অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগ- হস্ত মুদ্ৰা আৰু স্বাস্থ্যঃ

যোগত হস্ত মুদ্ৰা এটি গুৰুত্বপূৰ্ণ অংগ। হস্ত মুদ্ৰা মানে হ’ল হাতৰ আঙুলিৰ সহায়ত ধাৰণ কৰা কিছুমান বিশেষ মুদ্ৰা। আমাৰ হাতৰ পাঁচটা আঙুলিক বুঢ়া আঙুলিৰ সৈতে বিভিন্ন ভংগীত স্পৰ্শ কৰি ৰাখিলে কিছুমান মুদ্ৰা ধাৰণ কৰা হয়। যোগাভ্যাসৰ সময়ত এনে মুদ্ৰা ধাৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। কাৰণ এই মুদ্ৰাসমূহ আসনৰ সৈতে যুক্ত হ’লে শৰীৰত অধিক ফল প্ৰদান কৰে। আমাৰ হাতৰ বুঢ়া আঙুলিয়ে অগ্নি, তৰ্জনীয়ে বায়ু, মধ্যমাই আকাশ, অনামিকাই মাটি (পৃথিৱী) আৰু কনিষ্ঠই পানী (জল) এই পঞ্চভূতক প্ৰতিনিধিত্ব কৰে।

বৈজ্ঞানিক ব্যাখ্যাঃ

হস্ত মুদ্ৰা ধাৰণ কৰি আমাৰ শৰীৰৰ কিছুমান বিশেষ বিন্দুত চাপ দিয়া হয়। এই বিন্দুবোৰৰ সৈতে জড়িত সিৰা, ধমনী আৰু স্নায়ুবোৰ প্ৰভাৱশীল হৈ তাৰ লগত সংযোজিত কেতবোৰ অংগক সবল, সক্ৰিয় আৰু কাৰ্য্যক্ষম কৰি তোলে। এনে মুদ্ৰাসমূহে আমাৰ দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিবোৰত প্ৰভাৱ পেলায়। ফলত গ্ৰন্থিবোৰৰ পৰা হৰম’ন নিঃসৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি থাকে। হস্ত মুদ্ৰাসমূহে সোঁ আৰু বাঁও মস্তিষ্কৰ কোষবোৰৰ গঠন আৰু কাৰ্য সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে। তলত বিভিন্ন প্ৰকাৰৰ হস্ত মুদ্ৰাৰ বিষয়ে আলোচনা কৰা হ’ল।

নমষ্কাৰ মুদ্ৰা

পদ্ধতিঃ (১) প্ৰথমে থিয় হৈ, বহি বা শুই থাকি দুয়োখন হাত কিলাকুটিত ভাঁজ কৰি লওক।

(২) এতিয়া দুয়ো হাতৰ তলুৱা পৰস্পৰ সমভাৱে লগ লগাই দিয়ক। চাব যাতে একে জাতীয় আঙুলিবোৰহে পৰস্পৰ লগ লাগে।

(৩) দুয়োখন হাতৰ তলুৱাৰে পৰস্পৰৰ ওপৰত চাপ দিয়ক। এইদৰে ৫-১৫ মিনিট অভ্যাস কৰক।

উপকাৰঃ নমস্কাৰ মুদ্ৰাই একেলগে বিভিন্ন মুদ্ৰাৰ কাম কৰে। মন প্ৰফুল্লিত আৰু আনন্দিত কৰে। ভয় ভাব আৰু মানসিক অশান্তি দূৰ কৰে। মন পৱিত্ৰ কৰি আধ্যাত্মিক শক্তিৰ বিকাশত সহায় কৰে।

জ্ঞান মুদ্ৰা

পদ্ধতিঃ (১) প্ৰথমে দুয়োখন হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰ মূৰ দুটা পৰস্পৰ স্পৰ্শ কৰি ৰাখক।

(২) বাকী তিনিটা আঙুলি পোন কৰি খুলি ৰাখক।

(৩) এতিয়া যিকোনো আসনত থাকি মুদ্ৰাটো ৫-১৫ মিনিট ধাৰণ কৰক। এই মুদ্ৰাটোক ধ্যান মুদ্ৰা বুলিও কোৱা হয়। ইয়াক ধ্যান কৰাৰ সময়ত ধাৰণ কৰা হয়।

উপকাৰঃ জ্ঞান মুদ্ৰাই স্মৃতিশক্তি বৃদ্ধি কৰে। মনৰ একাগ্ৰতা, ধ্যান শক্তি বঢ়ায়। দুশ্চিন্তা, অনিদ্ৰা, ক্লান্তি আদি দূৰ কৰে।

বায়ু মুদ্ৰা

পদ্ধতিঃ (১) এই মুদ্ৰাত তৰ্জনী আঙুলিৰে বুঢ়া আঙুলি গুৰিত হেঁচি ৰাখক।

(২) এইদৰে তৰ্জনী আঙুলিৰ নখেৰে বুঢ়া আঙুলিৰ গুৰিত চাপ দি বাকী তিনিটা আঙুলি পোনকৈ মেলি ৰাখক।

(৩) এতিয়া যিকোনো ধ্যানাসনত থাকি মুদ্ৰাটো ৫-১৫ মিনিট ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰা অভ্যাস কৰিলে তেজ পৰিশোধন হয়। গেছৰ সমস্যা দূৰ হয়। বাত ৰোগ ভাল হয়। চাইটিকাৰ সমস্যা দূৰ হয়। মেৰুদণ্ডৰ বিষ বেমাৰ ভাল হয়। সকলো প্ৰকাৰৰ বায়ু দোষ নিৰাময় হয়।

আকাশ মুদ্ৰা

পদ্ধতিঃ (১) মধ্যমা আঙুলিৰ নখৰ ওপৰত বুঢ়া আঙুলিৰে হেঁচি ধৰক।

(২) বাকী তিনিটা আঙুলি পোন কৰি ৰাখক।

(৩) এতিয়া যিকোনো ধ্যানাসনত থাকি মুদ্ৰাটো ১০-১৫ মিনিট ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰাটো নিয়মিত অভ্যাস কৰিলে মূৰ ঘূৰণি, কাণৰ বিষ, কাণেৰে কম শুনা আদি ৰোগ নিৰাময় হয়। থায়ৰইডৰ সমস্যা ভাল হয়। দাঁতৰ আলু মজবুত হয়। হৃদৰোগ ভাল হয়।

শূন্য মুদ্ৰা

পদ্ধতিঃ (১) মধ্যমা আঙুলিৰ নখ বুঢ়া আঙুলিৰ গুৰিত হেঁচি ধৰি বুঢ়া আঙুলিটো মধ্যমা আঙুলিৰ ওপৰত ৰাখক।

(২) বাকী তিনিটা আঙুলি পোন কৰি ৰাখক।

(৩) এতিয়া যিকোনো ধ্যানাসনত বহি মুদ্ৰাটো ১০-১৫ মিনিট ধাৰণ কৰক।

সাৱধানতাঃ শৰীৰ ভাগৰুৱা হৈ থাকিলে নকৰিব। যিকোনো খাদ্য খোৱাৰ সময়ত নকৰিব।

উপকাৰঃ এই মুদ্ৰাটো অভ্যাস কৰিলে কাণৰ সমস্যা যেনে- কাণৰ বিষ, কাণেৰে নুশুনা, কাণৰ পৰা পূঁজ ওলোৱা আদি ৰোগ ভাল হয়। হাড়ৰ দুৰ্বলতা দূৰ কৰে, ডিঙিৰ ৰোগ ভাল হয়। দাঁতৰ আলু মজবুত কৰে।

পৃথিৱী মুদ্ৰা

পদ্ধতিঃ (১) মুদ্ৰা ধাৰণ কৰিবলৈ অনামিকা আৰু বুঢ়া আঙুলিৰ মূৰ দুটা পৰস্পৰ স্পৰ্শ কৰি চাপ দিয়ক।

(২) বাকী তিনিটা আঙুলি পোন কৰি ৰাখক।

(৩) যিকোনো আসনত বহি মুদ্ৰাটো ৫-১০ মিনিট ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰা ধাৰণ কৰিলে স্মৃতিশক্তি বৃদ্ধি পায়। শাৰীৰিক দুৰ্বলতা দূৰ হয়। হজম শক্তি বৃদ্ধি হয়। মানসিক শক্তি প্ৰদান কৰি জীৱনী শক্তি বৃদ্ধি কৰে।

প্ৰাণ মুদ্ৰা

পদ্ধতিঃ (১) মুদ্ৰাটোৰ বাবে বুঢ়া, অনামিকা আৰু কনিষ্ঠ আঙুলি তিনিটাৰ মূৰকেইটা লগ লগাই ৰাখক।

(২) বাকী দুটা আঙুলি পোন কৰি ৰাখক।

(৩) যিকোনো আসনত বহি মুদ্ৰাটো ১০-১৫ মিনিট ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰা ধাৰণ কৰিলে লোপ পোৱা মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক শক্তি জাগ্ৰত হয়। শৰীৰ স্বাস্থ্যৱান আৰু শক্তিশালী হয়। দৃষ্টিশক্তি বৃদ্ধি পায়। শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়। ভোক আৰু পিয়াহ দূৰ হয়। অনিদ্ৰা দূৰ কৰে।

জ্ঞান প্ৰাণ মুদ্ৰা

পদ্ধতিঃ (১) এই মুদ্ৰাত কনিষ্ঠ, অনামিকা, বুঢ়া আৰু তৰ্জনী এই চাৰিওটা আঙুলিৰ মূৰবোৰ একেলগে লগ লগাই ৰাখক।

(২) কেৱল মধ্যমা আঙুলিটো পোন কৰি ৰাখক।

(৩) যিকোনো আসনত বহি এই মুদ্ৰাটো ৫-১০ মিনিট ধাৰণ কৰক।

উপকাৰঃ অনিদ্ৰা দূৰ কৰে। স্মৃতিশক্তি বৃদ্ধি কৰে। শৰীৰ আৰু মন সতেজ কৰি ৰাখে। চকুৰ জেউতি বৃদ্ধি কৰে।

অপ্ৰাণ মুদ্ৰা

পদ্ধতিঃ (১) এই মুদ্ৰাত বুঢ়া, মধ্যমা আৰু অনামিকা আঙুলিৰ মূৰবোৰ স্পৰ্শ কৰি ৰাখক।

(২) বাকী দুটা আঙুলি পোন কৰি ৰাখক।

(৩) যিকোনো ধ্যানাসনত বহি মুদ্ৰাটো ৫-১০ মিনিট ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰা নিয়মিত ধাৰণ কৰিলে শৰীৰৰ দূষিত পদাৰ্থবোৰ পৰিষ্কাৰ আৰু নিষ্কাশন হয়। কোষ্ঠবদ্ধতা, ডায়েবেটিছ, কিডনীৰ ৰোগ, দন্তৰোগ আৰু হৃদৰোগ ভাল হয়।

অপ্ৰাণ বায়ু মুদ্ৰা

পদ্ধতিঃ (১) প্ৰথমে অপ্ৰাণ মুদ্ৰা ধাৰণ কৰি লওক। এতিয়া ইয়াৰ সৈতে বায়ু মুদ্ৰাটো ধাৰণ কৰক। কেৱল কনিষ্ঠ আঙুলিটো পোন কৰি ৰাখক।

(২) যিকোনো ধ্যানাসনত বহি ৫-১০ মিনিট মুদ্ৰাটো ধাৰণ কৰক।

উপকাৰঃ এই মুদ্ৰা ধাৰণ কৰিলে উচ্চ ৰক্তচাপ, হাপানী, মূৰৰ বিষ ভাল হয়। লিভাৰ আৰু হৃদৰোগ নিৰাময় হয়। এই মুদ্ৰাই গেছৰ সমস্যা দূৰ কৰে।

সূৰ্য বা অগ্নি মুদ্ৰা

পদ্ধতিঃ (১) অনামিকা আঙুলিটোৰ আগ অংশ বুঢ়া আঙুলিৰ গুৰিত লগাই বুঢ়া আঙুলিটো তাৰ ওপৰত হেঁচি ধৰক।

(২) বাকী তিনিটা আঙুলি পোন কৰি ৰাখক।

(৩) যিকোনো ধ্যানাসনত থাকি মুদ্ৰাটো ৫-১০ মিনিট ধাৰণ কৰক।

উপকাৰঃ শৰীৰৰ ভাৰসমতা ৰক্ষা কৰে। অধিক শকত হোৱাত বাধা দিয়ে। শৰীৰৰ উত্তাপ বঢ়াই হজম শক্তি বৃদ্ধি কৰে। ডায়েবেটিছ আৰু লিভাৰৰ বেমাৰ ভাল কৰে। তেজৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। মানসিক অশান্তি দূৰ কৰে।

লেখকঃ ৰংমন ৰংদৈ

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate