অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগ চিকিৎসাৰ দ্বাৰা নিৰাময় কৰক পেটৰ ৰোগ

যোগ চিকিৎসাৰ দ্বাৰা নিৰাময় কৰক পেটৰ ৰোগ

বিজ্ঞানেও সম্পূৰ্ণৰুপে উদঘাটন কৰিব নোৱাৰা শৰীৰটো নিজেই এক ৰহস্যৰ আৱৰ্তত সোমাই আছে। আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগই গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকেৰে বৈশিষ্ট্য আছে। সকলোবোৰ অংগৰ ভিতৰত সম্ভৱত: পেটটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। পাকস্থলী আৰু পাচক তন্ত্ৰৰ পৰাই সমস্ত শৰীৰটোৱে পুষ্টিৰ যোগান পায় বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। প্ৰকৃততে পাচন তন্ত্ৰৰ কাৰ্যক্ষমতাৰ ওপৰতেই আমাৰ স্বাস্থ্য নিৰ্ভৰ কৰে।

আমাৰ শৰীৰৰ সৃষ্টি হৈছে পঞ্চতত্বৰ দ্বাৰা(অগ্নি, বায়ু, পৃথিৱী, পানী আৰু আকাশ)। যোগ চিকিৎসাত এই পঞ্চতত্বক ‘অন্নময় কোষ’ বুলি কোৱা হয়। কাৰণ মানৱ গৰ্ভৰ ভিতৰত আৰু গৰ্ভৰ বাহিৰতো শৰীৰৰ পোষণ অন্নৰসৰ দ্বাৰাই হয়।পঞ্চতত্ব অৰ্থাত ‘অন্নময় কোষ’ত যেতিয়া বিস্ংগতিৰ সৃষ্টি হয়, তেতিয়াই শাৰীৰিক তথা মানসিক বিকৃতি আৰু ব্যাধিবোৰে শৰীৰক আগুৰি ধৰে। পেটত দেখা দিয়া বিভিন্ন ধৰণৰ ব্যাধিৰ মূল উত্পত্তিস্থল হৈছে এই অন্নময় কোষ। এনে ধৰনৰ ব্যাধিয়ে যেতিয়া উদৰত বাহ লয় তেতিয়া বিভিন্ন ধৰণৰ পেটৰ অসুখৰ সৃষ্টি হয়।এনেধৰণৰ পেটৰ অসুখবিলাক নিৰাময় কৰাৰ বাবে যোগশাস্ত্ৰত বিভিন্ন বিধি-বিধানৰ উল্লেখ আছে। যোগাসনত বিভিন্ন ভ্ংগীত শৰীৰটো ভাঁজ কৰি একো একোটা বিশেষ আকাৰ দিয়া হয়।

যোগাসনত শৰীৰটোক এক নিৰ্দিষ্ট ভংগীত ভাঁজ কৰাৰ ফলত বিভিন্ন অংগ-প্ৰত্যংগত বিশেষভাৱে চাপ পৰে। যাৰ ফলত শৰীৰৰ সমস্ত তন্ত্ৰ উত্তেজিত হয়। ইয়াৰ প্ৰভাৱত এই তন্ত্ৰবিলাকে নিজ নিজ কাৰ্য স্বাভাৱিকভাৱে কৰিবলৈ আৰম্ভ কৰে পাচন তন্ত্ৰৰ গ্ৰন্থি আৰু অন্য গ্ৰন্থিবিলাকেও যোগাসনৰ দ্বাৰা পোৱা চাপৰ ফলত সুচাৰুৰুপে কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত অগ্নিৰ দুৰ্বলতা আঁতৰ হয় আৰু পিছলৈ লাহে লাহে উদৰ ৰোগৰ উপশম হ’বলৈ ধৰে। যোগাসনৰ দ্বাৰা জঠৰাগ্নিৰ বিস্ংগতি দূৰ হয় আৰু তৰ লগে লগে বাত, পিত্ত, কফ দোষ আদিও স্বাভাৱিক অৱস্থালৈ আহে।

জঠৰাগ্নি সক্ৰিয় কৰি ৰখা আৰু ইয়াৰ বিস্ংগতি দূৰ কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ যৌগিক ক্ৰিয়াৰ ব্যৱস্থাও আমাৰ পূৰ্বজসকলে কৰি থৈ গৈছে। ইয়াৰ বাবে অগ্নিসাৰ ক্ৰিয়া, ধৌতি ক্ৰিয়া, বস্তি ক্ৰিয়া আদি বিভিন্ন যৌগিক ক্ৰিয়াৰ বিধান আছে। অগ্নিসাৰ ক্ৰিয়াত শ্বাস বাহিৰলৈ উলিয়াই দি পেটৰ মাংসপেশীবোৰক অগা-পিচা কৰা হয়। ইয়াৰ ফলত পেটৰ ৰোগ নিৰাময় হয়। ধৌতিক্ৰিয়াত মুখেৰে আৰু বস্তিক্ৰিয়াত গুহ্যমাৰ্গেৰে দূষিত দ্ৰব্য বাহিৰলৈ উলিয়াই দি শৰীৰ শোধন কৰা হয়। পেটৰ যিকোনো ৰোগ নিৰাময়ৰ কাৰণে এই দুয়োটা ক্ৰিয়াই অতি ফলদায়ক। তেনেদৰে নেতিক্ৰিয়া, নৌলিক্ৰিয়া, ত্ৰাটক তথা কপালভাতি ক্ৰিয়াৰ দ্বাৰা শৰীৰ শোধন তথা শৰীৰৰ জমা হোৱা মল বা বৰ্জ্য দ্ৰব্যসমূহ নিস্কাশন কৰা হয়। এইবিলাক ক্ৰিয়াৰ যোগেদি শৰীৰ শুদ্ধ হোৱা লগতে মনো পৱিত্ৰ হয়।

আসনৰ ভিতৰত পশ্চিমোত্তানাসনে পেটৰ চৰ্বি কমায়, জঠৰাগ্নি উদ্দীপ্ত কৰে। সৰ্বাংগাসনে মন্দাগ্নি, গেচ, পেটৰ পুৰণি ৰোগবোৰ আঁতৰ কৰে। এইবিলাক যৌগিক ক্ৰিয়া অনুশীলন কৰি থাকিলে পাচন তন্ত্ৰৰ ওপৰত প্ৰভাব পৰে আৰু পাচন তন্ত্ৰৰ লগত জড়িত যক্ৰিত, অন্ত্ৰ, অগ্নাশয় আদি সক্ৰিয় হৈ উঠে। যোগ চিকিৎসা এক সম্পূৰ্ণ বৈজ্ঞানিক চিকিৎসা প্ৰণালী আৰু এই পদ্ধতিৰ অনুশীলন কৰিলে কেৱল ৰোগবিলাকেই যে নিৰাময় হয়, সেয়া নহয়, শৰীৰটোক বিভিন্ন ৰোগৰ স্ংক্ৰমণৰ পৰা বচা্যো ৰাখে। ইয়াত পেটৰ ৰোগ নাশ কৰিব পৰা কেইবিধমান আসনৰ বৰ্ণনা দিয়া হ’ল। এইবিলাক অনুশীলন কৰি সকলো বয়সৰ লোকেই উপকৃত হ’ব পাৰে।

পেটৰ ৰোগৰ বাবে কেইবিধমান উপযোগী আসন

পেটৰ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ আসন আছে। যথাসম্ভৱ আসনবোৰ ৰাতিপুৱা খালীপেটত অনুশীলন কৰিব লাগে। নিয়মীয়াকৈ আসনবোৰ অভ্যাস কৰিলে পেটৰ ৰোগৰ পৰা মুক্তি পাব পাৰি। কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ সু-স্বাস্থ্যৰ অধিকাৰী হ’বৰ বাবে যোগাভ্যাস এক উত্তম সাধন। কিন্তু এই আসনবিলাক অভ্যাস কৰাৰ আগতে কোনো যোগ্য যোগ চিকিত্সকৰ পৰামৰ্শ লওক। কাৰণ কেতিয়াবা বিশেষ পৰিস্থিতিত এই আসনবিলাকৰ পৰা শৰীৰৰ অপকাৰ হোৱাৰো সম্ভাৱনা থাকে। যেনে-ময়ুৰাসন পেটৰ ৰোগৰ বাবে অতি ফলপ্ৰসূ আসন, কিন্তু উচ্চ ৰক্তচাপৰ ৰোগীৰ কাৰণে এই আসন অপকাৰী। কাৰণ এই আসন অভ্যাস কৰিলে উচ্চ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে।

(১) পবন মুক্তাসন

এই আসনটো ১০ ৰ পৰা ১৫ চক্ৰ কৰক। গৰ্ভৱতী নাৰীয়ে এই আসনটো নকৰিব।

প্ৰণালী

চিত হৈ শৱাসন কৰাৰ দৰে শুই পৰক। এইবাৰ সোঁ ভৰি আঁঠু আৰু কঁকালৰ ওচৰত ভাঁজ কৰি বুকু আৰু পেটৰ ওচৰলৈ আনক। চিত্ৰত দেখুৱাৰ দৰে ভৰিখন দুহাতেৰে বুকু আৰু পেটৰ লগত জোৰেৰে চেপি ধৰক। যাতে পেটৰ ওপৰত উৰুৰ চাপ বেছিকৈ পৰে। এই অৱস্থাত উশাহ-নিশাহ বন্ধ কৰি নাৰাখিব। শ্বাস-প্ৰশ্বাস সহজ আৰু স্বাভাৱিক কৰি ৰাখি হাত দুখনেৰে ভৰিটো আঁঠুৰ ওচৰত পেটৰ ফালে যিমান পাৰি টানি ৰাখক। এই অৱস্থাত ৩০ চেকেণ্ডমান থকাৰ পাছত ভৰি মেলি পুনৰ শৱআসনৰ দৰে চিত হৈ পৰক। এইবাৰ সোঁ-ভৰিখনৰ দৰে বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি বুকু আৰু পেটৰ ফালে টানি চেপি ধৰক। এই ভাবে ৩০ চেকেণ্ড থকাৰ পিছত ভৰি মেলি দিয়ক।ইয়াৰ পিছত দুয়োখন ভৰি আঁঠুত ভাঁজ কৰি দুয়োহাতেৰে আঁঠুৰ ওপৰত ধৰি পেট আৰু বুকুৰ ওপৰত টানি চেপি ধৰক। লক্ষ্য ৰাখিব যাতে ভৰি দুখন যোৰ পাতি থাকে। এনেদৰে এখনৰ পিছত সিখনকৈ সোঁ আৰু বাওঁ ভৰি আৰু শেষত একেলগে দুয়োখন ভৰি তুলি পেট আৰু বুকুত হেঁচা মাৰি ধৰাটো এবাৰ অনুশীলন বুলি ধৰি মুঠ ৩ বাৰ এই আসন অভ্যাস কৰিব।

উপকাৰিতা

এই আসনৰ অভ্যাসৰ দ্বাৰা যকৃত, কিডনি, মলাশয়, মূত্ৰাশয় আদি বিভিন্ন অংগ সক্ৰিয় হয়। ফলত এইবিলাকৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। এই আসন অভ্যাসৰ দ্বাৰা অগ্নাশয় (পেনক্ৰিয়াচ) শক্তিশালী হয়। ফলত ইনচুলিন নি:সৰণ স্বাভাৱিক হয়। মধুমেহ ৰোগীৰ কাৰণে হোৱা অনিদ্ৰা ৰোগ এই আসনৰ অভ্যাসৰ দ্বাৰা নিৰাময় হয়।

(২) হলাসন

এই আসনটো কৰিবৰ সময়ত গাটো দেখিবলৈ হাল বা নাঙলৰ দৰে হয় বাবেই ইয়াৰ নাম হলাসন।

প্ৰণালী

ওপৰৰ পিনে মুখ কৰি শোৱক। হাত দুখন লুটিয়াই গাৰ দুয়োকাষে ৰাখক। এতিয়া লাহে লাহে ভৰি দুখন ওপৰলৈ তোলক। ৩০ ডিগ্ৰীলৈকে উঠাই ২\৪ চেকেণ্ড জিৰণি লওক। তাৰ পিছত ৬০ ডিগ্ৰীলৈকে উঠাই আকৌ অলপ ৰওক। শেষত কান্ধ আৰু মূৰ পাৰ কৰি ভৰি দুখন মাটিত লগাওক। ভৰিৰ আঙুলিবোৰে মাটি চুব, কৰঙণ আৰু কপালৰ মাজত চাৰি আঙুলিমান ফাঁক থাকিব। আসনটোত ভালকৈ অভ্যস্ত হ’লে ১০ চেকেণ্ড মান ভৰি দুখন মাটিৰ লগত লগ লগাই ৰাখি আকৌ লাহে লাহে ওপৰলৈ উঠাই পূৰ্বৰ অৱস্থালৈ আহক। খুব ভালকৈ অভ্যস্ত হ’লে উশাহ-নিশাহৰ সহযোগত আসনটো কৰিব। উশাহ লোৱাৰ লগে লগে ভৰি দুখন ওপৰলৈ উঠাব আৰু কেইচেকেণ্ডমান উশাহ বন্ধ ৰাখি আসনত স্থিৰ হৈ থাকিব। তাৰ পিছত নিশ্বাস এৰি দিয়াৰ লগে লগে লাহে লাহে ভৰি নমাই আগৰ অৱস্থালৈ আহক। নিতৌ এবেলা কমপক্ষেও তিনিবাৰ আৰু উৰ্দ্ধপক্ষে ৫ বাৰ এই আসনটো কৰিব। জাৰকালিৰ ছমাহ কেইবাৰমান বেছিকৈও কৰিব পাৰি।

এই আসনটোৰ বিভিন্ন প্ৰক্ৰিয়া আছে। কৰঙণ দুটা আৰু কপালৰ মাজত ৪ আঙুলি ফাঁক নাৰাখি কপালৰ লগত কৰঙণ স্পৰ্শ কৰাইও এই আসন কৰিব পাৰি। তাৰ উপৰি হাত দুখন ঘুৰাই আনি দুয়োখন হাতেৰে আঙুলিবোৰ একেলগে লগ লগাই মূৰৰ ঠিক তলটো সাধাৰণ অৱলম্বনৰুপে ৰাখিও এই আসনটি কৰিব পাৰি।

বিপৰীতকৰণী মুদ্ৰা আৰু সৰ্বাঙ্গাসন ভালকৈ অভ্যস্ত হোৱাৰ পিছতহে এই আসনটি কৰা উচিত।

এই আসনটো সহজভাৱে যিমানখিনিলৈকে পাৰে, সিমানখিনিলৈকেহে কৰিব। বেছি জোৰ দি আসনটো কৰিবলৈ চেষ্টা নকৰিব।

উপকাৰিতা

এই আসনটো অভ্যাসৰ দ্বাৰা অগ্নাশয়ৰ ৰক্তসঞ্চালন স্বাভাৱিক হয় আৰু ই পৰ্যাপ্ত শক্তি পায়। ফলত অগ্নাশয়জনিত ব্যাধিৰ পৰা মুক্তি পায়। জথৰাগ্নি (বদহজম) আৰু কোষ্ঠবদ্ধতা দূৰ হয়। পেটত বায়ুজনিত বিকাৰ নষ্ট হয়। যকৃত আৰু প্লিহা বৃদ্ধি উপশম হয়। স্থুলতা নিৰাময় কৰাৰ বাবে হলাসন উৎকৃষ্ট আসন। অমাশয়, মলাশয়, মূত্ৰাশয়, অণ্ডকোষ আৰু পেট সম্পৰ্কীয় সকলো বিকাৰ নিৰাময় হয়।

(৩) পশ্চিমোত্তানাসন

যি আসনৰ ফলত মেৰুদণ্ড সম্প্ৰসাৰিত হয়, মেৰুদণ্ডৰ বক্ৰতা দূৰ হয় আৰু যি আসনে শৰীৰৰ পশ্চিমভাগক অৰ্থাত্ তলছোৱাক সবল আৰু সুদৃহ কৰে, তাৰ নাম পশ্চিমোত্তানাসন।

প্ৰণালী

ভৰি দুখন পোনকৈ সমুখৰ ফালে মেলি দিয়ক। ভৰিৰ আঙুলিবোৰ ওপৰমুৱা হৈ থাকিব। গোৰোহা দুটা পৰস্পৰ লগ লাগি থাকিব। এতিয়া সোঁ হাতেৰে সোঁ ভৰিৰ বুঢ়া আঙুলি আৰু বাঁও হাতেৰে বাঁও ভৰিৰ বুঢ়া আঙুলি ধৰক। তাৰ পিছত উশাহ এৰি দিয়াৰ লগে লগে মূৰটো লাহে লাহে তললৈ নমাওঅক। এনেকৈ কপালখনে মাটিত লাগি থকা আঁঠু দুটা চুবগৈ। উশাহ বন্ধ ৰাখি সাধ্যমতে ৫ চেকেণ্ডৰ পৰা ১০ চেকেণ্ডলৈকে কপালখন আঁঠুৰ লগ লগাই ৰাখক। এতিয়া উশাহ লৈ লৈ পুনৰ পোন হৈ বহক। কোৱা বাহুল্য, উশাহ লৈ লৈ পোন হোৱাৰ সময়ত ভৰিৰ আঙুলীৰ পৰা হাত দুখন এৰুৱাই আনিব। পোনতে নিতৌ এবাৰ বা দুবাৰ মাত্ৰ আসনটো ভালদৰে অভ্যস্ত হ’লে দৈনিক উৰ্ধপক্ষে ৫ বাৰকৈ কৰিব।

পুৱা স্বাভাৱিকতে স্নায়ুমণ্ডলী অলপ আড়ষ্ট হৈ থাকে গতিকে এই আসনটো সোনকালে আয়ত্ব কৰিবলৈ হ’লে প্ৰথমতে আবেলি অভ্যাস কৰাই ভাল। কপাল মাটিত থকা আঁঠুত লগ লগোৱাটো কমবয়সীয়া ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ কাৰণে কিছু কষ্টকৰ হ’ব। কিন্তু শৰীৰক বৰ বেছি কষ্ট দি কোনো যৌগিক ক্ৰিয়াকে অভ্যাস কৰা উচিত নহয়। যিমানখিনি কৰিলে শৰীৰে বৰ বেছি কষ্ট অনুভৱ নকৰে, সিমানখিনিলৈকে অভ্যাস কৰিব লাগে। পোনতে যিটো দু:সাধ্য বুলি ভাৱ হয়, ক্ৰমে অভ্যাসৰ ফলত সি সহজসাধ্য হৈ পৰে।

কপাল আঁঠুত লগ লগাঁওতেথাত দুখন টান কৰি মূৰৰ ওপৰফালেও ৰাখিব পাৰে, নইবা হাতৰ কিলাকুটি দুটি ভাঁজ কৰি মূৰৰ দুয়োফালে নমাই দিব পাৰে।

হাৰ্ণিয়া, উচ্চ ৰক্তচাপ, চায়াটিকা, পূৰণি সন্ধিবাত, পিঠিৰ বিষ থকা ৰোগী আৰু গৰ্ভৱতী নাৰীয়ে এই আসনতো নকৰিব।

উপকাৰিতা

এই আসন অভ্যাসৰ দ্বাৰা পেট, কঁকাল আৰু অৱয়বৰ স্ংকোচন হয়, যৰ ফলত এইবিলাকৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। এই আসনে পেটৰ মাংসপেশীক উত্তেজিত কৰে। লগতে পাচন শক্তি বৃধি কৰে। অগ্নাশয়, অমাশয় আৰু অন্ত্ৰৰ বিস্ংগতি দূৰ কৰি পাচন ক্ষমতা শক্তিশালী কৰে। কোষ্ঠবদ্ধতা দূৰ কৰে, স্নায়ু, কঁকাল তথা পেটৰ অভ্যন্তৰ নিৰ্মল কৰে। পেটৰ বৃদ্ধি পোৱা চৰ্বিও কম কৰে। এই আসনৰ অভ্যাসে মন্দাগ্নি, কৃমি বিকাৰ, অজীৰ্ণ আদি ৰোগ দূৰ কৰে।

(৪) বজ্ৰাসন

এই আসনৰ অভ্যাসৰ ফল স্বৰুপে শৰীৰৰ নিম্নাংস বজ্ৰৰ দৰে সুদৃঢ় হৈ উঠে কাৰণেই ইয়াৰ নাম বজ্ৰাসন।

প্ৰণালী

ভৰি পিছফালে মোটোকাই গোৰোহাৰ ওপৰত বহক। হাত দুখন কৰঙনৰ ওপৰত সহজভাৱে থৈ দিয়ক। প্ৰথমতে অভ্যাস কৰোঁতে ভৰিৰ আঁঠুত সমান্য বিষ বোধ হ’ব পাৰে। কেইদিনমান অভ্যাস কৰাৰ পিছত আৰু একো অসউবিধা নাথাকিব।

উপকাৰিতা

এই আসনটোৰ অভ্যাসে শৰীৰৰ উদৰ আৰু শ্ৰেণী মণ্ডলৰ ৰক্ত সঞ্চালন বঢ়ায়। ফলত এই অংশৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। বদহজমৰ দোষ নাইকীয়া হৈ পাচনক্ৰিয়া দ্ৰুত হয়। এই আসনৰ অভ্যাস কৰিলে তল পেটৰ সকলো ধৰণৰ বিকাৰ নিৰাময় হয় আৰু সেই অংশলৈ হোৱা অতিৰিক্ত ৰক্ত সঞ্চালন নিয়ন্ত্ৰিত হয়। এই আসন দুয়োবেলা মূল আহাৰ গ্ৰহণৰ পিছত কেৱল ৪ মিনিটকৈ কৰা উচিত।

(৫) হস্তপদাসন

থিয় হৈ পশ্চিমোত্তাসন আসন কৰিলেই হস্তপদাসন হয়। বিশেষকৈ হাত-ভৰিৰ স্নায়ুপেশীক সুস্থ-সবল কৰে কাৰণেই ইয়াৰ এই পৃথক নামাকৰণ হৈছে।

প্ৰণালী

হাত দুখন কৰঙণৰ লগত সমান্তৰালকৈ ৰাখি সন্মুখত দৃষ্টি ৰাখি পোন হৈ থিয় হওক। ভৰিৰ গোৰোহা দুটা পৰস্পৰ লগ লাগি থাকিব, নাইবা দুই বুঢ়া আঙুলিৰ মাজত অলপ ফাঁক থাকিব। এতিয়া বাওঁ হাত (কিলাকুটি নভঙাকৈ) লাহে লাহে ওপৰলৈ তুলি হাতৰ তলুৱা মূৰৰ লগত স্ংলগ্ন কৰক। হাতেৰে সৈতে মূৰটো সোঁ-কান্ধৰ ফালে হলাই নিয়ক। ভৰি অলপো নলৰাব আৰু আঁঠু বেঁকা নকৰিব। সোঁ হাতখন আগৰ দৰেই পোন হৈ থাকিব আৰু মূৰটো নমোৱাৰ লগে লগে সোঁহাত কৰঙনৰ ফালে নামি আহিব। মূৰটো যিমানলৈ নমাব পাৰি সিমানলৈ নমাই কেইচেকেণ্ডমান সেই অৱস্থাত থাকক। হাত দুখন আগৰ দৰেই ৰাখি মূৰটো লাহে লাহে তুলি পোন হৈ থিয় হওক। এতিয়া বাওঁহাতখন লাহে লাহে তুলি পোন হৈ থিয় হওক। এতিয়া বাঁওহাতখন লাহে লাহে নমাই আনি আগৰ দৰে বাঁও কৰঙনৰ সমান্তৰালকৈ ৰাখক। এইবাৰ বিপৰীতভাৱে আকৌ এই ক্ৰিয়াৰ অভ্যাস কৰক, অৰ্থাত বাঁওহাতৰ সলনি এইবাৰ সোঁ হাত ওপৰলৈ তোলক। সোঁ হাতৰ কিলাকুটি মূৰত লগাওক আৰু সেই হাতেৰে মূৰটো বাঁও কান্ধৰ ফালে হলাই নিয়ক। আঁঠুত যাতে ভাঁজ নপৰে আৰু মূৰটো নমাই অনাৰ লগে লগে বাঁও হাতখনো কৰঙণৰ ফালে নামি আহিব। আঁঠুত ভাঁজ নলগোৱাকৈ যিমান পাৰি সিমান চেকেণ্ড সময় এই অৱস্থাত থাকক আৰু আগৰ দৰে লাহে লাহে পোন হৈ থিয় হওক। এইবাৰ হাত দুখন কান্ধৰ আগফালে নিয়ক আৰু ক্ৰমান্বয়ে ওপৰলৈ তুলি যথাসাধ্যে মূৰৰ পিছফালে নিয়ক আৰু যিমান পাৰি শৰীৰৰ উপৰিভাগ পিছফাললৈ হলাই নিয়ক। কোৱা বাহুল্য, হাত উঠা-নমা কৰোঁতে আঙুলিবোৰৰ সৈতে গোটেই বাহুকে পোনকৈ ৰাখিব লাগিব আৰু যাতে কিলাকুটিত কোনো ভাঁজ নপৰে তালৈ লক্ষ্য ৰাখিব। তাৰ পিছত পিছফালে মেলি দিয়া হাত দুখন আগফালে আনি ক্ৰমান্বয়ে আগফাললৈ হালি আহি দুয়ো হাতেৰে দুয়ো ভৰিৰ আঙুলি স্পৰ্শ কৰক। হাতেৰে ভৰিৰ আঙুলি স্পৰ্শ কৰাৰ সময়ত আঁঠু যেন পোন হৈ থাকে। আঁঠুত যেন কোনো ভাঁজ নপৰে। পাৰিলে কপাল আঁঠুত লগাওক। নোৱাৰিলে কোনো ক্ষতি নাই। কেই চেকেণ্ডমান সময় এইদৰে আসনত থাকি হাত দুখন ওপৰলৈ তুলি পোন হৈ থিয় হওক আৰু লাহে লাহে ওপৰলৈ তোলা হাত তললৈ নমাই আনক।

সোঁ, বাঁও, সন্মুখ আৰু পিছফালে পৰ্যায়ক্ৰমে হালি যোৱা এই চাৰি প্ৰকাৰ ক্ৰিয়া মিলি পূৰ্ণাঙ্গ হস্তপদাসন হয়। এই ক্ৰিয়া ছোৱালীয়ে ৩ বাৰ আৰু লৰাই ৫ বাৰ কৰিব। ২/১ বাৰ বেছি কৰিলেও ক্ষতি নাই।

প্ৰথমতে ভৰিৰ আঙুলি স্পৰ্শ কৰিবলৈ কষ্ট হ’লে যিমান পৰা যায় সিমানখিনিলৈ হাত নমাই কৰিলেও হ’ব। বাৰে বাৰে অভ্যাসৰ দ্বাৰা ভৰিৰ আঙুলি স্পৰ্শ কৰাটো যেতিয়া সহজ হৈ পৰিব, তেতিয়া উশাহ-নিশাহৰ সহায়ত এই ক্ৰিয়াটো কৰিব। হাত উঠাই অনাৰ সময়ত উশাহ টানি ল’ব আৰু হাত নমোৱাৰ সময়ত নিশাহ এৰি দিয়ক। এনেকৈ উশাহ-নিশাহৰ তালে তালে কৰিব পাৰিলে এই আসনৰ দ্বাৰা বেছি সুফল পোৱা যায়।

উপকাৰিতা

এই আসন উদৰ সম্পৰ্কীয় ভালেমান বিকাৰৰ বাবে ফলপ্ৰসূ। এই আসনে আপান বায়ুক তলৰ ফালে ঠেলি পঠিয়ায়। কোষ্ঠবদ্ধতা দূৰ কৰে আৰু অজীৰ্ণদোষ নাইকীয়া কৰে। এই আসনে যকৃতৰ কাম স্বাভাৱিক কৰি ৰাখে, মেদবহুলতা কমায় আৰু শৰীৰৰ মধ্যাংশৰ মেদ হ্ৰাস কৰে। পশ্চিমোত্তানাসনৰ আটাইবোৰ উপকাৰ এই আসনৰ যোগেদি লাভ কৰিব পাৰি।

(৬) ধনুৰাসন

এই আসনত শৰীৰে ধনুৰ আকাৰ ধাৰণ কৰে কাৰণেই ইয়াৰ নাম ধনুৰাসন।

প্ৰণালী

মাটিত পেট পেলাই শুই পৰক। ভৰি দুটা আঁঠুত নেভাঙি পিছফালে ঘুৰাই দিয়ক। হাত দুখন কান্ধৰ ওপৰেদি লৈ গৈ দুয়ো হাতেৰে দুয়োখন ভৰি ধৰক। এতিয়া বুকু আৰু আঁঠু যথাসাধ্যে ওপৰলৈ তোলক। বুকু আৰু কান্ধ ভূজঙ্গাসনৰ দৰে যথাসাধ্য পিছফালে লৈ যাওক। শৰীৰৰ ভাৰকেন্দ্ৰ তলপেটৰ ওপৰত স্থাপন কৰক। ১০\১২ চেকেণ্ড এইদৰে আসনত থাকি ভাত-ভৰি নমাই লওক। কেইচেকেণ্ডমান বিশ্ৰাম লৈ আকৌ এইদৰে কৰক।

এই আসনটো ছোৱালীয়ে অন্তত: তিনিবাৰ আৰু ল’ৰাই অন্তত: ৫ বাৰকৈ কৰিব। প্ৰথম অভ্যাসৰ সময়ত দুই ভৰি পৃথক ৰাখি অভ্যাস কৰিব। অভ্যাসৰ ফলত যেতিয়া কোনো কষ্ট নহ’ব, তেতিয়া দুয়ো আঁঠু লগ লগাই অভ্যাস কৰিব।

উপকাৰিতা

এই আসনেও জঠৰাগ্নি উদ্দীপিত কৰি ৰোগ ব্যাধি নিৰাময় কৰে। পাচন ক্ৰিয়া বৃদ্ধি কৰে। কোষ্ঠবদ্ধতা, মন্দাগ্নি, অজীৰ্ণ, যকৃতৰ বিকাৰ, উদৰগত বিকৃত বায়ু নিৰ্গমণ কৰায়। এই আসনৰ অনুশীলনে মূত্ৰ সম্বন্ধীয় সমস্ত বিকাৰ, মহিলাৰ মাহেকীয়া সম্পৰ্কীয় সকলো বিস্ংগতি, গৰ্ভাশয় ৰোগ আদি দূৰ কৰে। এই আসনে কিডনি দুটাকো সক্ৰিয় কৰি তোলে। পাকস্থলী, পাচন তন্ত্ৰলৈ ৰক্ত সঞ্চালন নিয়মীয়া কৰে।

(৭) যোগ মূদ্ৰা

এই মূদ্ৰাৰ অভ্যাসত শৰীৰ যোগ সাধনাৰ উপযোগী নিৰোগী হৈ উঠে, সেই কাৰণেই ইয়াৰ নাম যোগমূদ্ৰা।

প্ৰণালী

পদ্মাসনত বহক। পদ্মাসনত বহিব নোৱাৰাসকলে বীৰাসন বা সুখাসনত বহিব পাৰে। হাত দুখন পিছলৈ নি বাওঁ হাতেৰে সোঁ হাতৰ কব্জী ধৰক। (ছোৱালীয়ে সোঁ হাতেৰে বাওঁ হাতৰ কব্জী ধৰিব)। এতিয়া নিশ্বাস এৰি দিয়াৰ লগে লগে লাহে লাহে মূৰটো নমাই নি কপাল মাটিত লগাওক। ৫ চেকেণ্ড নিশ্বাস বন্ধ ৰাখি পুনৰ উশাহ লৈ লৈ মূৰ আৰু গা পোন কৰি পূৰ্বাৱস্থালৈ আহি বহক। একাসনত বহি অন্তত: ৭ বাৰৰ পৰা ১০ বাৰ এই ক্ৰিয়াটিৰ অনুষ্ঠান কৰক। প্ৰথম শিক্ষাৰ্থীয়ে নিতৌ ২/৩ বাৰ মাত্ৰ ক্ৰিয়াটো অভ্যাস কৰিব, ক্ৰমশ: মাত্ৰা বঢ়াই ৭/৮ বাৰ কৰিব।

উপকাৰিতা

যিসকলৰ অতিৰিক্ত কোষ্ঠবদ্ধতাৰ দোষ আছে, তেওঁলোকৰ মল-নাড়ীত ২/৩ দিনৰ মল গোট খাই থাকে। মল-নাড়ীয়ে এই খাই থকা মলৰ ভাৰ সহিব নোৱাৰি স্থানচ্যুত হৈ পৰে, স্থানচ্যুত মল-নাড়ী দুৰ্বল হৈ পৰি যথোচিতভাবে মল উলিয়াই দিব নোৱাৰে। সেইকাৰণে তেতিয়া কোনো ঔষধেই স্থায়ীভাৱে কোষ্ঠবদ্ধতা ভাল কৰিব নোৱাৰে। স্থানচ্যুত মল-নাড়ীক নিজৰ ঠাইত পুন:প্ৰতিষ্ঠিত কৰাত আৰু বস্তিপ্ৰদেশৰ স্নায়ু গ্ৰন্থিবোৰ সুস্থ-সবল কৰি তোলাত এই মুদ্ৰাটিয়ে বিশেষভাবে সহায় কৰে। শৰীৰৰ মেদবৃদ্ধি প্ৰতিৰোধ আৰু হৃদয় আৰু হাওঁফাওঁৰ সবলতা বিধানতো এই মুদ্ৰাটি বিশেষ সহায়কাৰী।

(৮) ময়ূৰাসন:

এই আসন কৰিলে দেহে ভালেখিনি ময়ূৰৰ আকাৰ ধাৰণ কৰে বাবেই ইয়াৰ নাম ময়ূৰাসন।

প্ৰণালী

আঁঠু কাঢ়ি বহক। তাৰ পিছত আঁঠুৰ পৰা নিজ হাতৰ এহাত দূৰত হাতৰ কব্জী দুটা পৰস্পৰ লগ লগাওক। হাতৰ আঙুলিবোৰ যেন আঁঠুৰ পিনে থাকে। এতিয়া দুয়ো হাতৰ কিলাকুটি দুটা নাইৰ দুয়োকাষে লগাই ভৰি দুখন পোন ভাৱে ওপৰলৈ তোলক।নাইৰ দৰেই মূৰো নাইৰ সমতলত মাটিৰ ওপৰত থাকিব। এইদৰে ৫/৬ বাৰ আসনটো অভ্যাস কৰিব। প্ৰতিবাৰে ৫/৬ চেকেণ্ড আসনটোত থাকিব।

উপকাৰিতা

ময়ূৰাসন অভ্যাস কৰিলে গুল্ম, জলোদৰ, প্লীহা প্ৰভৃতি সৰ্বপ্ৰকাৰ উদৰৰ ৰোগ আৰোগ্য হয়। বাত, পিত্ত, কফদোষ বিনষ্ট হয়। শৰীৰৰ আলস্য আৰু জড়তা দূৰ হয়। এই আসনৰ অভ্যাসত জঠৰাগ্নি ইমান বৃদ্ধি পায় যে অতিৰিক্ত অজীৰ্ণ, তীব্ৰ বিষ বা বিষাক্ত কোনো বস্তু খালেও সি পৰিপাক হৈ যায়। সি দেহৰ কোনো অনিষ্ট কৰিব নোৱাৰে।

যোগাচাৰ্য, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate