অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বভাৱ চিকিৎসা আৰু পানী

স্বভাৱ চিকিৎসা আৰু পানী

“Water, air and cleanliness are the chief articles in my pharmacy”- Napoleon Bonaparte.

অতি পুৰণি কালৰে পৰা মানুহে পানীৰ দ্বাৰাই নানান বেমাৰ-আজাৰ নিৰাময় কৰাৰ প্ৰথা চলি আহিছে। অৰ্থববেদতো পানী চিকিৎসাৰ বিষয়ে বিশদ বিৱৰণ উল্লেখ কৰা আছে। এই প্ৰথাকে পানী চিকিৎসা (Hydropathy) বুলি কোৱা হয়। পানীৰ দ্বাৰা চিকিৎসা কৰোৱা হয় বাবে তাক ‘স্বভাৱ চিকিৎসা’ বুলিও কয়।“Hydropathy where naturopathy begins.”

পাশ্চাত্যৰ স্বভাৱ চিকিৎসক সকলে নানান গৱেষণা আৰু পৰ্য্যবেক্ষণৰ দ্বাৰাই স্বভাৱ চিকিৎসাৰ অনেক তথ্য উদঘাটন কৰি থৈ গৈছে। চাৰ জন ফ্লেয়াৰে (Sir John Flair) পানী-চিকিৎসাৰ বিষয়ে কেইবা খনো কিতাপ লেখি থৈ গৈছে। তদুপৰি ফাদাৰ লুইচ্‌ ক্যুনেও (Father Luis Kuhne) পানীৰ বিষয়ে অনেক তথ্যৰ অৱদান দি থৈ গৈছে। তেতিয়াৰ পৰাই গোটেই বিশ্বতেই এই চিকিৎসা পদ্ধতি সফল ভাৱে চলি আছে। অতীতৰে পৰা স্বভাৱ চিকিৎসাই ভাৰততো প্ৰাধান্য বিস্তাৰ কৰি আহিছে। ভাৰতীয় ঋষিমুনি সকলে স্বভাৱ চিকিৎসাত বিশেষ গুৰুত্ব দিছিল আৰু কঠোৰ ভাৱে পালনো কৰিছিল। ধৰ্মৰ নামত পালন কৰা স্বভাৱ চিকিৎসা স্বাস্থ্য ৰক্ষাৰ প্ৰধান ৰীতি আছিল। আজিও বিশ্বৰ বিভিন্ন ঠাইত মন্ত্ৰেৰে পানী জাৰি নানান বেমাৰ আৰোগ্য কৰাৰ প্ৰথা চলি আহিছে। অনেকে আকৌ নিতৌ গা-পা ধুইহে দিনৰ প্ৰধান আহাৰ – পানী গ্ৰহণ কৰে। বৈষ্ণৱ সম্প্ৰদায়ৰ অনেক লোকে ত্ৰিসন্ধ্যাত গা ধোৱে, প্ৰস্ৰাৱ আৰু শৌচান্তে মাটিপানী লয়। মুছলমান সম্প্ৰদায়েও ৰোজাৰ সময়ত উপবাসে আৰু নমাজৰ অজুৰ বাবে মাটিপানীৰে সাতোটা অঙ্গ ধুই পেলোৱাৰ নিয়ম আছে।

আয়ুৰ্বেদ শাস্ত্ৰৰ মতে পানীয়ে জীৱনদান দিব পাৰে, ভাগৰ গুচায়, সকলো দুখ মৰিষণ কৰে, এলাহ, কোষ্ঠকাঠিন্য দূৰ কৰে, মন আনন্দিত কৰে, হৃদয় সবল কৰে। অৰ্থব বেদত আকৌ পানীক মাতৃ-দুগ্ধৰ লগত তুলনা কৰিছে। ইয়াক ঔষধ বুলিও কৈছে আৰু ই নানান বেমাৰ আৰোগ্য কৰে, শৰীৰ সুস্থ ৰাখে, দীৰ্ঘজীৱী হয়, বংশগত ৰোগ আৰোগ্য কৰে, দেহৰ শ্ৰী বৃদ্ধি কৰে। ডাকৰ বচনত আকৌ পানীৰ বিষয়ে এনেদৰে কৈছে- “পুহত কল, মাঘত জল, তেনে পাবা শৰীৰৰ বল”। জাতিৰ পিতা মহাত্মা গান্ধীয়েও পানী চিকিৎসাত বিশেষ গুৰুত্ব দিছিল আৰু নিজেও পালন কৰিছিল। তেখেতে ককাঁল লৈকে পানীত ডুবাই জ্বৰ, মূৰঘূৰণি, গাঁঠিৰ বিষ, হৃদৰোগ, ব্ৰংকাইটিচ্‌ আদি ৰোগ আৰিগ্য কৰিছিল।

ঋগ্‌ বেদৰ ১১/৫/৬ সূক্তত উল্লেখ আছে যে পানীৰ ভিতৰত অমৃত আছে। ঔষধ আৰু গছ-গছনিত যি ঔষধি গুণ আছে, পানীতো তেনে গুণ আছে। অৰ্থব বেদত কৈছে- আপ ইদ্ধা উ ভেষজোৰা পো অমীৰ চাতনীৰ। আপস্‌সৰ্বন্য ভেষজোস্তাস্ত্বা মুঞ্চন্তু ক্ষেত্ৰীয়ব্যা।।

অৰ্থাৎ- পানীয়ে ঔষধ, পানীয়ে ৰোগ আৰোগ্য কৰে। পানীয়ে সকলো ৰোগ হৰণ কৰে। এতেকে এই পানীয়ে তোমাক ভয়ঙ্কৰ ব্যাধিৰ পৰা ৰক্ষা কৰক। শাস্ত্ৰত আকৌ কৈছে-

অৰ্জীনে ভেষজং কৰি।

জীৰ্নে বাৰি বল প্ৰদম্‌।।

অৰ্থাৎ - অজীৰ্ণ অৱস্থাত পানী ঔষধ আৰু জীৰ্ণ অৱস্থাত পানী বল দায়ক। লুইচ্‌ ক্যুনেই আকৌ কৈছে যে পুৱাই সূৰ্যোদয়ৰ আগে, প্ৰাতঃকৃত্যৰ লগে লগে, ৰাতি শোৱাৰ আগে মানুহে লিংগ স্নান কৰিব লাগে। তেনে কৰিলে মুত্ৰঘাত (Urinary infaction), স্নায়ুগত ৰোগ (Nervous System diseases), অম্লৰোগ (Acidity), উদৰীৰোগ (Stomach upset), বৃক্কৰোগ (Kidney diseases),                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                   পাথৰীৰোগ (Stone formation) নিৰাময় হয়। বৰষুণৰ পানীৰে গা ধুলেও পেটৰ বেমাৰ, কোষ্ঠকাঠিন্য দূৰ হয়। ৰাতিপুৱা শুই উঠি খালী পেটত কমেও ছয় গিলাচ পানী খালে শৰীৰৰ নানান ৰোগ লাহে লাহে নাইকীয়া হয়। এইদৰে পানী চিকিৎসাৰ দ্বাৰাই প্ৰায় ৭৭ টা ৰোগ নিৰাময় কৰিব পৰা যায়। ঋক বেদৰ ১০/৯/১ সূক্তত কৈছে-

আপো হি ষ্ঠা ময়ো ভুবঃ।

তা ন উৰ্জ্জে দধাতন।

মহেৰণায় চক্ষসে।।

অৰ্থাৎ- হে পানী! তুমিয়েই আমাৰ স্বাস্থ্যৰ নিদান। সেইবাবে তুমি আমাক এনেকুৱা স্বাস্থ্য প্ৰদান কৰা, যাতে আম তাৰ দ্বাৰা সত্যৰ সুগম পথ অনুসৰণ কৰিব পাৰো।

লেখক: ডাঃ ধ্ৰুবজ্যোতি দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate