মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগ আৰু আয়ুৰ্বেদৰ দ্বাৰা মধুমেহৰ চিকিত্সাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগ আৰু আয়ুৰ্বেদৰ দ্বাৰা মধুমেহৰ চিকিত্সাঃ

ভাৰত লাহে লাহে মধুমেহ ৰোগৰ ৰাজধানী হ’বলৈ গৈ আছে। এই ৰোগ নিৰাময় কৰাৰ বাবে যোগ আৰু আয়ুৰ্বেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

চমু বিৱৰণ

ভাৰত লাহে লাহে মধুমেহ ৰোগৰ ৰাজধানী হ’বলৈ গৈ আছে। এই ৰোগ নিৰাময় কৰাৰ বাবে যোগ আৰু আয়ুৰ্বেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মধুমেহ ৰোগত ৰোগীগৰাকীৰ তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায়। সাধাৰণতে শৰীৰে খাদ্যবস্তু বিঘটন কৰি গ্লুক’জলৈ পৰিণত কৰে আৰু পাছত কোষলৈ প্ৰেৰণ কৰে। কোষত ইনছুলিন নামৰ এবিধ হৰম’ন তৈয়াৰ কৰি শৰীৰক শক্তি প্ৰদান কৰে। মধুমেহ দুই প্ৰকাৰৰ আছে। প্ৰকাৰ ১ আৰু প্ৰকাৰ ২ মধুমেহত শৰীৰৰ ভিতৰত ইনচুলিন তৈয়াৰ কৰাৰ ক্ষমতা নোহোৱা হয়। ইয়াৰ ফলত শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়।

‘মূত্ৰস্থা মাক্ষিকাদ্যা’- মূত্ৰৰ লগত চেনি পৰিলে, মূত্ৰত মাখি আদি পৰে। গতিকে মূত্ৰত মাখি আৰু পিপৰা পৰিলে এই ৰোগ সম্বন্ধে সচেতন হ’ব। এই ৰোগৰ অন্যান্য লক্ষণ ঘনাই পিয়াহ লগা, ঘনাই মূত্ৰত্যাগ, মুখত মিঠা সোৱাদৰ অনুভৱ, মাজে-সময়ে সৰ্বশৰীৰত অসহ্য খজুৱতিৰ সৃষ্টি হয় অথবা দুষ্ট ব্ৰণৰ উদ্ভৱ হয়। ৰোগৰ কঠিন অৱস্থাত মূৰৰ বিষ, মূৰ ঘূৰোৱা, দুৰ্বলতা, মূৰ্ছা, মূত্ৰাশয় প্ৰদাহ প্ৰভৃতি যন্ত্ৰণাদায়ক উপসৰ্গ সৃষ্টি হয়। হৃদৰোগ, সন্ন্যাসৰোগ প্ৰভৃতি মাৰাত্মক ব্যাধিয়ে বহুমূত্ৰ ৰোগীৰ দেহক সহজেই আক্ৰমণ কৰিব পাৰে। যি লোকৰ চকুত ছানি পৰা প্ৰায়েই দেখা যায়, তেওঁলোক কম-বেছি পৰিমাণে বহুমূত্ৰ ৰোগাক্ৰান্ত। বহুমূত্ৰ বা মধুমেহ ৰোগীৰ হয় কোষ্ঠবদ্ধতা নহ’লে কোষ্ঠতাৰল্য বিদ্যমান থাকে। তেওঁলোকৰ গাৰ ছাল শুকান, দাঁতবোৰ মলিয়ন হৈ যায়। এক কথাত ক’ব পাৰি- মধুমেহ ৰোগ দুৰাৰোগ্য কঠিন অজীৰ্ণ ৰোগৰেই প্ৰকাৰবিশেষ।

উল্লেখনীয় যে কোনো কাৰণত মূত্ৰাশয় আহত হ’লেও যকৃত কোষৰ কিছু চেনি মূত্ৰাশয়লৈ আহি মূত্ৰাশয়ৰ আহত স্থানেদি প্ৰস্ৰাৱৰ সৈতে বাহিৰ হৈ যায়। গতিকে মূত্ৰাশয় আহত হ’লেও প্ৰস্ৰাৱত চেনি পোৱা যায়। কোৱা বাহুল্য, ই সোমৰোগ বা বহুমূত্ৰ ৰোগ বা মধুমেহ নহয়। ই এটা বেলেগ ৰোগ। পাশ্চাত্য চিকিত্সা শাস্ত্ৰত ইয়াৰ নাম ৰেনাল গ্লাইকোছুৰিয়া। সাধাৰণ ডাক্তৰসকলে ভুলক্ৰমে এই ৰোগকো বহুমূত্ৰ ৰোগ বুলি ভাবি ইনচুলিন বেজী দিয়ে। ইয়াৰ ফলত ইনচুলিন বিষত হতভাগ্য ৰোগী শীঘ্ৰে মৃত্যুমুখত পৰে।

যৌগিক চিকিত্সাঃ

পুৱাঃ সহজ বস্তিক্ৰিয়া আৰু তাৰ লগৰ আসন, মুদ্ৰা আদি। ইয়াৰ পাছত প্ৰাতঃকৃত্য আৰু অৰ্ধস্নান, সহজ অগ্নিসাৰ ৩০ বাৰ, অগ্নিসাৰ ধৌতি ২০ বাৰ। সহজ প্ৰাণায়াম- ভস্ত্ৰিকা, কপালভাটি, অনুলম-বিলম, উজ্জায়ী, ভ্ৰামৰী। (মাহত এবাৰ বাৰিসাৰ ধৌতি বা বমন ধৌতি কৰিব)।

