আদিকালৰে পৰা সৃষ্টিৰ উৎপত্তি আৰু স্থিতি ৰহস্যৰ আৱৰ্তত আছে আৰু কিমান দিনলৈকে এই ৰহস্য উদঘাটন নোহোৱাকৈ থাকিব তাৰ একো নিশ্চিয়তা নাই। কিন্তু সৃষ্টিৰ এই ৰহস্য উদঘাটনৰ কাৰণে যুগে যুগে মানুহে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আজিও এই ৰহস্য হৈয়ে আছে। পুৰণি পুথি-পাঁজিবিলাকৰ মতে এই পৃথিৱীৰ চৌৰাশী লাখ যোনিৰ ভিতৰত কেৱল মানুহহে বুদ্ধিমান। কিন্তু এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে যে, মানৱবুদ্ধিৰো সীমাবদ্ধতা আছে।
উদাহৰণস্বৰূপে সহবাসত স্ত্ৰী-পুৰুষ কোনোৱে যে তেওঁলোকৰ এই সহবাস কাৰ্যৰ পৰিণাম স্বৰূপে কোনো এটি মানৱ শিশু উৎপন্ন হ’ব নে নহয়। তেওঁলোকে এই কথাও নেজানে যে পুৰুষজনৰ শুক্ৰাণু বীজ হয়নে নহয় আৰু এই শুক্ৰাণুৱে স্ত্ৰীৰ ডিম্বাণু নিষেচন কৰিব পাৰিব নে নোৱাৰে। সহবাসত স্ত্ৰী-পুৰুষ দুয়ো এটা কথাই ভাবে যে তেওঁলোকৰ ভিতৰত কোনো এটিৰে উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা কোনো গুণৰে অভাৱ নাই। কিন্তু বাহ্যিকভাৱে দুটি পূণাংগ স্ত্ৰী-পুৰুষৰ মাজতো কিছু ক্ৰুটিৰ পৰিণতিতে তেওঁলোক এটি সন্তানৰ পিতৃ বা মাতৃ হ’ব নোৱাৰে। এনেধৰণৰ বুদ্ধিহীন মানুহে অজ্ঞানতাৱশতঃ অদৃষ্টকে ভাৰসা কৰি যুগে যুগে সংসাৰ ধৰ্ম পালন কৰি আহিছে।
এটি সন্তান উৎপাদনৰ কাৰণে প্ৰধানকৈ উপাদানৰ প্ৰয়োজন।
১)পুৰুষৰ এটি সুস্থ-সৰল, শুক্ৰাণু আৰু নাৰীৰ এটি ডিম্বাণু। সহবাস কালত পুৰুষৰ পৰা যি সামান্য পৰিমাণৰ বীৰ্য স্খলিত হয়, তাত ৬০ লাখৰ পৰা চাৰি কোটি পৰ্যন্ত শুক্ৰাণু থাকে। ইমানবোৰ শুক্ৰাণুৰ ভিতৰত মাত্ৰ এটি শুক্ৰাণুৰেহে স্ত্ৰী শৰীৰ অভ্যন্তৰৰ এটি পূৰঠ ডিম্বাণু নিষিক্ত কৰি এটি পূৰ্ণাংগ মানৱ শিশুৰে গৰ্ভ সৃষ্টি কৰে আৰু সময়ত এটি পূৰ্ণাংগ মানৱ শিশু ৰূপে মাতৃগৰ্ভৰ পৰা নিৰ্গমন হৈ ভূমিস্থ হয়। বাকীবোৰ অসফল শুক্ৰাণু প্ৰাকৃতিকভাৱেই নষ্ট হৈ পৰে।
তৰল বীৰ্যৰ মাজত অণুবীশণ যন্ত্ৰেৰে চালে লাখ লাখ শুক্ৰাণু সাঁতুৰি থকা দেখা যায়। এই শুক্ৰাণুৰ মূৰটো অপেক্ষাকৃত ডাঙৰ আৰু পাশ্চাদ অংশ ক্ৰমে ক্ষীণকায়। ইয়াৰ নেজডালে তৰল দ্ৰব্যৰ মাজত সাতোৰত বঠাৰ দৰে কাম কৰেগ। দুৰ্বল শুক্ৰাণুবিলাকৰ গতি দুৰ্বল আৰু সবল শুক্ৰাণুৰ গতি প্ৰতি ঘন্টাত সাত ভাগৰ এক ইঞ্চিৰ ওচৰা-ওচৰি হয়। এই সজীৱ আৰু সবল শুক্ৰাণুবিলাক তলৰ বীৰ্যৰ মাজত ৪৮ ঘন্টালৈকেও অধিক সময়লৈ জীয়াই থাকে। শীতল পৰিৱেশত এই শুক্ৰাণু সংৰক্ষিত হৈ থাকে আৰু অম্লীয় পৰিৱেশত ইহঁতৰ তৎক্ষণাত মৃত্যু ঘটে।
শুক্ৰধাতুত থকা শুক্ৰাণুৱেই ডিম্বাণু নিষিক্ত কৰি গৰ্ভধাৰণ কৰিব পাৰে- এই কথা প্ৰাচীন ঋষি-মুনিসকলে জানিছিল। শুক্ৰাণুক বীজ বুলি নামকৰণ কৰাৰ উল্লেখ অষ্টাংগ সংগ্ৰহত পোৱা যায়। ইয়াৰ উপৰি শুক্ৰাশয়, শুক্ৰ উৎপত্তি, অশুদ্ধ শুক্ৰৰ স্বৰূপ, গৰ্ভধাৰণত অক্ষম শুক্ৰবীজ আদি শব্দৰ বিতং বৰ্ণনা প্ৰাচীন গ্ৰন্থিবিলাকত পোৱা যায়।
অল্পশুক্ৰতা:
নিঃসন্তান পুৰুষৰ শৰীৰতো বীৰ্য থাকিব পাৰে। কিন্তু এই শুক্ৰাণুৰ অভাৱ বা অল্পশুক্ৰতাৰ ফলত এই শুক্ৰ সন্তান উৎপাদনৰ কাৰণে সক্ষম নহয়। শুক্ৰাণুৰ পৰিমাণ কম হোৱাৰ কাৰণে ইয়াৰ গতি আৰু গঠন আদিও স্বাভাৱিক নহয়গৈ। অত্যধিক হস্তমৈথুন, স্বপ্নদোষ, অধিক মৈথুন, শাৰীৰিক ব্যাধি, গুপ্ত যৌন ৰোগ, অধিক ৰক্তাল্পতা আৰু অন্য স্ত্ৰীসংসৰ্গজনিত ৰোগৰ ফলত শুক্ৰাণু দুৰ্বল হয় আৰু এই শুক্ৰাণুৰ গতি ডিম্বাণু পৰ্যন্ত পাব পৰাকৈ সমৰ্থ নহয়। তাৰোপৰি বীৰ্যবোৰৰ কিছু বিকাৰ, যেনে- বীৰ্যকোষত সৃষ্টি হোৱা টেমুনা, বীৰ্যনলীত থকা অবৰোধ, বীৰ্যনলীত জীৱাণুৰ সংক্ৰমণ আদিও শুক্ৰাণুৰ দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। যিসকল পুৰুষৰ এইবিলাক বিসংগতি সদায় থাকে, তেনে পুৰুষ চিৰদিনৰ কাৰণে অল্পশুক্ৰতাৰ চিকাৰ হ’ব পাৰে। সম্পূৰ্ণৰূপে অল্পশুক্ৰতা বা শুক্তহীনতা নিৰাময় হোৱাটো প্ৰায় অসাধ্য বুলি আয়ুৰ্বেদ আচাৰ্যসকলে কৈছে।
অৱশ্যে আংশিক অল্পশুক্ৰাণুতাত শুক্ৰাণুবৰ্ধক ঔষধ সেৱন কৰিলে শুক্ৰাণুবৃদ্ধি হ’ব পাৰে। কিন্তু যদি শুক্ৰৰ সংখ্যা ১০ লাখতকৈ কম হৈ পৰিছে, তেনেহ’লে ঔষধ প্ৰয়োগ কৰি শুক্ৰাণু বৃদ্ধিৰ বাবে কেইবামাহো লাগিব পাৰে আৰু কেতিয়াবা তেনে ৰোগীৰ ক্ষেত্ৰত এই ৰোগ নিৰাময় হোৱাৰ আশাও নেথাকিব পাৰে।
জন্মগত অল্পশুক্ৰাণু বা অশুক্ৰাণুজনিত ৰোগ নিৰাময় হোৱাটো প্ৰায় অসম্ভৱেই হয়। প্ৰতিদিনে অত্যধিক তীক্ষন উষ্ণ আহাৰ সেৱন কৰা লোকৰ শুক্ৰাণুৰ সংখ্যা ক্ৰমে কমি গৈ থাকে।
চিকিৎসা:
অল্পশুক্ৰাণু ৰোগৰ চিকিৎসা কৰোৱাৰ আগতে ৰোগীৰ শাৰীৰিক স্থিতি, শাৰীৰিক ব্যাধি আদি ভালদৰে পৰীক্ষা কৰি ল’ব লাগে আৰু যদি কিবা বিকাৰ ধৰা পৰে, তেনেহ’লে সেইবিলাক প্ৰথমে চিকিৎসা কৰাই ল’ব লাগে। ৰক্তাল্পতা, অজীৰ্ণ আদি প্ৰথমে চিকিৎসা কৰাই নিৰাময় কৰি ল’ব লাগে। ইয়াৰ পিছতহে শুক্ৰ বৃদ্ধিৰ কাৰণে চিকিৎসা কৰাব লাগে।
আয়ুৰ্বেদ আচাৰ্যসকলৰ মতে শুক্ৰাবৃদ্ধিকাৰক ঔষধ সেৱনৰ পূৰ্বে, শৰীৰটো ৰুগীয়া কৰি তোলা কাৰকবিলাক সম্পূৰ্ণকৈ নিৰ্মূল কৰি লোৱা উচিত। পঞ্চকৰ্ম চিকিৎসাৰে বিৰেচন কৰ্মৰ দ্বাৰা, শৰীৰৰ আভ্যন্তৰীণ মল শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া উচিত। বিৰেচনৰ আগতে ৩-৪ দিন ধৰি ক্ৰমশঃ ৪, ৬, ৮ আৰু দহ চামুচ ঘিউ ৰোগীক খুৱাব লাগে। চতুৰ্থ বা পঞ্চম দিনা ৰাতি বিৰেচনৰ অৰ্থে যিকোনো এবিধ ঔষধ ৰোগীৰ শাৰীৰিক শক্তি, প্ৰকৃতি অনুসৰি শিলিখাৰ গুড়ি, সোৱাদ বিৰেচন চূৰ্ণ, নিশোধচূৰ্ণ আদি বাছি ল’ব লাগে। পিছদিনা পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱাৰ পিছত শুক্ৰবৰ্ধক ঔষধিৰ সেৱন কৰোৱাৰ বাবে উপযুক্ত হৈ উঠে।
বিৰেচন কৰ্মৰ সলনি বস্তিকৰ্মও প্ৰয়োগ কৰিব পাৰি। শুক্ৰবৰ্ধক ঔষধিৰ মাজত শতাৱৰী, বিদাৰীকন্দ আদি বিভিন্ন ঔষধিৰ সমাবেশ ঘটে। ঔষধিবিলাকৰ চূৰ্ণ সমপৰিমাণত মিহলাই গাখীৰ আৰু চেনি মিহলাই দিলে এচামুচ পৰিমাণত একেৰাহে তিনি মাহ পৰ্যন্ত সেৱন কৰিব লাগে। এইদৰে ঔষধ খাই উঠাৰ পিছত শুক্ৰাণুৰ সংখ্যাবৃদ্ধি হৈছে নে নাই পৰীক্ষা কৰাই ল’ব লাগে। যদি আশানুৰূপ পৰিমাণত শুক্ৰবৃদ্ধি হৈছে, তেনেহ’লে ঔষধ সেৱন বন্ধ কৰিব লাগে। যদি পৰ্যাপ্ত মাত্ৰাত শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হোৱা নাই, তেনেহ’লে এই ঔষধ পুনৰ সেৱন কৰিব লাগিব।
আয়ুৰ্বেদিক ঔষধবিলাকৰ ভিতৰত কৌঞ্চপাক, নৰসিংহ চূৰ্ণ, কামদেৱ মোদক, ৰমন্দ্ৰ চূড়ামণি, ত্ৰৈলোক্য চিন্তামণিময় আদি এই ক্ষেত্ৰত বিশেষ ফলপ্ৰসূ।
ঔষধ সেৱন কালত মধুৰ ৰসযুক্ত আহাৰ, ঘিউ, গাখীৰ, মৌ আৰু বিবিধ ফল পেট পূৰাই সেৱন কৰা উচিত। চাবনপ্ৰাশৰ দৰে টনিকো খাই থাকিব পাৰে। টেঙা, মুখৰোচক মচলাযুক্ত, অধিক তেলত ভজা বস্তু, শুকান আৰু বায়ু বৃদ্ধি কাৰক খাদ্য সেৱন কৰা উচিত নহয়। মুৰ্গীৰ মাংস আৰু কণীও শুক্ৰবৃদ্ধিত সহায়ক বুলি ধৰা হয়। উৰদ দাইল, মগু দাইল, ক’লা কিচমিচ, কুঁহিয়াৰৰ ৰস আদিত যথেষ্ট পৰিমাণে খাব লাগে।
চিকিৎসা গ্ৰহণ কৰাৰ আগতে এই কথা জানি লোৱা উচিত যে বিবাহৰ পিছত যৌন ৰোগৰ আক্ৰান্ত হোৱা নাছিল আৰু ৰজস্বলা স্ত্ৰীৰ সংগলৈ যোৱা নাছিল। যদি ৰোগীৰ শৰীৰত অম্লতাৰ অধিক্য আছে, তেনেহ’লে ঔষধ সেৱনৰ দ্বাৰা সেই বিকাৰ নিৰ্মূল কৰি ল’ব।
চাহৰ দৰে জনপ্ৰিয় পানীয়ও শৰীৰত অম্লৰ উৎপাদন বঢ়ায়। সেয়ে ঔষধ সেৱনৰ আগতেই পানীয়ও ত্যাগ কৰক। শাস্ত্ৰীয় চিকিৎসাত ঘিউৰ দ্বাৰা চিকিৎসা অন্যতম প্ৰধান। প্ৰায় ৬ মাহ মান আন্তৰিকতা আৰু একাগ্ৰতাৰ চিকিৎসা ল’লে শুক্ৰাণুৰ পৰিমাণ বৃদ্ধি পাব আৰু আশা কৰা মতে হ’লে সুস্থ সবল শুক্ৰাণুৰ পৰাই সন্তান উৎপাদন কৰি জীৱনটো সাৰ্থক ৰূপত তুলি ধৰি সুখ আৰু আনন্দেৰে কটাব পাৰে।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 2/6/2023