মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যৌৱন ঘূৰাই পাবলৈ তেজ সলনিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যৌৱন ঘূৰাই পাবলৈ তেজ সলনিঃ

যৌৱন ঘূৰাই পাবলৈ তেজ সলনি কৰাৰ বিষয়ে লিখা হৈছে

 

যুৱকৰ তেজ বৃদ্ধ শৰীৰত ভৰাই ল’ব পাৰিলেই ঘূৰাই পাব যৌৱন। শুনিবলৈ যদিও কোনো পৌৰাণিক কালাযাদুৰ কাহিনী যেন লাগিছে, বাস্তৱত আচলতে কিন্তু এয়াই ঘটিছে। তাকো আকৌ যুক্তৰাষ্ট্ৰত। অদ্ভুত এই তেজ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ নাম ‘এমব্ৰোচিয়া’। এই পদ্ধতিত যুৱ কোনো ৰক্তদাতা বা বিক্ৰেতাৰ শৰীৰৰ তেজ নি বৃদ্ধৰ শৰীৰত প্ৰৱেশ কৰাব লাগে। আৰু তেজ দানৰ পৰা আৰম্ভ কৰি তেজ গ্ৰহণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত স্বাস্থ্য সুৰক্ষাৰ সকলো প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। বিজনেছ ইনছাইডাৰৰ খবৰ অনুসৰি যুক্তৰাষ্ট্ৰৰ বহু চিকিৎসালয়ত এমব্ৰোচিয়া পদ্ধতিৰে তেজ সলনিৰ অনুমোদন দিয়া হৈছে। এই সকলো চিকিৎসালয়ত আঠ হাজাৰ ডলাৰৰ বিনিময়ত এই তেজ সলনি প্ৰক্ৰিয়া আৰম্ভ হয়। এমব্ৰোচিয়া নামৰ তেজ সলনিৰ এই প্ৰক্ৰিয়াৰ উদ্ভাৱক হৈছে কাৰমাজিন নামৰ এজন চিকিৎসক ব্যৱসায়ী। এম আই টি টেকন’লজী আলোচনীত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, এক সুদীৰ্ঘ সময়ৰ সাধনাৰ ফল এই প্ৰক্ৰিয়া। তেওঁ ২০১৩ চনৰ এটি চিকিৎসা সাময়িকীত এই এমব্ৰোচিয়া পদ্ধতি সম্পৰ্কে এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনত মানুহৰ দেহৰ যোৱনপ্ৰাপ্তিৰ বাবে তেজত থকা জি ডি এফ ১১ নামৰ এই প্ৰ’টিন কোষক দায়ী কৰা হৈছিল। প্ৰতিবেদনখনত পাৰাবায়’ছিছ নামৰ এটি পদ্ধতিৰ বিষয়ে কোৱা হৈছিল য’ত তেজ সলনিৰ মাধ্যমেৰে বয়সিয়াল তেজেৰে যুৱ তেজ পৰিবাহিত হয়। ইয়াত বৃদ্ধ তেজৰ উপাদানবোৰ পুনৰুজ্জীৱিত হয়। কাৰমাজিনৰ মতে, কেৱল এই তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই এই চিকিৎসা পদ্ধতি আৰম্ভ হোৱা নাই। ইয়াৰ পাচত সুদীৰ্ঘ পৰীক্ষা-নিৰীক্ষা হৈছে এই তত্ত্বটিৰ ওপৰত। ইউনিভাৰ্ছিটী অব্ কেলিফৰ্নিয়াৰ স্বাস্থ্য বিভাগৰ গৱেষকসকলে দীৰ্ঘ গৱেষণা কৰিছে এই বিষয়ে। অৱশেষত ২০১৫ চনত মাৰ্কিন স্বাস্থ্য বিভাগে এমব্ৰোচিয়া চিকিৎসা পদ্ধতিৰ অনুমোদন জনাইছে। কাৰমাজিনে ইয়াকো কয় যে, এই চিকিৎসা পদ্ধতিৰে কেৱল যে যৌৱন ঘূৰাই অনা হয়, এনে নহয়, এলঝেইমাৰকে ধৰি বিভিন্ন জটিল চিকিৎসাতো এই পদ্ধতি সহায়ক হয়। তথাপি মাৰ্কিন মুলুকত এই চিকিৎসা পদ্ধতিৰ বিৰোধিতাও কৰিছে অনেকে। তাৰপিছতো বৃদ্ধসকল এই চিকিৎসা পদ্ধতিৰ প্ৰতি আগ্ৰহী হৈ উঠিছে।

(উৎসঃ সাদিন, সাদিন ফিচাৰ্ছ)।

2.90243902439
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top