মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগাসন আৰু প্ৰাণায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসন আৰু প্ৰাণায়াম

যোগাসন আৰু প্ৰাণায়াম

যোগী মহাৰাজসকলে নিৰামিষ আহাৰ, পথ্যাপথ্যৰ বিচাৰ কৰি খাই, যোগাসন কৰিলেই সকলো ৰোগৰ পৰা মুক্ত হ’ব পাৰি বুলি ক’ব খোজে। যোগাসন কৰাৰ অভ্যাস থাকিলে বহু ৰোগৰ পৰা বাচি থাকিব পৰাটো স্বতঃসিদ্ধ কথা। আকৌ সিৰৰ বিষ আদি ৰোগত যোগাসন বা কোনো লঘু কচৰত অতি নিৰ্ভৰযোগ্য উপায় হৈ পৰে। এসময়ৰ এজন হৃদৰোগ বিশেষজ্ঞ ডাঃ কে.কে.ডাটে (উইণ্ডচন- মুম্বাই ৪০০০০১), ধনন্তৰী পুৰস্কাৰেৰে বিভূষিত, তেখেতে কৈছে- যদি কোনো লোকে আসন কৰে তেওঁ ৰক্তবাহিকা নাড়ী চাফ কৰা ঔষধ নোখোৱাকৈ থাকিব পাৰে। মৃত্যুৰ সংখ্যাও কমি যাব। যিয়ে যোগাসন নিয়মিতভাৱে (সদায়) কৰে তেওঁৰ অসুখ নহয় আৰু শৰীৰ সবল হৈ থকাটো নিশ্চিত।

ইয়াত কেইটিমান অতি সহজ-সৰল কিন্তু মূল্যবান যোগাসনৰ বিৱৰণ উপস্থাপন কৰা হ’ল। এইবোৰ অভ্যাস কৰিলে আপোনাৰ স্বাস্থ্য সুখ নিশ্চিত হৈ থাকিব।

জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগাভ্যাস ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীন পদ্ধতি। প্ৰকৃততে যোগ ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে কিছুমান আসন বা প্ৰাণায়ামেই নহয় তাতোকৈ গভীৰ অৰ্থবহুল জীৱনৰ উত্কৰ্ষ সাধনৰ এক প্ৰাচীনতম ব্যৱস্থা। যোগাভ্যাস কেইবাভাগত বিভক্ত, কিছুমান মনোবিজ্ঞান সম্বন্ধীয়, যেনে- যম, নিয়ম আৰু প্ৰাণায়াম, কিছুমান মন আৰু আত্মা সম্বন্ধীয়, যেনে- প্ৰত্যাহাৰ, ধাৰণা, কিছুমান আত্মা সম্বন্ধীয়, আধ্যাত্মিক, পাৰমাৰ্থিক, যেনে- ধ্যান, সমাধি আদি আৰু কিছুমান সম্পূৰ্ণৰূপে দৈহিক, অংগসঞ্চালন প্ৰক্ৰিয়াৰ, যেনে- আসন, মুদ্ৰা আদি। যোগসাধনাক, প্ৰধানকৈ দুভাগত বিভক্ত কৰা হৈছে। এবিধ হৈছে ৰাজযোগ আৰু আনবিধ হৈছে হঠযোগ। ৰাজযোগত আধ্যাত্মিক বিকাশ, পাৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াবোৰ জড়িত। হঠযোগৰ মাধ্যমেৰে দৈহিক অংগসঞ্চালন প্ৰক্ৰিয়াত মনোযোগ দিয়া হয় আৰু শৰীৰ সততে সুস্থকৈ ৰখাৰ চিন্তা কৰা হয়। হঠযোগৰ আসন আৰু মুদ্ৰাই ৰোগ নিবাৰণ আৰু আৰোগ্য লাভৰ ক্ষেত্ৰত উত্কৃষ্ট ফল প্ৰদৰ্শন কৰে। এই বিষয়ে ডাক্টৰ ডাটেৰ মতামত ইতিমধ্যে উল্লেখ কৰা হৈছে।

তলত উল্লেখ কৰা যোগাসনবোৰৰ গোটেইবোৰ কৰিবৰ আৱশ্যক নাই। কিন্তু এবিধ যোগাসনৰ বলতে কোনো ৰোগো আৰোগ্য নহয়। তিনি-চাৰিবিধমান যোগাসন কৰিলেহে বিশেষ উপকাৰ হয়, লগতে প্ৰাণায়াম কৰাটো অতি আৱশ্যক।

আমি ৰক্তসঞ্চালন প্ৰণালীৰ বিষয়ে আলোচনা কৰোঁতে কৈছোঁ, যে তেজেই আমাৰ জীৱন, যকৃতৰ কথা কওঁতে কৈছোঁ যে যকৃতেই আমাৰ জীৱন, কাৰণ যকৃতৰ বলত তেজৰ উত্পাদন হয়। আকৌ এই তেজ শৰীৰৰ সকলো অংগ-প্ৰত্যংগলৈ গৈ দেহক সজীৱ কৰি ৰাখিছে, যেনেকৈ গছৰ পুলি এটাক পানী দিলে সজীৱ হৈ থাকে আৰু পানী নাপালে শুকাই যায়। তেজ চলাচলত অনিয়ম (ৰক্তচাপ উচ্চ) হৈ পৰাৰ ফলত হৃত্পিণ্ডলৈ তেজৰ যোগান নহ’লে হাৰ্টফেইল হয়, মানুহৰ মৃত্যু হয়। তেনেকৈ মস্তিষ্কৰো তেজৰ অভাৱত থ্ৰম্ব’ছিছ আদি ৰোগ হয়। এইবোৰ হৈছে শেষ পৰ্যায়ৰ অৱস্থা। কিন্তু তাৰ আগতে তেজ চলাচল বিভিন্ন অৱস্থাত থাকে আৰু মানুহে সেই হিচাপে স্বাস্থ্য সুখ ভোগ কৰে। তেজ চলাচল স্বাভাৱিক হ’লে সুস্বাস্থ্য আৰু বিজুতি ঘটিলে ল’ প্ৰেচাৰ, হাই প্ৰেচাৰ আদি অসুখ হয়। শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰো কৰ্ম সম্পাদনত প্ৰকৃত বা অস্বাভাৱিক অৱস্থাৰ সৃষ্টি হয়। তাৰ বাবে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰো প্ৰভাৱ থাকে।

সাধাৰণতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত তেজৰ যোগান মূৰলৈ অলপ কম হৈ যাব খোজে আৰু কিছুমান তেজ ভৰিৰ অংশত সঞ্চালনত লৰ-চৰ নোহোৱাকৈয়ে থাকিব খোজে। ফলত সেইবোৰ হাঁওফাঁওত গৈ শোধন নোহোৱাকৈয়ে থাকিব খোজে যাৰ ফলত ৰোগৰ সৃষ্টি হয়। এই অৱস্থাৰ পৰা শৰীৰক ৰক্ষা কৰিবলৈ যোগী মহাৰাজসকলে শীৰ্ষাসনৰ আৱিষ্কাৰ কৰিছিল। যাৰ ফলত ভৰিৰ সকলো তেজ নামি আহে আৰু সঞ্চালনৰ ফলত হাঁওফাঁওলৈ গৈ শোধন হয়। তেনেকৈ মূৰলৈ তেজৰ চলাচল যথেষ্টভাৱে হয়। গতিকে মূৰৰ অংশৰ অংগবোৰৰ যেনে- মস্তিষ্ক, চকু, কাণ, নাক, দাঁত আদি সুস্থ হৈ থাকে। মূৰৰ চুলি সোনকালে বগা নহয়, দাঁত সোনকালে নসৰে, মজবুত হৈ থাকে। চকুৰ দৃষ্টি অটুট থাকে। কিন্তু শীৰ্ষাসন বৰ সহজ আসন নহয়, বয়সিয়াল লোকে কৰা অনুচিত বা সম্ভৱেই নহয়। তাৰ পৰিৱৰ্তে সৰ্বাংগাসন আৱিষ্কাৰ কৰিছে যিটোৰ বাবেও শীৰ্ষাসনৰ বেছিভাগ উপকাৰেই লাভ হয়। কিন্তু যোগী মহাৰাজসকলে শীৰ্ষাসনক আসনৰ ৰজা বুলি কৈছে। ভৰি লম্বভাৱে ওপৰলৈ তুলি মূৰৰ তালুৰ ওপৰত থিয় হৈ থাকিব লাগে। সৰ্বাংগাসনত কান্ধৰ ওপৰত একেদৰেই থিয় হ’ব লাগে। সৰ্বাংগাসনক বিপৰীতকৰণী মুদ্ৰাও বোলে বা অৰ্ধাংগাসনো বোলে। ইয়াৰ পৰাও শীৰ্ষাসনৰ বেছিভাগ উপকাৰেই লাভ হয়। মূৰলৈ তেজ চলাচল ভালকৈ হয়, ভৰিত জমা হৈ থাকিব খোজা তেজ তললৈ নামে, হৃত্পিণ্ডই কিছু সময়ৰ বাবে আৰাম পায়। কেৱল এয়ে নহয় ৰক্তসঞ্চালন প্ৰক্ৰিয়া সবল হৈ উঠে আৰু স্বাভাৱিক হয়। ফলত শৰীৰৰ বহু ৰোগ নিৰাময় হয়। সেযেহে বিশেষজ্ঞসকলে ইয়াক ‘আসন ফ’ৰ অল কিউৰ’ বুলি কৈছে। তলত সৰ্বাংগাসনৰ বিষয়ে বিৱৰি কোৱা হৈছে।

আসনবোৰৰ অসুবিধা হ’ল ইয়াক সদায় অভ্যাস কৰিব লাগে। আজিকালি মানুহৰ সময় খুব কম, বিভিন্নভাৱে ব্যস্ত থাকিব লগা হয় আৰু কিছুমান লোক আছে তেওঁলোকে পৰিশ্ৰম কৰি ভাল নাপায়। এইবোৰ কৰি থকাতকৈ অসুখ যদি হয়, ডাক্তৰৰ ওচৰলৈ যাব, ঔষধ খাই ভাল হ’ব, কেইটামান বড়ি আৰু দুটামান ইঞ্জেকছন ল’লেই ঠিক হৈ যাব, তেনে মনোভাৱ লৈ থাকে। প্ৰকৃতাৰ্থত এলাহ। কিন্তু তেনেকৈ আৰোগ্য হ’ব পৰা ৰোগ খুব কম। ধৰক পানী লগা জ্বৰ হৈছে, কিবাকিবি ঔষধ ডাক্তৰে দিলে খাই আপুনি আৰোগ্য হ’ব পাৰিব। কিন্তু আপোনাৰ শৌচ কচা হোৱা অভ্যাসত পৰিণত হৈছে ডাক্তৰে ঔষধ দি আপোনাক এদিন হগুৱাব পাৰিব। কিন্তু ৰোগটো গুচাব লাগিলে আপুনি খোৱা-লোৱাৰ বিচাৰ কৰি বহু যত্ন ল’ব লাগিব। তেতিয়াহে নিৰাময় হ’ব। তেনেকৈ সিৰৰ বিষ বা ছায়েটিকা নাৰ্ভৰ বিষ হৈছে আপুনি ঔষধো খাব লাগিব যোগাসন বা কোনো লঘু কচৰতো কৰিব লাগিব। অন্যথা ই এৰা নিদিয়ে। এটা বয়সত মানুহৰ প্ৰায়ে স্পণ্ডিলাইটিছ (গলধনৰ বিষ) হ’ব খোজে। হ’লে কি ধৰণৰ শাস্তি হয় ভুক্তভোগীয়েহে ভালকৈ বুজে। কিন্তু যদি মাজে মাজে যোগাসন কৰাৰ অভ্যাস থাকে ই নহয়েই। গতিকে অলপ অসুবিধা থাকিলেও যোগাসন অভ্যাস কৰিলে মানুহে বহু পৰিমাণে সুস্থ দেহ লৈ থাকিব পাৰে।

স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন কৰিলে বৰ বেছি সময়ৰ আৱশ্যক নাই। গৰমৰ দিনত ১৫ মিনিট আৰু শীতৰ দিনত ২৫-৩০ মিনিট কৰিলেই যথেষ্ট হয়। সপ্তাহত বিশেষ ব্যস্ততা থাকিলে এদিন দুদিন বাদ দিবও পাৰি।

কিন্তু যোগাসন কৰাৰ সদায় এটা নিৰ্ধাৰিত সময় থাকিব লাগে আৰু ৰাতিপুৱা খালী পেটত যোগাসন অভ্যাস কৰাটো উত্তম সময়। স্বাস্থ্য ৰক্ষাৰ বাবে দিনত এবাৰ কৰিলেই হয়। যদি কোনো ৰোগৰ চিকিত্সা হিচাপে কৰিব বিচাৰে তেনেহ’লে আবেলি আকৌ খালী পেট থাকোঁতে কৰিব পাৰি।

আসন কৰোঁতে উশাহ-নিশাহ লোৱাটো এটা সম্পৰ্কিত কথা। আসনৰ মাজত সুবিধা মতেহে উশাহ-নিশাহ লোৱাৰ নিৰ্দেশনা দিয়া হৈছে। সেইবোৰ যথাযথভাৱেই পালন কৰিব লাগে।

আসনত থকা প্ৰতিটো ভংগীৰ এক নিৰ্ধাৰিত সময় থাকিব লাগে আৰু সদায় সিমান সময় সেই ভংগীত থাকিব লাগে। সেইবাবে সময়টো ঠিক ৰাখিবলৈ এক, দুই, তিনিকৈ সংখ্যা গণিবলৈ উপদেশ দিয়া হৈছে। একে সংখ্যা গণি সময়ৰ হিচাপটো ৰাখিব পাৰি।

যোগাসন মনোযোগ দি কৰিব লাগে। আসনৰ (যিকোনো আসনৰ) কোনো এটা ভংগীত থাকোঁতে ভংগীটো ঠিক হৈছে নে নাই আৰু উপকাৰৰ বাবে কি ধৰণৰ কাম হৈছে বা হ’ব লাগিছে তালৈ চিন্তা কৰিব লাগে। উদাহৰণস্বৰূপে সৰ্বাংগাসন কৰোঁতে ভৰি ওপৰলৈ কিমান উঠিলে, ক’ত থাকিলে ঠিক হ’ব, তালৈ চাব লাগে। আসনত থাকোঁতে মূৰটোত থকা অংগ-প্ৰত্যংগলৈ তেজৰ যোগান বাঢ়িছে বা স্বাভাৱিক হৈছে নে নাই আদি কথা চিন্তা কৰিব লাগে। অন্য কথা যেনে ব্যৱসায়ত কিমান লাভ বা লোকচান হ’ব, আজি কাক ক’ত লগ ধৰিব এইবোৰ চিন্তাৰ এইটো সময় নহয়।

গাত কাপোৰ কমকৈ ৰাখিব লাগে। শীতৰ দিনত গা আৱৰি থকাকৈ পাতল কাপোৰ ৰাখিব পাৰি।

যোগাসন খোলা আৰু সমান ঠাইত কৰিব পাৰিলে ভাল। বৰ খোলা ঠাই নহ’লেও বতাহ চলাচল কৰা ঠাই হ’ব লাগে। যোগাসন মাটিত (ভূমিত) সমান ঠাইত, পকা কৰা ফ্ল’ৰত বা ছাদৰ ওপৰতো কৰিব পাৰি। কিন্তু বিছনাত, পালেঙৰ তুলিৰ ওপৰত কৰিব নালাগে। তেতিয়া পিঠি বা হাত-ভৰি সমান হৈ নপৰে। তলত কেইটামান বৰ সহজ যোগাসনৰ কথা ব্যাখ্যা কৰা হ’ল। এইবোৰত জটিলতা বা প্ৰতিক্ৰিয়াৰ ৰিস্ক একো নাই। যিভাৱেই নকৰক যেনেকৈ নকৰক আসনৰ ফলেই লাভ কৰিব। যোগশাস্ত্ৰ ৰোগাৰোগ্যৰ বাবে বহু জটিল, কিন্তু ফলপ্ৰদ যোগাসনৰ উল্লেখ আছে। সেইবোৰ কৰিবলৈ হ’লে কোনো যোগাশ্ৰমলৈ গৈ গুৰুৰ দিহা-পৰামৰ্শ আৰু আশীৰ্বাদ লৈ কৰিব লাগে।

গৰ্ভৱতী মহিলাই জটিল কোনো আসন কৰিব নালাগে।

সৰ্বাংগাসন বা বিপৰীতকৰণী মুদ্ৰা

পদ্ধতি

মাটিত, পকা মজিয়া বা সমান কৰা মাটিত, গালিচা বা কম্বল পাৰি লৈ ওপৰলৈ মুখ কৰি শোৱক। ভৰি সটানকৈ দুয়োখন লগ লগাই লওক। ইয়াত মাটিৰ অৰ্থ ভূমি আৰু আকাশৰ (বা শূন্যতা) প্ৰভেদ। কাপোৰ-কানি, দলিচা সকলোকে মাটি বুলিয়ে ধৰা হৈছে। এতিয়া উশাহ-নিশাহ লাহে লাহে এৰক আৰু ভৰি দুয়োখন লাহে লাহে ওপৰলৈ উঠাওক। ভৰিৰ বুঢ়া আঙুলি আৰু গোৰোহা দুটা আকাশ বা চিলিঙৰ ফালে লৈ যাওক আৰু কান্ধৰ ওপৰত শৰীৰটো থিয় কৰি ভৰি দুয়োখন লম্বৰ দৰেকৈ থিয় কৰক। নিশাহ এৰা শেষ কৰক। উশাহ লওক আৰু এক, দুই, তিনি কৈ সংখ্যাবোৰ ৫০-১০০-৩০০ যিমান পাৰে গণক। হাত দুয়োখনেৰে দুয়ো ফালে কঁকালত ধৰি শৰীৰটো ওপৰলৈ ৰাখি থাকক আৰু সংখ্যাবোৰ গণি থাকক। ভৰি ওপৰলৈ উঠাওঁতে কোনো জোৰ-জুলুমেৰে চেষ্টা নকৰিব। প্ৰথমতে বিশেষকৈ বয়সৰ লোকে ভৰি সম্পূৰ্ণভাৱে ওপৰলৈ উঠাব নোৱাৰিব পাৰে। ই স্বাভাৱিক। আকৌ ভৰি কিছু পৰিমাণেহে হয়তো উঠাব পাৰে, লম্বৰ দৰে থিয় কৰাব নোৱাৰিবও পাৰে। তাতো কোনো কথা নাই, যেনেকৈ পাৰি, যিমানখিনি পাৰি তাকে কৰক। তাকে প্ৰেকটিচ কৰি থাকক। আপুনি দেখিব কিছুদিনৰ পাছত আপোনাৰ বাবে আসনটো সহজ হৈ ইঠিছে (কিছুদিন মানে ধৰক এমাহ, দুমাহ)। আৰু এই কালছোৱাত আপুনি আসন কৰাৰ সুফল লাভ কৰি থাকিব। যদি আপুনি ভৰি একেবাৰে উঠাবই নোৱাৰে তেনেহ’লে ভৰি, আঁঠুত ভাজ লগাই চেষ্টা কৰক। শৰীৰটো চুটিকৈ লৈ চেষ্টা কৰক। এইবা যদি পাৰিছে কেৱল এখন ভৰি উঠাওক। এইখন আকৌ ভাঁজ লগাই তললৈ নি সিখন ভৰি পোনাই দিয়ক। এইধৰণে দুই-চাৰিদিনমান চেষ্টা কৰিলে আসনটো আপোনাৰ বাবে সহজ হৈ পৰিব। আৰু শেষত আপুনি আসনটো সম্পূৰ্ণ শুদ্ধকৈ কৰিবলৈ যত্ন কৰিব। ভৰি ওপৰলৈ নি যিখিনি সময় তেনেকৈ থাকিব পাৰি থাকক। জোৰকৈ বেছি সময় নাথাকিব। অভ্যাস কৰিলেই কিছুদিন পাছত সকলো আয়ত্তলৈ আহিব। এমাহমান পাছত সকলো ঠিক হৈ যাব। আসনত ভৰি ওপৰলৈ কৰি থকাৰ সময়ত আসনৰ প্ৰতি মনোযোগ দিব। এই আসনত থকাৰ সময় ৩-৫ মিনিট। ইয়াৰ পাছত ভৰি লাহে লাহে নমাই আঁঠুত ভাঁজ লগাওক। ইয়াকে কৰোঁতে গোৰোহাবোৰ তপিনাত লাগিব তাৰ পাছত ভৰি দুখন মাটিত দীঘলকৈ সমান্তৰালভাৱে ৰাখক। ইয়াৰ লগে লগে সৰ্বাংগাসনটো সমাপ্ত হ’ল। নিয়মিতভাৱে উশাহ-নিশাহ লওক। ১০ ছেকেণ্ড জিৰণি লওক। এই জিৰণি লোৱাৰ পাছতহে অন্য আসন কৰিব।

উপকাৰিতা

এই আসনটোৰ উপকাৰৰ বিষয়ে ইতিমধ্যে অলপ অচৰপ উল্লেখ কৰা হৈছে। হঠযোগ পদ্ধতিৰ ই এটি অতি মহত্বপূৰ্ণ আসন। প্ৰায় সকলো ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে যোগীসকলে এই আসনটো প্ৰেক্টিচ কৰিবলৈ নিৰ্দেশ দিছে। এই আসন কৰিলে শৰীৰৰ ব্যায়াম নোহোৱাকৈ থকা অংগ-প্ৰতংগ কমেই থাকে। ফলত প্ৰায় সকলো অংগৰে বল বৃদ্ধি কৰে আৰু কৰ্মসক্ষম কৰি তোলে। ই আসনৰ ৰজা শীৰ্ষাসনৰ পাছতেই বুলি গণ্য কৰা হয়। শীৰ্ষাসনত মগজুলৈ ৰক্তসঞ্চালন বাঢ়ে। কিন্তু বয়সিয়াল লোকক শীৰ্ষাসন কৰিবলৈ কোৱা নহয়, আনহাতে সৰ্বাংগাসন সকলোৱে কৰিব পাৰে। বুঢ়া ডেকা বুলি কোনো অসুবিধা নহয়। ইফালে সৰ্বাংগাসনৰ ফলত শীৰ্ষাসনৰ সিংহভাগ সুবিধাই লাভ হয়। সৰ্বাংগাসন কৰিলে হাঁওফাঁওৰ উশাহ-নিশাহ লোৱা নলীবোৰৰ কচৰত হয়, দুৰ্বলতা দূৰ হয় আৰু শ্বাস-প্ৰশ্বাস লোৱা কাৰ্যৰ সৈতে অংগবোৰ সবল হৈ উঠে। ই হাঁপানি বা শ্বাসৰোগত ঔষধৰ দৰে কাম কৰে। অৰ্থাত্ লগে লগেই আৰাম দিয়ে। এই আসনৰ ফলত খাদ্য হজম কৰা, শৰীৰৰ গঠন প্ৰণালীক সবল কৰি তোলে, শৌচ কচা ৰোগ দূৰ কৰে। প্ৰজনন সম্বন্ধীয় গ্ৰন্থিবোৰ, অংগবোৰ সবল কৰি তোলে, যৌনশক্তি বঢ়ায়। স্ত্ৰী-পুৰুষ উভয় লিংগৰ লোকেই উপকৃত হয়।

মত্স্যাসন

সৰ্বাংগাসন কৰাৰ পাছতেই এই মত্স্যাসনটো কৰিব লাগে। সৰ্বাংগাসনত মূৰ, গল আৰু কান্ধত শৰীৰৰ হেঁচা এফালেই পৰি থাকে। শৰীৰৰ নিম্নাংশত প্ৰভাৱ বেছি পৰে। গতিকে বেলেঞ্চ ৰক্ষা কৰাৰ বাবে মত্স্যাসন, সৰ্বাংগাসনৰ পাছতেই কৰা আৱশ্যক।

পদ্ধতি

পদ্মাসনত বহক (পদ্মাসনৰ বিষয়ে ইয়াৰ পাছলৈ কোৱা হৈছে)। এতিয়া নিশাহ এৰক লাহে লাহে আৰু আৰু ভৰি পদ্মাসনৰ বন্ধন অৱস্থাতে ৰাখি পিঠিখন মাটিত লগাই শুই পৰক। পিঠি, ৰাজহাড় ধেনুভেৰীয়াকৈ ৰাখি মূৰৰ তালুখন পাৰিলে মাটিত লগাওক। নোৱাৰিলে মূৰৰ যি অংশ পাৰে মাটিত লগাওক। এতিয়া উশাহ-নিশাহ নিয়মীয়াকৈ লওক। এই আসনত আপোনাৰ তপিনা মাটিত লাগি থাকিব, মূৰৰ পাছফালটো মাটিত লাগি থাকিব, পিঠিৰ তলত এটা গেপ উত্পন্ন হ’ব। আন হাত এখন এই ফাকটোৰে সহজেই সুমুৱাই দিব পাৰি। হাত দুয়োখনেৰে পোনে পোনে থকা ভৰি পতা দুয়োখনত খামোচ মাৰি ধৰিব। তাৰ পাছত নিয়মীয়াকৈ উশাহ-নিশাহ ল’বলৈ ধৰি সংখ্যা গণিবলৈ আৰম্ভ কৰিব। হাত সটান হৈ থাকিব। এই আসনত থকাৰ সময় দুই মিনিট। গতিকে সংখ্যা ১০০-১২০ লৈ গণিব। যিসকলে পদ্মাসনত বহিব নোৱাৰে, তেওঁলোকে সহজ মত্স্যাসন অভ্যাস কৰিব পাৰে। তাৰ বাবে মজিয়াত ওপৰলৈ মুখ কৰি শুই পৰক। হাত দুয়োখন গাৰ কাষত সমান্তৰালভাৱে ৰাখক। এতিয়া ভৰি আঁঠুত ভাঁজ লগাই, ভৰিৰ গোৰোহাবোৰ চপাই লৈ তপিনাৰ ওচৰত থওক। আঁঠু দুটা লগ লগাই ৰাখক। গোৰোহাবোৰ ইটোৰ পৰা সিটো অলপ আঁতৰতো ৰাখিব পাৰে। এতিয়া পিঠিখনক ভাঁজ লগাই ধেনুভেৰীয়া কৰক। মূৰৰ তালু বা পাছমূৰটো মাটিত লগাই থ’ব। বাকী সকলো কথা ওপৰত কোৱাৰ দৰেই থাকিব। আসনত থকা কালত আসনত মনোবিৱেশ কৰিব।

উপকাৰিতা

ই শ্বাস-নিশ্বাস গঠন প্ৰণালীৰ ত্ৰুটি-বিচ্যুতি থাকিলে শুধৰায় আৰু হাঁপানি ৰোগাক্ৰান্তসকলৰ বাবে আশীৰ্বাদ স্বৰূপ। নাকৰ ফুটাৰে বতাহ যোৱা পথ, মুখৰ পৰা কণ্ঠ নলীলৈ খাদ্য আৰু বায়ু যোৱা পথ বা নলী, টেটু বা গলৰ মাত উত্পাদিকা নাড়ীৰ ওপৰৰ অংশ, শ্বাসনলী, তাৰ তলৰ শ্বাসনলীবোৰ আৰু হাঁওফাঁও সকলোৰে ভাল কচৰত হয়, ৰাজহাড় আৰু পিঠিৰ মাংসপেশীবোৰৰ কৰ্মক্ষমতা বাঢ়ে। ই গলৰ জঠৰতা নাশ কৰে আৰু শৰীৰৰ ওপৰৰ অংশৰ ফ্লেক্সিবিলিটি বা সংনম্যতা (অৰ্থাত্ ইচ্ছা কৰিলে দোঁৱাব পৰা অৱস্থা) বঢ়ায়। যিসকল লোকে সৰ্বাংগাসন কৰে আৰু তাৰ পাছত মত্স্যাসন কৰে তেওঁলোকৰ স্পণ্ডিলাইটিছ বা গলৰ, পিঠিৰ বিষ হ’ব নোৱাৰে।

ভূজঙ্গাসন

ভূজঙ্গাসনটো, সাপৰ দৰে ভাঁজ ধৰি মূৰটো মাটিৰ পৰা ওপৰলৈ দাঙি আগৰ ফালে চোৱা ভংগিমাৰ আসন। যদি কোনোবাই মাটিত বগাই ফুৰা ফেঁটী সাপে হঠাত্ মূৰ তুলি চোৱা দেখিছে তেনেহ’লে তেওঁৰ ভূজঙ্গাসনৰ এটা স্পষ্ট ধাৰণা মনলৈ আহিব। সাপৰ দৰে শৰীৰটোক ভাঁজ লগাব লাগে বাবেই ইয়াৰ নাম ভূজঙ্গাসন।

পদ্ধতি

উবুৰি হা ভৰি দুখন পোনাই টানি ধৰি শুই পৰক। গোৰোহা দুটা ওপৰফালে থাকিব। থুঁতৰিটো মাটিত লাগি থাকিব। দুয়োখন হাত বুকুৰ দুয়োফালে কিলাকুটিত ভাঁজ লগাই হাতৰ তলুৱা মাটিত লগাই ৰাখক। এতিয়া নিশাহ এৰক লাহে লাহে দীঘলীয়াকৈ আৰু নিশাহ এৰি এৰিয়ে প্ৰথমে মূৰটো, তাৰ পাছত কান্ধ, তাৰ পাছত বুকু ওপৰলৈ উঠাওক আৰু আপোনাৰ ওপৰফালে চিলিং বা আকাশলৈ চাওক। মূৰটো যিমান পাৰে পিঠিৰ ফালে হলাই নিব। যিমানলৈ পাৰি তাতে ৰওক আৰু উশাহ লওক। স্বাভাৱিকভাৱে উশাহ-নিশাহ লওক আৰু গণক ১-২ কৈ ১২ লৈ। এই অৱস্থাত আপোনাৰ শৰীৰৰ ভাঁজ সাপৰ দৰে হ’ব। এতিয়া লাহে লাহে বুকু মাটিত লগাওক, তাৰ পাছত কপাল মাটিত লগাওক। এইয়া এবাৰ ভূজঙ্গাসন সমাপ্ত হ’ল। এনেকৈ তিনিবাৰ এই আসনটো কৰক। বুকু মূৰ যেতিয়া তললৈ নমাব তেতিয়া উশাহ দীঘলকৈ একেৰাহে লৈ থাকি মূৰ নমোৱা কাম শেষ কৰিব।

উপকাৰিতা

ৰাজহাড়ৰ জঠৰতা নাশ হয়, নমনীয় হৈ থাকে। ৰাজহাড় বা মেৰুদণ্ডৰ চেৰেব্ৰেল ভাৰ্টেব্ৰাবোৰৰ স্থান সামান্য লৰ-চৰ হ’লে বা কোনো বিসংগতি হ’ব খুজিলে সি ঠিক হৈ যায়, স্বাভাৱিক অৱস্থা স্থাপিত হয়। এই আসন কৰি থাকিলে কঁকাল সৰু হয় আৰু বুকু উন্নত হয়। যুৱকৰ স্বপ্নদোষ দূৰ হয়। যুৱতীৰ শৰীৰৰ গঠন সুন্দৰ হয়, কঁকাল সৰু, বুকু উন্নত হয়।

পিঠি, বুকু, হৃত্পিণ্ড, কান্ধ আৰু হাতৰ মাংসপেশী সবল হৈ উঠে। টনচিল আৰু গলৰ অন্যান্য গ্ৰন্থিবোৰ সবল হৈ পৰে, ৰোগ হ’ব নোৱাৰে। কিবা দোষ থাকিলেও আৰোগ্য হয়। পিঠিৰ বিষ, মেৰুদণ্ডৰ বিষ নাথাকে। বৃক্কগ্ৰন্থি (কিডনি) সবল হৈ থাকে। কিডনিৰ কাম স্বাভাৱিকভাৱেই চলি থাকে।

পেটৰ ৰোগ কোষ্ঠকাঠিন্য দূৰ হয়। পেটৰ গেছ নহয়, অভোক দূৰ হয়।

সাধাৰণ হৃদৰোগীৰ উপকাৰ হয়। কিন্তু হৃদৰোগ বেছি থাকিলে কেৱল শৱাসনেই কৰিব লাগে। অন্য আসন কৰা অনুচিত।

হাঁওফাঁও সবল হয়। কাহ, ব্ৰংকাইটিছ, হাঁপানি আদি ৰোগৰ ভয় নাথাকে।

মহিলাৰ কষ্টপ্ৰদ মাহেকীয়া, প্ৰদৰ ৰোগ, অনিয়মিত ঋতুস্ৰাৱ আদি থাকিলে এই ৰোগবোৰ দূৰ হয়।

সতৰ্কতাঃ যদি হাৰ্নিয়া ৰোগ আছে, এই আসন নকৰিব।

মত্স্যেন্দ্ৰাসন

যোগাসনৰ কচৰতবোৰে ৰাজহাড়ডালৰ ফ্লেক্সিবিলিটি ৰক্ষা কৰিবলৈ শিকায়, যৌৱনকাল বঢ়াই ৰাখে, যৌন ক্ষমতা বাঢ়ে। মত্স্যেন্দ্ৰাসন তেনে এটি আসন যিয়ে ৰাজহাড়ৰ ফ্লেক্সিবিলিটি ৰক্ষা কৰে। ভগৱান মত্স্যেন্দ্ৰই এই আসনটি উদ্ভাৱন কৰিছিল আৰু তেওঁৰ নামেৰেই এই আসনটিৰো নাম মত্স্যেন্দ্ৰাসন হয়। ঋষি ভগৱান মত্স্যেন্দ্ৰক মীননাথ বুলিও জনা যায়। যোগশাস্ত্ৰৰ তেওঁ এজন পথ-প্ৰদৰ্শক আছিল। কোনো কোনো ঠাইত এই আসনটোক অৰ্ধমত্স্যেন্দ্ৰাসন বুলিও জনা যায়।

পদ্ধতি

দুয়োখন ভৰি লগ লগাই আগৰ ফালে দীঘলকৈ মেলি দি তপিনাৰ ওপৰত বহক। এতিয়া বাঁও ভৰিৰ গোৰোহাটো সোঁ তপিনাত (ভিতৰ ফালে) লগাই ৰাখক। সোঁ হাতেৰে বাঁও ভৰিৰ পতাখনত ধৰক আৰু বাঁও গোৰোহাটো তপিনাত লগাই ধৰি ৰাখক। এতিয়া সোঁ ভৰিখন বাঁও কৰঙণৰ ওপৰেৰে পাৰ কৰি নি (বাহিৰ ফালে) ভৰিৰ তলুৱাখন মাটিত লগাই দিয়ক। গাটো পাক লগাই সোঁফালে মুখখন ঘূৰাই বাঁও বাহু সোঁ আঁঠুৰ ওপৰেৰে নি বাঁওহাতৰ তলুৱাৰে বাঁও আঁঠু বা ভৰি পতাত খামোচি ধৰক। সোঁ হাতখন পিঠিৰ ফালে নি গাত হেঁচি ধৰি ৰাখক। এতিয়া গাটো যিমান পাৰে সোঁফালে পকাওক আৰু চকুৰে যিমান পাৰে সোঁ ফালৰ শেষাংশলৈ চাওক। পাৰিলে সোঁ হাতখন গাত মেৰাই কঁকালৰ আগৰ ফালে আঙুলিবোৰ আনক। এই সময়ত ৰাজহাড়, গল আৰু মূৰ লম্বৰ দৰে এক ৰেখাত থিয় হৈ থাকিব। এতিয়া লাহে লাহে নিশাহ এৰক আৰু ৬-১২-১৫ সংখ্যা যি পাৰে গণক। তাৰ পাছত লাহে লাহে উশাহ লওক। দুবাৰমান সাধাৰণভাৱে উশাহ-নিশাহ লোৱাৰ পাছত এইবাৰ ওলোটা দিশত আসনটো কৰক। অৰ্থাত্ ৰাজহাড়, গল, মূৰ এক লম্ব ৰেখাত থিয়কৈ ৰাখি আগৰ ফালে ভৰি মেলি বহক। সোঁ ভৰিৰ গোৰোহাটো বাঁও তপিনাত লগাই দিয়ক, বাঁও ভৰিখন সোঁ কৰঙণৰ ওপৰেৰে নি ভৰিৰ তলুৱা মাটিত লগাই দিয়ক। এতিয়া গাটো বাঁওফালে পকাই চকুৰে যিমান পাৰে বাঁওফালৰ শেষাংশলৈ চাওক, বাঁওহাতখন পাছফালেৰে নি কঁকালৰ সোঁ ফালেৰে আগৰ ফালে আঙুলিবোৰ দেখুৱাওক। সোঁ হাতেৰে বাঁও আঁঠুটো বুকুত চেপি ধৰি আঙুলিৰে সোঁ আঁঠু বা ভৰিৰ পতাত ধৰক। যিমান পাৰে গাটো পকাই দিয়ক। নিশাহ এৰক আৰু সংখ্যা ৬-১২-১৫ যি পাৰে গণক। লাহে লাহে উশাহ লওক। এতিয়া আপোনাৰ এবাৰ মত্স্যেন্দ্ৰাসন বা অৰ্ধমত্স্যেন্দ্ৰাসন কৰা হ’ল। স্বাস্থ্য তথা যৌৱন ৰক্ষাৰ বাবে এই আসন দিনত এবাৰ কৰিলেই হয়। স্বামী শিৱানন্দ সৰস্বতীয়ে শীতকালত দুবাৰ কৰিবলৈ উপদেশ দিছে। এইখিনিতে কৈ থ’ব বিচাৰিছোঁ যে আৰম্ভণিতে আসনৰ যি ভাব-ভংগীৰ বিৱৰণ দিয়া হৈছে ঠিক তেনেকৈ নোৱাৰিলেও সেই দিশত চেষ্টা চলাই আসন কৰিলেও তাৰ ফল পাব আৰু ১০-১৫ দিনমান একেৰাহে কৰাৰ পাছত আসনটো সহজ হৈ পৰিব।

উপকাৰিতা

এই আসনটোৰ উপকাৰিতাৰ বিষয়ে আমি ইতিমধ্যে বহু কথাই উল্লেখ কৰিছোঁ। মেৰুদণ্ডৰ নমনীয়তা ৰক্ষা কৰিবৰ বাবে ই অপৰিহাৰ্য আৰু মেৰুদণ্ড সংনম্যতা থাকিলে যৌৱন সদৃশ স্বাস্থ্য অটুট থাকে। ৰাজহাড়ৰ দুয়োফালৰ স্নায়ু আৰু পেশীবোৰৰ ভাল কচৰত হয় আৰু সেইবোৰ সবল হৈ উঠে। এই আসনৰ ফলত শৌচ কচা অসুখ দূৰ হয়, হজম শক্তি বাঢ়ে আৰু যকৃত আৰু প্লীহাৰ দোষ নাশ হয়। ই ৰাজহাড়ৰ সকলো দোষ গুচায়। পিঠিৰ বিষ আৰোগ্য কৰে, অগ্ন্যাশয়ক সবল কৰি তোলে। বহুমূত্ৰ ৰোগত ভোগাসকলে এই আসন নিয়মিতভাৱে কৰা আৱশ্যক। ইয়াৰ ফলত শৰীৰৰ ইনছুলিনৰ উত্পাদন বাঢ়ে আৰু ৰোগীৰ তেজত চেনিৰ পৰিমাণ কমি যায়। ই হাঁওফাঁওৰ শক্তি বঢ়ায়। উশাহ নোপোৱাৰ দৰে হোৱা কষ্টত ভোগা লোকে এই আসন আৰম্ভ কৰি দিয়া উচিত।

পদ্মাসন

এই আসনটো গাঁঠিবিষ নাশক। ই ভৰি আৰু কৰঙণৰ সিৰবোৰৰ বল বৃদ্ধি কৰে। ই ভৰিৰ ‘খাৰ গাঁঠি’ (ভৰি আৰু ভৰিৰ পতাৰ মাজৰ গাঁঠি), আঁঠু, তপিনা আদিৰ ফ্লেক্সিবিলিটি অক্ষুণ্ণ ৰাখে আৰু আঁঠুৰ ঘিলা আৱৰি থকা মাংসপেশীবোৰলৈ তেজৰ যোগান বঢ়ায়। পদ্মাসনত বহি ধ্যান আৰু প্ৰাণায়াম কৰা হয়। প্ৰাণায়াম শ্বাস-প্ৰশ্বাস লোৱাৰ এটা বিশেষ কৌশল যাৰ জৰিয়তে আধ্যাত্মিক সাধনা সম্ভৱ হয়।

পদ্ধতি

মজিয়াত গল মূৰ থিয়কৈ বহক। ভৰি দুখন পোনাই আগৰ ফালে ৰাখক। এতিয়া সোঁ ভৰিৰ পতাখন বাঁও কৰঙণৰ ওপৰত তুলি দিয়ক আৰু বাঁও ভৰিৰ পতাখন সোঁ কৰঙণৰ ওপৰত তুলি দিয়ক। ৰাজহাড়, গল আৰু মূৰটো সম্পূৰ্ণ লম্বৰ দৰে থিয় কৰক। হাত দুয়োখন পোনাই টানি ধৰক আৰু হাতৰ গাঁঠিবোৰ আঁঠুৰ ওপৰত থওক। হাতৰ আঙুলিবোৰ টানি মেলি দিয়ক, এতিয়া তৰ্জনী আঙুলি দুটা ভাঁজ লগাই আঙঠিৰ দৰে কৰি বুঢ়া আঙুলিৰ গুৰিত লগাওক আৰু বাকী আঙুলি তিনিটা লগ লগাই টানি মেলি ধৰি থাকক। দুয়োখন হাতকে একেধৰণে ৰাখিব। এতিয়া আপুনি পদ্মাসনত বহি আছে। নিয়মিতভাৱে উশাহ-নিশাহ লওক। ১ মিনিট সময় এই আসনত থাকক। ৫০-৬০ লৈ গণনা কৰক। তাৰ পাছত ভৰিৰ পজিছন সলাওক। অৰ্থাত্ বাঁওভৰিৰ পতাখন সোঁ কৰঙণৰ ওপৰত আৰু সোঁ ভৰিৰ পতাখন বাঁও কৰঙণৰ ওপৰত ৰাখি আকৌ আগৰ দৰে ১ মিনিট সময় বহি থাকক। সংখ্যা গণক ৫০-৬০ লৈ।

উপকাৰিতা

পদ্মাসন কৰি থাকিলে ৰাজহাড়ৰ বিকৃত ভাঁজ নালাগে আৰু বাতবেমাৰ নাশ কৰে। শৰীৰৰ আভ্যন্তৰীণ অংগ যেনে- হৃত্পিণ্ড, হাঁওফাঁও, পাকস্থলী, যকৃত, প্লীহা, অন্ত্ৰবোৰ আৰু দৰকাৰী গ্ৰন্থিবোৰে ঠিকভাৱে কাম কৰে। আমি পদ্মাসনৰ আৰম্ভণিতে উল্লেখ কৰিছোঁৱেই, ই গাঁঠি বিষ নাশ কৰে, ভৰি আৰু কৰঙণৰ সিৰবোৰৰ বল বঢ়ায়, খাৰীগাঁঠি, আঁঠু, তপিনা আদিৰ ফ্লেক্সিবিলিটি ৰক্ষা কৰে আৰু আঁঠুৰ ঘিলা আৱৰি থকা আঁহযুক্ত মাংসপেশীলৈ তেজৰ যোগান বঢ়ায়। পদ্মাসনত বহি থাকোঁতেই আমি প্ৰাণায়ামো কৰিব পাৰোঁ আৰু একেলগে দুয়োবিধ ক্ৰিয়াৰ সুফল লাভ কৰিব পাৰি।

উত্থানপদাসন

পদ্ধতি

মাটিত চিত হৈ শোৱক। মাটিত মানে কোনো ওখ ঠাইত, বিছনাত নহয়। মাটিত পাৰি লোৱা কম্বল আদিত ওপৰফালে মুখ কৰি চিত হৈ শোৱক। হাত দুয়োখন সটানকৈ দুয়ো কৰঙণৰ কাষত ৰাখক। ভৰি দুয়োখন ওচৰা-ওচৰিকৈ টানকৈ মেলি গোৰোহা মাটিত লগাই আঙুলিবোৰ ওপৰলৈ দেখুৱাই ৰাখক।

এতিয়া উশাহ এৰি এৰি লাহে লাহে দুয়োখন ভৰি একেলগে ওপৰলৈ, যিমান পাৰি এক-ডেৰ ফুট ওপৰলৈ উঠাওক। উশাহ এৰা বন্ধ কৰক আৰু ১-২ কৈ ১২ লৈ গণক। উশাহ ল’বলৈ আৰম্ভ কৰক লাহে লাহে একেধাৰে আৰু ভৰি নমাই গোৰোহা মাটিত থওক। এইয়া এবাৰ উত্থানপদাসন কৰা হ’ল। ওপৰত ভৰি ৰাখি শ্বাস বন্ধ কৰি ১-২ মিনিট থাকিব পাৰিলে, আসন প্ৰকৃতভাৱে কৰা হয়। কিন্তু অতি সোনকালে এই পৰ্যায়লৈ যোৱাটো সম্ভৱ নহয়। গতিকে আগত কোৱা ধৰণে ৪ বাৰ আসনটো কৰক। আসনৰ উপকাৰ আপুনি লাভ কৰিব। কাৰণ ইয়াতো আপোনাৰ শৰীৰৰ কচৰত হৈছে। ভৰি উঠাওঁতে দুয়ো হাতেৰে মাটিত হেঁচি ধৰি ভৰি উঠাব পাৰি।

উপকাৰিতা

এই আসন নিয়মিতভাৱে অভ্যাস কৰিলে পেটৰ স্নায়ুবিলাক সবল হৈ উঠে, উচ্চতা বাঢ়ে আৰু পেটত মেদ (চৰ্বী) জমা হ’ব নোৱাৰে, গতিকে মানুহ শকত নহয়। পেটৰ চৰ্বী কমাবলৈ ই এটি উত্তম কচৰত। পেটৰ ভিতৰৰ অন্ত্ৰবোৰৰ মাংসপেশী সবল হৈ উঠে আৰু হজমশক্তি বাঢ়ে। পেটত গেছ নহয় আৰু শৌচ কচা নহয়। কোষ্ঠকাঠিন্য পুৰণি কিবা থাকিলেও সি দূৰ হৈ যায়। নাভিও স্বাভাৱিক অৱস্থাত থাকে। আসন কৰিলে বুকু ধৰফৰ কৰা বন্ধ হয়। হাঁপানি বা শ্বাসকষ্টৰ ৰোগ নাথাকে। হাৰ্নিয়া নহয়। থাকিলেও লাহে লাহে আৰোগ্য হয়। ভৰিৰ বিষ, ছায়েটিক নাৰ্ভৰ বিষ আদি দূৰ হয়। পেটৰ কামোৰ, সাধাৰণ হাগনি আদি অসুখবোৰ নিৰাময় হৈ যায়।

শশাংগাসন

কথাবোৰ মনত ৰাখিব পৰা শক্তিটো সকলো মানুহৰ বাবেই ঈশ্বৰৰ আশীৰ্বাদ স্বৰূপ। ছাত্ৰ, যুৱক, বুঢ়া সকলোৱে মগজুৰ এই গুণৰ অধিকাৰী হবলৈ বিচাৰে। শশাংগাসনে আমাক এই বিষয়ত সহায় কৰে।

পদ্ধতি

শৰীৰটো ওপৰলৈ পোনকৈ ৰাখি আঁঠু কাঢ়ক। নিশাহ এৰক আৰু আগলৈ হালি মূৰটো আঁঠুৰ কাষত মাটিত লগাওক। কঁকালখন ওপৰলৈ উঠাওক। হাতৰ বাহুবোৰ নিজ নিজ ফালৰ আঁঠুৰ কাষত লগাই হাতৰ তলুৱাৰে ভৰিৰ গোৰোহাত খামুচি ধৰক। হাত আৰু বাহু পোন হৈ থাকিব। মূৰৰ তালুখন মজিয়াত লগাব। এতিয়া উশাহ ল’বলৈ আৰম্ভ কৰক। সংখ্যা ১২ লৈ গণক আৰু মূৰটো উঠাই আঁঠুকঢ়া অৱস্থালৈ আনক। আসনটো ৪-৫ বাৰমান কৰক। যেতিয়া অভ্যস্ত হৈ উঠে মূৰটো নোতোলাকৈ আসনতে ৰাখি সাধাৰণভাৱে উশাহ লৈ সেই অৱস্থানতে থাকি সংখ্যা গণক ৫০-১০০। আপোনাৰ শশাংগাসন সম্পাদিত হ’ল।

উপকাৰিতা

ই গোটেই কেন্দ্ৰীয় স্নায়ুমণ্ডলীক (মগজু, স্পাইনেল কৰ্ড) সবল কৰি তোলে। মগজুৰ চেৰেব্ৰাম, চেৰেবেলাম আৰু পাছৰ ফালে থকা মেডুলা অবলংগটাক সংযোজন কৰি থকা স্পাইনেল কৰ্ডৰ অংশ বিশেষত বিশেষভাৱে কচৰত হয় আৰু উপযুক্তভাৱে কৰ্মক্ষম কৰি তোলে। শীৰ্ষাসন মগজুৰ আসন। কিন্তু যিসকলে শীৰ্ষাসন কৰিব নোৱাৰে তেওঁলোকে সহজেই শশাংগাসন কৰিব পাৰে আৰু শীৰ্ষাসনৰ সুবিধাবোৰ লাভ কৰিব পাৰে। এই আসনৰ ফলত হজমশক্তি বাঢ়ে আৰু যকৃত, প্লীহা, থাইৰয়েড গ্ৰন্থি আৰু পেৰা-থাইৰয়েড গ্ৰন্থিবোৰে নিয়মিতভাৱে কাম কৰিবলৈ ধৰে। মনত ৰাখিব শশাংগাসন কৰাৰ আগতে উষ্ট্ৰাসন কৰিব লাগে।

উষ্ট্ৰাসন

পদ্ধতি

আঁঠু কাঢ়ক আৰু গাটো, মূৰটো ওপৰলৈ পোনাই ৰাখক। এতিয়া মূৰটো, গলটো পাছৰ ফালে হলাওক। যিমান পাৰে সিমান হলাওক। নিশাহ লাহে লাহে এৰি থাকিব আৰু সোঁ হাতেৰে সোঁ ভৰিৰ খাৰ গাঁঠিত আৰু বাঁও হাতেৰে বাঁও ভৰিৰ খাৰ গাঁঠিত (ভৰিৰ তলুৱাৰ ওপৰৰ গাঁঠিত) খামোচ মাৰি ধৰক। নিয়মিতভাৱে উশাহ-নিশাহ লওক আৰু সংখ্যা গণক ১২ লৈ। তাৰ পাছত আকৌ কেৱল আঁঠু কাঢ়ি থকা অৱস্থালৈ আহক। মূৰ, ৰাজহাড়, গল লম্বৰ দৰে থিয়কৈ ওপৰলৈ ৰাখক। আপোনাৰ উষ্ট্ৰাসন এবাৰ সম্পূৰ্ণ হ’ল। এই আসনটো আৰম্ভণিতে দুবাৰমান কৰিব আৰু পাছলৈ চাৰিবাৰলৈ বঢ়াব।

উপকাৰিতা

ই শৰীৰৰ শ্বাস-প্ৰশ্বাস গঠন প্ৰণালীৰ অংগবোৰৰ ওপৰত শুভ প্ৰভাৱ পেলায়। হাঁপানি ৰোগগ্ৰস্ত লোকৰ বাবে আশীৰ্বাদ স্বৰূপ। এই আসনৰ ফলত নাকৰ বিন্ধা, মুখৰ পাছতে থকা শ্বাস নলী, টেটু, হাঁওফাঁওৰ ৰোগ নাশ হয়। ই গল, কান্ধ আৰু ৰাজহাড়ৰ দোষ নিৰ্মূল কৰে, দৃষ্টিশক্তিৰ অসুবিধা আঁতৰায়, ক্ৰনিক মূৰ বিষ গুচায় আৰু টনচিল আদি গলৰ ৰোগৰ পৰা মুক্ত কৰে।

পশ্চিমোত্তাসন

আসন কৰিবলৈ লোৱা ঠাইত বহক আৰু ভৰি দুখন লগ লগাই আগৰ ফালে টানি পাৰি দিয়ক। ভৰি দুয়োখনৰ গোৰোহা লগ লাগি থাকিব। হাত দুখন পোনে পোনে মূৰৰ ওপৰলৈ টানকৈ ধৰি উঠাওক। হাতৰ তলুৱা আগৰ ফালে দেখুৱাই ৰাখিব আৰু মূৰটো দুয়ো হাতৰ মাজত ৰাখিব। এতিয়া উশাহ এৰি এৰি লাহে লাহে নমাই দুয়োখন হাতৰ আঙুলিৰে নিজৰ নিজৰ দিশৰ ভৰিৰ বুঢ়া আঙুলিত ধৰক। কপাল লাহে লাহে নমাই আঁঠুত লগাবলৈ চেষ্টা কৰক। কপাল নমাই নিয়ক যিমান পাৰি। আঁঠুত যদি লগাব নোৱাৰে কোনো কথা নাই। কিন্তু চেষ্টা কৰিব। মানুহ অলপ শকত হ’লে মূৰ আঁঠুত লগাব সহজতে নোৱাৰি। কিন্তু আপোনাৰ চেষ্টাই কচৰত। প্ৰথমতে নোৱাৰিলে, পাছলৈ সহজ হৈ যাব পাৰে। আৰু যেতিয়া দেখিব আপুনি মূৰটো আঁঠুত লগাবলৈ সক্ষম হৈছে আপোনাৰ আসন সিদ্ধ হৈছে। কিন্তু তাকে কৰিবলৈ কোনো ক্ষেত্ৰতে বল বা জোৰ প্ৰয়োগ নকৰিব। মূৰ লগাওঁতে আঁঠু মাটিৰ পৰা ওপৰলৈ আহিব নালাগে। মূৰ আঁঠুত লগাই বা লগাবলৈ চেষ্টা কৰি যিমান সময় পৰা যায় থাকিব আৰু ১-২ কৈ কমেও ১২-১৫ বাৰ গণিব। তাৰ পাছত উশাহ আগৰ দৰে লাহে লাহে লৈ ভৰিৰ পৰা প্ৰথমতে আঙুলি এৰুৱাই, আঁঠুৰ পৰা মূৰ আঁতৰাই আগৰ দৰে বহক। যদি আপুনি শকত হোৱাৰ বাবে ভৰিৰ আঙুলিত ধৰিব নোৱাৰে কোনো কথা নাই। সেই লক্ষ্য মনত ৰাখি আসন অভ্যাস কৰক। আসনৰ ফল আপোনাৰ লাভ হ’ব। পাছলৈ আসনো সহজ হৈ পৰিব। আসনটো ২-৩ বাৰ কৰিব। সহ্য হ’লে বেছি দীঘলীয়া সময়ো আঁঠুত মূৰ লগাই থাকিব পাৰি।

সতৰ্কতা

যদি যকৃতৰ দোষ থাকে, প্লীহা বাঢ়ি থাকে বা এপেণ্ডিছাইটিছ, অন্ত্ৰৰ শোথ অথবা পেটৰ অন্য কোনো ৰোগ থাকে এই আসন নকৰিব।

উপকাৰিতা

মধুমেহ, বহুমূত্ৰ, প্ৰমেহ, অজীৰ্ণ, হজমশক্তি কম, শৌচ কচা, কঁকালৰ বিষ, বাত বিষ, ভৰিৰ বিষ আদি কষ্ট থাকিলে এই আসনৰ অভ্যাসৰ ফলত সেইবোৰ আৰোগ্য হয়। ছায়েটিক নাৰ্ভৰ অৰ্শ আদি নিৰাময়ৰ বাবে, ই অব্যৰ্থ আসন।

যোগমুদ্ৰা

এই মুদ্ৰাটিৰ অভ্যাসৰ ফলত শৰীৰ, যোগসাধনাৰ বাবে উপযোগী আৰু নিৰোগী হৈ উঠে। সেই বাবেই ইয়াৰ নাম যোগমুদ্ৰা।

পদ্ধতি

পদ্মাসনত বহক। যিসকলে বহিব নোৱাৰে বীৰাসনত বহক। পদ্মাসনৰ বিষয়ে আমি এই অধ্যায়তে আলোচনা কৰিছোঁ। বীৰাসনত বহিবলৈ হ’লে আপুনি সোঁ ভৰিখন আঁঠুত ভাঁজ লগাই মাটিত লগাই বহক। পাৰিলে গোৰোহাটো বাঁও তপিনাত লগাই থওক। নোৱাৰিলে য’তে পাৰে ৰাখক। বাঁও ভৰিখনৰ গোৰোহা, ভৰি পতা সোঁ কৰঙণৰ ওপৰত ৰাখক। নোৱাৰিলে য’তে পাৰে ততে ৰাখক। হাত দুখন পাছফালে নি বাঁওহাতৰ কব্জিত ধৰিব। এতিয়া নিঃশ্বাস ত্যাগ কৰি ধীৰে ধীৰে মূৰটো নমাই নি থাকক। পাৰিলে কপালখন মাটিত লগাই দিয়ক। নোৱাৰিলে যিমান পাৰে মূৰটো তললৈ নি তাতে ৰাখক, ৫ ছেকেণ্ড নিশাহ এৰা বন্ধ কৰক আৰু তাৰ পাছত উশাহ লাহে লাহে লৈ মূৰটো আগৰ অৱস্থালৈ (ওপৰলৈ) নিয়ক। প্ৰথম অৱস্থাত দুই-তিনিবাৰ আসনটি কৰক। অভ্যস্ত হ’লে এবাৰ আসন কৰোঁতে এই ক্ৰিয়াটি ডাঃ ফালগেণ্ডা সিনহাই চাৰিবাৰ অভ্যাস কৰিবলৈ কৈছে। উশাহ নোলোৱাকৈ থকা ৫ ছেকেণ্ড সময়ৰ বাবে এক দুই কৈ সংখ্যালৈ গণিব পাৰে। মূৰটো তললৈ নিওঁতে কোনো জোৰ প্ৰয়োগ নকৰিব।

উপকাৰিতা

ই যকৃতৰ দুৰ্বল অৱস্থা দূৰ কৰে। গেষ্ট্ৰিকৰ অসুখ গুচায়, কোষ্ঠকাঠিন্য (শৌচ কচা) নোহোৱা কৰে, হজম শক্তি বঢ়ায় আৰু যৌন ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ স্নায়ু আৰু গ্ৰন্থিবোৰক সবল কৰি ৰোগৰ পৰা আৰোগ্য লাভত সহায় কৰে।

বজ্ৰাসন

আঁঠুত ভাঁজ লগাই দুয়ো ভৰি লগ লগাই মাটিত পাৰি লৈ সেই ভৰিৰ ওপৰত তপিনা লগাই বহক। মেৰুদণ্ড আৰু মূৰ পোন হৈ লম্বৰ দৰে থাকিব। হাত কিলাকুটিত ভাঁজ নোলোৱাকৈ পোনে পোনে আগলৈ নি হাতৰ তলুৱা আঁঠুৰ ওপৰত ৰাখি বহক। চকুৰ দৃষ্টি পোনে পোনে সন্মুখলৈ থাকিব, তললৈ বা ওপৰলৈ নহয়। উশাহ-নিশাহ স্বাভাৱিক হ’ব। এইটোৱে এটা আসন যিটো খোৱাৰ পাছত কৰিলে বেছি উপকাৰ হয়। এই আসনটি স্ত্ৰী-পুৰুষ সকলোৱে কৰিব পাৰে, গৰ্ভৱতীয়েও কৰিব পাৰে।

উপকাৰিতা

আহাৰ খোৱাৰ পাছত এই আসনটো ৫ মিনিট কৰিলে নাড়ীৰ গতি উৰ্ধগামী হয় আৰু খোৱাবস্তু সোনকালে হজম হয়। পেটত গেছ নহয়। আমাৰ নাভি কেইবা হাজাৰো নাড়ীৰ কেন্দ্ৰস্থল আৰু এই আসনৰ ফলত আমাৰ নাভিত শুভ প্ৰভাৱ পৰে।

পেটৰ অন্ত্ৰত হেঁচা পৰাৰ ফলত অন্ত্ৰৰ কোনো অসুস্থতা হোৱা, গেছৰ ব্যথাকো দূৰ কৰে।

ভৰিৰ সৰু গাঁঠি, আঁঠু, ভৰিৰ কলাফুল, কৰঙণ, কঁকাল আৰু ৰাজহাড় সবল হয়। পিঠিৰ বিষ আদি থাকিলে দূৰ হয়, ভৰিৰ বাত বিষ নাথাকে আৰু হাড়ৰ জোৰাত শোথ বেমাৰ নহয়।

যিবোৰ ছাত্ৰ-ছাত্ৰীৰ মন বৰ চঞ্চল, পঢ়াত মন নবহে, টোপনি টোপনি ভাব থাকে এই আসন কৰিলে মনৰ চঞ্চলতা দূৰ হ’ব। মন শান্ত হ’ব আৰু স্মৰণশক্তিও বাঢ়িব।

বিশেষজ্ঞসকলে কয় যে এই আসনত বহি মূৰ ফণিয়ালে চুলি নপকে। শৰীৰৰ ৰক্তসঞ্চালন ঠিক থাকে আৰু জণ্ডিচ ৰোগ নহয়। দিনৰ আৰু ৰাতিৰ আহাৰ খোৱাৰ পাছত এই আসনত বহি সোঁ নাকেৰে উশাহ-নিশাহ ল’লে খাদ্য সহজে হজম হয়।

বজ্ৰাসনত থাকি যদি প্ৰাণায়াম কৰা হয় তেনেহলে শ্বাস, হাঁপানি, হাঁওফাঁও আৰু বুকুৰ বহু ৰোগ দূৰ হয়। এই আসন কৰি বহি থাকোঁতে থুঁতৰিটো যদি গলত লগাই থকা হয়, তেনেহ’লে বেছি শুভ ফল পোৱা যায়।

শৱাসন

শৰীৰ আৰু মনক সম্পূৰ্ম উত্তেজনাৰ পৰা মুক্ত কৰিবলৈ শৱাসনৰ ভূমিকা অপৰিহাৰ্য। যৌগিক ক্ৰিয়া পদ্ধতিৰ ই এক অতি আৱশ্যকীয় আসন। শৱাসন কেৱল মৰাৰ দৰে পৰি থকাই নহয়। ই শৰীৰ আৰু মনক সম্পূৰ্ণ আজৰি কৰি দিয়ে।

পদ্ধতি

ৰাজহাড় পোনাই লৈ মাটিত (দলিচা বা কম্বলত) পিঠি লগাই ভৰি দীঘলকৈ মেলি দি, ওপৰলৈ চাই, শুই পৰক। হাত দুয়োখন গাৰ কাষত, কোনো অসুবিধা নলগাকৈ দীঘলকৈ পেলাই থওক। ভৰিৰ গোৰোহা দুটা অলপ ফাক হৈ থাকিব। চকু মুদক। শৰীৰৰ মাটিত লাগি থকা অংগ-প্ৰত্যংগবোৰ মাটিৰ লগত মিলি যোৱা যেন অনুভৱ কৰক। এই ধৰণে চিন্তা কৰাটো অতি আৱশ্যক কাৰণ তেতিয়া শৰীৰৰ বিভিন্ন অংগৰ প্ৰতি মন সজাগ হৈ উঠিব। সোঁ ভৰি, বাঁও ভৰি, মেৰুদণ্ড, দাঁতৰ মাৰি আদি সকলোৰে অৱস্থিতি অনুভৱ কৰক আৰু সকলোবোৰেই কৰ্মব্যস্ততাৰ পৰা আজৰি হৈ মাটিৰ মাজত সোমাই পৰা যেন অনুভৱ কৰক। সোঁ বাহু, হাত, ভৰি, বাঁও বাহু, হাত-ভৰি, তপিনা, গোৰোহা আদি সকলো অংগই মাটিৰ মাজত সোমাই মাটিৰ দৰে স্থবিৰ হৈ পৰা যেন অনুভৱ, আকৌ এবাৰ কৰক। এই সময়ত মনটোক শাৰীৰীক দুখ কষ্ট বা সাংসাৰিক জেং-জঁট, ব্যস্ততা বা অশান্তিৰ কোনো কথালৈ ভাবি থাকিবলৈ নিদিব। মনটোক সম্পূৰ্ণৰূপে আজৰি কৰি লওক।

যদি কিবা চিন্তা আহে, তত্ক্ষাণাত আপুনি আকৌ ভাবিবলৈ ধৰক, আপোনাৰ শৰীৰৰ সোঁ ফালটো মাটিত সোমাই পৰিছে, বাঁও ফালটোও তেনেকৈ সোমাই পৰছে, শৰীৰৰ মাজ খণ্ড, মূৰটো, চকু, কাণ সকলোকে পাৰ্থিৱ যাতনাৰ পৰা আঁতৰাই আনক। এনে ধৰণে শৰীৰ আৰু মন বিষয়-বাসনাৰ পৰা আঁতৰ কৰি এক অভিনৱ উন্মুক্ত অৱস্থা অনুভৱ কৰক। এই সময়ত উশাহ-নিশাহ লওক। এইভাৱে উশাহ-নিশাহ লওঁতে আপোনাৰ পেটটো এবাৰ ওপৰলৈ উঠিব আৰু এবাৰ তললৈ নামিব। কোনো লৰালৰি নাই, সময় নষ্ট কৰা বুলি নাভাবিব। যদি আপুনি মনটো চিন্তা-ভাৱনাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে তেনেহ’লে ক্ষন্তেক হ’লেও যিখিনি সময় পাৰিছে এয়াই শৱাসনৰ শুভ মুহূৰ্ত, প্ৰতিদিনে অভ্যাস কৰক আৰু এই মুক্ত অৱস্থা সদায় বঢ়াবলৈ চেষ্টা কৰক। এই মুক্ত অৱস্থা যিমানেই দীঘলীয় হয় শৱাসনৰ পৰা উপকাৰ সিমানেই বেছি পোৱা যায়। মানুহক টেনছন্ (উত্তেজনা) মুক্ত কৰি ৰাখে।

উপকাৰিতা

শৱাসনৰ ফলত মন আৰু শৰীৰৰ সিৰ-উপসিৰ, স্নায়ুমণ্ডলী, মাংসপেশী আদিয়ে সম্পূৰ্ণ জিৰণি পায়। নিম্ন ৰক্তচাপ, গেষ্ট্ৰিকৰ কষ্ট, হাঁওফাঁও, হৃত্পিণ্ড আৰু মানসিক ৰোগত ভোগাসকলে শৱাসন কৰিলেই অচিৰেই শুভ ফল লাভ কৰিব, শৰীৰৰ যেতিয়া বল নোহোৱা হোৱা যেন লাগে, সোনকালে ভাগৰ লাগে, অৱসাদ আহি পৰে, শৱাসন কৰিলে সুস্থ অনুভৱ কৰিব, গাত বল পাব। হঠযোগৰ শৱাসন এটা গুৰুত্বপূৰ্ণ, দেখাত অতি সহজ, প্ৰকৃততে বৰ কঠিন আসন। কঠিন এই কাৰণেই যে মনটোক কোনো চিন্তাত নথকাকৈ ৰখাটো সহজ নহয়। কিন্তু অভ্যাসত পৰিণত হ’লে সকলো সহজ হৈ পৰে। যিমানেই বেছি সময় মনৰ পৰা চিন্তা-ভাৱনা দূৰ কৰি ৰাখিব পাৰি সিমানেই শৱাসনৰ পৰা দ্ৰুতফল লাভ কৰিব পাৰি।

যোগীসকলে শৱাসনৰ ওপৰত অতি গুৰুত্ব আৰোপ কৰে। কিছুমানে যৌগিক যিকোনো আসন কৰাৰ পাছতে শৱাসন কৰিবলৈ উপদেশ দিয়ে। কিন্তু আজি আমি বৰ ব্যস্ত মানুহ। আগৰ মানুহৰ দৰে আমাৰ সময় নাই। গতিকে ই সম্ভৱ নহয়। কিন্তু সকলো আসন কৰাৰ পাছত শৱাসন কৰি আসনৰ প্ৰেকটিচ্ সমাপ্ত কৰিব পাৰি। তেতিয়া গোটেই আসন কৰোঁতে যিমান সময় যায় তাৰ এক চতুৰ্থাংশ সময় অংশ শৱাসনত দিব লাগে।

প্ৰাণায়াম

প্ৰাণায়াম প্ৰাৰম্ভিক কাৰ্য যিটো আমি সকলোৱে কৰোঁ। আমাৰ উশাহ-নিশাহ লোৱা কাৰ্যত আমি মন নকৰকৈয়ে এবাৰ উশাহ টানি লওঁ আৰু এবাৰ নিশাহ বাহিৰলৈ এৰি দিওঁ। অৰ্থাত্ আমি এবাৰ বতাহ নাকেৰে (কেতিয়াবা মুখেৰেও) ভিতৰলৈ টানি লওঁ আৰু পাছৰবাৰ তেনেকৈ বাহিৰলৈ বতাহ এৰি দিওঁ। আমি মন নকৰো। এইবোৰ এনেয়ে শৰীৰে কৰি থাকে। যদিও আমি এই কথালৈ কোনো চিন্তা-ভাবনা নকৰোঁ, আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱ কিন্তু গুৰুতৰ। যদি কিবাকৈ নাকত (মুখতো) সোপা লাগি ধৰে আৰু আমি উশাহ ল’ব নোৱাৰো, আমি ধোঁৱা-কোঁৱা দেখি যাম, মৃত্যুৰ সংকেত অনুভূত হ’ব। এই উশাহ-নিশাহ লোৱা প্ৰাকৃতিক কাৰ্যকে যোগীসকলে প্ৰণালীবদ্ধভাৱে কিছুমান নিয়ম-নীতিৰে সম্পাদন কৰি শাৰীৰিক তথা আধ্যাত্মিক উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে আৰু এই বিশেষ পদ্ধতিবোৰৰে নাম প্ৰাণায়াম। পদ্ধতি আৰু উদ্দেশ্য সাধনৰ লক্ষ্য ভেদে প্ৰাণায়ামবোৰৰ নাম বেলেগ বেলেগ হ’লেও ইয়াৰ তিনি প্ৰকাৰৰ ক্ৰিয়া প্ৰায় সকলোতে একেই, ৰেচক (নিশাহ এৰা), কুম্ভক (ধৰি থকা) আৰু পূৰক (উশাহ টানি লোৱা কাৰ্য)। বহুক্ষেত্ৰত কুম্ভক ক্ৰিয়া কৰা নহয়। স্বাস্থ্য ৰক্ষাৰ বাবে কৰা হঠযোগাভ্যাসৰ প্ৰাণায়ামতো কুম্ভক কৰা নহয়। হঠযোগৰ প্ৰাণায়ামৰ বাহিৰে ৰাজযোগৰ প্ৰাণায়ামত এই তিনিওবিধ ক্ৰিয়া কৰা হয় আৰু এইবোৰ ব্ৰহ্মতত্ত্ব উপলব্ধি আৰু আধ্যাত্মিক বিকাশৰ বাবে কৰা হয়। যোগীসকলে বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুতেই পৰমব্ৰহ্মৰ স্থিতি অনুভৱ কৰে। সাধক সকলৰ মতে আমি যে উশাহ লওঁ তাতেই ‘ওম’ শব্দ উচ্চাৰিত হৈছে। এইবোৰ ভাবপ্ৰবণ কথা আমি ইমানতে এৰিম। কিন্তু এইখিনি উল্লেখ কৰি সাধকসকলে উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াৰ ওপৰত আৰোপ কৰা মহত্বৰ কথালৈ দৃষ্টিপাত কৰিব বিচাৰিছোঁ। প্ৰাণায়াম এক মহত্বপূৰ্ণ যৌগিক ক্ৰিয়া, ইয়াৰ বলত সাধকসকলে ধ্যানাসনত থাকি নিজকে মাটিৰ পৰা পৃথক কৰি ওপৰলৈ তুলি নি দেখুৱায় বুলি শুনিবলৈ পোৱা যায়।

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো প্ৰাণায়ামে বিশেষ শুভ ফল দেখুৱায়। হঠযোগৰ প্ৰাণায়ামক লঘু প্ৰাণায়াম বা সহজ প্ৰাণায়াম বুলিও জনা যায়। ইয়াকো ভিন ভিন প্ৰকাৰত অভ্যাস কৰা হয়। স্বামী শিৱানন্দ সৰস্বতী মহাৰাজে দহবিধ সহজ প্ৰাণায়ামৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰিও তেখেতে খোজকাঢ়ি গৈ থাকোঁতে কৰিব পৰা এবিধ ভ্ৰমণ প্ৰাণায়ামৰ কথাও উল্লেখ কৰিছে। মই ইয়াত মাত্ৰ চাৰিবিধ প্ৰাণায়ামৰ ক্ৰিয়া পদ্ধতিৰ বিষয়েহে উল্লেখ কৰিলোঁ। স্বাস্থ্য ৰক্ষাৰ বাবে যিকোনো ২-৩ বিধমান প্ৰেকটিচ্ কৰিলেই যথেষ্ট হ’ব।

প্ৰাণায়ামঃ ১ নং

পদ্ধতিঃ আমি আগতে পদ্মাসন আৰু বজ্ৰাসনৰ বিষয়ে আলোচনা কৰি আহিছোঁ। প্ৰাণায়াম কৰিবলৈ বহাৰ স্থিতিৰ বাবে তাৰে যিকোনো এবিধ গ্ৰহণ কৰিব পাৰি। মানুহ অলপ চুটি-চাপৰ হ’লে বা সকত হ’লে পদ্মাসনত বহিব নোৱাৰিবও পাৰে। যদি পাৰে পদ্মাসনত বহক, নোৱাৰিলে বজ্ৰাসনত বহক। যদি কোনোটোৱে ভাল নালাগে তেনেহ’লে ভৰি দুখন কোঁচাই লৈ সুবিধা মতে ৰাখি বহক। বাকী মূৰ, গল, ৰাজহাড়, হাত, হাতৰ আঙুলি আদি পদ্মাসনত থকাৰ দৰে থাকিব।

এতিয়া লাহে লাহে নিশাহ এৰক আৰু একেলেঠাৰিয়ে এৰিয়ে থাকক, দুয়ো নাকেৰে। তলপেটটোৰে ওপৰফালে হেঁচি থাকিব। নিশাহ এৰি থাকিব, লাহে লাহে যিমান সময়লৈ পাৰে নিশাহ ঠেলি বাহিৰ কৰিয়ে থাকক। যাতে হাঁওফাঁও সম্পূৰ্ণ খালী হৈ যায়। তালৈ মন কৰি তল পেটৰ মাংসপেশীবোৰ ওপৰলৈ ঠেলি হাঁওফাঁওত হেঁচা দি থাকিব। ই হ’ল ৰেচক প্ৰক্ৰিয়া। যেতিয়া দেখিব আৰু ঠেলিব নোৱাৰি, এক ছেকেণ্ড সময় একো নকৰাকৈ ৰৈ থাকক। ই হ’ল কুম্ভক প্ৰক্ৰিয়া। এতিয়া নিশাহ এৰোঁতে যি ধৰণে লাহে লাহে নিশাহ এৰিছিল, সেই একে গতিত, উশাহ ল’বলৈ আৰম্ভ কৰক। নিশাহ এৰি হাঁওফাঁও খালী কৰোঁতে যিমান সময় লাগিছিল সিমান সময়ত উশাহ লাহে লাহে টানি লৈ হাঁওফাঁও সম্পূৰ্ণ কৰক। ই হ’ল পূৰক প্ৰক্ৰিয়া। ৰেচক, কুম্ভক আৰু পূৰক- এই তিনিবিধ প্ৰক্ৰিয়াৰে এবাৰ প্ৰাণায়াম কৰা কাৰ্য সম্পূৰ্ণ হ’ল। ইয়াত অৰ্থাত্ হঠযোগত কুম্ভকত বেছি সময় থকাৰ আৱশ্যক নাই। কিন্তু উশাহ-নিশাহ এৰোঁতে বা উশাহ লওঁতে ঘপহকৈ নিশাহ এৰিব আৰু ঘপহকৈ তেনেকৈ উশাহ টানি ল’ব নালাগে। এই কথাটোলৈ মন কৰিব লাগে। যেতিয়া আৰু উশাহ টানিব নোৱৰা হয়, এক ছেকেণ্ড নিশাহ এৰক। তাৰ পাছত সাধাৰণভাৱে এবাৰ উশাহ-নিশাহ লওক। এবাৰ দীঘলীয়াকৈ নিশাহ এৰা আৰু এবাৰ দীঘলীয়াকৈ উশাহ লোৱা ব্ৰিডিং কচৰত কৰা হ’ল। এনেকৈ পোন্ধৰ বাৰ এই কচৰত কৰক।

এইখিনিতে হিচাপ ৰখাৰ কাৰণে এটা কাম কৰিব পাৰি। এবাৰ নিশাহ এৰোঁতে সংখ্যা একেলগে, বুলি হিচাপ কৰিলে প্ৰাণায়ামৰ কামবিলাক কৰি যাওক আৰু একেধাৰে এক-দুইকৈ গণি যাওক। আপুনি যেতিয়া ৬০ সংখ্যা গণিব আপোনাৰ প্ৰণায়ামটো ১৫ বাৰ কৰা হ’ব। আৰম্ভণিতে ১৫ বাৰ (৬০ সংখ্যালৈ) কৰিব নোৱাৰিলে ১০ বাৰেৰেও আৰম্ভ কৰিব পাৰে। পাছলৈ বঢ়াই ১৫ বাৰ বা ৬০ সংখ্যালৈ নিব পাৰি। এদিনত এবাৰ বহোঁতে ১৫ বাৰতকৈ বেছি প্ৰাণায়াম কৰিব নালাগে। এই প্ৰাণায়ামৰ পাছত ৫-১০ ছকেণ্ড সেই বহা অৱস্থাতে থাকি সাধাৰণভাৱে উশাহ-নিশাহ লৈ অন্য আসন বা প্ৰাণায়াম কৰিব পাৰি।

উপকাৰিতা

প্ৰাণায়াম কৰিলে গভীৰভাৱে দীঘল দীঘলকৈ উশাহ লোৱা হয়। গতিকে হাঁওফাঁওত বেছিকৈ বায়ু সোমায় আৰু বেছিকৈ ভিতৰৰ অশুদ্ধ বায়ু বাহিৰলৈ ওলাই আহে। অৰ্থাত্ অম্লজান ভিতৰলৈ বেছিকৈ যায় আৰু বিষাক্ত এঙাৰ গেছ শৰীৰৰ ভিতৰৰ পৰা ওলাই আহে। এই প্ৰাণায়াম কৰাৰ ফলত ৰক্ত সঞ্চালন প্ৰণালীৰ অংগ-প্ৰত্যংগবোৰৰ, ৰক্কবাহিকা নাড়ীৰ ভাল কচৰত হয়, অম্লজানৰ যোগান বৃদ্ধি হয়, ফলত তেজ চলাচল প্ৰক্ৰিয়া শুদ্ধ হয়। প্ৰাণায়ামৰ ফলত হজম শক্তি বাঢ়ে আৰু শৌচ কচা অসুখ দূৰ হয়। আধুনিক চিকিত্সা বিজ্ঞানেও ব্ৰিডিং কচৰতক স্বাস্থ্য ৰক্ষাৰ বাবে আৱশ্যক বুলি মানি লৈছে। বিশ্বস্বাস্থ্য সংস্থাৰ পুস্তিকাত প্ৰতিদিনে অন্ততঃ দহ মিনিট সময় দীঘল দীঘলকৈ গভীৰভাৱে উশাহ-নিশাহ লোৱাৰ উপদেশ দিছে। তাৰ বাবে এখন চকীত ৰাজহাড়, গল, মূৰ পোনাই লম্বৰ দৰে ৰাখি বহিব লাগে। পাছফালে হাত দুখন নি সোঁ হাতৰ তলুৱাৰে বাঁওহাতত খামুচ মাৰি ধৰিব লাগে যাতে শৰীৰটো ওপৰলৈ পোন হৈ থাকে আৰু চকুৰে সন্মুখৰ ফালে চাই থাকি দীঘল দীঘলকৈ লাহে লাহে উশাহ-নিশাহ ল’ব লাগে। এই ধৰণে উশাহ-নিশাহ লওঁতে তলপেটটো উঠা-নমাকৈ লৰ-চৰ কৰি থাকিব লাগিব।

প্ৰাণায়ামঃ ২ নং

মূৰৰ বিষ আমাৰ প্ৰায় সকলোৰে কেতিয়াবা হয়। বহুতে মূৰৰ বিষ বহুত সময় থকাৰ ভয়ত বিষনাশক পিল খায়। এইবোৰ এছপিৰিন, পেৰাচিটামল আদি বেদনাৰ অনুভূতি নাশ কৰা ঔষধৰ দ্বাৰা তৈয়াৰী। এই অভ্যাসে ঔষধৰ ওপৰত নিৰ্ভৰশীল স্বভাৱ গঢ়ি তোলে। ইফালে বেছি ঔষধ লোৱা ক্ষমতা শৰীৰৰ বাঢ়ি যায়। ফলত ঔষধৰ মাত্ৰা ক্ৰমাত্ বঢ়াই খাই থাকিব লগা হয়। শেষত এই ঔষধে পেটৰ অপূৰণীয় ক্ষতি কৰে। কিন্তু আমি এই প্ৰাণায়ামটি কৰি আৰাম লাভ কৰিব পাৰোঁ।

পদ্ধতি

পদ্মাসমত বহক। বজ্ৰাসনতো বহিব পাৰে। পদ্মাসনৰ বিৱৰণ প্ৰাণায়ামৰ আগত আছে চাই লওক। যদি বজ্ৰাসন কৰে তেনেহ’লে মজিয়াত (কাৰ্পেট বা কম্বলৰ ওপৰত) আঁঠুত ভৰি ভাঁজ লগাই ভৰি পতাত তপিনা থৈ বহক। ৰাজহাড়, গল, মূৰ লম্বৰ দৰে পোনাই বহিব। চকুৰ সমুখৰ ফালে পোনে পোনে চাই থাকিব। বাঁও হাতখন পোনাই লৈ (ভাঁজ নোহোৱাকৈ) বাঁও আঁঠুৰ ওপৰত হাতৰ তলুৱা লগাই থওক। সোঁ হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি ভাঁজ লগাই হাতৰ তলুৱাত লগাওক। কনিষ্ঠা আঙুলি আৰু চতুৰ্থ আঙুলি লগ লগাই পোনাই টানি ধৰক। এতিয়া সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁ নাকৰ ফুটাটোত হেঁচা দি ধৰি বন্ধ কৰক আৰু বাঁও নাকৰ ফুটাৰে লাহে লাহে গভীৰভাৱে নিশাহ এৰি থাকক। বতাহ বাহিৰলৈ ঠেলি ঠেলি হাঁওফাঁওৰ পৰা সমস্ত বায়ু বাহিৰ কৰি দিয়ক। নিশাহ এৰা কামটো একেধাৰে কৰি থাকিব। যেতিয়া দেখিব আৰু ঠেলি বতাহ উলিয়াই দিব নোৱাৰি এক ছেকেণ্ডৰ বাবে ৰওক। পেটটো খালী হৈ ভিতৰলৈ সোমাই যোৱা যোন অনুভৱ কৰিব। এতিয়া ধীৰে ধীৰে উশাহ টানি ল’বলৈ আৰম্ভ কৰক। উশাহ টানি লৈ থাকক যেতিয়ালৈ পেটটো ফুলি উঠা যেন নালাগে, হাঁওফাঁও বায়ুৰে ভৰি নপৰে। যেতিয়া দেখিব আপুনি আৰু উশাহ টানি ল’ব নোৱাৰে কেই ছেকেণ্ডমান ৰওক আৰু বাঁও নাকৰ ফুটাটো সোঁ হাতৰ কনিষ্ঠা আৰু অনামিকা আঙুলিৰ যোৰাৰে হেঁচি ধৰি বন্ধ কৰক আৰু সোঁ নাকৰ ফুটাৰে আগৰ দৰে নিশাহ এৰিবলৈ আৰম্ভ কৰক। এই নিশাহ এৰিবলৈ ধৰাৰ আগলৈকে আপোনাৰ এবাৰ প্ৰাণায়াম সমাপ্ত হ’ল। নিশাহ ত্যাগ আৰু উশাহ গ্ৰহণ। তেনেকৈ ২০-২৫ বাৰমান কৰক। যদি আপুনি ১-২ কৈ গণে নিশাহ এৰোঁতে এক আৰু উশাহ লওঁতে দুই আকৌ নিশাহ এৰোঁতে তিনি আৰু উশাহ লওঁতে চাৰিকৈ গণি ৪০-৫০ লৈ গণক। ইয়াতকৈ বেছি কৰিলেও কোনো ক্ষতি নকৰে বৰং উপকাৰ বেছিহে হ’ব। মূৰৰ বিষ কম নপৰালৈ কৰি থাকিব।

উপকাৰিতা

সকলো প্ৰাণায়ামৰ উপকাৰিতা, ৰক্তশোধন আৰু ৰক্তসঞ্চালন গঠন প্ৰণালীক সবল কৰণ। পৰিষ্কৃত আৰু অম্লজান মিশ্ৰিত ৰক্ত শৰীৰৰ অংগ-প্ৰত্যংগলৈ সৰবৰাহ হ’লে শৰীৰ বিভিন্নভাৱে দোষমুক্ত হৈ পৰে, পুষ্টি আৰু শক্তি লাভ হয়। এই প্ৰাণায়ামৰ দ্বাৰা সেই সকলোবোৰ শুভ ফল লাভ হোৱাৰ উপৰিও মূৰৰ বিষত ই আৰাম দিয়ে, যেনেকৈ ৩ নং প্ৰাণায়ামটো গল আৰু পিঠিৰ বিষৰ বাবে নিৰ্দ্দিষ্ট। যিসকলে মূৰৰ বিষত ঔষধ খোৱাত অভ্যস্ত হৈ পৰিছে, ঔষধ খাই এই প্ৰাণায়ামটো প্ৰথমতে অভ্যাস কৰিব আৰু ঔষধৰ মাত্ৰা কমাই আনি শেষত ঔষধ ত্যাগ কৰিব পাৰিব। এই প্ৰাণায়ামৰ আৰম্ভণিতেই, উপকাৰিতাৰ কথা কিছু পৰিমাণে আমি উল্লেখ কৰি আহিছোঁ। মূৰৰ বিষত, বহাৰ পজিছন লৈ বিশেষ কথা নাই, যত যেনেকৈ পাৰি ব্ৰিডিং কচৰত আৰম্ভ কৰি দিব পাৰি।

প্ৰাণায়ামঃ ৩ নং

পদ্ধতি

পদ্মাসনত বহক। উশাহ লৈ লৈ মূৰটো ওপৰলৈ উঠাওক। ঠিক মূৰৰ ওপৰৰ চিলিঙখন বা আকাশখনলৈ চাওক। উশাহ লোৱা সম্পূৰ্ণ কৰক। ছয় ছেকেণ্ডমান তেনেকৈ ৰওক আৰু তললৈ মূৰ নমাওক। নিশাহ ৰাখি ৰাখি এৰক (একেলেঠাৰিয়ে এৰি শেষ কৰি নিদিব)। চাৰি বাৰমান এৰিহে নিশাহ এৰা শেষ কৰিব। নিশাহ এৰি থাকোঁতে মূৰটোও লাহে লাহে তললৈ নি থাকক আৰু শেষ অৱস্থাত থুঁতৰিটো গলত লগাওক। উশাহ লৈ মূৰটো ওপৰলৈ উঠাওঁতে গণক ১ আৰু মূৰটো তললৈ নি থুঁতৰিটো গলধনত লগাওঁতে গণক ২, তেনেকৈ ৩, ৪ কৈ ৩০ সংখ্যা বা তাতোকৈ বেছি যি পাৰে গণিব আৰু সদায় এই সংখ্যালৈয়ে প্ৰাণায়াম কৰিব। থুঁতৰি গলধনত ৰাখি ছয় ছেকেণ্ড তেনেকৈ থাকিব।

উপকাৰিতা

এই আসন কৰিলে স্পণ্ডিলাইটিছ বা গল বা পিঠিৰ বিষ দূৰ হয়। ৰোগ বহু পুৰণি হ’লে শল্য চিকিত্সাৰ আৱশ্যক হ’ব পাৰে। আৰম্ভণিতে এই প্ৰাণায়াম কৰিবলৈ ল’লে আৰোগ্য হ’ব। আকৌ এই প্ৰাণায়াম কৰি থকা লোকৰ স্পণ্ডিলাইটিছ ৰোগ নহয়। আমাৰ দৈনিক কাম-বন কৰোঁতে আমি সদায় মূৰটো আগৰ ফালে হলাই থাকোঁ। সেয়েহে বয়স বাঢ়ি বাৰ্ধক্যকাল পালে মূৰটো আগৰ (তলৰ) ফালে হালিব খোজে। গতিকে বিপৰীত ধৰণৰ কাৰ্য, এই কচৰতবোৰ কৰিলে, ৰাজহাড়ত থকা অবিৰত হেঁচা কিছু পৰিমাণে কমে, ৰাজহাড়ে সকাহ পায়।

প্ৰাণায়ামঃ ৪ নং (ভ্ৰমণ প্ৰাণায়াম)

পদ্ধতিঃ খোজ কাঢ়ি ফুৰি এই প্ৰাণায়াম কৰিব পাৰি বাবে ইয়াক ভ্ৰমণ প্ৰাণায়াম বোলা হয়। ৰাস্তাত বা খোলা ময়দানত, খেলপথাৰত অথবা ঘৰৰ বাৰাণ্ডাত, পকা ঘৰৰ ছাদৰ ওপৰত খোজ কাঢ়ি কাঢ়ি এই প্ৰাণায়ামটি কৰিবলৈ স্বামী শিৱানন্দ সৰস্বতীয়ে পৰামৰ্শ দিছে। ৰাজহাড়, গল, মূৰ লম্বৰ দৰে পোনাই লৈ, চকুৰ দৃষ্টি আগৰ ফালে ৰাখি ভৰিৰে খোজ দিয়ক, মুখেৰে গণক এক আৰু নাকেৰে এবাৰ উশাহ টানক, আকৌ খোজ দিয়ক গণক দুই, নাকেৰে আৰু একটান উশাহ লওক, আকৌ খোজ আগবঢ়াওক, গণক তিনি, একটান উশাহ লওক, মনত ৰাখিব উশাহ একেলেঠাৰিয়ে লৈ থাকিব নালাগে, এৰি এৰি ল’ব কিন্তু ইয়াৰ মাজত নিশাহ এৰি নিদিব, উশাহকে লৈ থাকিব, আকৌ খোজ আগবঢ়াওক গণক চাৰি। নাকেৰে উশাহ টান মাৰক। ১, ২, ৩, ৪ কৈ চাৰি খোজ আগবঢ়াৰ পাছত এইবাৰ খোজ আগবঢ়াই নিশাহ ত্যাগ কৰি তেনেকৈ আগবাঢ়ি থাকক গণি থাকক আৰু নিশাহ এৰি থাকি চাৰি গণনাৰে নিশাহ ত্যাগ ক্ৰিয়াও শেষ কৰিব। এয়া ভ্ৰমণ প্ৰাণায়ামৰ এবাৰৰ ক্ৰিয়া সম্পাদিত হ’ল। এবাৰ বা দুবাৰ নিয়মিতভাৱে উশাহ-নিশাহ লৈ আকৌ অভ্যাস কৰক। আৰম্ভণিতে ৬ মিনিটমান প্ৰেকটিচ কৰিব। প্ৰথমতে উশাহ লওঁতে যিমান সময় যায় (সংখ্যা গণনাৰ সময় ৪)। নিশাহ এৰোঁতেও একে সময়তে নিশাহ শেষ কৰিব (সংখ্যা গণনাৰ সময় ৪)। পাছলৈ নিশাহ এৰাৰ সময় বঢ়াব। অৰ্থাত্ উশাহ লোৱাত ৪ নিশাহ এৰাত ৬ তাৰ পাছত ক্ৰমে বঢ়াই ৬-৮ আৰু শেষত ৮-১২ লৈ নিব। ৬ মিনিট অভ্যাস ভাল হৈ উঠিলে (২ মিনিট প্ৰথমে) তাৰ পাছত নৰ্মেল ব্ৰিডিং, আকৌ ২ মিনিট প্ৰেকটিচ আকৌ নৰ্মেল ব্ৰিডিং আকৌ প্ৰেকটিচ অৰ্থাত্ প্ৰেকটিচৰ সময়(২+২+২) বঢ়াই পাছলৈ ৯ মিনিট (৩+৩+৩) কৰিব তাৰ পাছত ১২ মিনিট ১৮ মিনিটকৈ নি আধাঘণ্টা বা এক ঘণ্টালৈও কৰিব পাৰে। ইফালে খোজ দিয়াৰ মাত্ৰা ৮-১০ সম্পূৰ্ণ অভ্যস্ত হৈ উঠিলে ১২-১৮ লৈ বঢ়াব। এয়ে খোজ দিয়াৰ সৰ্বশেষ মাত্ৰা। এইবোৰ প্ৰেকটিচ কৰোঁতে খোকোজা নলগা হলে ১২-১৮-ৰ আৰু হিচাপ নকৰি কেৱল প্ৰাণায়াম কৰি থাকিলেই হয়।

উপকাৰিতা

সাধাৰণ প্ৰাণায়ামত যিবোৰ উপকাৰ হয় সেই সকলোবোৰ উপকাৰ এই আসনৰ দ্বাৰাও উপলব্ধ হয়। হৃত্পিণ্ড, হাঁওফাঁও আদি দেহৰ ৰক্ষাকাৰী যন্ত্ৰবোৰ সবল হৈ উঠে, তেজ পৰিষ্কাৰ হয় আৰু শৰীৰৰ দুৰ্বলতা দূৰ হয়। হাঁপানি আদি ৰোগে শৰীৰটো আক্ৰমণ কৰিব নোৱাৰে। হেৰোৱা স্বাস্থ্য ঘূৰাই পাবলৈ আৰু শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈও এই প্ৰাণায়ামটি উপযোগী। বিশেষকৈ প্ৰৌঢ় কালত এই প্ৰাণায়ামটি মহোপকাৰী। স্বামী শিৱানন্দ সৰস্বতীয়ে কয় যে খোৱা খাদ্যত সংযত হ’লে কেৱল ভ্ৰমণ প্ৰাণায়ামৰ দ্বাৰাই দেহক ৰোগমুক্ত কৰি ৰখা যায়।

3.075
চাৰ্থে ক্ৰʼ Sep 13, 2017 08:20 PM

প্ৰাণায়ামৰ নামবোৰ উল্লেখ কৰিলে আৰু ভাল হʼলহেতেন..

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top