মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / সুৰ্য নমস্কাৰৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুৰ্য নমস্কাৰৰ উপকাৰিতা

 

সুৰ্য নমস্কাৰ এক পুৰ্ণাংগ ব্যায়াম-গতিকে ই শৰীৰৰ সকলো অংগ-প্ৰত্যংগ বলিষ্ঠ আৰু নিৰোগী কৰি ৰাখে।সুৰ্য নমস্কাৰৰ বাৰটা ভংগীয়ে দেহৰ সকলো অংগলৈ বিশুদ্ধ তেজ খৰতকীয়াকৈ পৰিবহন কৰে।ইয়াৰ ফলত শৰীৰে অধিক জীৱনী শক্তি লাভ কৰে।ডিঙি,কান্ধ,বাহু,ভৰি,উৰু,নিতস্ব,পেট,বুকু আৰু পিঠিৰ মাংসপেশী সুদৃঢ় হয়।লগতে ই চকুৰ মাংসপেশীও শক্তিশালী কৰে।শৰীৰৰ হাড়ৰ জোৰা,গাঁঠি আৰু মণিবন্ধসমুহ সুদৃঢ় আৰু সবল কৰি তাত হোৱা ৰোগসমুহ নিৰাময় কৰে।সুৰ্য নমস্কাৰ দৈনিক অভ্যাস কৰিলে উৰু,পেট,কঁকাল,বাহু আদিৰ মেদবহুলতা নাইকিয়া হয়।লগতে ই তেজত থকা কলেষ্টৰেলৰ পৰিমাণো হ্ৰাস কৰে।সুৰ্য নমস্কাৰে তেজ পৰিশোধন কৰি সমগ্ৰ ৰক্ত পৰিবহন ব্যৱস্থা আৰু স্নায়ুতন্ত্ৰক অধিক কাৰ্যক্ষম কৰি তোলে।যাৰ বাবে শাৰীৰিক আৰু মানসিক সবলতা বৃদ্ধি পায়।আমাৰ শৰীৰত থকা বিভিন্ন অন্ত:সৰণস্ৰাৱী গ্ৰন্থিসমুহে নি:সৰণ কৰা হৰমন’ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৰম’নৰ বিসংগতিৰ বাবে হোৱা বিভিন্ন ৰোগ নিৰাময় কৰে।শৰীৰৰ উচ্চতা আৰু ওজন সাপেক্ষে শাৰীৰিক ভাৰসাম্যতা ৰক্ষা কৰে।অৰ্থাৎ  ()নিয়ন্ত্ৰণ কৰে।সুৰ্য নমস্কাৰত শ্বাস-প্ৰশ্বাসত অধিক গুৰুত্ব দিয়া হয় বাবে ই হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে।মেৰুদণ্ড নমনীয় আৰু শক্তিশালী কৰে।মেৰুদণ্ডৰ সন্ধিসমুহত জমা হোৱা অতিৰিক্ত কেলছিয়াম আৰু দুষিত পদাৰ্থবোৰ আঁতৰায়।ইয়াৰ ফলত কঁকাল আৰু পিঠিৰ বিষ নাইকিয়া হয়।পিঠিত কুঁজ থাকিলে মেৰুদণ্ড পোন হৈ কুঁজ নাইকিয়া হয়।উদৰ গহ্বৰত থকা আভ্যন্তৰীণ অংগসমুহৰ সংকোচন প্ৰসাৰণ হয়।তাত থকা দুষিত পদাৰ্থবোৰ নিষ্কাশন হোৱাত সহায় কৰে।ফলত পাকস্থলী,লিভাৰ,অগ্ন্যাশয়,ক্ষুদ্ৰান্ত,বৃহদান্ত্ৰ আদি সবল আৰু কাৰ্যক্ষম হয়।সুৰ্য নমস্কাৰে পাকস্থলীৰ কাম-কাজত সহায় কৰে।ইয়াৰ বাবে খাদ্যবস্তু স হজে হজম হয় আৰু হজমী ৰোগ দুৰ হয়।সুৰ্য নমস্কাৰ উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে এটা অতি গুৰুত্বপুৰ্ণ ব্যায়াম।সুৰ্য নমস্কাৰে পাকস্থলীৰ কাম-কাজত সহায় কৰে।ইয়াৰ বাবে খাদ্যবস্তু সহজে হজম হয় আৰু বদহজমী ৰোগ দুৰ হয়।সুৰ্য নমস্কাৰ উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে এটা অতি গুৰুত্বপুৰ্ণ ব্যায়াম।সুৰ্য নমস্কাৰে যক্ষ্মা আৰু কুষ্ঠ ৰোগ নিৰাময় কৰিব পাৰে।ই ছালৰ ৰোগ নিৰাময় কৰে,ছালৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ সুঠাম কৰে।সুৰ্য নমস্কাৰৰ আন এটা গুৰুত্বপুৰ্ণ কাম হ’ল মহিলাসকলৰ গৰ্ভ শক্তিশালী কৰে,গৰ্ভ নিৰ্দিষ্ট স্থানত ৰখাত সহায় কৰে,মাহেকীয়া সমস্যা যেনে তল পেটৰ বিষ-অতি ৰজ,অল্প ৰজ আদি ৰোগ নিৰাময় কৰে।গৰ্ভত সন্তান বহন কৰা কাৰ্যৰ বাবে হোৱা বেদনাৰ যন্ত্ৰণা কমায় আৰু সন্তান প্ৰসৱত সহজ কৰে।দুগ্ধ উৎপাদন বৃদ্ধি কৰে।চুলি আৰু তালুৰ পুষ্টি বৃদ্ধি কৰি কম বয়সতে চুলি সৰা,টপী হোৱা আদি ৰোগ নিৰাময় কৰে।বৃক্ক আৰু মুত্ৰ জননতন্ত্ৰৰ ৰোগসমুহ নিৰাময়  কৰে।থাইৰয়’ড গ্ৰন্থিৰ সোঁফালে ওপৰ্ অংশত থকা ‘এডামছ এপোল’গ্ৰন্থিৰ সমস্যা দুৰ কৰে।ঘামৰ পৰা হোৱা দুৰ্গন্ধ নাইকিয়া কৰে।

লেখক:ৰংমন ৰংদৈ (ৰাইজৰ বাতৰি)

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top