অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য্য সাধনৰ বাবে যোগ সাধনা

সৌন্দৰ্য্য সাধনৰ বাবে যোগ সাধনা

দীৰ্ঘ জীৱন প্ৰাপ্তি আৰু সৌন্দৰ্য সাধনৰ বাবে আটাইতকৈ সুন্দৰ আৰু সহজ উপায় হ’ল যোগ সাধনা। যোগ চৰ্চাৰ মাধ্যমেৰে শাৰিৰীক, মানসিক, সামাজিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। ইয়ত শাৰিৰীক, মানসিক উন্নতিৰে কেনেকৈ সৌন্দৰ্য্য চৰ্চা আৰু দীৰ্ঘ জীৱন পাব পাৰি, সংক্ষেপে উল্লেখ কৰা হ’ল:

এজন ব্যক্তিৰ দেহ আৰু মন ৰোগাক্ৰান্ত হ’লে সুন্দৰ হ’ব নোৱাৰে। মন আৰু দেহ একেডাল এনাজৰীৰে বন্ধা। বিষাদ ভৰা মেঘাচ্ছন্ন মুখ শাৰিৰীক বা মানসিক বিকৃতিৰ বৰ্হিপ্ৰকাশ। দীৰ্ঘদিনীয়া বিষাদগ্ৰস্ততাই আমাৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থাটো একেবাৰে দুৰ্বল কৰি পেলায়। ফলত বিভিন্ন ৰোগে আমাক আক্ৰমণ কৰিব পাৰে। সেই কাৰণে যোগ শাস্ত্ৰত দেহ নিৰোগী, সুন্দৰ কান্তিময় কৰি ৰাখিবলৈ আৰু দীৰ্ঘজীৱন লাভ কৰিবলৈ মন নিয়ন্ত্ৰণ আৰু শৰীৰ নিয়ন্ত্ৰণ এই দুয়োটি কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ৰাজ যোগত সম্পূৰ্ণ মনশুদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰাজ যোগত মনক প্ৰধানকৈ তিনিভাগে বিভক্ত কৰা হৈছে। যেনে- চেতন, অৱচেতন আৰু অতিচেতন আৰু অতিচেতন। অৱচেতন মনতেই সকলো ধৰণৰ স্মৃতি, কল্পনা, বাসনা, আবেগ, অনুভূতি, দুখ-বেজাৰ, আনন্দ আদি সংস্কাৰ স্বৰূপে জীয়াই থাকে। গতিকে চেতন স্তৰত এজন মানুহক আন এজনে বুজিব নোৱাৰে যে তেওঁৰ অৱচেতন মনত কিহে ক্ৰিয়া কৰিছে। এই অৱচেতন মনত খেলা কৰা দুখ-বেদনা, উত্তেজনা, হতাশা আদিত দেহৰ স্পৰ্শকাতৰ স্নায়ু অস্বাভাৱিক ভাৱে সক্ৰিয় হৈ দেহ ৰোগাক্ৰান্ত কৰাৰ উপৰিও কেতিয়াবা মানসিক ভাৰসাম্যই নোহোৱা কৰিব পাৰে। গতিকে ৰাজ যোগৰ ধ্যান-ধাৰণাই এই বিষয়বিলাক উপলব্ধিৰ দ্বাৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে, যি পৰিষ্কৰণৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰিত হয়। ফলত শৰীৰে এটা অদ্ভুত শক্তি আহৰণৰ সুবিধা পায়, ফলত ৰোগ ব্যাধি দূৰীভূত হয়।

গভীৰ মানসিক উন্মাদনা, দুখ, প্ৰৱল আবেগ, খং আদিয়ে আমাৰ স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে, ফলত দেহস্থ পদ্ধতিবোৰৰ কাৰ্য্যত বিজুতি ঘটে। এই স্নায়ুৰ বিৰূপ ক্ৰিয়া ৰোধ কৰাৰ একমাত্ৰ উপায় হ’ল ৰাজ যোগৰ ধ্যান-ধাৰণা আৰু হঠ যোগৰ আসন, মুদ্ৰা, প্ৰাণায়াম আদি। গতিকে দেখা যায়, যোগ চৰ্চাই মানুহৰ মন প্ৰফুল্লিত কৰি দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত কৰে। যোগ শব্দৰ অৰ্থ হ’ল ‘মিলন’। অৰ্থাৎ আমাৰ দেহৰ একোটা অংগ-গ্ৰন্থিৰ কৰ্মৰ সৈতে আন অংগ-গ্ৰন্থিৰ কৰ্মৰ মিলন বা সম্বনয়েই যোগ। অৰ্থাৎ দেহৰ আভ্যন্তৰীণ আৰু বাহ্যিক এই দুই ক্ৰিয়াৰ মিলনেই হ’ল যোগ। এই সম্বন্বয় স্থাপন দীৰ্ঘস্থায়ী কৰি ৰোগবিহীন সুন্দৰ কৰ্মঠ দীৰ্ঘ জীৱন প্ৰাপ্তিৰ আটাইতকৈ সহজ উপায় হ’ল যোগ চৰ্চা।

যোগ চৰ্চাৰ পৰা পাব পৰা উপকাৰিতাসমূহ

  • বহুতো আভ্যন্তৰীণ জটিল ৰোগ নিয়ন্ত্ৰণ আৰু নিৰাময়, যেনে-হৃদয়, মানসিক, স্নায়ু গ্ৰন্থি, যৌন চৰ্ম ৰোগ আদি ভিতৰুৱা অনেক ৰোগ।
  • ই শৰীৰৰ দৈহিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰি দৈহিক ক্ৰিয়াৰ অন্তৰ্গত অস্বাভাৱিক ধ্বংসাত্মক ক্ৰিয়া ৰোধ কৰে। ফলত দীৰ্ঘ জীৱন প্ৰাপ্তি আৰু বাৰ্ধক্য অৱস্থাৰ বিলম্ব ঘটায়।
  • শৰীৰৰ প্ৰতিৰোধ ক্ষমতা অভাৱনীয়ভাৱে বৃদ্ধি হয়, যি অনুজীৱৰ (ভাইৰাছ আৰু বেক্টেৰিয়া) দ্বাৰা হোৱা ভয়াবহ সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰে।
  • ই প্ৰাকৃতিক উপায়েৰে আভ্যন্তৰীণ জটিল ৰোগ নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ উপায়।
  • ইয়াৰ সহায়ত আমি স্ব-ইচ্ছাৰে আমাৰ শৰীৰৰ আভ্যন্তৰীণ ক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰো।
  • ই আবেগ, ব্যাকুলতা, উত্তেজনা, দুখ-নিৰাশা, ক্ৰোধ-নিষ্ঠুৰতা নিয়ন্ত্ৰণ কৰে।
  • ই গভীৰ নিদ্ৰা অনাত সহায় কৰে।
  • যোগ চৰ্চাৰ বাবে বয়সৰ বাধা নাই।
  • ইয়াৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই।
  • ই বংশগত ৰোগো নিয়ন্ত্ৰণ কৰে।
  • দেহস্থ পদ্ধতিৰে কৰ্মক্ষমতা ৰক্ষা কৰে।
  • ই দেহৰ ৰোগাক্ৰান্ত অংগ-গ্ৰন্থিক ৰোগমুক্ত কৰি কাৰ্যক্ষম কৰে।
  • ই শিশু, ছাত্ৰ-ছাত্ৰী, যুৱ সমাজ আৰু পৌঢ় সমাজত চৰিত্ৰ গঠনৰ বিশেষ সহায়ক।
  • ই সামাজিক বিশৃংখলতা দূৰ কৰে।
  • নিচাযুক্ত অভ্যাস দূৰীকৰণত বিশেষ সহায়ক।
  • কৰ্মদক্ষতা বৃদ্ধি কৰে।
  • অতি কম খৰচতে ৰোগীয়ে জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।
  • যোগ সাধনৰ দ্বাৰা গৰ্ভৱতী মাতৃয়ে সুস্থ-সবল, নিৰোগী, মেধাসম্পন্ন শিশুৰ জন্ম দিব পাৰে।
  • ই মগজুৰ শুদ্ধচিত্ত, সক্ৰিয় আৰু সৃষ্টিশীল কৰিব পাৰে।
  • ই যোগচৰ্চাকাৰীক আত্মবিশ্বাসী, দৃঢ় আৰু সজীৱ কৰি তোলে।

ইয়াৰ বাহিৰেও যোগ সাধনৰ অনেক উপকাৰিতা আছে। সকলো উল্লেখ কৰা সম্ভৱ নহয়। এনেবিলাক উপকাৰিতাৰ ফলতেই মানৱ শৰীৰ সুন্দৰ, কৰ্মঠ, নিৰোগী আৰু দীৰ্ঘজীৱি হয়।

বাহ্যিক প্ৰসাধনৰ দ্বাৰা স্থায়ী সৌন্দৰ্য্য পাব নোৱাৰি। দেহৰ ভিতৰুৱা ৰোগ নিৰাময় তথা বিভিন্ন দেহস্থ আভ্যন্তৰীণ গ্ৰন্থি-অংগসমূহ সবল আৰু নিৰোগী হৈ উঠিলে স্থায়ীভাৱে বাহ্যিক আৰু আভ্যন্তৰীণ সৌন্দৰ্য বৃদ্ধি পাব। যোগ সাধনৰ অন্তৰ্গত আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যান আৰু শৰীৰ শিথিলকৰণ পদ্ধতিৰে দেহৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়ো কাৰ্য্যতে প্ৰভাৱ পেলাই দেহ সুখ আৰু আনন্দময় কৰি ৰাখে। কিন্তু অন্যান্য ব্যায়াম, মৰ্চিয়েল আৰ্ট, এৰ’বিক, সৌন্দৰ্য্য প্ৰসাধন আদিয়ে দেহৰ আভ্যন্তৰীণ গ্ৰন্থি-অংগক ৰোগমুক্ত কৰি সৌন্দৰ্য্য দান কৰিব নোৱাৰে।

এতিয়া এই অভ্যাসে নাৰীৰ সৌন্দৰ্য্য চৰ্চাত কেনেদৰে সহায় কৰে তাৰ কেইটিমান উদাহৰণ দাঙি ধৰিলো।

ইয়াৰ অভ্যাসত মাংসপেশী বহু বয়সলৈ সবল আৰু মজবুত হৈ থাকে। সাধাৰণ অৱস্থাত ৪০ বছৰৰ পাছৰ পৰা লাহে লাহে দেহত চৰ্বি বেছিকৈ  জমা হ’বলৈ ধৰে। লগতে মাংসপেশী শিথিল হৈ আহিবলৈ ধৰে। ফলত বয়সৰ চাপ পৰে। যোগ সাধনৰ দ্বাৰা বহু বয়সলৈ শৰীৰত বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰি। দেহৰ স্নায়ুতন্ত্ৰই দেহৰ সকলো আভ্যন্তৰীণ আৰু বাহ্যিক কৰ্ম নিয়ন্ত্ৰণ কৰে। যোগৰ সহায়েৰে স্নায়ুতন্ত্ৰক সবল কৰি শৰীৰৰ সকলো কৰ্ম সুচাৰুৰুপে নিয়ন্ত্ৰণ কৰাব পাৰি। ফলত দেহ সুন্দৰ হয় আৰু মন প্ৰফুল্লিত হয়। চৰ্মত থকা মেলান’চাইটি কোষবিলাকে যি ৰঙীণ পদাৰ্থ নি:সৰণ কৰে সেয়াই আমাৰ ছাল আৰু চুলিৰ ৰং ৰূপে প্ৰকাশ পায়। এই পদাৰ্থক মেলানিন বোলে। মেলানিন উৎপন্ন কাৰ্য্যত ব্যাঘাত জন্মিলে আৰু ছালৰ তৈল গ্ৰন্থিয়ে তৈল পদাৰ্থ উৎপন্ন কৰাত ব্যাঘাত জন্মিলে ছাল নিৰ্মলতা, ৰং, মসৃণতা আদিৰ অভাৱত নিষ্প্ৰাণ আৰু অনুজ্জ্বল হৈ পৰে। যোগ অভ্যাসৰ ফলত চৰ্মৰ মেলানিন আৰু তৈল পদাৰ্থৰ উৎপাদন ভাল হয়। এই মেলানিনৰ অভাৱতে আমাৰ চুলি অকালতে পকে বা ৰঙচুৱা হয়। নিয়মীয়া যোগাসনৰ যোগেদি প্ৰয়োজনীয় খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ আদি চুলিয়ে ব্যৱহাৰ কৰিবলৈ সুবিধা পায় আৰু তাৰ ফলত চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়। নাৰীয়ে বিবাহৰ পিছত যোগ অভ্যাস কৰাটো অতি প্ৰয়োজনীয়। কাৰণ বহু নাৰীৰ সন্তান প্ৰসৱৰ লগে লগে শাৰিৰীক সৌন্দৰ্য্য নোহোৱা হৈ আহে। সন্তান সম্ভৱা মাতৃসকলে প্ৰসৱ বেদনাত বেছি কষ্ট নেপাবলৈ যোগ অভ্যাস কৰা প্ৰয়োজন। প্ৰসৱৰ পিছত গৰ্ভাশয় আৰু পেটৰ মাংসপেশী শিথিল হৈ ওলমি পৰে। যোগ অভ্যাসৰ দ্বাৰা দেহৰ অতিৰিক্ত মেদ দ্ৰৱীভূত হয়, যি দেহ সুন্দৰ আৰু আটিল কৰি ৰাখে। স্নায়ুৰ নিৰ্দেশতেই পিটিউটাৰি গ্ৰন্থিয়ে প্ৰলাকটিন নামৰ গ্ৰন্থিৰস উৎপন্ন কৰে। এই গ্ৰন্থিৰসে মাতৃদেহৰ দুগ্ধ উৎপাদনতো সহায় কৰে।আকৌ পিটিউটাৰি গ্ৰন্থিয়ে আন দুটা হৰম’ন, যেনে-ফলিকোল উত্তেজক আৰু লিউটেইনাইজিং হৰমনৰ দ্বাৰা ডিম্বকোষৰ উৎপাদিত গ্ৰন্থিৰস যেনে, এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণৰ দ্বাৰাই নাৰী দেহৰ মাহেকীয়া ঋতু, গৰ্ভাৱস্থা আৰু যৌৱন নিয়ন্ত্ৰণ হয়। ঋতুৰোধ ৰোগ, অল্পৰজ: ৰোগ অনিয়মিত ঋতু ৰোগ, ৰক্তহীনতা, গৰ্ভস্খলন আদি ৰোগো যোগ অভ্যাসৰ দ্বাৰা নিৰাময় কৰিব পাৰি।

পুৰুষৰ ক্ষেত্ৰত স্নায়ুৰ নিয়ন্ত্ৰণত, পিটিউটাৰি গ্ৰন্থিৰ নিৰ্দেশত যৌন হৰমোন টেষ্টোষ্টেৰণ অণ্ডকোষত উৎপন্ন হয়। পুৰুষত্বও যোগ চৰ্চাৰে পৌঢ় অৱস্থালৈকে অটুত ৰাখিব পাৰি।

ল’ৰা-ছোৱালীৰ যৌৱন প্ৰাপ্তিৰ আগে পিছে যৌন গ্ৰন্থিসমূহে স্থিৰভাৱে গ্ৰন্থিৰস উৎপন্ন কৰিব নোৱাৰাৰ ফলত নানা যৌন সম্বন্ধীয় আহুকালৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় হ’ল এই যোগ সাধনা।

যোগ চিকিৎসা আৰু যোগ সাধনা এটি সম্পূৰ্ণ বিজ্ঞান, গতিকে ভুল হ’লে বিপদৰ আশংকা থাকে। গতিকে লক্ষ্য ৰাখিব যাতে কোনো সুবিধাবোগীয়ে কিঞ্চিৎ জ্ঞানেৰে এই শিক্ষা আনক নিদিয়ে। তেনেক্ষেত্ৰত শিক্ষাৰ্থীয়ে পাৰ্শ্ব-প্ৰতিক্ৰিয়াত ভুগিব পাৰে। গতিকে যোগ শিক্ষা দিয়া ব্যক্তিজন প্ৰকৃততে প্ৰশিক্ষিত হয়নে নহয়, মানৱ শৰীৰ সম্পৰ্কে তেওঁৰ জ্ঞান আছেনে নাই, এনেবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

লিখক: সঞ্জয় চলিহা, যোগ চিকিৎসক, নাহৰকটীয়া কলেজ ৰোড, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate