অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যকৃতৰ বেমাৰ আৰোগ্যত বনৌষধি আৰু ৰং থেৰাপী চিকিৎসাঃ

আমাৰ শৰীৰৰ আটাইতকৈ মূল্যৱান আৰু অতি প্ৰয়োজনীয় অংগটোৱেই হৈছে যকৃত। ইয়াৰ ওজন প্ৰায় ১.৫ কিলোগ্ৰাম। যকৃতে তেজত থকা খাদ্যবস্তুবোৰ দেহৰ অন্য অংগলৈ পঠায়। খাদ্যবস্তুখিনি ৰক্তবাহী নলীয়ে গ্ৰহণ কৰে। এই ৰক্তবাহী নলী লগ লাগি সিৰা তৈয়াৰ হয় আৰু হজম হোৱা বস্তুবোৰ যকৃতলৈ নিয়ে। এই সিৰাডালক হেপাটিক পৰ্টেল বোলা হয়। যকৃতে আমাৰ তেজত থকা খাদ্যবস্তুবোৰ দেহৰ অন্য অংগলৈ পঠিয়ায়। তেজত থকা অপ্ৰয়োজনীয় পদাৰ্থবোৰ যকৃতে শেষত ৰক্তবাহী নলীয়েদি বৃক্কলৈ পৰিষ্কাৰ কৰিবৰ বাবে পঠায়।

যকৃত বিকৃত হ’লে সাধাৰণতে তাৰ আকৃতিৰ দুই প্ৰকাৰ পৰিৱৰ্তন ঘটে। যেনে- হাইপাৰট্ৰ’ফি নাইবা এনলাৰ্জমেণ্ট বা বিৱৰ্ধন আৰু এট্ৰ’ফি অৰ্থাৎ শীৰ্ণতা।

যকৃতৰ বিৱৰ্ধন সাধক পীড়াঃ

গ্ৰীষ্মপ্ৰধান দেশবোৰত শিশুসকলৰ সহজেই যকৃতৰ অসুখ দেখা যায়। কোনো কোনো ক্ষেত্ৰত শিশুসকলৰ যকৃতৰ আকাৰ কিছু ডাঙৰ হৈ পৰে। এই অৱস্থাত শিশুসকলৰ মাজত পৰিপাক সম্বন্ধীয় অসুখ-বিসুখ হ’ব পাৰে। ফলত তেওঁলোকৰ মাজত কোষ্ঠকাঠিন্যতা, উদৰাময় আদি অসুখ হয়। এই বেমাৰক Infantile liver নামে জনা যায়।

মেলেৰিয়া ৰোগত ভোগা মানুহৰ প্লীহা আৰু যকৃতৰ আয়তন বাঢ়ে। এই ক্ষেত্ৰত উপযুক্ত চিকিৎসা কৰিলে অসুখ আৰোগ্য হয়।

যকৃতৰ ৰক্তাধিক্যঃ

ইয়াক Biliowsness, Torpidity of the liver, Congestien of the liver ইত্যাদি বিবিধ নাম জনা যায়। এনে ক্ষেত্ৰত প্ৰধানতঃ পিত্তক্ষৰণ হৈ বিশৃংখলাৰ সৃষ্টি হয়। এই ৰোগত দীৰ্ঘদিন ভুগি থাকিলে জণ্ডিচৰ লক্ষণ প্ৰকাশ পায়। কেইবাটাও কাৰণত এই ৰোগ দেখা যায়। প্ৰধান হ’ল- মেলেৰিয়া ৰোগত ভুগি থকা, অনুপযোগী খাদ্য গ্ৰহণ, মলয়াযুক্ত পানীয় খাদ্য খোৱা আৰু বতাহ নোসোমোৱা ঘৰ বা খোটালিত বহু সময় বহি থাকি কাম-কাজ কৰি থকা আৰু ব্যায়াম আদি কৰাৰ পৰা বিৰত থাকিলে এই ৰোগে আক্ৰমণ কৰে। যিসকল পিত্তপ্ৰধান ধাতুবিশিষ্ট লোক, সচৰাচৰ তেওঁলোকে এই ৰোগৰ বলি হয়। মূৰৰ বিষ, জ্বৰ ভাব, অংগ-প্ৰত্যংগত বিষ অনুভৱ, জিভা হালধীয়া ৰঙৰ হয়, বমি বমি ভাব হয়, খাবলৈ মন নোযোৱা হয় ইত্যাদি লক্ষণ প্ৰকাশ পায়। লগতে কোষ্ঠবদ্ধতা আৰু মুখমণ্ডলৰ ৰং মাটিয়া ৰঙৰ হয়।

যকৃতৰ প্ৰদাহঃ

ইয়াক Inflamation of liver বোলা হয়। ই অতি সংকটজনক ৰোগ আৰু অচিৰে আৰোগ্য কৰিব নোৱাৰিলে যকৃতত স্ফোটক উৎপন্ন হয় আৰু পুঁজ জমা হয়। এই উপসৰ্গটো বিবিধ কাৰণে হ’ব পাৰে। যেনে নৈসৰ্গিক বায়ুৰ আকস্মিক পৰিৱৰ্তন, অতিৰিক্ত বৰফৰ পানী খোৱা, অত্যন্ত খং কৰি থকা, শোক-তাপত ভোগা, সঘনাই জুলাপ খোৱা অভ্যাস কৰা, ওপৰৰ পৰা তললৈ পৰি গৈ শৰীৰৰ পেটৰ অংশত দুখ পোৱা, অৰ্শ ৰোগত ভোগা আদিৰ বাবে যকৃতৰ বিকণ্ডা প্ৰদাহ উৎপন্ন হয়।

পুৰণি চৰ্ম ৰোগ, সঞ্চিত গ্ৰহণীত ভুগি থকা আদিৰ বাবে যকৃত প্ৰদাহ হ’ব পাৰে। ইয়াৰ লক্ষণবোৰ হ’ল খুব ঠাণ্ডা লাগি প্ৰচণ্ড জ্বৰ উঠে। আহাৰ খোৱাত অৰুচি, বমি বমি ভাব, হেকতি অহা, পেট বিষোৱা, মুখ তিতা লগা, কোষ্ঠবদ্ধতাৰ লক্ষণ দেখা পায়। তদুপৰি যকৃতত অত্যন্ত বিষ হয় আৰু বুকু আদি দক্ষিণ বাহুত বিষ অনুভৱ হয়।

মেদবহুল যকৃতঃ গোটেই যকৃতটো সমানভাৱেই বিৱৰ্ধিত হয়, বেদনা বা স্পৰ্শকাতৰতা কমি যায়, প্লীহাৰো বিৱৰ্ধন নঘটে। জণ্ডিচ হোৱাৰো লক্ষণ প্ৰকাশ নাপায়। কিন্তু ৰোগী ক্ৰমাৎ দুৰ্বল হৈ পৰে আৰু উদৰাময়ত ভোগে।

যকৃতৰ প্ৰাচীন বিৱৰ্ধনঃ ৰোগীৰ পেটৰ বিষ আৰম্ভ হয় আৰু ক্ৰমাৎ হৃদযন্ত্ৰৰো অসুখ হয়। দীৰ্ঘদিন ধৰি জ্বৰত ভুগি থকা, মদ্যপানৰ অভ্যাস আদি লক্ষণৰ বাবে এই ক্ৰনিক লিভাৰ এনলাৰ্জমেণ্ট হ’ব পাৰে।

যকৃতৰ কৰ্কট ৰোগঃ ৰোগীৰ পেটত অত্যন্ত বিষ হয়, যকৃত বিৱৰ্ধিত আৰু অৱয়ৱ অসমান হয়। প্লীহাও বৰ্ধিত হয়, পেট আৰু পদদ্বয়ত ফোহা আৰম্ভ হয়। ৰোগী দুৰ্বল, হালধীয়া ৰঙৰ মুখমণ্ডল, শেঁতা পৰা হয়। জণ্ডিচ বেমাৰ আৰম্ভ হয়। মহিলাৰ স্তন, জৰায়ু আক্ৰান্ত হয়। শেষ অৱস্থাত জ্বালা-যন্ত্ৰণা, দুৰ্গন্ধময় ৰক্তস্ৰাৱো হয়।

যকৃতৰ শীৰ্ণতা সাধক ৰোগঃ ইয়াক প্ৰৱেৰ্ণিকা পীড়া বা ভোগ নামে জনা যায়। এই ৰোগ মদ্যপায়ীসকলৰ একচেটিয়া ৰোগ বুলি ক’ব পাৰি। এই ৰোগত যকৃতৰ বিশৃংখল ইমান মন্থৰ গতিত অগ্ৰসৰ হয় যে ইয়াক সূত্ৰপাতৰ নিৰ্দিষ্ট সময় নিৰূপণ কৰা দুঃসাধ্য।

এই ৰোগৰ বনৌষধি চিকিৎসাঃ

  • যকৃত ৰোগৰ পৰা জণ্ডিচ হ’লে মহানিমৰ কেঁচাপাত খুন্দি ৮ বা ১০ চামুচ ৰস উলিয়াই সেই ৰসৰ লগত ২ চামুচ মৌজোল আৰু ১ টুকুৰা মিচিৰি গুড়ি মিশ্ৰণ কৰি শুদা পেটত ১৫ দিন খালে এই ৰোগ ভাল হয়।
  • যকৃতৰ ৰোগত চজিনাৰ ৫০ গ্ৰাম শিপা ২ গিলাচ পানীত উতলাই আধা হ’লে তাক চেকি আধা কাপ পৰিমাণে দিনে ২-৩ বাৰকৈ এসপ্তাহ খাব লাগে।
  • যকৃত আৰু প্লীহা বৃদ্ধি হ’লে জামুৰ ৰস ৩ চামুচকৈ দিনে ২ বাৰকৈ ২০-২৫ দিন খালে যকৃত আৰু প্লীহা বৃদ্ধি হোৱা আৰোগ্য হয়।
  • যকৃত ৰোগৰ পৰা হোৱা ঘা শুকাবৰ বাবে ৪ চামুচ গাজৰৰ ৰস দিনে এবাৰকৈ এসপ্তাহ খাব লাগে।
  • ভেদাইলতাৰ পাত ২৫ টা খুন্দি ৰস উলিয়াই তাৰ ৰস তিনি চামুচ খালে যকৃত সবল হয়।
  • যকৃত বৃদ্ধি হ’লে বগা জিকাৰ ৰস ২ চামুচ, ধনীয়াৰ ৰস ১ চামুচ উলিয়াই মিশ্ৰণ কৰি দিনে ২ বাৰকৈ ১৫ দিন খালে যকৃত বৃ্দ্ধি কমি যায়।
  • মূলাৰ পাতৰ ৰস ১০ টাৰ১ চামুচ মৌৰ লগত খালে যকৃত সবল হয়।
  • যকৃত বৃদ্ধিত কেঁচা অমিতা সিজাই দিনে এবাৰকৈ ১৫ দিন খাব লাগে।
  • কলডিল পাৰ চৰাইৰ মাংসৰ লগত ভাজি খালে যকৃত ৰোগ ভাল হয়। (সঘনাই খাব নালাগে, উচ্চ ৰক্তচাপ বৃদ্ধি পায়)।

যকৃত বা লিভাৰ সংক্ৰান্ত অসুখৰ ৰং থেৰাপীঃ

যকৃত বা লিভাৰৰ বিৱৰ্ধন আৰু প্ৰদাহ আদিত ৰং থেৰাপীৰ যোগেদি সহজে অসুখবোৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। পেটৰ যি অংশত লিভাৰ বা যকৃত অৱস্থিত তাৰ ওপৰ অংশত বাহিৰ ফালৰ পৰা ৰঙৰ থেৰাপী ব্যৱহাৰ কৰিব লাগে। যকৃতৰ যিকোনো অসুখত নীলা ৰঙৰ পোহৰৰ তাপ দিব লাগে। নীলা বাল্বটো ১০০ বা ২০০ ৱাটছৰ হ’লে ভাল। লিভাৰৰ অংশত এই নীলা পোহৰৰ তাপ ৪৫ মিনিট ধৰি দিব লাগে। এইদৰে প্ৰতিদিনে ২ বাৰকৈ ৩-৪ দিন দিব লাগে।

ৰং থেৰাপীৰ প্ৰভাৱ মানৱ শৰীৰত যথেষ্ট পৰিমাণে পৰে। ৰঙে আমাৰ শাৰীৰিক, আৱেগিক, মানসিক আৰু আধ্যাত্মিক দিশত যথেষ্ট পৰিমাণে প্ৰতিক্ৰিয়া ঘটায়। আমি এতিয়া চাওঁহঁক কেনেকৈনো ৰঙে আমাৰ এই দিশবোৰৰ প্ৰতিক্ৰিয়া সাধন কৰে।

(ক) শাৰীৰিক দিশত অশান্তি বা অসুখ হ’লে-

  • সেউজীয়া আৰু নীলা ৰঙে শান্তি প্ৰদান কৰে।
  • কমলা ৰঙে বল বৃদ্ধি কৰে।
  • ৰঙা ৰঙে সাহস বঢ়ায়।

(খ) আৱেগিক দিশত-

  • আকাশী নীলা ৰঙে মনত প্ৰশান্তি আনে।
  • মনৰ প্ৰফুল্লতা সজীৱ কৰি তোলে।
  • কমলা ৰঙে সাহস আৰু উৎসাহ যোগায়।

(গ) মানসিক দিশত-

  • বেঙুনীয়া ৰঙে মনলৈ আনন্দ কঢ়িয়ায়।
  • সেউজীয়া ৰঙে মনত নতুন বল দিয়ে।
  • হালধীয়া ৰঙে উদ্দীপনা বঢ়ায়।

(ঘ) আধ্যাত্মিক দিশত-

  • নীলা ৰঙে জিৰণিৰ শান্তি দিয়ে।
  • সোণালী ৰঙে মনত উৎসাহ যোগায়।
  • পাতল ৰঙা ৰঙে মন প্ৰফুল্লিত কৰে।

এইক্ষেত্ৰত ডাঃ এ আৰ হাৰিয়ে তেওঁ দ্যা মেজিক থেৰাপী অব কালাৰ্ছত লিখিছে- The role of a colour therpist in curing ailments is becoming more important as the popularity of this system grows. The magic therapy of Colours deals with the history of Colour Therapys the modern methods of utilising Colour therapy and the aseas where it is beneficial.

লেখক: উপেন দত্ত

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate