অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগৰ দ্বাৰা মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনঃ

যোগৰ দ্বাৰা মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনঃ

 

যোগ ৰূপী এটম বোমাটো খুব সম্ভৱ এই বছৰৰ ২১ জুন তাৰিখটোতেই ফুটিল নেকি (!!) যেতিয়া সমগ্ৰ বিশ্বই যোগৰ চিৰকৰুণাময়ী তথা তেজাল-তেজস্বী ৰথখনেৰে সমগ্ৰ পৃথিৱীখনকেই প্ৰেম তথা আৰোগ্যৰে কাবু কৰি পেলালে...। প্ৰসংগক্ৰমে উল্লেখ কৰিছো যে ৰাষ্ট্ৰসংঘই প্ৰতিবছৰেই এই ২১ জুনৰ দিনটো সমগ্ৰ পৃথিৱীতেই যোগ দিৱস হিচাপে পালন কৰি যাব, যিটো নিশ্চয়কৈ সকলোৰে বাবে এক শুভ লক্ষণ।

যোগাসনৰ আসনে আমাৰ শৰীৰটোক বজ্ৰতুল্য কৰি তোলে তথা শৰীৰটোক কষ্টসহিষ্ণু কৰি তুলি ফ্লেক্সিবল কৰে। ইপিনে মুদ্ৰাই আমাৰ দেহৰ অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থিবোৰ সক্ৰিয় আৰু সুস্থ-সবল কৰি ৰাখে। আনহাতে, প্ৰাণায়ামে আমাৰ শৰীৰৰ প্ৰাণশক্তিক অধিক শক্তিশালী কৰি তোলে। প্ৰাণায়ামে শৰীৰক প্ৰাণৱন্ত কৰে, দেহস্থ সকলো অংগ-প্ৰত্যংগৰ জীৱনী শক্তি বৃদ্ধি কৰে। ইয়াৰ উপৰি আমাৰ প্ৰাণকোষবোৰে অক্সিজেন ভালদৰে পাই অংগ-প্ৰত্যংগৰ সুস্থতা-সবলতাৰ শ্ৰীবৃদ্ধি হয়। উল্লেখ্য যে স্বামী ৰামদেৱে প্ৰাণায়ামক মহৌষধ বুলি বাৰে বাৰে অভিহিত কৰিছে। কেৱল প্ৰাণায়াম কৰিয়েই এজন ব্যক্তি সুস্থ-সবলভাৱে জীয়াই থাকিব পাৰে। আমি এই বায়ু গ্ৰহণ কৰিয়েই জীয়াই আছো, গতিকে ভাবক- এই বায়ুৰ কিমান শক্তি থাকিব পাৰে...। ইয়েই আমাক আৰোগ্য প্ৰদান কৰিব।

অসমীয়াত এষাৰ কথা আছে- ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’..। গতিকে প্ৰতিজন ব্যক্তিকে, জাতি-ধৰ্ম নিৰ্বিশেষে যদি সৰু কালৰে পৰাই যোগ শিক্ষা প্ৰদান কৰিব পৰা যায়, তেতিয়াহ’লে যোগৰূপী সঞ্জীৱনীৰ পৰশ পাই প্ৰতিজন ছাত্ৰই তথা দেশৰ অন্য নাগৰিকসকলেও নৈতিকতা, দয়া, ক্ষমা, কৰ্তব্যপৰায়ণতা, সততা তথা নিৰৱচ্ছিন্নতাৰে কৰ্ম কৰাৰ শাৰীৰিক-মানসিক শক্তি লাভ কৰিব লগতে কৰ্মত নিপুণতা বাঢ়িব আৰু সময়-সুযোগৰ সঠিক জ্ঞান লাভ কৰিব। সৰু অৱস্থাৰ পৰাই তেওঁলোকে এই মহৎ গুণবোৰ আয়ত্ব কৰিব পাৰিলে, ডেকা কালত তেওঁলোক কেতিয়াও সমাজখনৰ শত্ৰু হৈ নুঠিব।

নিয়মিতভাৱে শুদ্ধ অন্তৰেৰে যোগ কৰিলে, ই আমাৰ মানসিক জগতখনৰ উত্তৰণ ঘটায়। পৃথিৱীৰ সকলো মানুহ তথা সকলো জীৱই এক ঈশ্বৰৰ সন্তান বুলি তেওঁলোকে মানি লয় তথা সম্যক দৃষ্টিৰে সকলোকে আপোন ভাবি ল’ব পাৰে তথা আপোন কৰি ল’ব পাৰে। যোগৰ প্ৰাণায়াম, যোগ-নিদ্ৰাৰ দ্বাৰা আমাৰ চিন্তা শক্তি, স্মৰণ শক্তিৰ বিকাশ ঘটে তথা মগজু শীতল হৈ থকাৰ বাবে খং-ৰাগ, অত্যধিক কাম-প্ৰৱণতাক প্ৰশমিত কৰি ৰাখে। এনে লোকৰ ব্যৱহাৰ আদি কেতিয়াও কৰ্কশ হ’ব নোৱাৰে। সমাজৰ অন্যায়-অবিচাৰ আদিৰ বিৰুদ্ধে থিয় দিবৰ সৎ সাহস জন্মে।

বিজ্ঞানৰ যিমানেই উন্নতি নহওক কিয়, কিন্তু বিজ্ঞানৰ কুফল-ৰূপী প্ৰদূষণে প্ৰায় সকলোকে গ্ৰাস কৰি পেলাইছে। তাতে আকৌ খাদ্যত ভেজালকৰণ হৈছে। ইপিনে গোলকীয় উষ্ণতা দিনক-দিনে বাঢ়ি আছে। গৰমত অসহনীয় গৰম তথা ঠাণ্ডাত প্ৰচুৰ ঠাণ্ডা। প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগিব, সেইটো সঁচা। কিন্তু তাৰ লগে লগে আমি আমাৰ শৰীৰটো বৰ্তমানৰ চৌপাশৰ বাতাবৰণৰ সৈতে খাপ খুৱাব পাৰিব লাগিব। যোগ কৰিলে অন্যান্য বহু উপকাৰিতাৰ উপৰি আমাৰ শৰীৰে গৰম-ঠাণ্ডা ভালদৰে Adjust কৰিব পৰাৰ ক্ষমতা আছে।

ইয়াতেই যোগৰ গুৰুত্বটো আহি পৰিছে। মৃত্যু চিৰন্তন সত্য। কিন্তু জীৱনৰ প্ৰকৃত সাৰ্থকতা আছে আমি এটা নিৰোগী দেহ-মন লৈ জীয়াই থকাটো। যোগ কৰাৰ সময় নাই বুলি কেতিয়াও নক’ব। ভাৰতৰ চিৰতৰুণ স্বনামধন্য মাননীয় প্ৰধানমন্ত্ৰীয়ে যদি নিয়মিতভাৱে পুৱা সোনকালে উঠি, ইমান ব্যস্ততাৰ মাজতো যদি যোগ কৰিব পাৰে, তেন্তে আপুনি-ময়ো নিশ্চয়কৈ কৰিব পাৰিমহঁক। সময় নহয় প্ৰকৃতাৰ্থত সংকল্পৰহে প্ৰয়োজন...।

গতিকে আহক, দৈনিক সময় অনুযায়ী কিছু যোগ কৰক আৰু ঈশ্বৰে দিয়া পৰমায়ুখিনি ভালদৰে উপভোগ কৰক।

(উৎসঃ খবৰ, পাৰ্থপ্ৰতিম দাস, ফোনঃ ৯৮৬৪৩-০৬৭৫৫)

শেহতীয়া উন্নীতকৰণ: : 12/21/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate