মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগাভ্যাস আৰু স্ত্ৰী-ৰোগ নিৰাময় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাভ্যাস আৰু স্ত্ৰী-ৰোগ নিৰাময় :

যোগাভ্যাস আৰু স্ত্ৰী-ৰোগ নিৰাময়ৰ বিষয়ে লিখা হৈছে ।

 

যোগবিদ্যাৰ প্ৰয়োগৰ দ্বাৰা কেনেদৰে সহজ উপায়ে ৰোগ নিৰাময় কৰিব পাৰোঁ তাক আমি কিছু হ’লেও জানো। স্বাস্থ্যৰক্ষাত নিয়মিত যোগাভ্যাসে এজন ব্যক্তিক সুস্থ-সবল ৰাখি দীৰ্ঘজীৱন দিয়ে। সমাজত প্ৰতিদিনে যোগাভ্যাসৰ গুৰুত্ব বাঢ়ি গৈ আছে আৰু জনসাধাৰণে ইয়াক স্বাস্থ্যৰক্ষাৰ এক উপযুক্ত মাধ্যম হিচাপে মানি লৈছে। চৰকাৰেও এই বিষয়ত গুৰুত্ব আৰোপ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰাচীন ভাৰতীয় স্বাস্থ্যবিদ্যাক দাঙি ধৰিবলৈ সক্ষম হৈছে। আনকি এই বিদ্যা বিদেশী ৰাষ্ট্ৰসমূহতো আঁকোৱালি লোৱা হৈছে। যোগবিদ্যাৰ প্ৰসাৰতৰ অধিক প্ৰয়োজন আমাৰ দেশতো আছে আৰু সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ প্ৰতিজন ভাৰতীয়ই ইয়াক আঁকোৱালি লোৱা উচিত। গতিকে নিজকে যোগবিদ্যাৰ প্ৰয়োগৰ দ্বাৰা নিৰোগী কৰাৰ আগতে ইয়াৰ বিষয়ে কিছু জানো আহক।

যোগাসন কি?

যোগ আৰু আসন শব্দ দুটা মিলি যোগাসন হৈছে। যোগ মানে সমন্বয় অৰ্থাৎ মানুহ এজনৰ শৰীৰ আৰু মনৰ সমন্বয়। আসন মান হ’ল শৰীৰ আৰু মনক একত্ৰিত কৰা যায় তাকেই যোগাসন বুলি কোৱা হয়।

যোগাসন কোনে কৰিব পাৰে -

সকলো ব্যক্তিয়ে, যিসকলে শৰীৰৰ ভংগীমা বা চালনা কৰাত অসুবিধা অনুভৱ নকৰে তেনে প্ৰতিজন ব্যক্তিয়ে যোগাসন কৰিব পাৰে। যিসকল ব্যক্তিয়ে যোগাসন কৰাৰ বাবে অসুবিধা অনুভৱ কৰে তেওঁলোকেও প্ৰথমাৱস্থাত তেনে জড়তা নোহোৱা কৰাৰ বাবে কেতবোৰ সাধাৰণ ব্যায়াম অভ্যাসত কৰাৰ পাছত এনে যোগাসন কৰিব পাৰিব।

যোগাসন আৰু যোগবিদ্যা কি?

যোগাসন আৰু যোগবিদ্যাক আমি একে কৰিব নোৱাৰোঁ। যোগাসন হ’ল শৰীৰ আৰু মনৰ একত্ৰীকৰণ কৰি শাৰীৰিক সক্ষমতা ৰক্ষাৰ বাবে কৰা একো একোটা ব্যৱহাৰিক প্ৰক্ৰিয়া আৰু যোগবিদ্যা হ’ল এক বিশেষ পদ্ধতি, যাৰ দ্বাৰা শৰীৰ, মন, আত্মা, চেতনা আদিৰ অধ্যয়ন কৰি জ্ঞানলাভৰ দ্বাৰা শৰীৰ আৰু মনক সুস্থ কৰাৰ বিদ্যা আহৰণ কৰা হয়। সেয়ে আমাৰ সমাজত যোগবিদ, যোগাচাৰ্য আদি উপাধিৰে ব্যক্তি বিশেষক সম্বোধন কৰা হয়। এতিয়া কথা লহ’ল সুস্থ-সবল হে থাকিবলৈ আমি প্ৰত্যেক যোগবিদ্যা আহৰণ কৰিব প্ৰয়োজন নাই যদিও যোগাসন বা যোগাভ্যাসৰ লগত আমাক প্ৰাণায়াম আৰু ধ্যানৰো দৰকাৰ।

প্ৰাণায়াম কি?

যোগৰ আঠটা অংগৰ এটা ভাগ হৈছে প্ৰাণায়াম। প্ৰাণায়াম হ’ল প্ৰাণ আৰু আয়ামৰ শব্দৰ সমাহাৰ। প্ৰাণ মানে আমাৰ প্ৰাণশক্তি আৰু আয়ম মানে নিয়ন্ত্ৰণ। অৰ্থাৎ প্ৰাণ নিয়ন্ত্ৰণৰ বাবে আমি যি প্ৰক্ৰিয়া অৱলম্বণ কৰোঁ সেইটোৱেই হ’ল প্ৰাণায়াম। আন অৰ্থত শ্বাস-প্ৰশ্বাসৰ সুনিয়ন্ত্ৰণৰ কলা। প্ৰাণায়াম মুখ্যতঃ তিনিটা স্তৰত কৰা হয়। কোনো এক বিশেষ ভংগীমা বা আসনত বহি উশাহ ধৰি ৰখা ইআৰু উশাহ এৰি দিয়া(নিশাহ) এই তিনিটাৰ সম্বন্ধয়েই হৈছে প্ৰাণায়াম। শুদ্ধ প্ৰক্ৰিয়াত প্ৰাণায়াম কৰিলে শৰীৰ আৰু মনক অধিক শক্তিশালী কৰিব পাৰি আৰু ইয়াক নিৰোধী কৰি ৰাখিব পাৰি।

ধ্যান কি?

ধ্যান হ’ল এক চিন্তা, য’ত মনটোক একত্ৰীকৰণ কৰি এক নিৰ্দিষ্ট ঠাইত জ্ঞান কৰা হয়। মনৰ এই অৱস্থাটোকেই ধ্যান বুলি কোৱা হয়। ধ্যান কৰাৰ বাবে মানুহৰ মন আৰু শৰীৰ সুস্থ হ’ব লাগিব। সেয়ে ধ্যান কৰাৰ আগতে কোনো এজন ব্যক্তিয়ে যোগাসন আৰু প্ৰাণায়াম অভ্যাস কৰাটো অতি প্ৰয়োজন।

যোগাসন, প্ৰাণায়াম আৰু ধ্যান এই তিনিওটা প্ৰক্ৰিয়াৰ সমাহাৰে আমাক প্ৰায় সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক ৰোগমুক্ত কৰিব পাৰে। আধুনিক চিকিৎসা বিজ্ঞানৰ দ্বাৰা সফল নোহোৱা কেতবোৰ বেমাৰো এই ৰোগৰ দ্বাৰা নিৰাময় কৰিব পাৰি। বিশেষকৈ মহিলাসকলৰ বাবে ই অতি উপকাৰী বুলি বিবেচিত হৈছে। বহু সময়ত দেখা যায় কিছুমান বিবাহিত মহিলাই শৰীৰৰ অন্তঃভাগৰ কিছুমান অংগৰ দুৰ্বলতাৰ বাবে মাতৃত্বৰ গৌৰৱৰ পৰা বঞ্চিত হৈ আহিছে। তেনে মহিলাসকলে যোগ, প্ৰাণায়াম, ধ্যান আদিৰ দ্বাৰা নিজকে মাতৃত্বৰ অধিকাৰী কৰাৰ স্থল যথেষ্ট আছে। যোগ, প্ৰাণায়াম, ধ্যানৰ সঠিক প্ৰয়োগিক অভ্যাসৰ দ্বাৰা মাতৃত্ব লাভ কৰা উদাহৰণো বহুত আছে যদিও এইবোৰ বহুলভাৱে প্ৰচাৰ নহয়। গতিকে অতি ব্যয়বহুল চিকিৎসা আৰম্ভ কৰাৰ আগতে এই যোগাভ্যাসৰ দ্বাৰা তেনেসকলে অসফলতা পাবলৈ যত্ন কৰিব পাৰে। কেৱল এইটো লক্ষ্য কৰিব লাগিব যে সঠিক জ্ঞান থকা যোগ বিশেষজ্ঞৰ দ্বাৰা এনে অভ্যাস কৰোৱা হৈছেনে নাই। কিয়নো বিশেষ বিশেষ যোগাসন বিশেষ বিশেষ অসমতাৰ বাবে অভ্যাস কৰোৱা হয়, য’ত যোগক বিশেষ চিকিৎসা হিচাপে প্ৰদান কৰা হয়। মাতৃসকলে যোগাভ্যাসক এক আশীৰ্বাদ হিচাপে গণ্য কৰিব পাৰে। কিয়নো যিসকল মাতৃয়ে এই যোগাভ্যাস কৰে তেওঁলোকে জন্ম দিয়া সন্তানবোৰ সুস্থ-সবল, মেধাশক্তিসম্পন্ন আৰু শান্ত হয়। আনহাতে, মহিলাসকলৰ সততে লাগি থকা কেতবোৰ বেমাৰ যেনে- মাহেকীয়া সমস্যা, কঁকালৰ বিষ, আঁঠুৰ বিষ, উদৰ ৰোগ আদি উপশম কৰাত যোগাভ্যাসে এক বিশেষ ভূমিকা পালন কৰে। নিয়মিত যোগাভ্যাসে মহিলাসকলৰ সৌন্দৰ্যবৰ্ধন কৰি বয়সৰ চাপৰ পৰা মুক্ত কৰি অকাল বাৰ্ধক্যক বাধা দিয়ে। গতিকে মহিলাসকলে যোগাভ্যাস কৰাটো অত্যন্তই বাঞ্ছনীয়।

লেখক: নৱজ্যোতি শইকীয়া(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top