অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগনিদ্ৰা

যোগনিদ্ৰাৰ বিষয়ে লিখা হৈছে

 

যোগনিদ্রা কি ?

 

যোগনিদ্রা যোগৰ এটি অতি গুৰুত্বপূর্ণ বিষয় ই এক প্রকাৰৰ গভীৰ ধ্যান। ইয়াৰ দ্বাৰা শৰীৰ আৰু মনক যথেষ্ট পৰিমাণে বিশ্রাম দিব পাৰে। ধ্যান আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা বিষয় নহয়। ঠিক একেদৰে যোগনিদ্রাও আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা বিষয় নহয়। ইয়াৰ বাবে নিজৰ সাধনা আৰু তপস্যাৰ প্ৰয়োজন।

যোগনিদ্ৰাৰ বাবে আৱশ্যকীয় দিশবোৰ

 

  • যোগনিদ্রা প্রকৃতিৰ মুকলি পৰিৱেশ বা বতাহ চলাচল কৰিব পৰা কোঠাৰ ভিতৰত কৰিব পাৰি।
  • যোগনিদ্ৰা কৰা স্থানত সুমধুৰ লঘু সংগীতৰ মূৰ্চ্ছনাৰ প্রয়োজন।
  • যিকোনো এটা বিশ্রামদায়ক আসনৰ প্ৰয়োজন।
  • শ্বাস-প্ৰশ্বাসৰ গতিবিধি নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
  • শৰীৰটো সম্পূৰ্ণৰূপে শিথিল কৰিব লাগে।
  • মন নিয়ন্ত্ৰণ কৰি ৰখা প্ৰয়োজন।
  • অন্তৰ্দৃষ্টিৰে সৰ্বশৰীৰৰ ওপৰত নিৰোগী ভাবনা ৰাখিব লাগে।
  • নিজকে অতি সুখী, শান্ত আৰু পবিত্ৰ বুলি অনুভৱ কৰিব লাগে।
  • মনৰ ভিতৰত এটা সাত্ত্বিক ভাৱনাৰ সৃষ্টি কৰিব লাগে।
  • দৈহিক আৰু মানসিক চিন্তা কৰি আত্মচেতনা উপলব্ধি কৰিব লাগে।
  • পবিত্ৰ মন আৰু আত্মাক ব্ৰহ্মজ্ঞানমুখী কৰিব লাগে।

যোগনিদ্ৰাৰ বৈজ্ঞানিক দৃষ্টিভংগী

 

যোগনিদ্ৰাৰ সময়ত ‘ওমকাৰ ধ্বনি’ৰ কম্পনে গোটেই দেহৰ অংগবোৰ আন্দোলিত কৰে। যাৰ প্রভাৱে শৰীৰত অৱস্থিত অষ্টচক্ৰৰ মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধি, আজ্ঞা, বিন্দু আৰু সহস্ৰাৰ চক্রসমূহ জাগৰণ ঘটাই কুণ্ডলিনী শক্তি আহৰণত সহায় কৰে। ইয়াৰ ফলত জীৱনৰ প্রকৃত জ্ঞান আৰু প্রজ্ঞাৰ সন্ধানত মন স্থিৰ হয়। ওমকাৰ ধ্বনিয়ে মগজুৰ গুৰুত্বপূর্ণ অংশ, থেলামাছ, হাইপ’থেলামাছ, চেৰিব্ৰাম আৰু চেৰিবেলামৰ কাৰ্যক্ষমতা নিয়ন্ত্রণ কৰি সমগ্ৰ মগজুক বিশ্রাম প্রদান কৰে। আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰে ধ্যানৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা ইতিমধ্যে বহু তথ্য পোৱা গৈছে। ধ্যানৰ সময়ত মগজু আৰু শৰীৰৰ আন অংশত বীটা তৰংগ (Beta Wave) ৰ প্ৰভাৱ কমি যায়, যাৰ ফলত কোনো এটা বিষয় বা বস্তুৰ ওপৰত একান্তভাৱে ধ্যান কেন্দ্রীভূত কৰিব পৰা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই ধ্যানৰত অৱস্থাত লোৱা ই.চি.জি. আৰু এম.আৰ.আই. পৰীক্ষাসমূহৰ ফলাফলত প্রকাশ হয় যে, ধ্যানে মানুহৰ দৈহিক আৰু মানসিক ক্ষেত্ৰত গভীৰভাৱে ইতিবাচক প্রভাৱ পেলায়। যিয়ে মানুহৰ জীৱনৰ গতিবিধি সলনি কৰিব পাৰে। এই কথাও স্পষ্ট হয় যে মগজুৰ দুৰ্বল, অকামিলা আৰু বিশৃংখল কোষবোৰৰ আন্তঃগাঁঠনি পুনৰ সবল ৰূপত গঢ়ি উঠে আৰু পূৰ্বৰ দৰেই কার্য কৰিবলৈ লয়। ধ্যান বা যোগনিদ্ৰাৰ সময়ত মগজুৰ স্নায়বোৰত সৃষ্টি হোৱা মৃদু কম্পনে নেতিবাচক চিন্তাত অৰিহনা যোগোৱা ৰাসায়নিক পদার্থবোৰ সৃষ্টি হোৱাত বাধা দিয়ে।

লিখক: ৰংমন ৰংদৈ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top