মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগাসনৰ আৱশ্যকতাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসনৰ আৱশ্যকতাঃ

যোগাসনৰ আৱশ্যকতাৰ বিষয়ে লিখা হৈছে

 

ভাৰতীয় সংস্কৃতিৰ ধৰোহৰ যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তথা ৰাষ্ট্ৰসংঘত স্বীকৃতি প্ৰদান কৰোৱাত যুগান্তকাৰী ভূমিকা পালন কৰিছিল ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰত্যেক বছৰৰ ২১ জুন তাৰিখটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনত সমাজৰ বিভিন্ন বৰ্গৰ মানুহে অংশগ্ৰহণ কৰিলে। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ভালেকেইগৰাকী ৰাজনৈতিক নেতাই যোগ কৰিলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিছো যে যোগে আমাৰ জীৱনলৈ ৰূপান্তৰ আনে। শাৰীৰিক, মানসিক তথা আধ্যাত্মিক সুস্থতা প্ৰদান কৰে। দৈনিক যোগাসন কৰা ব্যক্তি এজন কেতিয়াও অসামাজিক হ’ব নোৱাৰে। তেওঁ কেতিয়াও সমাজৰ অহিত চিন্তা কৰিব নোৱাৰে। সমাজৰ সকলোকে এক দৃষ্টিৰে চাব পাৰে। ‘শৰীৰমাদ্যং খলু ধৰ্মসাধনম’- শৰীৰেই সাধনাৰ ভিত্তিভূমি। হঠযোগৰ মতে দেহটো যন্ত্ৰ আৰু দেহক ধাৰণ কৰি আছে আত্মাৰূপী যন্ত্ৰীয়ে। দেহ আৰু দেহস্থ মন, বুদ্ধি আৰু অহংকাৰ প্ৰভৃতি এই আত্মাৰেই বিভূতি বা শক্তি। এই শক্তিৰ খেলাই চলিছে অহৰ্নিশে দেহযন্ত্ৰৰ ভিতৰত। যদি দেহৰ স্নায়ু, পেশী আৰু গ্ৰন্থিৰ কাৰ্যকাৰিতা স্বাভাৱিক থাকে, দোষমুক্ত থাকে, তেনেহ’লে এই দেহযন্ত্ৰৰ ভিতৰত আত্মাৰ দেৱভাব, ভাগৱতভাব স্ফুৰিত হৈ উঠিব। কিন্তু এই দেহযন্ত্ৰত ত্ৰুটি থাকিলে দেহ-মন পাশৱিক ভাৱৰহে লীলাভূমি হৈ উঠিব। উদাহৰণস্বৰূপে ক’ব পাৰি- যকৃতৰ ক্ৰিয়া স্বাভাৱিক নাথাকিলে মানুহৰ মেজাজ হয় খিটখিটীয়া, ব্যৱহাৰ হয় ৰুক্ষ, কৰ্কশ। পিতৃগ্ৰন্থি (ছেক্স গ্লেণ্ড) স্বাভাৱিক নাথাকিলে, অতিক্ৰিয় বা স্বল্পক্ৰিয় হ’লে মানুহ হয় অত্যধিক কামুক আৰু স্বাৰ্থপৰ। মঙ্গলগ্ৰন্থি দোষযুক্ত হ’লে মানুহ হয় চোৰ, ডকাইত আৰু নৰঘাতক। শিৱসতী গ্ৰন্থি (পিটুইটাৰী) দোষযুক্ত হ’লে মানুহ হয় ক্ষুদ্ৰচেতা, পৰিছিদ্ৰান্বেষী, নিৰ্দয়, ঘোচখোৰ, ক’লাবজাৰী। এই কাৰণে দেহশুদ্ধি নহ’লে, দেহ ৰোগমুক্ত আৰু নিৰ্দোষ নহ’লে মনঃশুদ্ধি সম্ভৱপৰ নহয়, দেৱমনৰ অধিকাৰী হোৱা সম্ভৱপৰ নহয়। এইকাৰণে হঠযোগে উচ্চস্বৰে ঘোষণা কৰিছে- পৃথিৱীৰ কোনো মানুহেই বেয়া নহয়, আমি যাক বেয়া বুলি ভাবো, তেওঁলোক দুৰ্নীতিপৰায়ণ হোৱা স্বত্ত্বেও বেয়া নহয়; তেওঁলোকৰ দেহযন্ত্ৰ, দেহস্থ গ্ৰন্থি প্ৰভৃতিৰ ক্ৰিয়া দোষযুক্ত হৈছে কাৰণেই কুকৰ্ম আৰু কুচিন্তা তেওঁলোকৰ দ্বাৰা অনুষ্ঠিত হৈছে। নিৰ্দোষ পথ্য আৰু যোগক্ৰিয়াদিৰ সহায়ত দেহযন্ত্ৰৰ এই ত্ৰুটি অনায়াসে সংশোধন কৰি এনে লোকক ভাল কৰিব পাৰি। এইবাবেই হঠযোগে দেহশুদ্ধিৰ ওপৰত বিশেষভাৱে জোৰ দিছে। দেহ শুদ্ধ হ’লে মন শুদ্ধ হ’ব। এই শুদ্ধ মনেই আত্মোপলব্ধিৰ সহায়ক। কেৱল আধ্যাত্মিক উন্নতিৰ কাৰণে নহয়, ব্যাধি, জৰা আৰু বাৰ্ধক্যমুক্ত চিৰতৰুণ দেহ গঠনত, শক্তিশালী মন গঠনত যোগেই আমাৰ প্ৰধান সহায়। এই যোগবিদ্যাৰ আশ্ৰয় গ্ৰহণ কৰিলে মানৱজাতি চিৰদিনৰ কাৰণে জৰা, ব্যাধি আৰু অকাল মৃত্যুৰ কবলৰ পৰা অব্যাহতি পাব- দুখময় মৰ্ত্যজীৱন আনন্দময় হৈ উঠিব।

ভাৰতৰ ৰাজনৈতিক নেতাসকলে যোগাভ্যাস কৰিলে তেওঁলোকে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিব। নেতা-প্ৰশাসকসকলৰ এনে নিকা চৰিত্ৰই সমগ্ৰ প্ৰশাসন পদ্ধতিটোকেই সলাই পেলাব আৰু এখন আদৰ্শৱান তথা সুস্থ ভাৰতবৰ্ষ নিৰ্মাণ হ’ব।

মন প্ৰশান্ত বা নিশ্চল কৰাটোৱেই হৈছে যোগৰ মূল বস্তু। মন প্ৰশমনেই হ’ল সকলো কামতে নৈপুণ্য লাভৰ মূল চাবিকাঠি। মনক প্ৰশমন কৰা কিন্তু সহজ কাম নহয়। কাম, ক্ৰোধ, মায়াই ইয়াক নিৰন্তৰ প্ৰভাৱান্বিত কৰি নচুৱাই ফুৰে, এক্ষন্তেকো শান্তিৰে থাকিবলৈ নিদিয়ে। গতিকে ৰিপুসমূহ আয়ত্তৰ অধীনলৈ আনি মনক প্ৰশান্ত কৰোৱাত যোগৰ অৰিহণা অপৰিহাৰ্য। শৃংখলাবদ্ধভাৱে জীৱনটো গঢ় দি বহিৰ্মুখী ইন্দ্ৰিয়সমূহক সেইসমূহৰ বিষয়-বাসনাৰ থলীৰ পৰা আঁতৰাই আনি অন্তৰ্মুখী কৰি আমাৰ বিবেক-বিচাৰ-বুদ্ধি খটুৱাই এজন সুস্থ সামাজিক ব্যক্তি হিচাপে গঢ় দি তোলাত যোগৰ ভূমিকা উল্লেখনীয়।

প্ৰতিজন ৰাইজৰ প্ৰতিনিধিয়ে যদি জাত-ধৰ্ম নিজস্ব ৰাজনৈতিক তথা সামাজিক ভেদাভেদ পাহৰি যোগৰ জীৱনশৈলী গ্ৰহণ কৰে তেন্তে যোগৰূপী সঞ্জীৱনীৰ পৰশ পাই প্ৰতিজনেই নৈতিকতা, দয়া, ক্ষমা, কৰ্তব্যপৰায়ণতা, সততা, দুৰ্নীতিমুক্ত তথা নিৰৱচ্ছিন্নতাৰে কৰ্ম কৰাৰ শাৰীৰিক-মানসিক শক্তি লাভ কৰিব। লগতে কৰ্মনিপুণতা বাঢ়িব আৰু সময়-সুযোগৰ সঠিক জ্ঞান লাভ কৰিব। তেওঁলোক কেতিয়াও সমাজৰ শত্ৰু হৈ নুঠিব। তেতিয়াহে তেওঁলোকে সমাজৰ প্ৰতিজন ব্যক্তিৰ উপকাৰ সাধন কৰিব পাৰিব। তথা উপকাৰ কৰাৰ মানসিকতা থাকিব। নিজে অন্যায়-দুৰ্নীতি নকৰাৰ উপৰি সমাজৰ অন্যায়-অবিচাৰ আদিৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস জন্মিব।

(উৎসঃ খবৰ, পাৰ্থপ্ৰতিম দাস, ফোনঃ ৯৮৬৪৩-০৬৭৫৫)।

3.2380952381
Anonymous Jan 09, 2018 12:01 AM

Good written

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top