মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগ আৰু প্ৰাকৃতিক চিকিৎসাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগ আৰু প্ৰাকৃতিক চিকিৎসাঃ

সূৰ্য নমস্কাৰৰ অৰ্থ হ’ল পুৱা সূৰ্যক প্ৰণাম কৰা। সূৰ্য হ’ল এই বিশ্বৰ জীৱনদায়িনী। আমি গ্ৰহণ কৰা সকলো খাদ্য, পানী বা বায়ুত সূৰ্যৰ উপাদান মজুত আছে।

 

সূৰ্য নমস্কাৰঃ

 

সূৰ্য নমস্কাৰৰ অৰ্থ হ’ল পুৱা সূৰ্যক প্ৰণাম কৰা। সূৰ্য হ’ল এই বিশ্বৰ জীৱনদায়িনী। আমি গ্ৰহণ কৰা সকলো খাদ্য, পানী বা বায়ুত সূৰ্যৰ উপাদান মজুত আছে।

সূৰ্য নমস্কাৰ হ’ল ১২ বিধ যোগৰ সংমিশ্ৰণ। ইয়াৰ দ্বাৰা কাৰ্ডিঅ’ভাস্কুলাৰ প্ৰক্ৰিয়াৰ উন্নতি হয়। ইয়াৰ আসনসমূহ নিজকে সুস্বাস্থ্যৱান কৰি ৰখাৰ বাবে উৎকৃষ্ট। ঢল পুৱা খালী পেটত সূৰ্য নমস্কাৰ কৰিলে অধিক লাভান্বিত হয়।

সূৰ্য নমস্কাৰৰ গুণাগুণঃ

 

-  পাচন প্ৰক্ৰিয়া আৰু তলপেটৰ কাৰ্যক্ষমতা সঠিক বা সন্তুলিত কৰি ৰাখে।

- তলপেটৰ পেশী সবল কৰে।

- হাওঁফাওঁ আৰু তেজৰ অম্লজান পৰিবাহী ধমনী সুন্দৰ কৰে।

-  শৰীৰৰ পৰা যথেষ্ট পৰিমাণে কাৰ্বন-ডাই-অক্সাইড বাহিৰ কৰি শৰীৰৰ বাবে ক্ষতিকাৰক পদাৰ্থ উলিয়াই দিয়ে।

-নিদ্ৰা নিয়মিত কৰে আৰু উৎকণ্ঠা আঁতৰ কৰে।

-  সিৰা প্ৰক্ৰিয়া সুস্থিৰ কৰে আৰু স্মৃতিশক্তি বঢ়ায়।

- এণ্ড’ক্ৰাইন গ্লেণ্ডৰ ক্ষমতা বঢ়ায়। ছালৰ অসুবিধা দূৰ কৰি ছাল সুন্দৰ কৰে।

- পেশীৰ সঞ্চালন ক্ষমতা বৃদ্ধি কৰে। মহিলাৰ স্তনৰ গঠনত সহায় কৰে।

- ঋতুকালীন অসুবিধা দূৰ কৰে।

- চুলি সৰা আৰু পকা বন্ধ কৰে।

- চৰ্বি কমোৱাত সহায় কৰে।

সূৰ্য নমস্কাৰ কোনে কৰা অনুচিতঃ

 

-  গৰ্ভৱতী মহিলাই।

- হাৰ্ণিয়া আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে।

- পিঠিৰ বিষ থকা ৰোগীয়ে এই আসন কৰাৰ পূৰ্বে উচিত পৰামৰ্শ ল’ব লাগে।

- ঋতুকালীন সময়ত সূৰ্য নমস্কাৰ কৰা অনুচিত।

যোগ- সূৰ্য প্ৰণামঃ

 

-  নিয়মিতভাৱে উশাহ-নিশাহ লওক। প্ৰণাম আসন। নমস্কাৰ কৰি থকাৰ দৰে হাতযোৰ কৰি থিয় হওক।

- উশাহ ভিতৰলৈ নিয়ক। হস্ত উঠানাসন। হাত দুখন ওপৰলৈ তুলি পিছলৈ হাউলি যাওক।

- উশাহ এৰি দিয়ক। পদ হস্তাসন। আঁঠু পোন কৰি আগলৈ হাউলি হাতেৰে ভৰিৰ তলুৱা স্পৰ্শ কৰক।

- উশাহ ভিতৰলৈ নিয়ক। অম্ল সঞ্চালন। সোঁ ভৰিখন পিছলৈ নিয়ক।

-  উশাহ ধৰি ৰাখক। পৰ্বস্তান। ভৰিৰ তলুৱাত ভৰ দি তপিনাৰ অংশ দাঙি ধৰক। হাতেৰেও শৰীৰটো দাঙি থাকক।

- উশাহ এৰি দিয়ক। অষ্টাংগ প্ৰণাম। আঁঠু ধৰণে সেৱা কৰক। তলুৱাত ভৰ দি আপোনাৰ আঁঠু, বুকু আৰু মুখ মাটিত লগাই দিয়ক।

-  উশাহ ভিতৰলৈ নিয়ক। ফেঁটী সাপৰ দৰে মুদ্ৰা। ভৰিৰ তলুৱা পিছলৈ ঠেলি দিয়ক। হাতৰ তলুৱা দুখন কান্ধৰ কাষত ৰাখিব।

-  উশাহ এৰি দিয়ক। পৰ্বস্তাসন। ভৰিৰ তলুৱাত ভৰ দি তপিনাৰ অংশ দাঙি ধৰক। হাতেৰেও শৰীৰটো দাঙি ধৰক।

- উশাহ ভিতৰত নিয়ক। অম্ল সঞ্চালন। বাওঁহাতৰ তলুৱাৰ ওচৰলৈ নিয়ক।

-  উশাহ এৰি দিয়ক। পদ হস্তাসন। আঁঠু পোন কৰি আগলৈ হালি হাতেৰে ভৰিৰ তলুৱা স্পৰ্শ কৰক। সোঁ ভৰিখন আগলৈ নিয়ক।

- উশাহ ভিতৰলৈ নিয়ক। হস্ত উঠনাসন। হাত দুখন ওপৰলৈ তুলি পিছলৈ হাউলি যাওক।

- নিয়মিতভাৱে উশাহ-নিশাহ লওক। প্ৰণাম আসন। নমস্কাৰ কৰি থকাৰ দৰে হাতযোৰ কৰি থিয় হওক।

(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top