মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰা

শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰাৰ বিষয়ে লিখা হৈছে

 

যোগনিদ্ৰা যোগৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়। ই এক প্ৰকাৰৰ গভীৰ ধ্যান। ইয়াৰ দ্বাৰা শৰীৰ আৰু মনক যথেষ্ট পৰিমাণে বিশ্রাম দিব পাৰে। ধ্যান আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা বিষয় নহয়। ঠিক একেদৰে যোগনিদ্ৰাও আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা বিষয় নহয়। ইয়াৰ বাবে নিজৰ সাধনা আৰু তপস্যাৰ প্রয়োজন।

যোগনিদ্ৰাৰ বাবে আৱশ্যকীয় দিশবোৰ

 

  • যোগনিদ্রা প্রকৃতিৰ মুকলি পৰিৱেশ বা বতাহ চলাচল কৰিব পৰা কোঠাৰ ভিতৰত কৰিব পাৰি।
  • যোগনিদ্ৰা কৰা স্থানত সুমধুৰ লঘু সংগীতৰ মূৰ্চ্ছনাৰ প্রয়োজন।
  • যিকোনো এটা বিশ্রামদায়ক আসনৰ প্ৰয়োজন।
  • শ্বাস-প্রশ্বাসৰ গতিবিধি নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
  • শৰীৰটো সম্পূৰ্ণৰূপে শিথিল কৰিব লাগে।
  • মন নিয়ন্ত্ৰণ কৰি ৰখা প্রয়োজন।
  • অন্তৰ্দৃষ্টিৰে সৰ্বশৰীৰৰ ওপৰত নিৰোগী ভাৱনা ৰাখিব লাগে।
  • নিজকে অতি সুখী, শান্ত আৰু পবিত্ৰ বুলি অনুভৱ কৰিব লাগে।
  • মনৰ ভিতৰত এটা সাত্ত্বিক ভাৱনাৰ সৃষ্টি কৰিব লাগে।
  • দৈহিক আৰু মানসিক চিন্তা কৰি আত্মচেতনা উপলব্ধি কৰিব লাগে।
  • পবিত্ৰ মন আৰু আত্মাক ব্ৰহ্মজ্ঞানমুখী কৰিব লাগে।

যোগনিদ্ৰাৰ বৈজ্ঞানিক দৃষ্টিভংগী

 

যোগনিদ্ৰাৰ সময়ত ‘ওমকাৰ ধ্বনি’ৰ কম্পনে গোটেই দেহৰ অংগবোৰ আন্দোলিত কৰে। যাৰ প্ৰভাৱে শৰীৰত অৱস্থিত অষ্টচক্ৰৰ মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধি, আজ্ঞা, বিন্দু আৰু সহস্ৰাৰ চক্রসমূহ জাগৰণ ঘটাই কুণ্ডলিনী শক্তি আহৰণত সহায় কৰে। ইয়াৰ ফলত জীৱনৰ প্রকৃত জ্ঞান আৰু প্রজ্ঞাৰ সন্ধানত মন স্থিৰ হয়। ওমকাৰ ধ্বনিয়ে মগজুৰ গুৰুত্বপূর্ণ অংশ, থেলামাছ, হাইপ’থেলামাছ, চেৰিব্রাম আৰু চেৰিবেলামৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰি সমগ্ৰ মগজুক বিশ্ৰাম প্ৰদান কৰে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে ধ্যানৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা ইতিমধ্যে বহু তথ্য পোৱা গৈছে। ধ্যানৰ সময়ত মগজু আৰু শৰীৰৰ আন অংশত বীটা তৰংগ ৰ প্ৰভাৱ কমি যায়, যাৰ ফলত কোনো এটা বিষয় বা বস্তুৰ ওপৰত একান্তভাৱে ধ্যান কেন্দ্রীভূত কৰিব পৰা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই ধ্যানৰত অৱস্থাত লোৱা ই.চি.জি. আৰু এম.আৰ.আই. পৰীক্ষাসমূহৰ ফলাফলত প্রকাশ হয় যে, ধ্যানে মানুহৰ দৈহিক প্রভাৱ পেলায়। যিয়ে মানুহৰ জীৱনৰ গতিবিধি সলনি কৰিব পাৰে। এই কথাও স্পষ্ট হয় যে মগজুৰ দুৰ্বল, অকামিলা আৰু বিশৃংখল কোষবোৰৰ আন্তঃগাঁঠনি পুনৰ সবল ৰূপত গঢ়ি উঠে আৰু পূৰ্বৰ দৰেই কার্য কৰিবলৈ লয়। ধ্যান বা যোগনিদ্ৰাৰ সময়ত মগজুৰ স্নায়ুবোৰত সৃষ্টি হোৱা মৃদু কম্পনে নেতিবাচক চিন্তাত অৰিহনা যোগোৱা ৰাসায়নিক পদার্থবোৰ সৃষ্টি হোৱাত বাধা দিয়ে।

সাৱধানতা

 

  • আগতীয়া অভ্যাস নাথাকিলে যোগনিদ্রা ৩০ মিনিটতকৈ দীঘলীয়া নকৰিব।
  • কফ আৰু স্নায়ুজনিত ৰোগ থাকিলে যোগনিদ্ৰাৰ সময়ত শৰীৰত ঠাণ্ডা লাগিবলৈ নিদিব।
  • সংগীত বজাওঁতে সাৱধান হ’ব যাতে মানসিক শক্তি প্রবাহত কোনো ব্যাঘাত নজন্মে।
  • কোঠাৰ ভিতৰত অভ্যাস কৰিলে ধূপ-ধুনা বা চাকি নজ্বলাব।

যোগনিদ্রা কেনেকৈ অভ্যাস কৰিব?

  • যোগনিদ্ৰাৰ বাবে প্রথমে ঠাই বাছি লওক। প্ৰকৃতিৰ মুকলি পৰিৱেশত থকা নিৰৱ নিস্তব্ধ ঠাই বা এটা বায়ু চলাচল কৰা কোঠাত ক্ষীণ পোহৰৰ ছ’ডিয়াম বাল্‌ব জ্বলাই লওক নাইবা এগচি বন্তি জ্বলাই ৰাখক। বন্তিগচি খাটি সৰিয়হৰ তেল বা খাটি ঘিউৰ হ’ব লাগে।
  • যোগনিদ্ৰাৰ বাবে আসন ঠিক কৰি লওক| ধ্যানাসন, যেনে— পদ্মাসন বা সিদ্ধাসনত বহি লওক| এতিয়া বাওঁহাতৰ তলুৱাৰ ওপৰত সোঁহাত (তলুৱা ওপৰফালে কৰি) ৰাখক। দুয়ো হাতৰ বুঢ়া আঙুলি লগ লগাই দিয়ক যাতে দেখিবলৈ পদুমৰ পাহিৰ দৰে হয়। এতিয়া মেৰুদণ্ড পোন কৰি ৰাখি সৰ্বশৰীৰ শিথিল কৰি দিয়ক। নিজৰ মনক আজ্ঞা চক্ৰত (কপালত ফোট লোৱা স্থানত) নিয়ন্ত্ৰণ কৰি ৰাখক। শ্বাস-প্রশ্বাস গভীৰ আৰু ধীৰ গতিত ৰাখক। নাইবা শিৱাসনত শুই লওক। শৰীৰ পোনকৈ ৰাখি শিথিল কৰি দিয়ক।
  • খুব গভীৰ ভাৱে তিনিৰ পৰা পাঁচবাৰ ওমকাৰ ধ্বনি জপ কৰক| প্রতিবাৰত একোটাকৈ দীঘলীয়া উশাহ (শ্বাস) লওক।
  • এতিয়া শৰীৰটোৰ সকলোবোৰ অংগ-প্রত্যংগৰ কথা ভাবিবলৈ ধৰক। যাতে প্ৰতিটো অংগ দেহত সুস্থ, সবল আৰু শান্তিপ্রিয় হৈ আছে। প্রথমে ভৰিৰ নখবোৰৰ কথা ভাবক, তাৰ পিছত ভৰিৰ তলুৱা আৰু পতা, ভৰিৰ গাঁঠিবোৰ, ক’লাফুল, আঁঠু-উৰু, কঁকালৰ সন্ধি, যৌনাংগ, নাভি, পেট, মেৰুদণ্ড, পিঠি, বুকু, ডিঙি, থুতৰি, মুখ, নাক, কাণ, চকু, ছাল, চুলি (মূৰৰ অগ্ৰ অংশ) লৈ। ইয়াৰ পিছত পুনৰ মূৰৰ অগ্ৰ অংশ (চুলি)ৰ পৰা দেহৰ নিম্ন অংশ ভৰিৰ নখলৈ একান্তমনে ভাবক। নিজৰ শৰীৰত কোনো ৰোগ-ব্যাধি নাই বুলি মনক প্রবোধ দিয়ক। নির্মল, শান্ত, সুশোভিত আৰু পবিত্র স্থানত সমগ্ৰ দেহ এতিয়া বিশ্রামৰ বাবে শুই পৰিছে| (ভাৱনাবোৰৰ মাজে মাজে একোটা গভীৰ আৰু দীঘলীয়া উশাহ ল’ব)।
  • সুবিধাজনক হ’লে যোগনিদ্ৰাৰ সময়ছোৱাত নিম্ন কম্পনাংকৰ সুমধুৰ সংগীত বজাই ৰাখিব লাগে। এনে সংগীত কেৱল ‘মিউজিক থেৰাপি’ হিচাপে ব্যৱহাৰ কৰিব| যাতে যোগনিদ্ৰাৰ সময়ত মন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। এতিয়া সংগীতৰ লহৰৰ সৈতে মিল থকা কোনো ঘটনাৰ অনুসন্ধান কৰিবলৈ ধৰক। ঘটনাবোৰ যাতে প্রকৃতি, প্রকৃতি প্রেম, মানৱ প্রেম আৰু ঈশ্বৰ মুখী প্রেম হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব।
  • প্রকৃতিৰ ৰূপ, সৌন্দর্য বা ভগৱানৰ দিব্য মহিমাৰ বিষয়ে এটি কাহিনী ‘মিউজিক প্লেয়াৰ’ত অতি কম শব্দত বজাই লওক। এনে কাহিনীবোৰ ৰসাল কাব্যিক কণ্ঠত ৰেকৰ্ডিং হোৱা হ’ব লাগে। প্রথমে কাহিনীটো শুনি তাৰ প্ৰতিচ্ছবিৰ জীৱন্ত ৰূপ এটা নিজৰ মনৰ মাজলৈ আনিব লাগে। এইদৰে গৈ গৈ কাহিনীৰ অন্তত পুনৰ যোৱা বাটেৰে ঘটনাবোৰ বিপৰীত ক্ৰমে পুনৰাবৃত্তি কৰি নিজৰ মনৰ মাজলৈ উভতি আহক। মনটো আজ্ঞাচক্ৰত ৰাখক।
  • পাৰ্মিং পদ্ধতিৰে (দুয়োখন হাত মূৰৰ ওপৰলৈ উঠাই হাতৰ তলুৱা জোৰেৰে ঘঁহি দিয়া কাৰ্য) দুয়োহাতেৰে তলুৱাৰ উত্তাপ মুখমণ্ডলত লাহে লাহে লগাই দিয়ক। এতিয়া অতি শান্তভাৱে লাহে লাহে চকুযুৰি মেলি প্ৰকৃতিৰ সেউজীয়া ৰূপ দৰ্শন কৰক। এই পদ্ধতিয়ে হ’ল যোগনিদ্ৰা। যোগনিদ্ৰাৰ শেষত প্ৰায় ১০-১৫ মিনিট সময়লৈ দ্বিতীয় ব্যক্তিৰ সৈতে কথা-বতৰা পাতিব নালাগে।
  • যোগনিদ্ৰাৰ সময় নিম্নতম ২০-৩০ মিনিট হ’ব লাগে। ইয়াক প্ৰতিদিনে পুৱা-গধূলি অভ্যাস কৰিব পাৰি।

উপকাৰ

  • যোগনিদ্ৰাই পূৰ্ণ হাৰত শাৰীৰিক আৰু মানসিক বিশ্ৰাম প্ৰদান কৰে। দেহ, মন আৰু মগজু শীতল কৰি ৰাখে।
  • মানসিক সমস্যা যেনে-ডিপ্ৰেচন, টেনচন, অনিদ্রা, অধিক ক্রোধ, সকলো সময়তে মৌন হৈ থাকিবলৈ মন যোৱা, ভয় লগা, হীনমন্যতাত ভোগা, আদিৰ উপশম ঘটায়।
  • যোগনিদ্ৰাই ধ্যানশক্তি, ধৈৰ্য্যশক্তি, উৎসাহ, সাহস, আনন্দ আৰু মনোযোগ বৃদ্ধি কৰে।
  • যোগনিদ্ৰাই স্মৃতিশক্তিৰ লগতে মগজুৰ তথ্য বিশ্লেষণ শক্তি বৃদ্ধি কৰে। যাৰ বাবে বুদ্ধিমত্তা প্ৰখৰ হয়।
  • উচ্ছৃংখল মানসিক শক্তি নাশ কৰি শৃংখলাবদ্ধ মানসিক শক্তিৰ উত্থান ঘটায়। যাৰ বাবে উংচ্ছৃখলতাৰে পৰিপূৰ্ণ জীৱন শৃংখলাবদ্ধতাৰ মাজলৈ আহে।
  • যিসকলৰ ব্যক্তিৰ কৰ্মব্যস্ততা অতি বেছি, দিনটোৰ বেছি সময় কম্পিউটাৰ, টিভি আদি স্ক্ৰীণৰ সৈতে ব্যস্ত হৈ থাকে, তেওঁলোকৰ মগজুৰ বিশ্ৰামৰ বাবে আৰু ইয়াক পুনৰ উজ্জীৱিত কৰিবলৈ যোগনিদ্ৰাৰ অভ্যাস কৰাটো অতি প্রয়োজন।
  • যোগনিদ্ৰাৰ আটাইতকৈ গুৰুত্বপূর্ণ উপকাৰটো হ’ল ই সকলো সময়তে মানসিক শক্তিক সবল ৰূপত ধৰি ৰাখে৷ যাৰ বাবে শৰীৰত সহজতে ৰোগে আক্রমণ কৰিব নোৱাৰে।

লিখক: ৰংমন ৰংদৈ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.1935483871
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top