মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / সহজ প্ৰাণায়াম পদ্ধতি –চতুৰ্থ খণ্ড
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সহজ প্ৰাণায়াম পদ্ধতি –চতুৰ্থ খণ্ড

সহজ প্ৰাণায়াম পদ্ধতি –চতুৰ্থ খণ্ডৰ বিষয়ে লিখা হৈছে ।

 

(আগৰ খণ্ডত বৰ্ণিত বিধি নিয়ম অনুসৰিহে প্ৰানায়াম অভ্যাস কৰিব । )
পেট, বুকু,শ্বাস যন্ত্ৰ,আৰু দেহৰ স্নায়ু,পেশী সমুহৰ সৱলতাৰ বাবে সহজ প্ৰানায়াম-
পদ্ধতি নং ৫ (ক):-
পদ্মাসন,বজ্ৰাসন,সুখাসন বা সুবিধা অনুসৰি যিকোনো আসনত মেৰুদন্ড পোনকৈ বহি লওক । এইবাৰ দুই নাকেৰে গভীৰ ভাৱে শ্বাস গ্ৰহন কৰক । ৰেচক অৰ্থাত শ্বাস এৰাৰ সযময়ত মুৰটো আগফালে হলাই দিব আৰু পেট(নাভী) মেৰুদন্ডৰ ফালে সাধ্যমতে আকুঞ্চন (কোচাই নিব) কৰি লাহে লাহে সম্পুৰ্ন শ্বাস এৰক ।( অতি বলপুৰ্বক নকৰিব) জিৰনি লৈ পুনৰ কৰক ৫-৬ বাৰ।
পদ্ধতি নং ৫ (খ ) :-
একেদৰে মেৰুদন্ড পোণাই বহি লওক । দুই নাকেৰে দীৰ্ঘ শ্বাস টানক আৰু মুখেৰে ফু মৰাৰ নিচিনা লাহে লাহে আগৰ (ক)পদ্ধতিৰ নিচিনা পেটতো আকুঞ্চন কৰি কৰি সম্পুৰ্ন শ্বাস এৰক । জিৰনি লৈ লৈ পুনৰ ৫--৬ বাৰ কৰক ।
উপকাৰিতা :-
ক আৰু খ দুয়োটা প্ৰাণায়ামৰ নিয়মিত অভ্যাসত যকৃত,প্লীহা, অগ্নাসয়,মুত্ৰাসয়,যৌনগ্ৰন্থি , পেট আৰু নাভীপ্ৰদেশৰ সমষ্ট স্নায়ু পেশী সমুহ সৱল হয় , শ্বাস জনীত নানা ৰোগ প্ৰতিৰোধ হয় ,হজম শক্তি বৃদ্ধি হয় ,। পেটত জমা হোৱা দুষিত বায়ু বাহিৰ হয় , দেহৰ ক্লেশ ,ভাগৰ আৰু অনিদ্ৰা দুৰ হয়।
পদ্ধতি নং ৬:-
পোনকৈ থিয় হওক । দুয়োখন হাতৰ বুকুৰ দুয়োফালে ৰাখক । এইবাৰ গভীৰ ভাৱে বুকু ফুলাই শ্বাস গ্ৰহন কৰক আৰু লাহে লাহে মুৰতো পিছফালে হলাই নিয়ক । শ্বাস এৰাৰ সময়ত লাহে লাহে বুকু সংকোচন কৰি স্বাভাৱিক অৱস্থালৈ অাহক । মুৰতো আগফালে সাধাৰন হলাই সম্পুৰ্ন স্বাস এৰক ।
*উপকাৰিতা - বুকুৰ গঠন সুদৃঢ় হয় আৰু আয়তন বাঢ়ে । ফুচফুচ,হাঁওফাঁও আৰু শ্বাস আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া সবল হয় ।
পদ্ধতি নং ৭

চিত হৈ শুই লওক । ভৰি পোনকৈ ৰাখি দুয়োহাত দুইকাষে ৰাখক ।
ক)এইবাৰ উশাহ লৈ লৈ দুইখন হাত মুৰৰ আগলৈ নিয়ক আৰু নিশ্বাস এৰি পুনৰ আগৰ অৱস্থালৈ আহক । ৩-৪ বাৰ এনেদৰে কৰক ।
খ) এখনৰ হাতৰ পিচত এখনকৈ আগৰ নিচিনাকৈ কৰক ৩-৪বাৰ
গ) হাত দুয়োকাষে ৰাখি শ্বাস গ্ৰহনৰ লগে লগে দুয়োখন ভৰি লাহে লাহে ওপৰ ফালে লম্ব ভাৱে ৯০ডিগ্ৰী কোণকৈ উঠাওক আৰু শ্বাস এৰাৰ লগে লগে ধীৰেে ধীৰে আগৰ অৱস্থালৈ নমাই আনক ।
ঘ) এইবাৰ একে পদ্ধতিত উশাহৰ লগে লগে সোঁ আৰু বাওঁ ভৰিৰে এখন এখনকৈ কৰক- ৩-৪ বাৰকৈ । ন শিকাৰুৱে জিৰনি লৈ লৈ কৰিব ।
*উপকাৰিতা:-
দেহৰ দুখ ভাগৰ আতৰাৰ লগতে ফুচফুচৰ বায়ু ধাৰন ক্ষমতা বৃদ্ধি হয় , শ্বাস আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া ,হাত ভৰিৰ পেশী মজবুত হয়, মনৰ এলাহ দেহৰ গধুৰতা আতৰে ।
পদ্ধতি নং ৮
ভৰিদুখন লগ লগাই বা কিছু ফাক ৰাখি পোনকৈ থিয় হওক । দীঘলকৈ উশাহৰ লগে লগে দুই হাত ওপৰলৈ নিয়ক । উশাহ এৰাৰ লগে লগে আগপিনে হাউলি আহক আৰু পাৰিলে হাতদূখনেৰে ভৰিৰ বুঢ়া আঙুলি বা মাটি চুৱক , সম্ভৱ নহলে আঠু লৈকে নিয়ক ।
ককালৰ বিষ থকা লোকে বেচি নাহালিব
স্বাভাৱিক হৈ পুনৰ একেধৰনে ৩-৫ বাৰ কৰক ।
#উপকাৰিতা:-
৭নং পদ্ধতিৰ ফল পোৱাৰ উপৰি মেদবহুলতা আৰু পেটৰ দুষিত বায়ু (গেছ) আৰু দেহৰ জড়তা দুৰ হয় ।
পদ্ধতি নং ৯

শান্ত পৰিৱেশত চিত হৈ সহজ আৰু শিথিল ভাৱে শুই লওক । যেন প্ৰকৃতিৰ ওপৰত নিচ্চিন্তে দেহ এৰি দিয়ক । গম্ভীৰভাৱে শ্বাস গ্ৰহন কৰক ।
শ্বাস লওতে এনেকৈ ভাৱক :--- প্ৰানশক্তিস্বৰুপ নিৰ্মল বায়ু মোৰ দেহত প্ৰৱেশ কৰিব ধৰিছে ।
শ্বাস এৰাৰ সময়ত ভাৱক -
মোৰ ভিতৰত থকা সমষ্ট দুষিত পদাৰ্থ ,ৰোগ বীজানু আতৰ হৈ দেহ মন নিৰ্মল হব ধৰিছে ।
খুব গভীৰ ভাৱে যথা সম্ভৱ কিছুসময় বাবে দীঘলকৈ উশাহ নিশাহ লওক ।
*উপকাৰিতা :- ভাৱনাৰ অনুকুলে দেহ মনলৈ প্ৰশান্তি আহে , দেহৰ দুখ ভাগৰ ক্লান্তি দুৰ হয় ।
প্ৰৱল ইচ্ছা আৰু চিন্তা শক্তি বাঢ়ে আৰু দেহমনলৈ সজীৱতা আহে ।
মনত ৰখা ভাল :-  প্ৰানায়াম নিৰ্জন পৰিৱেশ আৰু আধ্যাত্মিক ভাৱনাৰে কৰাতো অধিক ফলপ্ৰদ। খৰখেদা আৰু ভাগৰি যোৱাকৈ বা ন-শিকাৰুৱে একেলগে বহুতো প্ৰানায়াম কৰা অনুচিত ।

লেখক – যতীন দাস

2.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top