সমাজৰ অন্যায়-অবিচাৰ আদিৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস জন্মে। যোগৰ অভ্যাসে যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে, সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ।
সংসাৰৰ সৰ্বশ্ৰেণী সম্পদ হ’ল ‘মনুষ্যত্ব’- এক পূৰ্ণাংগ মানৱ। এই মনুষ্যত্ব পাবৰ বাবেই বিদ্যালয় পৰ্যায়ৰ পৰাই যোগ শিক্ষা প্ৰদানৰ গুৰত্ব অপৰিসীম। অসমীয়াত এষাৰ কথা আছে- ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’। গতিকে সকলো ছাত্ৰ-ছাত্ৰীকে আমি বাল্যকালৰ পৰাই এক সুস্থ মানৱ হিচাপে গঢ় দিব লাগিব। এই যোগ শিক্ষাৰ মাধ্যমেৰে সিহঁতৰ চৰিত্ৰ নিৰ্মাণ, ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে এক ভাল ব্যক্তিত্বৰ অধিকাৰী হ’বৰ যোগ্য হ’ব। বৰ্তমান সমাজখনৰ যুৱচামৰ মাজত যি বিশৃংখলতা, ধৈৰ্যহীনতা, অনুশাসনহীনতা তথা মানৱীয় প্ৰমূল্যবোধৰ শ্মশান যাত্ৰা হৈছে তথা দানৱীয় মানসিকতা আৰু তামসিক-ৰাজসিক গুণৰ উত্তৰ ঘটিছে তাক কেৱল যোগৰ দ্বাৰাহে সম্পন্ন কৰা সম্ভৱপৰ। যোগ যদি কৰ্মভূমি হয় আৰু তাত যোগীৰূপী বৃক্ষ গজে, তেন্তে সেই বৃক্ষত বোধৰূপী ফল লাগে আৰু সেই ফলত প্ৰেমৰূপী ৰস ভৰি যায়, ফলৰ ৰসেই এই সকলো মায়াৰ পৰা উদ্ধাৰ কৰি কৰ্মপথত আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগায়। যোগ অভ্যাসৰ দ্বাৰা প্ৰতিজন বালকে সকলো গুণসম্পন্ন বিকশিত মনুষ্যৰ শাৰীত উপনীত হয় আৰু ভৱিষ্যতৰ ব্যৱহাৰিক জীৱনক প্ৰত্যাহ্বান জনোৱাত সফল হয়।
যোগশাস্ত্ৰত অনেক আসন, মুদ্ৰা, প্ৰাণায়াম আছে। ছাত্ৰ অৱস্থাত লাগতিয়াল আটাইবোৰ কৰা সম্ভৱপৰ নহয়। তাৰে মাজৰ পৰা নিম্নলিখিত আসন, মুদ্ৰা, প্ৰাণায়ামকেইটা কৰি থাকিলে আমাৰ যুৱচামৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক উৎকৰ্ষ সাধন হ’ব আৰু তেওঁলোক দেশমাতৃৰ একো একোজন সুসন্তান হৈ উঠিব।
পুৱাঃ সূৰ্য নমস্কাৰ, পদমুদ্ৰা, হস্তমুদ্ৰা, গীৱামুদ্ৰা, পদহস্তাসন, টাডাসন, কতিচক্ৰাসন, পৱনমুক্তাসন, অৰ্ধমৎস্যেন্দ্ৰাসন, ময়ূৰাসন, উড্ডীয়ানবন্ধ, মুদ্ৰা, শক্তিচালনী মুদ্ৰা আৰু প্ৰাণায়াম।
গধূলিঃ সৰ্বাংগাসন, মৎস্যাসন, শীৰ্ষাসন, চক্ৰাসন, শলভাসন, জানুশিৰাসন, শক্তিচালনী, মুদ্ৰা আৰু প্ৰাণায়াম।
(তাৰ পাছত কিছু সময় শৱাসন আৰু ধ্যান কৰিব)।
মৃত্যু চিৰন্তন সত্য। জন্ম ল’লে মৰিব লাগিবই আৰু মৃত্যুৰ পিছতো পুনৰ জন্ম ল’ব লাগিব। সংসাৰখনত জন্ম-মৃত্যুৰ খেলা অহৰ্নিশে প্ৰতিটো যুগতে চলি থাকে। গতিকে ইয়াৰ মাজতে আমাৰ কৰণীয় হৈছে যে বৰ্তমানৰ আমাৰ এই মানৱ জীৱনটো সাৰ্থক কৰি তোলাটো। দেহ-মনত এক অদম্য সাহস, শক্তি, সৎ ভাৱনা লৈ জীৱনটো আগবঢ়াই নিয়া। আমাৰ এই মানৱ সম্পদৰ উত্তৰণ হ’বই যদিহে নিয়মীয়াকৈ শুদ্ধ দেহ-মনেৰে কিছু সময় উলিয়াই যোগাসন কৰা যায়।
‘An evening of a well spent life, bring its lamp with it...’
(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023