আমি যদি বৈজ্ঞানিক বিশ্লেষণেৰে চালি-জাৰি চাওঁ, তেতিয়া গম পাম যে যোগ সাধনা এক পদ্ধতি, য’ত মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ আভাস দেখিবলৈ পাওঁ। প্রায় ৫,০০০ বছৰ পুৰণি এই যোগ পদ্ধতি ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাস, সভ্যতা আৰু সংস্কৃতিৰ এক অপৰূপ অৱদান। যোগ পদ্ধতি কোনো অন্ধবিশ্বাসৰ ওপৰত বশৱৰ্তী নহয়, ই প্রকৃততে এক বিজ্ঞান। ই নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে ক্রিয়াৰ ওপৰত। দৈনন্দিন অভ্যাস আৰু নিয়মানুৱৰ্তিতাৰ ফলতহে ইয়াৰ প্রকৃত ফলাফল পোৱা যায়। দৈনন্দিন অভ্যাসৰ ফলত শৰীৰ আৰু মনৰ সম্পূর্ণ ৰূপান্তৰ বা পৰিৱর্তন ঘটাব পৰা যায়। ইয়াৰ যোগেদি আত্মশুদ্ধিৰ পথ প্রশস্ত হয়, আপুনি আপোনাৰ প্রতি, আপোনাৰ পৰিয়ালৰ প্ৰতি, চুবুৰিটোৰ প্ৰতি, সমাজখনৰ প্ৰতি, জাতি আৰু দেশৰ প্ৰতি আৰু অধিক সচেতন হয়। যোগাভ্যাসৰ ফলত মানুহৰ দেহৰ শাৰীৰিক, মানসিক উৎকর্ষ সাধনৰ লগতে আমাৰ সমাজ ব্যৱস্থাৰো যথেষ্ট উন্নতি সাধন হয়। যোগ সাধকসকলৰ মতে যিসকল লোকে নিতৌ যোগাভ্যাস স্থিতিত ৰাখিবলৈ সক্ষম হয়, প্ৰতিটো সময়তে তেওঁলোকে শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে সবল হৈ থাকিব পাৰে। আনহাতে যিসকল লোকে কোনো শাৰীৰিক পৰিশ্রম বা যোগাভ্যাস নকৰে তেওঁলোকৰ মন সদায় বিক্ষিপ্ত অৱস্থাত থাকে। যোগ সাধকসকলে সদায় সুস্থ, সহজ-সৰল আৰু নিয়মানুৱৰ্তিতাৰ মাজত জীৱন-যাপন কৰে। তেওঁলোকে জীৱনৰ প্ৰত্যেকটো মূহুৰ্তক গুৰুত্ব দিয়ে খাদ্য, জীৱনশৈলী, চাল-চলন, অভ্যাস ইত্যাদিত। জীৱনৰ প্রতিটো মুহুর্তই তেওঁলোক সত্য আৰু আনন্দৰ প্ৰতি সজাগ। সত্য আৰু সজাগ ব্যক্তিয়েহে মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ সক্ষম হয়। পৰিৱর্তন মানৱ সভ্যতাৰ চিৰন্তন সত্য কথা, গতিকে পৰিৱৰ্তনৰ সৈতে খোজ মিলাই চলিব পাৰিলেহে জীৱন সুখী হয়। যোগসাধকসকলৰ মতে এটা সুস্থ শাৰীৰিক আৰু সুস্থ মানসিক জীৱন-যাপন অতিবাহিত কৰিবলৈ হ’লে দুটা প্রধান কাৰকৰ ওপৰত গুৰুত্ব দিবলগীয়া হয়। এই মুখ্য কাৰক দুটা যদি মানি চলিব পৰা যায়, তেন্তে আমাৰ সকলোৰে জীৱন সুখৰ হয়। সেই মুখ্য কাৰক দুটা হ'ল ‘য়মা’ আৰু ‘নিয়মা'। বর্তমান আধুনিক চিকিৎসা শাস্ত্ৰইও দাবী কৰিছে যে দৈনিক যোগাভ্যাসৰ ফলত মানুহৰ দেহৰ নানান ৰোগ নিৰাময় কৰিব পৰা যায়। মগজুৰ কাৰ্যক্ষমতা দুগুণে বৃদ্ধি পায়, আপুনি আপোনাৰ সিদ্ধান্তসমূহ সঠিক আৰু নিৰ্ভীকভাৱে ল'বলৈ সক্ষম হয়, মনৰ পৰা সকলো ধৰণৰ ঋণাত্মক চিন্তা দূৰ হয়।
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল—ইয়াৰ ফলত আমাৰ শৰীৰৰ ইমিউন প্রণালীটো আৰু অধিক শক্তিশালী হয়। ইয়াৰে ভিতৰত গুৰুত্বপূর্ণ যোগমুদ্ৰা, যেনে-ধ্যান আৰু প্ৰাণায়ামে যিকোনো ধৰণৰ মানসিক ৰোগ নিৰাময় কৰাত যোগাভ্যাসে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তদুপৰি সূৰ্য-নমস্কাৰ এটা অতি গুৰুত্বপূৰ্ণ মুদ্রা, যাক পুৱা সূৰ্যটোৰ পিনে চাই কৰা হয়, হাজাৰ হাজাৰ বছৰ পুৰণি এই সূর্য নমস্কাৰ ভাৰতবৰ্ষৰ পৌৰাণিক যোগমুদ্রা। এই সূর্য নমস্কাৰত ১২টা বিভিন্ন ধৰণৰ ভংগী আছে, সূর্য নমস্কাৰ যদি সম্পূর্ণ শুদ্ধ আৰু শৃংখলাবদ্ধভাৱে কৰা যায়, তেন্তে ইয়াৰ পৰা যথেষ্ট সুফল পোৱা যায়, তদুপৰি এই যোগমুদ্রাত দুর্ঘটনাৰ সম্ভাৱনাও কম। আমাৰ শৰীৰৰ জইণ্টছ, লিগামেন্ট আৰু মাংসপেশীসমূহ অধিক শক্তিশালী কৰি তোলে, তদুপৰি মাংসপেশীসমূহৰ সংকোচন শক্তি বৃদ্ধি কৰে, লগতে আৰু কাম কৰাৰ ক্ষমতা অর্জাৰ লগতে ইয়াৰ জৈৱ-ৰাসায়নিক শক্তি বৃদ্ধি কৰে, গাঁঠিসমূহক কর্মক্ষম কৰি তোলে। দৈনিক যোগাভ্যাসৰ ফলত আমাৰ শৰীৰৰ অতিৰিক্ত চর্বি বাহিৰ কৰাত সহায় হয়, আৰু অনিদ্ৰা ৰোগে যোগাভ্যাসৰ দ্বাৰা নিৰাময় কৰিব পাৰি। দৈনিক যোগাভ্যাসৰ ফলত আমাৰ শৰীৰটো এনেকুৱা এটা অৱস্থাত উপনীত হয় যে শৰীৰটোৰ বাবে প্রয়োজনীয় খাদ্যখিনিহে শৰীৰটোৱে গ্রহণ কৰিবলৈ বিচাৰিব, যাৰ ফলত ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভদায়ক হয়।বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত বিস্তাৰৰ ফলত আমি এফালে উন্নতিৰ জখলাত বগাব ধৰিছো, আনহাতেদি আমি ইমানেই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছো যে আমি অতি সহজতে নানান মানসিক ৰোগৰ চিকাৰ হৈছো। যেতিয়া আমাৰ শৰীৰটোত অত্যধিক চাপ পৰে, তেতিয়া আমাৰ শৰীৰত কর্টিজল নামৰ এবিধ হৰম’ন নির্গত হয়, যি আমাক যিকোনো বিপদৰ সময়ত সতর্ক কৰি ৰাখে। কিন্তু মানসিক চাপ যদি দীঘলীয়া হয় তেতিয়া ই আমাৰ শৰীৰৰ বাবে অপকাৰী হৈ পৰে। যিহেতু দৈনন্দিন যোগ অভ্যাসে আমাক মানসিক চাপৰ পৰা বিৰত ৰাখে, ফলত এই হৰম’ন নিয়ন্ত্ৰিত ৰূপত নিঃসৰণ হয়। ফলত আমি আৰু অধিক শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰ হৈ থাকিব পাৰো। তদুপৰি গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে দৈনিক যোগাভ্যাস কৰাসকলৰ শৰীৰত এন্টি অক্সিডেণ্টৰ পৰিমান যথেষ্ট বেছি পোৱা গৈছে দৈনিক যোগাভ্যাস নকৰাসকলৰ শৰীৰতকৈ যোগাভ্যাসে আমি আমাৰ সামর্থ্যখিনি বুজি পাবলৈ সহায় কৰে। আমি যেন ঈশ্বৰৰ ওচৰত সদায় ঋণী, প্রথম কথাত আমি এই এাণকর্তা। যোগসাধকসকলৰ মতে আমি আমাৰ সামর্থৰ বাহিৰত কেতিয়াও আশা কৰিব নালাগে, সামর্থ্যৰ বাহিৰত আশা কৰিবলৈ যোৱা মানেই দুখবোৰক হাতবাউলি মতা। যোগাভ্যাসে আমাৰ সম্পৰ্কৰ বান্ধোন কটকটীয়া কৰে। আপোনাৰ পৰিয়ালৰ সৈতে, মা-দেউতা, স্বামী-স্ত্রী, বন্ধু-বান্ধৱী, জ্যেষ্ঠ-কনিষ্ঠ আদিৰ সৈতে সু-সম্পর্ক গঢ়ি উঠে, আপোনাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পায়।
বর্তমান প্রতিবছৰে ২১ জুন তাৰিখে বিশ্বৰ সকলোবোৰ দেশতেই আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হয় । ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত এই সিদ্ধান্ত লোৱা হয়। বর্তমান বিশ্বৰ প্ৰায়বোৰ দেশেই ভাৰতবৰ্ষৰ এই প্রাচীন যোগ পদ্ধতিক আঁকোৱালি লৈছে।
লিখক: মৃদুপৱন বৰগোহাঁই, গণ অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 3/1/2024