সাধাৰণ অসুখৰ ঘৰুৱা চিকিৎসা
বেছিভাগ বেমাৰেই প্ৰকৃতিৰ বিৰুদ্ধাচৰণৰ বাবেই হয়। প্ৰকৃতিৰ নিজস্ব নীতি-নিয়ম আছে। সেই নিয়ম ভংগ কৰিলেই বিপদ। প্ৰাকৃতিক ইংগিত উপেক্ষা কৰা, বেয়া অভ্যাস, খোৱা-শোৱা, পানীয়ৰ লাগ-বান্ধ নথকা, ধূম্ৰপান, মদ্যপান আদিৰ বদভ্যাস, অংগ-প্ৰত্যংগৰ অত্যাধিক পৰিশ্ৰম, পৰিপুষ্টি আৰু শুদ্ধতাৰ মান…পৰিমাপ উলংঘা কৰিলেই বীজাণুৱে মানুহক আক্ৰমণ কৰে। এটা কথা মন কৰিবলগীয়া যে যিকোনো ৰোগ এদিনতে নহয়। লাহে লাহে ই আহি থাকে নীৰৱে, সন্তৰ্পণে।
ৰোগৰ আগমনৰ লক্ষণ
- কমকৈ প্ৰস্ৰাৱ হোৱা, শৰীৰত টক্সিনৰ বৃদ্ধি.
- অগ্ন্যাশয় দুৰ্বল হোৱা, হজম শক্তি কমা, আহাৰ সহজে হজম নহয়। বদহজম। পাইখানা অনিয়মীয়া হয়। পনীয়া পাইখানা হয়।
- ভালদৰে তেজৰ উৎপাদন নহয়, তেজৰ শুদ্ধতা কমে।
- ভালদৰে ৰক্ত উৎপাদন নহ’লে, তেজৰ মাজত অক্সিজেনৰ সৰবৰাহ কমে, কাৰ্বন-ডাই-অক্সাইড আৰু টক্সিন শৰীৰৰপৰা নিৰ্গত নহয়।
- কাৰ্বন-ডাই-অক্সাইড আৰু টক্সিনে শৰীৰৰ অংগ-প্ৰত্যংগক আগুৰি ধৰে। শৰীৰৰ ভিতৰৰ বৈদ্যুতিক তৰংগ প্ৰৱাহত তৰংগ প্ৰৱাহত ব্যাঘাত জন্মে। ফলত এই অংগবোৰক সক্ৰিয় কৰি থকা পদ্ধতি বিকল হয়। সেই বিশেষ অংগটোক ৰোগে আক্ৰমণ কৰে। কেৱল প্ৰভূত পৰিমাণৰ বিশুদ্ধ অক্সিজেনে এই অংগটোৰ চাৰিওপিনে ৰোগ প্ৰতিৰোধক আবেষ্টণী তৈয়াৰ কৰিব পাৰে। ভষ্ট্ৰিকা প্ৰাণায়াম কৰিলে এই অক্সিজেনৰ প্ৰৱেশ ঘটে। অতিৰিক্ত টক্সিন বা কাৰ্বন-ডাই-অক্সাইড শৰীৰৰপৰা নিৰ্গত কৰি অংগটোক ৰক্ষা কৰে কপালভাটি প্ৰাণায়মে। প্ৰয়োজন মাথোঁ নিৰ্দিষ্ট বিধি আৰু সময়।
- কাৰ্বন-ডাই-অক্সাইড আৰু টক্সিনে অংগ-প্ৰত্যংগৰ কৰ্মক্ষমতা হ্ৰাস কৰে।
- শৰীৰ দুৰ্বল হৈ পৰে আৰু সহজে যিকোনো ৰোগত আক্ৰান্ত হয়, যিকোনো বীজাণুৱে আহি শৰীৰত ভিৰ কৰে।
- বহুদিনলৈ বীজাণুৰ ভিৰ চলি থাকিলে এণ্ড’ক্ৰাইন গ্লেণ্ড আক্ৰান্ত হয়। থাইৰয়ড, পেৰাথাইৰয়ড বাঢ়ে। একোটা বেমাৰ বেছিদিন হৈ থাকিলে হাত আৰু ভৰিৰ বিশেষ স্থানত বিষ বেছি হৈ আহে।
শৰীৰৰ ভাষা বুজি পাব
চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে যোগ শিক্ষকে ৰোগীজনক পৰীক্ষা কৰি লয়। হাতত হাত থৈ, চকুত চকু থৈয়ে বহু ৰোগীৰ ৰোগ কি, কিমান পুৰণি, ভাল হ’বনে, বুজিব পৰা যায়। শৰীৰে ৰোগৰ ইংগিত দি থাকে।
- ভোক, পিয়াহ, প্ৰস্ৰাৱ, পাইখানাৰ কথা জানি ল’ব লাগে।
- পেট ভৰপূৰ থাকিলে উগাৰ আহে, হিকটি আহিবও পাৰে।
- কোনোবা অংশ একোটা বিষায়, কঁপে। তাৰ মানে পানী, বায়ু, কাৰ্বন-ডাই-অক্সাইড গোট খাইছে।
- চৰ্দি লাগে। কফ হয়।
- শৰীৰত ঠাণ্ডা লাগিলে পানী লগা কাহ-চৰ্দি-কফ জমা হয়।
- শৰীৰৰ বিশেষ সেই অংগত তেজৰ সক্ৰিয়তা বৃদ্ধিৰ প্ৰয়োজন আহি পৰে। অনুলোম- বিলোম প্ৰাণায়ম কৰিলেও ৰক্তৰ সঞ্চালনৰ তীব্ৰতা বাঢ়ে।
- জ্বৰ হয়। শ্বেত ৰক্ত কণিকাই বীজাণুৰ সৈতে যুদ্ধ কৰে। জালুক-আদা-তুলসী উতলাই দিনত তিনিবাৰ খাব। অমৰলতাৰ ৰস আধা কাপকৈ তিনিবাৰ খালে জ্বৰ আঁতৰে। অৰ্থাৎ শ্বেত ৰক্ত কণিকাই যুদ্ধত জয়লাভ কৰে। ভষ্ট্ৰিকা প্ৰাণায়ম কৰিবই।
- শৰীৰ লেতু-সেতু হয়। দুৰ্বল শৰীৰক বিশ্ৰাম আৰু প্ৰাণায়মৰ প্ৰয়োজন।
- হজম শক্তি কমিলে পাকস্থলী আক্ৰান্ত হয়। ফলৰ ৰস, কুহুমীয়া পানী পৰ্যাপ্ত পৰিমাণে খালে আহাৰ পাচন কৰা অংগসমূহে যুদ্ধ কৰিবলৈ ইন্ধন লাভ কৰে। মাটি কঁঠালৰ ৰস বৰ ভাল।
- ভাগৰ লাগিলে ৪৮-৭২ ঘণ্টা জিৰণি লওক। বুঢ়া আঙুলি মোহাৰক। কনিষ্ঠ আঙুলিৰ তলৰফালে হাতৰ তলুৱাত একুপ্ৰেছাৰ কৰক।
লিখকঃ বিকাশ গোস্বামী, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.