দুপৰীয়াঃ দুপৰীয়া স্নানৰ সময়ত সহজ অগ্নিসাৰ ২৫ বাৰ, অগ্নিসাৰ ধৌতি ১৫ বাৰ।

গধূলিঃ ভ্ৰমণ প্ৰাণায়াম, যোগমুদ্ৰা, পশ্চিমোত্তান, অৰ্ধমত্স্যেন্দ্ৰাসন, সহজ অগ্নিসাৰ। ওপৰত উল্লেখ কৰা সহজ প্ৰাণায়ামকেইটা বিপৰীতকৰণী, পৱন মুক্তাসন। ক্ৰমবৰ্ধমান ব্যায়াম আৰু আতপস্নান। খোৱাৰ পাছত এঘণ্টা সোঁ নাকেৰে শ্বাসপ্ৰৱাহ অব্যাহত ৰাখিব।

(১) তিতা কেৰেলা গ্ৰহণেৰে প্ৰাকৃতিক চিকিত্সাঃ

v  চাৰি-পাঁচটা তিতা কেৰেলাৰ ছাল আৰু গুটি এৰুৱাই লওক।

v  সেইবোৰ ভালদৰে মোহাৰি ৰস উলিয়াই লওক।

v  পিছত সেয়া পানীত মিহলাওক।

v  তিতা কেৰেলাৰ ৰসখিনি খাওক।

(২) ডালচেনি গুড়িৰ প্ৰাকৃতিক চিকিত্সাঃ

v  এক লিটাৰ পানী উতলাওক।

v  কম জুইত দুই মিনিট ৰাখক।

v  উতলাৰ পাছত তাত ডালচেনিৰ গুড়ি তিনি চাহ চামুচ মিহলাওক।

v  মিশ্ৰণটো ভালদৰে লৰাই দিয়ক।

v  প্ৰতিদিনে এই মিশ্ৰণ খাওক।

(৩) মেথি গুটিৰে প্ৰাকৃতিক চিকিত্সাঃ

v  চাৰি চাহ চামুচ মেথি গুটিৰ গুড়ি লওক।

v  ২৫০ মিঃ লিঃ পানীত ৰাতিটো তিয়াই ৰাখক।

v  পুৱা ভালদৰে লৰাওক।

v  মিশ্ৰণখিনি চেকি পানীখিনি উলিয়াওক।

v  দুমাহলৈ প্ৰতিদিনে খাওক।

(৪) হালধি, আমলখি আৰু মেথিৰে প্ৰাকৃতিক চিকিত্সাঃ

আধা চামুচ হালধিৰ গুড়ি, এক চাহ চামুচ আমলখিৰ গুড়ি আৰু আধা চাহ চামুচ মেথি গুটিৰ গুড়ি পানীত গুলি খালী পেটত খাওক।

কিটিপঃ

v  প্ৰতিদিনে ৮-১০ টা জামু খাওক।

v  চেনিযুক্ত খাদ্য বৰ্জন কৰক। মিঠাই কেক আদি খোৱা বন্ধ কৰক।

বৰ্জনীয় খাদ্যঃ

মধুমেহত আক্ৰান্ত ৰোগীয়ে ভাত, আলু, মিঠা ফল, ময়দা, আটা, বেছিকৈ ভজা খাদ্য, ৰহা মাংস বা ৰেড মিট আৰু চাগু বৰ্জন কৰিব।

গ্ৰহণীয় খাদ্যঃ

মধুমেহত আক্ৰান্ত ৰোগীয়ে প্ৰচুৰ পৰিমাণে বীনজাতীয় শস্য মুগ, তিল, মচুৰ দাইল, চয়াবিন, পালেংজাতীয় সেউজীয়া পাচলি, লাউ, কোমোৰা, ৰাগি, কেৰেলা আদি প্ৰটিনযুক্ত খাদ্য খাব।

কিডনীৰ ৰোগত আক্ৰান্তসকলে প্ৰ’টিনযুক্ত আহাৰ কমকৈ আৰু পাচলি বেছি খাব।

মধুমেহৰ খাদ্যঃ

আপোনাৰ বাবে উত্কৃষ্ট খাদ্য তালিকাখন হ’ল ৬০ শতাংশ পাচলি, ৩০ শতাংশ প্ৰ’টিন আৰু ১০ শতাংশ কাৰ্ব’হাইড্ৰেট।

ইয়াৰ সৈতে দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম।

তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাৰ বাবে এখন তালিকাঃ

v  ধূমপান বৰ্জন কৰক।

v  পৰ্যাপ্ত পৰিমাণে শোৱক।

v  সময়ে সময়ে তেজত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰক।

v  তেজ পৰীক্ষা কৰক আৰু শৰীৰৰ ওজন সঠিক পৰিমাণে ৰাখক।

v  মদ্যপান কমাওক।

v  খাদ্য নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাওক আৰু অতিমাত্ৰা ভোজন নকৰিব।

v  দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম কৰক।

v  মুখ শুকান হোৱা, পিয়াহ লগা, ভাগৰ লগা, পেশী বিষ হোৱা যেন অনুভৱ হ’লে তত্ক্ষাণাত চিকিত্সকৰ পৰামৰ্শ লওক।

একাদশীৰ উপবাস, অমাৱস্যা আৰু পূৰ্ণিমাৰ নিশিপালন পুৰণা বহুমূত্ৰ ৰোগীৰ পক্ষে বিশেষ উপকাৰী। সদায় সতৰ্ক থাকিব যাতে আহাৰৰ দোষত অজীৰ্ণ বা অম্ল সৃষ্টি নহয় আৰু আহাৰৰ লগত অতিৰিক্ত চেনি পেটলৈ নাযায়।

পাৰ্থপ্ৰতিম দাস

উত্সঃ অসমীয়া খবৰ

2.86111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top