অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে যোগ-প্রাণায়াম-মুদ্রা

সুস্বাস্থ্যৰ বাবে যোগ-প্রাণায়াম-মুদ্রা

 

তাড়াসন

অড়ি গছৰ দৰে দেখিবলৈ ওখ, পোন হয় বাবে এই নাম দিয়া হৈছিল।

পদ্ধতি

পোনকৈ থিয় হৈ ল’ব। দুয়োখন ভৰিৰ ওপৰত সমান ভৰ ৰাখিব। সম্ভৱ হ’লে ভৰি দুখন লগ লগাই ল’ব, যদি শৰীৰৰ তাৰতম্য সঠিক ৰাখিব নোৱাৰে অলপ ফাঁক ৰাখিব ভৰিত। দুয়োহাতৰ আঙুলি লগ লগাই হাতখন মূৰৰ ওপৰলৈ নিব। চাব যাতে তলুৱাখন ওপৰৰ ফালে থাকে। বাহু দুটাই কাণৰ কাষত চুই থাকিব। এতিয়া উশাহ লৈ লৈ ভৰিৰ আঙুলিৰ ওপৰত সৰ্বশৰীৰৰ ভৰ ৰাখিব লাগিব, হাত দুখনো ওপৰলৈ টান খাব। নিশ্বাস এৰি এৰি লাহে লাহে তললৈ নামি আহিব। হাতৰ অৱস্থান তেনেকৈয়ে ৰাখিব। এই প্রক্রিয়াটো দহৰ পৰা বিশবাৰলৈ কৰিব পাৰে।

উপকাৰিতা

ওখ হ’ব পৰা যায়, স্নায়ু আৰু তেজ পৰিবাহী নলীবোৰ মুকলি হৈ পৰে, যাৰ ফলত সঠিক এনাৰ্জী আৰু তেজ চলাচল ভাল হৈ পৰে, কঁকালৰ বিষ, সায়টিকা, আৰু অন্যান্য বিষ-কুপবোৰ দূৰ

হৈ যায়। ই একাগ্রতা বঢ়োৱাতো সহায়ক।

নিষেধ

মূৰঘূৰণি থকা, হাড়বোৰৰ কেলছিয়াম কমি যোৱা আৰু খুব দুর্বল মানুহে এয়া নকৰাই ভাল।

প্রাণায়ম

ওজন কমোৱা আৰু বঢ়োৱা প্রাণায়ম

যিসকল ব্যক্তিৰ মেদবৃদ্ধিৰ সমস্যা আছে, তেওঁলোকে সোঁহাতৰ বুঢ়া আঙুলি আৰু অনামিকাৰ ব্যৱহাৰ কৰি প্ৰথমতে সোঁনাকৰ বিন্ধা বন্ধ কৰিব। বুঢ়া আঙুলিটোৰে আৰু বাঁওনাকৰ বিন্ধাৰে নিশ্বাস এৰিব, নিশ্বাস এৰা সম্পূর্ণ হ’লে অনামিকাটোৰে বাঁওনাকৰ বিন্ধা বন্ধ কৰি সোঁফালেৰে উশাহ ল’ব। এই প্রক্রিয়াটো বাঁও আৰু সোঁফালৰ নিশ্বাস আৰু উশাহৰে সম্পূর্ণ হ’লে এক ৰাউণ্ড হোৱা বুজায়। তেনেদৰে নবাৰ বা ৰাউণ্ড কৰিব পাৰে এটা সময়ত। তেনেকৈ দিনটোত চাৰিবাৰ কৰিবৰ যত্ন কৰিব পাৰে।

এতিয়া যিসকলৰ ওজন বঢ়োৱাৰ বাবে চিন্তা কৰে, তেওঁলোকে ঠিক ইয়াৰ ওলোটা প্রক্রিয়াটো কৰিব। অর্থাৎ সোঁফালে নিশ্বাস এৰি বাঁওফালে উশাহ ল’ব।

নিষেধ: নাই।

মুদ্ৰা

জ্ঞান বা ধ্যান মুদ্রা

বুঢ়া আঙুলি আৰু তর্জনীৰ অগ্রভাগ পৰস্পৰ মিলাই ৰাখি বাকী শেষৰ তিনিটা আঙুলি পোনকৈ ৰাখিব।

লাভ

ধ্যান কৰাত সহায়ক, একাগ্রতা বৃদ্ধি, নকৰাত্মক চিন্তাৰ বিলুপ্তি, স্মৃতিশক্তি বৃদ্ধি, মগজুৰ স্নায়ু আৰু সর্বাংগীন বিকাশ সাধন, খং কমাই দিয়ে।

নিষেধ

নাই।

লেখিকা: প্ৰতিভা টেৰণ।

শেহতীয়া উন্নীতকৰণ: : 8/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate