মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগ প্ৰাণায়ামৰ দ্বাৰা মধুমেহ ৰোগ নিৰাময় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগ প্ৰাণায়ামৰ দ্বাৰা মধুমেহ ৰোগ নিৰাময় :

যোগ প্ৰাণায়ামৰ দ্বাৰা মধুমেহ ৰোগ নিৰাময় কৰাৰ বিষয়ে লিখা হৈছে ।

 

মধুমেহ ৰোহ বা ডায়েবেটিছ মানুহৰ শৰীৰৰ বিপাকীয় ক্ৰিয়াজনিত এবিধ গুৰুতৰ ব্যাধি, য’ত তেজত থকা শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক পৰিমাণতকৈ বহুদিনলৈ ঊৰ্ধ্বত থাকে। এইবিধ ব্যাধিয়ে সকলো বয়সৰে নাৰী আৰু পুৰুষক সমানে আক্ৰান্ত কৰে। আগতে এই ৰোগৰ প্ৰকোপ কিছু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছিল যদিও যোৱা কেইটামান দশকত এই ৰোগে বিশ্বৰ বুজনসংখ্যক লোকক আক্ৰান্ত কৰি এক অভাৱনীয় সংকটৰ সৃষ্টি কৰিছে।

আমাৰ শৰীৰত অগ্ন্যাশয় (Pancreas) নামৰ এক অন্ত:ক্ষৰণ গ্ৰন্থি(Endocrine Gland) থাকে। এই গ্ৰন্থিটো পেটৰ ওপৰত ভাগত পাকস্থলীৰ পিছফালে থাকে। এই গ্ৰন্থিটো পেটৰ ওপৰত ভাগত পাকস্থলীৰ পিছফালে থাকে। অগ্ন্যাশয় গ্ৰন্থিৰ মুল কাম হ’ল খাদ্য হজম কৰাৰ বাবে পাচন ৰস (Pancreatic Juice) তৈয়াৰ কৰা। পিছে এই গ্ৰন্থিৰ ভিতৰতে এটা অংশত কিছুমান কোষৰ সমষ্টি একগোট খাই থাকে। এই কোষৰ সমষ্টিকে আইলেটচ অৱ লেংগাৰহেনছ (Islets of Langerhans) বুলি কোৱা হয়। ইয়াতে আলফা আৰু বিটা চেল (Alfa and Beta Cells) নামৰ বিশেষধৰণৰ কোষ থাকে। এই বিটা কোষবোৰে এবিধ হৰম’ন উৎপন্ন কৰে, যাক ইনছুলিন (Insulin ) নামেৰে জনা যায়। এই ইনছুলিন হৰম’নে আমাৰ শৰীৰৰ তেজত থকা শৰ্কৰা বা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে । যদি কিবা কাৰণত ইনছুলিন হৰম’নৰ পৰিমাণ কমি যায়, নাইবা ই ধলপ্ৰসু ধৰণে কাম কৰাত ব্যৰ্থ হয়, তেতিয়াহ’লে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয়। যেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ অস্বাভাৱিকধৰণে বৃদ্ধি হৈ বহুদিনলৈ থাকে ই শৰীৰৰ বিভিন্ন অংগ- প্ৰত্যংগ অনিষ্ট সাধন কৰে। তেতিয়াহে আমি মধুমেহ ৰোগ বা ডায়েবেটিছ হোৱা বুলি কওঁহক

মধুমেহ ৰোগৰ কাৰণ -

ঘাইকৈ তিনিটা কাৰণে মধুমেহ ৰোগ হ’ব পাৰে -

১) ইনছুলিন হৰম’ন কমি যোৱা বা নোহোৱা হোৱা বাবে।

২) ইনছুলিনে হৰম’নে কাম কৰা অংগসমুহৰ কোষবোৰ এই হৰম’নৰ প্ৰতি স্পৰ্শকতাৰ নোহোৱা বাবে।

৩) মানসিক চাপ থকা ৰোগীৰ শৰীৰত গ্লুকাগন (Glucagon) নামৰ হৰ’মনৰ উৎপাদন বৃদ্ধি হয়। এই হৰম’নে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে।

মধুমেহ ৰোগৰ প্ৰকাৰ -

মধুমেহ ৰোগ সাধাৰণতে তিনি প্ৰকাৰৰ হ’ব পাৰে-

১) প্ৰকাৰ- ১ (Type Diabetes Mellitus)। এইবিধ ৰোগৰ বেছিভাগৰ কাৰণ জনা নাযায়। কিছুমানৰ আকৌ শৰীৰত থকা স্বয়ং প্ৰতিৰোধক ক্ষমতাৰ বিস্ংগতিৰ বাবে (Auto Immune Mediated ) অগ্ন্যাশয়ৰ বিটা কোষবোৰ ধ্বংস হৈ এই ৰোগ হোৱা দেখা যায়। বিটা কোষৰ অভাৱত নাইবা এই কোষবোৰে সঠিকভাৱে কাম নকৰাৰ ফলত অগ্ন্যাশয় গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণে ইনছুলিন হৰম’ন উৎপন্ন কৰিব নোৱাৰে আৰু সেইবাবে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হৈ মধুমেহ ৰোগ হয়। ইউৰোপ আৰু আমেৰিকা মহাদেশৰ শতকৰা দহ ভাগ ৰোগ প্ৰথম প্ৰকাৰৰ ৰোগ বুলি কোৱা হৈছে। সেইবাবে এইবিধ ৰোগক ‘ইনছুলিন-ডিপেনডেট ডায়েবেটিছ’ (Insulin Dependant Diabetes) বা ‘কিশোৰৰ ডায়েবেটিছ (Juvenile Diabetes ) নামেৰেও জনা যায়। এই প্ৰকাৰৰ ৰোগ সাধাৰণতে আগতে সম্পুৰ্ণ সুস্থ কিশোৰ বা প্ৰাপ্তবয়স্ক লোকৰ হ’ব পাৰে। পিছে যিহেতু বেছিভাগ কিশোৰৰে এই ৰোগ হয়, ইয়াক জুভেনাইল ডায়েবেটিছ বোলা হয়।

এইবিধ মধুমেহ ৰোগীৰ কেতিয়াবা বৰ বেছিকৈ তেজত শৰ্কৰাৰ পৰিমাণৰ তাৰতম্য ঘটা দেখা যায়। কোনো বিশেষ কাৰণ নোহোৱাকৈ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱা বা কমি যোৱা আৰু কেতিয়াবা ডায়েবেটিক কিটোছিছ (Diabetic Ketosis) নামৰ ভয়াৱহ উপসৰ্গৰ উদ্ভৱ হোৱা দেখা যায়।

২) প্ৰকাৰ-(Typell Diabetes Mellitus) এইবিধ মধুমেহ ৰোগত শৰীৰৰ কোষবোৰে ইনছুলিন হৰম’নৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। ফলত শৰীৰত পৰ্যাপ্ত পৰিমাণে ইনছুলিন থকা সত্ত্বেও কোষে ইয়াৰ প্ৰতি উপযুক্ত সঁহাৰি নেদেখুৱায়। ৰোগ বাঢ়ি যোৱাৰ লগে লগে লাহে লাহে শৰীৰত ইনছুলিনৰ পৰিমাণো কমিবলৈ ধৰে। আগতে এইবিধ ৰোগন ‘নন ইনছুলিন ডিপেনডেণ্ট ডায়েবেটিছ মেলিটাচ’ (Non Insulin Dependant Diabetes Mellitus) বা প্ৰাপ্তবয়স্কৰ ডায়েবেটিছ (Adult Oneset Diabetes ) ৰোগ বোলা হৈছিল। ইয়াৰ মুল কাৰণ হৈছে মেদবহুলতা আৰু শৰীৰ চৰ্চা বা ব্যায়াম নকৰাটো।

৩) প্ৰকাৰ-৩ বা গৰ্ভাৱস্থাত হোৱা মধুমেহ ৰোগ- (Gestational Diabetes Menllitus ) আগতে কোনোধৰণৰ মধুমেহ ৰোগ নথকা মহিলাৰ গৰ্ভাৱস্থাত যদি তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, ইয়াক গৰ্ভৱস্থাৰ মধুমেহ ৰোগ বোলা হয়।গৰ্ভেৱতীসকলৰ শতকৰা ২ৰ পৰা ১০ ভাগেই এইধৰণৰ মধুমেহ ৰোগত ভোগা দেখা যায়। এইবিধ ৰোগ সাধাৰণতে সন্তান জন্ম হোৱাৰ পিছতে হয় নিৰাময় হয়, নহ’লে যথেষ্ট পৰিমাণে উন্নত হয়। পিছে বহুতো ক্ষেত্ৰত দেখা যায় যে গৰ্ভৱতী অৱস্থাত হোৱা মধুমেহ ৰোগ ১০ শতাংশৰে পিছতো এই ৰোগ হৈ থাকে। এই ৰোগ দ্বিতীয় প্ৰকাৰৰ মধুমেহ ৰোগৰ সৈতে একে দেখা যায়। এই ৰোগতো শৰীৰত ইনছুলিনৰ পৰিমাণ কমি যায় আৰু কোনো কোনো লোকৰ ইনছুলিনৰ প্ৰতি প্ৰতিৰোধ জাগি উঠাও দেখা যায়। এই ৰোগ হ’লে ৰোগীক সম্পুৰ্ণ গৰ্ভাৱস্থাৰ সময়খিনি চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা উচিত। এই ৰোগৰ চিকিৎসাত ৰোগীৰ আহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ উপৰি সঘনে তেজত শৰ্কৰাৰ পৰিমাণ জোখা উচিত। কিছুমান ৰোগীক ইনছুলিন বেজীও দিবলগীয়া হ’ব পাৰে।

লক্ষণসমুহ -

খুব বেছি ভোক লগা, খুব বেছি পিয়াহ লগা আৰু খুব বেচি প্ৰস্ৰাৱ হোৱা মধুমেহ ৰোগৰ সৰ্বজনস্বীকৃত লক্ষণ। পিছে ইমান ভোকত খোৱাৰ পিছতো যেতিয়া মানুহজন লাহে লাহে খীনাই যাবলৈ ধৰে, তেতিয়াহে মধুমেহ ৰোগত ভোগা বুলি গম পায়। প্ৰথম প্ৰকাৰৰ মধুমেহ ৰোগত এই লক্ষণবোৰ খৰতকীয়াকৈ দেখা দিয়ে। পিছে দ্বিতীয় প্ৰকাৰৰ মধুমেহ ৰোগত এই লক্ষণবোৰৰ লাহে লাহে দেখা দিব পাৰে, অথবা এইবোৰ লক্ষণ একেবাৰে নাথাকিবও পাৰে।

অইন কিছুমান লক্ষণ, যদিও মধুমেহ ৰোগৰ বাবে নিৰ্দিষ্ট নহয়, যেনে চকুৰে ধোঁৱা-কোঁৱা দেখা, মুৰৰ বিষ , দুৰ্বল আৰু ভাগৰুৱা হোৱা, কটা ঘাঁ সহজে নুশুকোৱা, ৰুক্ষ আৰু খজুৱাই থকা ছাল আৰু ঘনাই য’তে-ত’তে ফোহা আদি হৈ থকাও বহুতো ক্ষেত্ৰত দেখা যয়।

মধুমেহ ৰোগৰ উপসৰ্গসমুহৰ বাবে হোৱা জৰুৰীকালীন লক্ষণসমুহ- মধুমেহ ৰোগৰ চিকিৎসা বিভ্ৰাটৰ ফলত কেতিয়াবা হঠাতে তেজত শৰ্কৰাৰ পৰিমাণ কমি যাব পাৰে। তেনে ক্ষেত্ৰত ৰোগীয়ে তলত উল্লেখ কৰা লক্ষণসমুহ অনুভৱ কৰিব পৰে-ওপৰ পেটটো খালী খালী লগা, খুব ভোক লগা যেন লগা, কপালক ঘাম বিৰিঙি উঠা, হাত-ভৰি কঁপা ইত্যাদি। এনেধৰণৰ লক্ষণ আৰম্ভ হ’লেই ৰোগীয়ে চেনি খাই দিয়া উচিত। তেতিয়া লগে লগে এই লক্ষণবোৰ নোহোৱা হ’ব।

আনহাতে,  যদি তেজত শৰ্কৰাৰ পৰিমাণ বহুতো কমি যায়, ৰোগীয়ে প্ৰথমে অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে আৰু পিছত মৃগী ৰোগীৰ দৰে ছটফটোৱা আৰু শেষত অজ্ঞান হৈ পৰিবও পাৰে। এনেধৰণে অজ্ঞান হোৱা ৰোগীক অতি সোনকালে যদি গ্লুকোজ পানী শিৰাৰে দিব পৰা নহয়, তেনেহ’লে ৰোগীয়ে মৃত্যুমুখত পৰিবও পাৰে।

তেজত থকা শৰ্কৰাৰ পৰিমাণ অস্বাভাৱিক আৰ অত্যধিক পৰিমাণে বাঢ়ি গ’লেও প্ৰথমতে পেটৰ বিষ, বমি বা বমিৰ ভাব হোৱা, শ্বাস-প্ৰশ্বাসৰ গতি খৰতকীয়া হোৱা আদি লক্ষনে দেখা দিয়ে। কেতিয়াবা এনে অৱস্থাত উপযুক্ত চিকিৎসা নাপালে ৰোগী অজ্ঞানো হ’ব পাৰে।

মধুমেহ ৰোগৰ উপসৰ্গসমুহৰ বাবে হোৱা সাধাৰণ লক্ষণ সমুহ -

মধুমেহ ৰোগৰ উপসৰ্গসমুহে চকু, হৃদপিণ্ড আৰু শিৰা-উপশিৰাবোৰ, স্নায়ুতন্ত্ৰ, বৃক্ক আদি বিভিন্ন অংগসমুহ আক্ৰান্ত কৰে। চকু  আক্ৰান্ত হ’লে দৃষ্টিশক্তি কমি যোৱা, স্নায়ুতন্ত্ৰ আক্ৰান্ত হ’লে হাত- ভৰিবোৰ জিনজিনোৱা আৰু পিছত গম নোপোৱা হোৱা, হৃদপিণ্ড আৰু শিৰা-উপশিৰাবোৰ আক্ৰান্ত হ’লে উচ্চ ৰক্তচাপ, মগজুৰ ৰক্তক্ষৰণ, হৃদপিণ্ডৰ গতিস্তব্ধতা আৰু বৃক্ক আক্ৰান্ত হ’লে প্ৰস্ৰাৱ ঘনাই হোৱা আদি বিভিন্ন লক্ষণে দেখা দিয়ে।

মধুমেহ  ৰোগৰ চিকিৎসা-প্ৰথম প্ৰকাৰৰ মধুমেহ ৰোগ সাধাৰণতে কিশোৰ অৱস্থাতে হয় আৰু এই ৰোগীক ইনছুলিন বেজী দিবলগীয়া হয়। এই ৰোগ যোগ-প্ৰাণায়ামৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাটো দুৰুহ। কিন্তু দ্বিতীয় প্ৰকাৰৰ মধুমেহ ৰোগ, যি সাধাৰণতে জীৱনশৈলী ধাৰণাৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে, যোগ-প্ৰাণায়ামৰ নিয়মিত চৰ্চাৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব পৰা হয়। আমি ইয়াত দৰবেৰে চিকিৎসাৰ কথা আলোচনা নকৰি পোনে পোনে যোগ আৰু প্ৰাণায়ামৰ দ্বাৰা কৰিব পৰা চিকিৎসাৰ বিষয়হে আলোচনা কৰিম।

প্ৰাণায়াম -

আমি যেতিয়া সজ্ঞানে, নিয়ন্ত্ৰিত হাৰত আৰু বিশেষ পদ্ধ তিৰে উশাহ-নিশাহ লও, সেয়েই প্ৰাণায়াম। প্ৰাণায়ামত শৰীৰে কৰি যোৱা কামখিনিক মনে অনুধাৱন কৰে। অৰ্থাৎ প্ৰাণায়াম কৰোতে অতি মনোযোগেৰে উশাহ-নিশাহ লোৱাটো অপৰিহাৰ্য। যদিও সকলোধৰণৰ প্ৰাণায়ামে মধুমেহ ৰোগৰ নিৰাময়ত অৰিহণা যোগায়, তলত উল্লেখ কৰা প্ৰাণায়ামকেইটা এইক্ষেত্ৰত বিশেষভাৱে উপযোগী-

ভস্ত্ৰিকা প্ৰাণায়াম- এই প্ৰাণায়ামত ৰাহজাড় পোন কৰি আসনত বহি লৈ, হাত দুখন মুদ্ৰাত ৰাখি দীঘলকৈ উশাহ লোৱা আৰু দীঘলকৈ নিশাহ এৰা হয়। এই প্ৰক্ৰিয়াত হাওঁ-ফাওঁৰ কোষবোৰ সক্ৰিয় আৰু অক্সিজেনেৰে পৰিপুৰ্ণ হয়। এই অক্সিজেন তেজলৈ যোৱাত তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হয় আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কমি যায়। ইয়ে মন, মগজু স্নায়ুতন্ত্ৰ শান্ত আৰু শীতল কৰে। ফলত মানসিক চাপ বৃদ্ধি কৰা হৰম’নৰ নি:সৰন কমি যায় আৰু তেজত শৰ্কৰাৰ পৰিমাণো কমে। তদুপৰি ভস্ত্ৰিকা প্ৰাণায়ামত উশাহ-নিশাহ লোৱাৰ সময়ত পেটৰ মাংসপেশী আৰু ডায়েফ্ৰামেৰে পেটৰ অমগগসমুহত হেঁচা দিয়াৰ বাবে অগ্ন্যাশয় গ্ৰন্থিও সক্ৰিয় হয় আৰু ইনছুলিন হৰম’নৰ নি:সৰণ উন্নত হয়।

অনুলোম-বিলোম প্ৰাণায়াম- এই প্ৰাণয়ামত বাওঁ নাকেৰে উশাহ টানি লৈ সোঁ নাকেৰে এৰি দিয়া আৰু পিছত সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে এৰা হয়। এনেদৰে দীঘলকৈ এটা নাকেৰে উশাহ লৈ আন এটা নাকেৰে এৰা প্ৰক্ৰিয়াই তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে আৰু মগজুকে ধৰি বিভিন্ন কোষবোৰে সম্পুৰ্ণ পৰিপুষ্টি লাভ কৰে। ইয়াৰ ফলত মগজু আৰু স্নায়ুতন্ত্ৰ শান্ত আৰু শীতল হয় আৰু মানসিক চাপ যথেষ্ট পৰিমাণে কমি যায় আৰু তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে।

ভ্ৰামৰি আৰু উদগীথ প্ৰাণায়াম- চকু, কাণ আৰু মুখ বন্ধ কৰি নাকেৰে ওম ধ্বনি উচ্চাৰণ কৰা ভ্ৰামৰি প্ৰাণায়াম আৰু মুখ খুলি কৰা ওম ধ্বনি উচ্চাৰণ কৰা উদগীথ প্ৰাণায়ামেও মগজু আৰু স্নায়ুতন্ত্ৰ শীতলীকৰণ কৰে বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলেও প্ৰমাণ কৰিছে। সেয়েহে এই প্ৰাণায়ামেও তেজত শৰ্কৰাৰ পৰিমাণ কমাই মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে।

ধ্যান বা প্ৰণব প্ৰাণায়াম- মন আৰু শৰীৰ সম্পুৰ্ণৰুপে শিথি আৰু ভাৱনামুক্ত কৰি একান্ত মনে বহি থকাই প্ৰণৱ প্ৰাণায়াম বা ধ্যান। এই প্ৰাণায়ামে মগজু শীতল কৰাৰ উপৰি স্বনিয়ন্ত্ৰিত স্নায়ুতন্ত্ৰৰ স্নায়ুবোৰক নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগৰ ৰোগীয়ে যদি ধ্যান কৰাৰ সময়ত অগ্ন্যাশয় গ্ৰন্থিৰ ওপৰত মনোনিৱেশ কৰে, তেতিয়াহ’লে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

লেখক: ডা: ভুপেন্দ্ৰ প্ৰসাদ শৰ্মা (আমাৰ অসম পুৰ্বাচল)

 

 

 

3.02564102564
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top