অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসন :

যোগাসনৰ বিষয়ে লিখা হৈছে ।

 

সিংহাসনৰ :- সিংহাসন অনুশীলন কৰোতে মুখখন জিভা মেলি থকা সিংহটোৰ দৰে দেখি বাবে এই আসনক সিংহাসন বুলি কোৱা হয় । আচলতে এই আসনটোত হাত-মুখ আদিৰ ভংগী হিৰণ্যকশিপুক বধ কৰাৰ আগ মুহূৰ্তত বিষ্ণুৱে ধৰা নৰসিংহ ৰুপটোৰ দৰে দেখা যায় বাবে এই আসনটোক সিংহাসন বুলি কোৱা হয় ।

প্ৰথমতে সিংহাসন কৰিবলৈ বজ্ৰাসনত বহি আঁঠু দুটা দুই কাষলৈ যিমান পৰা যায়, সিমানে মেলি দিব লাগে । হাত দুটা দুই আঁঠুৰ ওপৰত মেলি ৰাখি মেৰুদণ্ড পোনকৈ ৰাখি শৰীৰটো আগফাললৈ কিছু হাওলাই আনিব লাগে । ইয়াৰ পিচত হাতৰ মাংসপেশী কঠিন কৰি হাতৰ আঙুলিবোৰ জোৰেৰে মেলি দিব লাগে । ইয়াৰ লগে লগে মুখখন ডাঙৰকৈ মেলি মুখেৰে দীঘলকৈ আৰু শব্দ হোৱাকৈ শ্বাস এৰি লগতে মুখৰ পৰা যিমান পাৰে সিমান বাহিৰলৈ উলিয়াই থুঁতৰি ফাললৈ নিব লাগে । থুঁতৰি সাধ্যানুসৰি কণ্ঠকূপত লগাব লাগে । ইয়াৰ সমান্তৰালকৈ চকুৰ দৃষ্টি ভ্ৰূমধ্যলৈ নিব লাগে । নাইবা দৃষ্টি নাকৰ আগতো ৰাখিব পাৰে । এয়া হৈছে সিংহাসনৰ চূড়ান্ত অৱস্থা । এই অৱস্থাত ১০/১৫ ছেকেণ্ডমান থাকি বিপৰীত ক্ৰমত বজ্ৰাসনলৈ ঘূৰি আহি কিছু সময় জিৰণি লৈ আসনটো পুনৰ একেদৰে ৩/৪ বাৰমান কৰাৰ পিচত বজ্ৰাসনতে শৰীৰটো শিথিল কৰি দি ১/২ মিনিট জিৰণি ল’ব লাগে।

সিংহাসনৰ উপকাৰিতা:-

সিংহাসনৰ সুপ্ৰভাৱ জিভা, মুখ, চকু আৰু টনছিলৰ ওপৰত পৰে । আসনটো নিয়মিতভাৱে অনুশীলন কৰিলে জিভা সম্প্ৰসাৰিত হয় । ডাঠ জিভা পাতল হয় । জিভাৰ শক্তি বৃদ্ধি পায়, ফলত মাত কঁপা আৰু গোমা হোৱা নাইকিয়া হয় । মুখৰ দুৰ্গন্ধ নাইকিয়া হয় , চকুৰ স্নায়ু অধিক কাৰ্যক্ষম হৈ দৃষ্টিশক্তি প্ৰখৰ হয় । মুখৰ মাংসপেশীৰ সংকোচন-সম্প্ৰসাৰণৰ ফলত সেইসমূহলৈ তেজৰ চলাচল যথেষ্ট পৰিমাণে হয় আৰু সেইসমূহ স্বাস্থ্যৱান হৈ উঠে । এই আসন কৰোঁতে ডিঙি অঞ্চল, উদৰাঞ্চল আৰু শ্ৰোণী প্ৰদেশ সংকোচন-সম্প্ৰসাৰণ হোৱাৰ ফলত সেই অঞ্চলবোৰলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায় আৰু সেই অঞ্চলসমূহত থকা অংগসমূহ সুস্থ-সবল হৈ উঠে ।

এই আসনত থুঁতৰি কণ্ঠকূপত লগাবলৈ চেষ্টা কৰোতে জালান্ধৰ বন্ধ হয় , হাত আৰু আঁঠুৰ ওপৰত ভৰ দি বুকু ফিন্দাই নিশ্বাস দীঘলকৈ মুখেৰে এৰি দিওঁতে পেটৰ মাংসপেশীৰ সংকোচন হৈ উড্ডীয়ান বন্ধ হয় আৰু মেৰুদণ্ডডাল আগফাললৈ কিছু ভাঁজ দিবলৈ টিকাটো সামান্যভাৱে দঙাৰ ফলত শ্ৰেণীপেশীবিলাক সংকোচন হৈ মূলবন্ধ হয় । এইদৰে সিংহাসন কৰোতে স্বাভাৱিকভাৱেই বন্ধত্ৰয়ৰ অনুশীলন হয় ।

লেখক : অঞ্জন কৌশিক শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

2.91666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top