অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সহজ প্ৰাণায়াম

প্ৰণালী-১

সহজ প্ৰাণায়াম আৰু ভ্ৰমণ প্ৰাণায়াম নিয়মিতভাৱে কৰিলেহে আক্ৰান্ত হোৱা বেমাৰ আৰোগ্য হয়।

  • দীঘল হৈ শুই ভৰি হাত দুখন লগ কৰি ৰাখিব লাগে। তেনেকৈ হাত দুকাষে পোন কৰি দেহৰ দুকাষে স্থাপন কৰিব লাগে। উশাহৰ লগে লগে দুয়ো হাত ওপৰলৈ তুলি মূৰৰ পাছফালে লৈ যাব লাগে আৰু মূৰৰ সমান্তৰালকৈ ৰাখিব লাগে। ইয়াৰ পিছত উশাহ এৰাৰ লগে লগে হাত দুখন আগৰ ঠাইত আনিব লাগে। এনেকৈ ২ মিনিট মান কৰি থাকিব লাগে।
  • হাতৰ কাম বন্ধ কৰি ভৰিৰ কাম আৰম্ভ কৰিব লাগে। উশাহ লোৱাৰ লগে লগে সোঁ-ভৰি পোন ৰাখি সাধ্য অনুসৰি ওপৰলৈ তুলিব লাগে, আঁঠু যেন ভাঁজ নালাগে। ইয়াৰ পিছত উশাহ এৰি এৰি ভৰি নমাও আগৰ ঠাইত থ’ব লাগে। এইদৰে দুয়ো ভৰিৰে ২ মিনিট কৰিব লাগে।

উপকাৰিতা

এই প্ৰাণায়াম কৰিলে হৃদযন্ত্ৰ আৰু হাঁওফাঁও সবল হয়। বৃদ্ধলোকৰ হাত-ভৰিৰ বাতৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু সৰু ল’ৰা-ছোৱালীক পানীলগা চৰ্দি কাহৰ পৰা ৰক্ষা কৰে।

প্ৰণালী-২

যি কোনো আসনত বহি বা পোন হৈ থিয় হৈ এই প্ৰাণায়াম কৰিব লাগে। লাহে লাহে দুয়ো নাকেৰে উশাহ ল’ব লাগে, ইয়াৰ পিছত মুখেৰে সেই উশাহ এৰিব লাগে। মুখেৰে উশাহ এৰা শেষ হ’লে পুনৰ নাকেৰে উশাহ ল’ব লাগে। এইদৰে তিনি মিনিট কৰিব লাগে।

সুফল

এই প্ৰাণায়ামে হাওঁফাওঁৰ দোষ আতৰায় আৰু পাকস্থলী, যকৃতৰ দোষ আতৰায়।

প্ৰণালী-৩

যিকোনো ধ্যানসনত বা চকীত কামিহাড় পোন কৰি বহি দুয়ো নাকেৰে পূৰক আৰু বলেৰে উশাহ ল’ব লাগে, উশাহ শেষ হ’লে লাহেকৈ আৰু বলেৰে দুয়ো নাকেৰে উশাহ এৰিব লাগে। এই সময়ত মুখৰ তলভাগটো ডিঙিৰ লগত লগোৱা থাকিব। আকৌ উশাহ লোৱাৰ সময়ত মুখৰ তলফালটো আগৰ স্বাভাৱিক অৱস্থাত থাকিব। এইদৰে ৩/৪ মিনিট কৰিব লাগে।

সুফল

এই প্ৰাণায়াম অতি দৰকাৰী। চৰ্দি কাহ, ইনফ্লুয়েঞ্জা, টাইফয়েড, নিউমোনিয়া আদি বেমাৰ আক্ৰমণৰ প্ৰতিৰোধ কৰে।

প্ৰণালী-৪

একেদৰে যিকোনো ধ্যানসনত বহি উশাহ এৰি পেট বায়ুশূণ্য কৰি ল’ব লাগে। উশাহ এৰি দিয়া শেষ হ’লে উশাহ বন্ধ কৰি পেট আৰু নাভিত সাধ্য অনুসৰি কুঞ্চন কৰি থাকিব লাগে। কুঞ্চন কৰি থাকোতে মনত ৰাখিব লাগিব যাতে পেটৰ পেশীত স্বাভাৱিক টান লাগে। উশাহ লোৱাৰ লগে লগে কুঞ্চন কৰন এৰি দিব লাগে। পাঁচ-ছয় মিনিট এনেদৰে কৰিব লাগে।

সুফল

পেটৰ অজীৰ্ণ বেমাৰ, চৰ্বি আদি নিৰাময় কৰাত সহায় কৰে।

প্ৰণালী-৫

প্ৰথমে শৱাসনত গোটেই দেহটো শিথিল কৰি ল’ব লাগে। তাৰ পিছত হাত দুখন আঙুলি বদ্ধ কৰি নাভিৰ ওপৰত স্থাপন কৰিব লাগে। ইয়াৰ পিছত দুয়ো নাকেৰে লাহে লাহে উশাহ লোৱা আৰু এৰি দিয়া কাৰ্য কৰিব লাগে। এনেকৈ ৫ ৰ পৰা ৬ মিনিটলৈ কৰিব লাগে।

সুফল

এই প্ৰাণায়ামে নিৰোগী দেহ আৰু প্ৰৱল ইচ্ছাশক্তি সম্পন্ন বলিষ্ঠ মন গঠনত সহায় কৰে।

প্ৰণালী-৬

যিকোনো ধ্যানসনত বহি দুয়ো নাকেৰে উশাহ ল’ব লাগে। তাৰ পিছত ওঁঠ দুটা আগলৈ জোং কৰি জোৰে ৰৈ ৰৈ বায়ু ৰেচন কৰিব লাগে। এনেকৈ ৰৈ ৰৈ ৰেচন কাৰ্য কৰিব লাগে। আঠ দহ মিনিট অভ্যাস কৰিলে উপকাৰ পোৱা যায়।

সুফল

মুখৰ পক্ষাঘাত ব্যাধি নিবাৰণ কৰে। মুখ আৰু কন্টক বেমাৰৰ বীজাণু আঁতৰাই শ্বাসনলী সবল কৰি তোলে।

প্ৰণালী-৭

আগৰ দৰে এই প্ৰাণায়ামো যি কোনো আসনত বহি লৈ কৰিব লাগে। হাতৰ মধ্যমা আৰু তৰ্জনী আঙুলি ভাঁজ কৰি কৰি হাতৰ তলুৱাৰ লগত লগ কৰিব লাগে। ইয়াৰ পিছত বুঢ়া আঙুলিৰে সোঁ নাকেৰে বায়ু আকৰ্ষণ কৰিব লাগে। বায়ু আকৰ্ষণ শেষ হোৱাৰ লগে লগে অনামিকা আৰু কনিষ্ঠ আঙুলিৰে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে লাহে লাহে বায়ু ৰেচন কৰিব লাগে। ৰেচন কৰা হ’লে আকৌ সোঁ নাকেৰে বায়ু আকৰ্ষণ কৰিব লাগে। আকৰ্ষণৰ শেষত আকৌ বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে লাহে লাহে বায়ু ৰেচন কৰিব লাগে। বায়ু ৰেচন কৰা সময়ত মন কৰিব লাগে যাতে সিমান সময় পূৰক কৰা হয় ৰেচকতো সিমান সময় লয়। বাওঁ নাকেৰে পূৰক আৰু সোঁ নাকেৰে ৰেচক আকৌ সোঁ নাকেৰে পূৰক আৰু বাওঁ নাকেৰে ৰেচক কৰিলে এবাৰ পূৰ্ণাঙ্গ প্ৰাণায়াম হয়। এনেদৰে পোন্ধৰ-বিশবাৰ প্ৰাণায়ামটো কৰিব লাগে।

সুফল

চৰ্দি কাহ বেমাৰ ভাল হয়। শ্লেষ্মা দোষ দূৰ হয়। নাড়ী শোধন কৰি শৰীৰক শক্তি দান কৰে।

প্ৰণালী-৮

জিভাখন ওঁঠ দুটাৰ পৰা সামান্য উলিয়াই লৈ ওঁঠ দুটা চৰাইৰ ঠোটৰ দৰে জোং কৰি জিভাৰ আগেৰে লাহে লাহে বতাহ আকৰ্ষণ কৰিব লাগে আকৰ্ষিত বতাহখিনি পাঁচ মিনিট সময় মুখৰ ভিতৰত আৱদ্ধ কৰি লাহে লাহে নাকেৰে বায়ুখিনি এৰি দিব লাগে। এনেকৈ কমেও ৩/৪ মিনিট অভ্যাস কৰিব লাগে।

সুফল

এই প্ৰাণায়নত পিত্ত বেমাৰী বেছি উপকৃত হয়।

মনত ৰাখিব

আঘোণ, পুহ, মাঘ মাহত এই প্ৰাণায়ামৰ অভ্যাস কৰিব নালাগে। শ্লেষ্মা বেমাৰীয়ে এই প্ৰাণায়াম নকৰিব।

প্ৰণালী-৯

এই প্ৰাণায়াম আনবোৰ প্ৰাণায়ামৰ দৰে বহি কৰিব নালাগে। এই প্ৰাণায়াম থিয় হৈ কৰিব লাগে। পোন হৈ থিয় দি বাওঁ স্তনৰ কাষত বাওঁহাত সোঁ স্তনৰ কাষত সোঁহাত স্থাপন কৰিব লাগে। ইয়াৰ পিছত দুয়ো নাকেৰে লাহে লাহে গভীৰভাৱে বায়ু আকৰ্ষণ কৰিব লাগে। সিমান সময় বতাহ লৈ থাকিব যিমান সময় কিলাকুটি দুটা পিঠিৰ ফালে লৈ যাব লাগে। বায়ু আকৰ্ষণ শেষ হ’লে বায়ু ৰেচন কৰিব লাগে। ৰেচনৰ সময়ত হাত দুখন অলপ শ্লথ কৰি দিব লাগে। এনেদৰে আঠ বা দহ বাৰ কৰিব লাগে।

প্ৰণালী-১০

পোন হৈ থিয় হওঁক। এইবাৰ হাত দুখন কান্ধৰ ওপৰলৈ তুলি লওঁক। উশাহ এৰি এৰি অথবা নত হৈ হাতেৰে আঁঠু চোৱক। আকৌ উশাহ লৈ লৈ পোন হৈ আগৰ অৱস্থালৈ আহক। ইয়াৰ পিছত হাত দুখন তলমুৱা কৰি জিৰণি লওঁক।

সুফল

প্লুৰিচি, যক্ষ্মা আদি বেমাৰৰ সূচনাত উশাহ-নিশাহ লোৱাৰ কষ্ট দূৰ হয়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate