অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগৰ দ্বাৰা সুখ-শান্তি আৰু সমৃদ্ধি

যোগৰ দ্বাৰা সুখ-শান্তি আৰু সমৃদ্ধি

‘নাষ্টি মুদ্ৰাসমং কিঞ্চিত সিদ্ধিদং ক্ষিতিমণ্ডলে’

এই পৃথিৱীত মুদ্ৰাৰ সমান সফলতা দিব পৰা আৰু অন্য কোনো কৰ্ম নাই। এই মুদ্ৰাসমূহৰ বিশেষ মহত্ত্ব আছে। আসনসমূহৰ বিকশিত ৰূপেই হৈছে মুদ্ৰা। আসনসমূহত ইন্দ্ৰিয়সমূহৰ প্ৰাধান্য বেছি আৰু মুদ্ৰাত প্ৰাণৰ প্ৰাধান্য বেছি। অগ্নি, বায়ু, আকাশ, পৃথিৱী আৰু জলতত্ত্ব অৰ্থাৎ এই পঞ্চতত্ত্বৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ড নিৰ্মিত হৈছে। ঠিক সেইদৰে আমাৰ শৰীৰটোকো পঞ্চতত্ত্বৰ দ্বাৰা ভাগ কৰিব পৰা যায়। মুদ্ৰাবিজ্ঞানৰ মতে এই হস্তমুদ্ৰাৰ দ্বাৰা শৰীৰৰ গ্ৰন্থিসমূহ, অবয়ৱ তথা তাৰ ক্ৰিয়াসমূহ নিয়মীয়াকৰণ তথা সূক্ষ্ম শক্তিসমূহ জাগৰিত হয়। হস্তমুদ্ৰাই তাৎক্ষণিক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। এই মুদ্ৰাসমূহ পদ্মাসন, বজ্ৰাসন, সুখাসন তথা সিদ্ধাসনত বহি কৰাৰ উপৰিও উঠোঁতে-বহোঁতে, থিয় হৈ থাকিলে বা ঘূৰা-ফুৰা কৰি থাকোঁতেও কৰিব পৰা যায়। এই মুদ্ৰাসমূহ কৰোঁতে যিকেইটা আঙুলিৰ কাম নাথাকে, সেই আঙুলিকেইটা চিধাকৈ ৰখা দৰকাৰ। প্ৰতিদিনে মুদ্ৰাসমূহ দহ মিনিটৰ পৰা পঞ্চল্লিছ মিনিট কৰিব পৰা যায়। সেইবাবে প্ৰাণায়ামসমূহ কৰোঁতে হাতখন প্ৰয়োজনীয় যিকোনো মুদ্ৰাত ৰাখি কৰিব পাৰিলে প্ৰাণায়ামৰ লগে লগে মুদ্ৰাসমূহ কৰাও শেষ হ’ব। বেলেগকৈ সময়ৰ প্ৰয়োজন নহ’ব। বুঢ়া আঙুলিটোৱে অগ্নিতত্ত্ব, তৰ্জনীয়ে বায়ুতত্ত্ব, মধ্যমাই আকাশতত্ত্ব, অনামিকাই পৃথিৱী তত্ত্ব আৰু কনিষ্ঠই জলতত্ত্বক প্ৰতিনিধিত্ত্ব কৰে।

মুদ্ৰাসমূহ

জ্ঞান বা ধ্যান মুদ্ৰা, বায়ু মুদ্ৰা, পৃথিৱী মুদ্ৰা, শূন্য মুদ্ৰা, অপান মুদ্ৰা, অপান বায়ু মুদ্ৰা, প্ৰাণ মুদ্ৰা, সূৰ্য্য মুদ্ৰা, লিংগ মুদ্ৰা, বৰুণ মুদ্ৰা, ধাৰণা শক্তি মুদ্ৰা। এই মুদ্ৰাসমূহৰ উপৰিও আৰু বহু মুদ্ৰা আছে। কিছু মুদ্ৰা আমি যোগ-প্ৰাণায়মৰ লগতে পূজা-পাঠ আৰু নৃত্যতো ব্যৱহাৰ কৰা দেখা পাওঁ। যেনে – খেছৰী মুদ্ৰা, ভূছৰী মুদ্ৰা, ওম্মনি মুদ্ৰা, অশ্বিনী মুদ্ৰা, যোনি মুদ্ৰা, শক্তিশালিনী মুদ্ৰা, বিপৰীতকৰণি মুদ্ৰা, যোগ মুদ্ৰা, ব্ৰহ্ম মুদ্ৰা, ত্ৰিবন্ধযুক্ত মুদ্ৰা, মহা মুদ্ৰা, আৱাহন মুদ্ৰা, কুৰ্ম মুদ্ৰা, অংকুশ মুদ্ৰা, ইহতিষ্ঠ মুদ্ৰা, ইহসন্নিধেহি মুদ্ৰা, ইহসন্মুখী মুদ্ৰা, মৎস মুদ্ৰা, ধেনু মুদ্ৰা, সংহাৰ মুদ্ৰা।

মুদ্ৰাসমূহ কৰা নিয়ম আৰু লাভ

জ্ঞান বা ধ্যান মুদ্ৰা

বুঢ়া আঙুলিৰ তলুৱাৰ প্ৰথম পাবটো মগজুৰ লগত সম্পৰ্ক। তৰ্জনী আঙুলিৰ আগটো বুঢ়া আঙুলিৰ আগত স্পৰ্শ কৰি বাকী আঙুলিকেইটা চিধাকৈ ৰাখিব লাগে।

লাভ

মন স্থিৰ হয় আৰু মগজু সুস্থিৰ হয়। স্মৃতিশক্তি বৃদ্ধি হয়, একাগ্ৰতা বাঢ়ে, মনোযোগ বৃদ্ধি হয়, চঞ্চলতা দূৰ হয়। বিশেষকৈ ধ্যান কৰিবলৈ অতি উপযোগী মুদ্ৰা। পঢ়া ল’ৰা-ছোৱালীক অতি কমেও পাঁচ মিনিট এই মুদ্ৰা কৰাব লাগে। লগতে চকু বন্ধ কৰি দীঘল দীঘলকৈ উশাহ-নিশাহ ল’ব লাগে।

বায়ু মুদ্ৰা

বুঢ়া আঙুলিৰ গুৰিত তৰ্জনী আঙুলিৰ আগটো লগাই বুঢ়া আঙুলিৰে চেপি ধৰিব লাগে আৰু বাকী তিনিটা আঙুলি চিধাকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰাৰ দ্বাৰা সমস্ত বায়ু তথা বিষ সম্বন্ধীয় ৰোগ যেনে – গেছ, এচিডিটি, সন্ধিবাত, কম্পবাত, আৰ্থাইটিজ, চাইটিকা, আঁঠুৰ বিষ তথা যিকোনো গাঁঠিৰ বিষ দূৰ হয়। ৰক্ত সঞ্চালন নিয়মীয়া হয়। ডিঙি আৰু মূৰৰ বিষৰ বাবে লাভদায়ক।

পৃথিৱী মুদ্ৰা

বুঢ়া আঙুলিৰ আগত অনামিকা আঙুলিৰ আগটো লগাই বাকী তিনিটা আঙুলি পোনকৈ ৰাখিব লাগে। এয়াই হৈছে পৃথিৱী মুদ্ৰা।

লাভ

এই পৃথিৱী মুদ্ৰাত নিয়মিত কিছু সময় থাকিব পাৰিলে শাৰীৰিক দুৰ্বলতা আঁতৰ হয়। শকত মানুহৰ ওজন কমে আৰু ক্ষীণ মানুহৰ ওজন বাঢ়ি ভাৰসাম্য ৰক্ষা হয়। শৰীৰত ফুৰ্তি তথা কাম কৰাৰ স্পৃহা বাঢ়ে। সাত্ত্বিক গুণৰ বিকাশ হয়, হজম শক্তি বৃদ্ধি পায়, জীৱনীশক্তি বৃদ্ধি কৰে তথা ভিটামিনৰ অভাৱ দূৰ কৰে।

শূন্য মুদ্ৰা

মধ্যমা আঙুলিৰ আগটো বুঢ়া আঙুলিৰ গুৰিত লগাব লাগে। তাৰ পাছত মধ্যমা আঙুলিটো বুঢ়া আঙুলিৰে সামান্য হেঁচি ধৰি বাকী আঙুলিকেইটা পোনকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰাৰ দ্বাৰা কাণেৰে নুশুনা, কম শুনা তথা বিষ থাকিলে ভাল হয়। পঞ্চল্লিছ মিনিটমানকৈ নিয়মিত কৰিব পাৰিলে ভালকৈ কাণেৰে শুনা হয়। অস্থিসমূহৰ দুৰ্বলতা, ডিঙি, থাইৰয়ড আৰু হৃদৰোগৰ কাৰণেও লাভদায়ক।

অপান মুদ্ৰা

বুঢ়া আঙুলিৰ আগটোত অনামিকা আৰু মধ্যমা আঙুলিৰ আগটো স্পৰ্শ কৰাব লাগে। বাকী দুটা আঙুলি পোনকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰাৰ দ্বাৰা শৰীৰ নিৰ্মল হয় তথা অপৰিষ্কাৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ হৈ যায়। এই মুদ্ৰাৰ দ্বাৰা বায়ু তথা পেটৰ ৰোগ, গাঁঠিৰ বিষ, বৃক্কৰ দোষ, মুত্ৰৰোগ তথা মধুমেহ ৰোগ ভাল হয়। হৃদৰোগৰ বাবেও লাভদায়ক।

অপান বায়ু মুদ্ৰা

তৰ্জনী আঙুলিৰ আগটো বুঢ়া আঙুলিৰ গুৰিৰে হেঁচি দি মধ্যমা আৰু অনামিকা আঙুলিৰ আগটো স্পৰ্শ কৰাব লাগে। শেষৰ আঙুলিটো পোনকৈ ৰাখিব লাগে।

লাভ

বাতবিষ তথা হৃদৰোগৰ বাবে লাভজনক। গেছ, এচিডিটি, মূৰৰ বিষ, উচ্চ ৰক্তচাপৰ বাবে লাভদায়ক। ছিৰিৰে বগোৱাৰ পাঁচ মিনিটমানৰ আগতে এই মুদ্ৰা কৰিলে অনায়াসে বগাব পাৰে।

প্ৰাণ মুদ্ৰা

কনিষ্ঠ আৰু অনামিকা আঙুলিৰ আগটো বুঢ়া আঙুলিৰ আগটোৰে স্পৰ্শ কৰিব লাগে। বাকী দুটা আঙুলি পোনকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰা কৰিলে শৰীৰ মন প্ৰফুল্লিত হয় তথা প্ৰাণৰ সুপ্ত শক্তিৰ জাগৰণ হয়। দৃষ্টিশক্তি বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ভিটামিনৰ অভাৱ দূৰ হয় তথা ভাগৰুৱা ভাব আঁতৰি নৱ শক্তিৰ সঞ্চাৰ হয়। উপবাসে থাকিলে এই মুদ্ৰা কৰিব লাগে। ভোক-পিয়াহৰ পৰিমাণ কমিব। জ্ঞান মুদ্ৰাৰ লগত কৰিলে নিদ্ৰা নিয়ন্ত্ৰিত হয়।

সূৰ্য্য মুদ্ৰা

অনামিকা আঙুলিৰ আগটো বুঢ়া আঙুলিৰ গুৰিত লগাব লাগে। বুঢ়া আঙুলিৰে অনামিকা আঙুলিটো চেপি ধৰি বাকীকেইটা পোনকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰাৰ দ্বাৰা মেদবহুলতা নিয়ন্ত্ৰিত হয়। শৰীৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগতে হজম শক্তি বৃদ্ধি হয়। মানসিক চাপমুক্ত হয়। কলেষ্ট’ৰেল কমি যায়, শক্তি বৃদ্ধি হয়, লিভাৰ তথা মধুমেহ ৰোগ প্ৰতিৰোধ কৰে।

লিংগ মুদ্ৰা

দুয়োখন হাত মুঠি মাৰি বাঁও হাতৰ বুঢ়া আঙুলিটো থিয়কৈ ৰাখি বাকী আঙুলিকেইটাৰে পৰস্পৰে পৰস্পৰক জোৰকৈ হেঁচি ধৰিব লাগে।

লাভ

ইয়াৰ দ্বাৰা শৰীৰৰ উষ্ণতা বৃদ্ধি হয়। ঠাণ্ডা লাগিলে বেছিকৈ কৰিব পৰা যায়। কাহ-পানীলগা, ছাইনাছ, কফ তথা নিম্ন ৰক্তচাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। এই মুদ্ৰা বেছি সময় কৰিব নালাগে তথা পানী বা ফলৰ ৰস বেছিকৈ খাব লাগে।

বৰুণ মুদ্ৰা

বুঢ়া আঙুলিৰ আগটো কনিষ্ঠ আঙুলিৰ আগটোৰ লগত স্পৰ্শ কৰি বাকী আঙুলিকেইটা পোনকৈ ৰাখিব লাগে।

লাভ

এই মুদ্ৰাৰ দ্বাৰা ছালৰ ৰুক্ষতা আঁতৰ হয়। চৰ্মৰোগ নিৰ্মূল হয়। ছালৰ কোমলতা বৃদ্ধি পায়। ৰক্ত বিকাৰ দূৰ হয়। মানুহৰ ছালৰ কোমলতা বৃদ্ধিৰ লগতে চেহেৰা ধুনীয়া হয়।

ধাৰণা শক্তি মুদ্ৰা

এই মুদ্ৰাৰ দ্বাৰা আমাৰ উশাহ-নিশাহ হাওঁফাওঁত অধিক সময় ধৰি ৰাখিব পাৰি। বুঢ়া আঙুলিৰ নখৰ আগটো তৰ্জনী আঙুলিৰ আগটোৰে টিপা মাৰি ধৰি ৰাখি দীঘলকৈ উশাহ ল’ব লাগে। উশাহ ধৰি ৰাখি বুঢ়া আঙুলিৰ দ্বিতীয় পাবটো তৰ্জনী আঙুলিৰে চেপি ধৰিব লাগে। লাহে লাহে বুঢ়া আঙুলিৰ গুৰিটো তৰ্জনী আঙুলিৰে চেপি ধৰি উশাহ বন্ধ কৰি ৰাখিব লাগে। দেখিব সহজভাবে অধিক সময় উশাহ-নিশাহ বন্ধ কৰি ৰাখিব পৰা যায়। এজন মানুহে বহু সাধনাৰ বলত সাত মিনিট পৰ্য্যন্ত উশাহ-নিশাহ নোলোৱাকৈ থাকিব পৰা ক্ষমতা অৰ্জন কৰিব পাৰে।

লাভ

আয়ুস বৃদ্ধি হয়। হাওঁফাওঁত অধিক সময় উশাহ বন্ধ কৰি ৰখাৰ ফলত অধিক প্ৰাণবায়ু লাভ কৰিব পৰা যায়। শৰীৰত ৰক্ত বৃদ্ধি তথা শক্তি বৃদ্ধি হয়।

এই হাতৰ মুদ্ৰাসমূহ সকলোৱে সহজভাবে কৰিব পাৰে তথা যথেষ্ট লাভান্বিত হ’ব পাৰি। ইয়াৰ উপৰিও হাতৰ মুদ্ৰাৰ লগতে আন বহু মুদ্ৰা আছে যদিও সকলোবিলাক সহজভাবে কৰিব পৰা নাযায়। অভিজ্ঞ যোগ গুৰুৰ ওচৰত শিকি লৈহে প্ৰয়োগ কৰা যুগুত।

লেখক: বিতুমণি গোস্বামী, প্ৰিয় সখী।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate