মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / স্বাস্থ্য আৰু যোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য আৰু যোগ :

স্বাস্থ্য আৰু যোগৰ বিষয়ে লিখা হৈছে ।

 

স্বাস্থ্য মানে কি?

মানৱ জাতিৰ প্ৰতিটো প্ৰচেষ্টাত সু-স্বাস্থ্য অতীব প্ৰয়োজন। ইয়াৰ অবিহনে ব্যক্তিয়ে জীৱনৰ কোনো ক্ষেত্ৰতে- শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সামাজিক –শ্ৰেষ্ঠত্ব প্ৰদান কৰিবলৈ কঠিন হয়।

জীৱনৰ দৰ্শন হৈছে-সুখ লাভ কৰা। সংস্কৃত ভাষাৰে ক’ব পাৰি-‘দু:খ নিবৃত্তি:, সুখ প্ৰাপ্তিশ্ব”- অৰ্থাৎ দুখ নিবাৰণ কৰি সুখ লাভ কৰা।

বিশ্ব স্বাস্থ্য সংস্থাৰ বাখ্যা এনে ধৰণৰ- “a state of complete physical, mental and social wellbeing and not merely the absence of disease or informity”

শাৰীৰিক স্বাস্থ্য: ব্যক্তি এজনৰ ‘এনাটমিকেল’ আৰু ‘ফিজিঅ’লজিকেল’ অৱস্থা, যেনে- কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেম, ডাইজেষ্টিভ ছিষ্টেম, এণ্ড’ক্ৰাইন ছিষ্টেম, ৰেস্পিৰেটৰী ছিষ্টেম আদি স্বাভাৱিক হ’ব লাগিব। আকৌ কোৱা হৈছে –বয়স, লিংগ, উচ্চতাৰ ভিত্তিত শৰীৰৰ ওজন, শ্বাস-প্ৰশ্বাস , ৰক্তচাপ আদিও স্বাভাৱিক হ’ব লাগিব।

মানসিক স্বাস্থ্য: সু-স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ ভুমিকা গুৰুত্বপুৰ্ণ। কাৰণ মনে ব্যক্তিৰ শৰীৰতাত্ত্বিক প্ৰগতিত প্ৰভাৱ বিস্তাৰ কৰে। সু-মানসিক স্বাস্থ্যই কেৱল মনস্তাত্ত্বিক ৰোগমুক্ত ব্যক্তি নিৰ্মাণ নকৰে, লগতে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু আৱেগিক ভঙ্গীৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে, যাতে বন্ধু-বান্ধৱসকলৰ লগত সমিলমিলেৰে থাকিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনচাচত অৱস্থিত মেনিনজাৰ ফাউণ্ডেচনৰ সভাপতি ড° উইলিয়াম চি মেনিনজাৰে মানসিক স্বাস্থ্যৰ বিকাশৰ বাবে চাৰিটা মন্ত্ৰ আগবঢ়াইছে-

ক)নিজৰ ভুল উপলব্ধি কৰি, শুধৰণিৰ বাবে প্ৰস্তুত হোৱা।

খ) জীৱনৰ আৱশ্যকীয় সত্যবোৰ উপলব্ধি কৰিব লাগে।

গ)নিজৰ লগত উপনীত নোহোৱা পৰ্যন্ত, ক্ষান্ত নোহোৱা।

ঘ) সমাজ আৰু পৰিয়ালৰ লগত সৌহাৰ্দ্যপুৰ্ণ সম্পৰ্ক স্থাপন কৰা।

আয়ুৰ্বেদতো সু-স্বাস্থ্যৰ বিষয়ে উল্লেখ কৰিছে; সু-স্বাস্থ্যই মানুহৰ জীৱন সুখময় কৰে। এই বেদত কৈছে-

-জীৱমে শাৰদ: শতকম।

মোদাম শাৰদা: শতম।

নন্দাম শাৰদ: শতম।

অৰ্থাৎ জীৱনটো এশ বছৰীয়া হওক, কিন্তু জীৱন হ’ব লাগিব স্বাস্থ্যৱান, প্ৰাণৱন্ত আৰু আনন্দৰে পৰিপুৰ্ণ।

আয়ুৰ্বেদৰ মতে নৈতিক চৰিত্ৰ এবিধ ঔষধ। সম্পুৰ্ণ স্বাস্থ্যৰ (দেহ- মন)সংজ্ঞা এনেদৰে দিছে-

১) আত্মাৰ প্ৰসন্নতা

২) ইন্দ্ৰিয়ৰ প্ৰসন্নতা বা তুষ্টি

৩) প্ৰসন্ন মন

৪) সুখদায়ক নিদ্ৰা আৰু জাগ্ৰত মন

৫) সুষম আহাৰ

৬) স্বাস্থ্যৰ চাল-চলন আৰু আচাৰ ব্যৱহাৰ

৭) ইন্দ্ৰিয়ৰ কামনা-বাসনাৰ প্ৰতি  অনাসক্তি

৮) সত্যবাদিতা আৰু ক্ষমা।

বিশ্বত সুখী মানুহৰ দেশ: মানুহ কিমান সুখী, মানুহ কিমান নিৰোগী বা স্বাস্থ্যৱান তাৰ ওপৰত বৰ্তমান গুৰুত্ব দিয়া হয়। আজিৰ পৰা ৬/৭ বছৰমানৰ আগতে ইংলেণ্ডৰ লিকেষ্টাৰ (Leicester) বিশ্ববিদ্যালয়ৰ ব্ৰিটিছ এনালাইটিক ছ’চিয়েল ছাইক’লজিষ্ট এলড্ৰেইন হুৱাইটে বিশ্বৰ সুখী মানুহৰ তালিকা- ‘The World map of happiness  এখন প্ৰস্তুত কৰি উলিয়াইছে। বিশ্বৰ ১৭৮ খন দেশত জৰীপ চলাই ক্ৰম অনুযায়ী দেশৰ তালিকা তৈয়াৰ কৰিছে। প্ৰধান মাপকেইটা হৈছে-স্বাস্থ্য , সম্পদ আৰু শিক্ষা। ১৭৮ খন দেশত এশটা ভিন্ন অধ্যয়ন চলাইছিল, যাৰ বাবে ৮০,০০০ স্বেচ্ছাসেৱক নিয়োগ কৰিছিল। লগতে বিশ্লেষণ কৰোতে অধ্যাপক হুৱাইটে চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য সমুহ সংগ্ৰহ কৰি ‘ৱৰ্লড মেপ অৱ হেপীনেছ’খন তৈয়াৰ কৰিছে, তালিকাখন এনেধৰণৰ-

অধ্যাপক হুৱাইটে গুৰুত্বপুৰ্ণ মন্তব্য এইদৰে দাঙি ধৰিছে যে বৰ্তমান যুগত সুখী জীৱনৰ ধাৰণা অৰ্থনীতি আৰু মনোবিজ্ঞান বিষয়ৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় দিশ।

য়োগ: ইতিহাস আৰু বিকাশ: ‘যোগ শব্দৰ সলনি য়োগ ব্যৱহাৰ কৰা হৈছে। কাৰণ ‘য়োগ’ সংস্কৃত শব্দ, ‘য়ুজ’ ধাতুৰ পৰা উৎপন্ন হৈছে। য়ুজ মানে যুঁৱলি। অৰ্থাৎ মিলন-‘য়ুজ্যতে অনেন ইতি য়োগ”- যিয়ে লগ লগায় বা মিলন ঘটায়। আত্মা আৰু পৰমাত্মাৰ মিলন।

য়োগ ভাৰতবৰ্ষৰ স্বকীয় সম্পদ। প্ৰায় ৬০,০০০ বছৰৰ আগতে ভাৰতৰ মনীষীসকলে জীৱন উত্তৰণৰ বাবে মানৱীয় মুল্যবোধ বিকাশৰ বাবে ‘তপো তপ তপায়তে’ তথা তপস্যাত বহিছিল। আত্মা-পৰমাত্মাৰ মিলনৰ বাবে আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবৰ বাবে ভাৰতীয় ঋষি-মুনিসকলে ধ্যানত বহিছিল। এই সাধনা যুগ যুগ ধৰি পৰম্পৰাগতভাৱে চলি আহিছিল। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ যুগত পদ্মাসনত বহা যোগীৰ প্ৰতিমুৰ্তিৰ ভগ্নাৱশেষ পোৱা গৈছে। ভাৰতীয়সকলৰ মতে ভগৱান শিৱক আদি যোগী বুলি কোৱা হয়।

য়োগ দৰ্শনত প্ৰধানকৈ চাৰিখন মৌলিক গ্ৰন্থ উল্লেখ কৰিব পাৰি -

১) য়োগ বশিষ্ঠ

২)য়োগ তত্ত্ব উপনিষদ

৩)যোগ শিৱ উপনিষদ

৪) য্যোগ সুত্ৰ

প্ৰত্যেকখন গ্ৰন্থত দেহ-মন নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল আছে -

য়োগ বশিষ্ঠৰ মতে-‘মন: প্ৰশমনোপায় য়োগ ইত্যাভিধীয়তে’ (মনক উপশম কৰাৰ বাবে য়োগ এটা উপায়)

য়োগ সুত্ৰৰ মতে-য়োগ: চিত্তবৃত্তি নিৰোধ: (মন বা চিত্তৰ বৃত্তিবোধৰ নিৰোধ কৰাটোৱেই য়োগ)

য়োগৰ প্ৰকাৰ: (য়োগ তত্ত্ব উপনিষদ আৰু য়োগ শিৱ উপনিষদৰ মতে য়োগ চাৰি প্ৰকাৰ।

ইয়াৰ উপৰি -

১) জ্ঞান য়োগ

২) ভক্তি য়োগ

৩) অজপ য়োগ

৪) ক্ৰিয়া য়োগ

৫) কুণ্ডলিনী য়োগ

বৰ্তমান বিশ্বত পতঞ্জলিৰ ‘য়োগসুত্ৰ’ৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আৰু সেই অনুপাতে বৈজ্ঞানিক গৱেষণাৰ বিশ্লেষণো চৰ্চিত হৈছে, গতিকে আমিও প্ৰবন্ধটো এনে দিশত সীমিত ৰাখিবলৈ প্ৰয়াস কৰিম।

পতঞ্জলিৰ য়োগ সুত্ৰ -

পতঞ্জলিৰ য়োগ সুত্ৰক অষ্টাংগ য়োগ বুলি কোৱা হয়।

য়ম: অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য,

অপৰিগ্ৰহ: ‘নিষেধ’ (Don’ts)

নিয়ম: শৌচ, সন্তোষ, তপ: স্বধ্যায়,

ঈশ্বৰ প্ৰণিধান: বিধি (Do’s)

আসন: শৰীৰটোক শিথিল আৰু কামৰ উপযুক্ত কৰি ৰাখিবলৈ।

প্ৰাণায়াম: শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ

প্ৰত্যাহাৰ: মনটোক এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ প্ৰশিক্ষণ

ধাৰণা: মনটোক ধৰি ৰখা

ধ্যান: এক বিন্দুগামী

সমাধি: Super Consciousness য়োগ সুত্ৰত লক্ষ্য কৰিবলগীয়া প্ৰধান যুক্তিকেইটা হৈছে-

*য়োগ: চিত্তবৃদ্ধি নিৰোধ:। অৰ্থাৎ য়োগ এটা উপায়, যাৰ দ্বাৰা মনটোক নিয়ন্ত্ৰণ কৰিব পৰা যায়।

*তদ্ৰা দ্ৰষ্টু: স্বৰুপে অৱস্থানম-

*স্থিৰ সুখম আসনম- এই উপদেশ অতি প্ৰয়োজন। শৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ লক্ষণীয়। শিথিলীকৰণ( Relaxation) ৰ বাবে ইয়াৰ ধাৰণা অতি দৰকাৰী। অৰ্থাৎ আসন বা ধ্যানত বহিলে, ব্যক্তিয়ে লৰচৰ নকৰাকৈ স্থিৰভাৱে থাকিব লাগিব আৰু আৰামদায়ক ভাব বিৰাজ কৰিব লাগিব। অৰ্থাৎ ‘ন হঠাৎ, ন বলাৎ।

সেই কাৰণে ঋষি অৰবিন্দই তেখেতৰ ‘Bases of Yoga’ গ্ৰন্থত ল’বলগীয়া প্ৰাৰম্ভিক উপদেশ এইদৰে বৰ্ণনাইছে।

শান্তি:, স্থিৰতা: বিৰাজ কৰিব লাগিব, অচঞ্চলতা; নিশ্চল নীৰৱতা।

আসনৰ মুল মন্ত্ৰ হৈছে মাংসপেশীবোৰক আৰামদায়ক অৱস্থালৈ আনি শিথিলীকৰণ প্ৰাপ্তি লাভ কৰা। গতিকে আসনত শিথিলীকৰণৰ কৌশল আয়ত্ত কৰাটো জৰুৰী।

ঋষি পতঞ্জলিৰ মতে প্ৰাণায়াম (প্ৰাণ-আয়াম) ত শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ হোৱাৰ উপৰি Power of concentration   আৰু Clearity of thinking বাঢ়ে।

ধ্যান -

বৰ্তমান বিশ্বত পতঞ্জলিৰ অষ্টাংগ য়োগৰ জনপ্ৰিয়তা যিমান বৃদ্ধি পাইছে, তাতোকৈ বেছি বৃদ্ধি পাইছে অষ্টাংগ য়োগৰ সপ্তম স্থানত থকা ধ্যানৰ । ধ্যান কৰা কৌশল, বিভিন্নজনৰ বিভিন্ন। তিব্বতৰ লামাসকলৰ , নাড় যোগীসকলৰ বৌদ্ধসকলৰ বিপাশনা, ৰাজযোগীসকলৰ প্ৰত্যেকৰে স্বকীয় কৌশল বা পদ্ধতি আছে। পদ্ধতি ভিন্ন হ’লেও অভিজ্ঞতা একে। সকলোৱে একে আৰামদায়ক শিথিলতা আৰু অনাবিল আনন্দৰ অভিজ্ঞতা আহৰণ কৰে। ঋষি পতঞ্জলিয়ে তেওঁৰ য়োগ সুত্ৰৰ সাধন পাদত কৈছে- ব্যক্তি বা য়োগীয়ে নিজৰ সুবিধা অনুযায়ী-যিটো ধ্যানত বহিলে, অন্তৰ্দৃষ্টি জাগ্ৰত কৰে, তেনে আসনত বহি ধ্যান কৰিব লাগে-‘য়থা অভিমত ধ্যানাৎ ৱা’।

বৈজ্ঞানিক বিশ্লেষণ: স্বাস্থ্য নিৰোগী সুস্থ আৰু অনাবিল আনন্দ প্ৰাপ্তিত শৰীৰ আৰু মনৰ ওপৰত য়োগৰ কেনে প্ৰভাৱ, তাৰ বিস্তৰ গৱেষণা আৰু বিশ্লেষণ যোৱা শতিকাৰ আগভাগৰ পৰা আৰম্ভ হৈছে।

ছাইক’নিউৰ ‘ইম্মিন’লজী (মন, মগজু আৰু স্বপ্ৰতিৰোধী তন্ত্ৰৰ মাজৰ জৈৱিক সম্বন্ধৰ অধ্যয়ন) ৰ বিকাশ হোৱাত য়োগৰ প্ৰভাৱৰ বিষয়ে কৰা গৱেষণাৰ পথ সুগম হয়। আধুনিক বিজ্ঞানৰ অন্যতম ডাঙৰ অৱদান-মন আৰু শৰীৰ পৃথক আৰু পৰস্পৰ স্বতন্ত্ৰ নহয়, পৰস্পৰৰ মাজত ওতপ্ৰোত সম্বন্ধ আছে (এলেক্সি কেৰল-MAN The UNKNOWN)

অন্যহাতে ‘স্নায়ুবিজ্ঞান’ এটা নতুন আৰু ভৱিষ্যতৰ এটা অপৰিহাৰ্য বিষয়, যাৰ দ্বাৰা মন-মগজুৰ সবিশেষ জানিব পাৰি। লগতে মগজুৰ বিদ্যুৎ-চুম্বক ক্ৰিয়া- কলাপবোৰ জুখিবলৈ ব্যৱহাৰ কৰা  MRI সঁজুলিৰ ফলত ধ্যানৰ দ্বাৰা প্ৰভাৱিত হোৱা শৰীৰ মনৰ কোষ আৰু নিউৰন আদি অধ্যয়নৰ পথ সুচল হয়। কালিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত স্নায়ুবিজ্ঞানৰ গৱেষণা ইমান দ্ৰুত গতিত আগবাঢ়িছে যে বৰ্তমান স্নায়ুবিজ্ঞানীৰ এটা দলে মানুহৰ চিন্তা আৰু কল্পনাৰ দৃশ্যগ্ৰহণ কৰাটোও সম্ভৱ কৰি তুলিছে।

শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ পেলোৱা সম্পুৰ্ণ শিথিলীকৰণ (য’ত প্ৰতিটো কোষ শিথিল হয়)আৰু মগজুৰ বা মনৰ গভীৰ নীৰৱতা (যি প্ৰতিটো নিউৰনত প্ৰভাৱ পেলায়) ৰ ওপৰত কৰা বৈজ্ঞানিক গৱেষণাই বিশেষকৈ বেমাৰ-আজাৰৰ প্ৰতিকাৰৰ এটা দিশ নিৰ্ণয় কৰিছে।

আকৌ জীৱবিজ্ঞানৰ মাইক্ৰ’বায়ম আৰু এপিজিনম নামৰ এই দুটা শাখাই চিকিৎসা বিজ্ঞানৰ আমুল  ৰুপান্তৰ ঘটাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ ৰোগ আৰু ৰোগৰ কাৰণ বিশ্লেষণ কৰিবলৈ সক্ৰিয় সহযোগ স্থাপন কৰিছে। মানুহৰ শৰীৰত প্ৰায় ১০০ ট্ৰিলিয়ন (১ ট্ৰিলিয়ন= ১ লাখ কোটি ) কোষ আছে। আমাৰ শৰীৰৰ সকলো অংগ-প্ৰত্যংগ প্ৰায় দহ ট্ৰিলিয়ন কোষ বা চেলেৰে গঠিত। এই কোষবোৰতকৈ প্ৰায় ন গুণ বেছি অণুজীৱ আমাৰ শৰীৰত আছে, যিবোৰে নানা ধৰণে আমাক জীয়াই থকাত সহায় কৰি আছে। খাদ্য হজম কৰা, বৰ্হিৰাগত বিপজ্জনক অণুজীৱৰ বিৰুদ্ধে যুঁজ দিয়া আদিত এই অণুজীৱবোৰে সহায় কৰে। আসন, প্ৰাণায়াম আৰু ধ্যানৰ কেনে ধনাত্মক প্ৰভাৱ, তাৰ সবিশেষ এতিয়াও জানিবলৈ বাকী আছে। কাৰণ ডিএনএৰ এটা অণুৱে পৃথিৱীৰ গোটেই কম্পিউটাৰে একেলগে যিমান কাম কৰে তাতকৈ ১০০ গুণ বেছি কাম কৰে।

মানুহৰ মগজুত প্ৰায় ১০০ বিলিয়ন নিউৰন থাকে আৰু থাকে কোৱেড্ৰিলিয়ন (একৰ পিছত ২৪ টা শুন্য )সংখ্যক চিনপচেচ। শৰীৰত প্ৰবাহিত হৈ থকা মুঠ তেজ আৰু অক্সিজেনৰ ২০ শতাংশ মগজুলৈ যায়। মগজুৰ প্ৰায়বোৰ কোষেই বিকশিত হৈয়েই আহে। য়োগৰ মতে মগজুৰ কোষ কিছুমান যোগীসকলে পুনৰ সংস্থাপন কৰিবলৈ সক্ষম হয়। সেই কাৰণে য়োগ আৰু এলঝেইমাৰ গৱেষণাৰ এটা আগ্ৰহী বিষয়। উল্লেখ্য যে মানুহৰ মগজু গোটেই শৰীৰৰ ওজনৰ দুই শতাংশ ; কিন্তু শৰীৰৰ ২০% শক্তি খৰচ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত Mind & Life Institute  ৰ পৰা প্ৰকাশিত এক গৱেষণা-পত্ৰত কোৱা হৈছে- মানুহে মগজুৰ এক দশমাংশ ব্যৱহাৰ কৰে, বাকী ৯ ভাগ অব্যৱহৃত হৈ থাকে।

মহৰ্ষি মহেশ যোগীৰ ভাবাৰ্তীত ধ্যানৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নায়ুবিজ্ঞানী ৰে কাৰ্যৱেলে তেওঁৰ ‘The Age of Spiritual Machine’ গ্ৰন্থত কৈছে- মানুহৰ মগজুৰ ক্ষমতা অতি বিশাল ছেকেণ্ডত ১০ লাখ কোটি গণনা কৰিব পাৰে। প্ৰতি মিনিটত মনত ২৫-৩০ টা চিন্তা অহা-যোৱা কৰে, অৰ্থাৎ প্ৰতিদিনে গড়ে ৪০-৬০ হাজাৰ চিন্তাৰ উদ্ৰেক হয়। এই চিন্তাৰ বঢ়া-টুটা নিৰ্ভৰ কৰে মনৰ শান্ত অৱস্থাৰ ওপৰত।

ধ্যান কৰাৰ অৱস্থাত মগজুৰ নিউৰনবোৰৰ উচ্ছৃংখল অৱস্থা শিথিল হয়, Laws of Thermodynimcs  ইয়াকে   মতে Entropy শুন্য বুলি কোৱা হয়। অৰ্থাৎ মনোযোগ বাঢ়ে। এনে অৱস্থাত ব্যক্তি অষ্টাংগ য়োগৰ স্থান সমাধি প্ৰাপ্তি হয়। বিজ্ঞানৰ মতে E=0   , অৰ্থাৎ ১০০ বিলিয়ন নিউৰনৰ এনে অৱস্থাক Quantum Coherence  বুলি কোৱা হয়। ফলত ব্যক্তিজনে অনাবিল আনন্দ উপলব্ধি কৰে।

আসন, প্ৰাণায়াম আৰু ধ্যান অভ্যাসৰ ফলত ব্যক্তিৰ শৰীৰ আৰু মনৰ ওপৰত কেনে প্ৰভাৱ পৰে বা কিছুমান দুৰাৰোগ্য ৰোগ কেনেকৈ শাম কাটে তাৰ বিস্তৰ বিশ্লেষণাত্মক আলোচনা (মই জনাত) ১৯৩০ ৰ দশকমানৰ পৰা আৰম্ভ হয়। পুণেৰ লোনাৱালা নগৰত অৱস্থিত কৈৱল্য ধামত স্বামী কুৱলয়ানন্দই (প্ৰকৃত নাম ডা: জে জে গুনে) য়োগৰ অৰ্থাৎ আসন, প্ৰাণায়ামৰ দ্বাৰা ব্যক্তিৰ দেহৰ ওপৰত পৰা প্ৰভাৱৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ আৰম্ভ কৰিছিল।

পাশ্চাত্য দেশত বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মহৰ্ষি মহেশ যোগীয়ে তেওঁ ভাবাতীত ধ্যান (TM) প্ৰচাৰ কৰিলে, তেতিয়া ইয়াৰ পৰিসৰ বৃদ্ধি পালে। জনপ্ৰিয়তা বৃদ্ধি পালে , বিখ্যাত পপ গায়ক ‘ব্ৰিটিলছ গায়ক’ চাৰিজন তেখেতৰ শিষ্য হোৱাত। তেওঁ ‘মহৰ্ষি’ ইন্সটিটিউট অৱ ক্ৰিয়েটিভ ইণ্টেলিজেন্স’ (MICI) নামৰ বিশ্ববিদ্যালয় আমেৰিকাত স্থাপন কৰিছিল। লগে লগে এই বিশ্ববিদ্যালয়ে আন্তৰ্জাতিক ক্ষেত্ৰলৈ প্ৰসাৰ পালে আৰু তেওঁৰ ধ্যান TM  ৰ জনপ্ৰিয়তা প্ৰায় দেশতে বৃদ্ধি পালে। উল্লেখ্য যে এই চ’ৰাৰ লেখকে যদিও অষ্টম শ্ৰেণীৰ পৰা আসন, প্ৰাণায়াম আৰম্ভ কৰিছিল, ১৯৭৯ চনত ‘ওছমানিয়া বিশ্ববিদ্যালয়’ত গৱেষণা কৰিবলি যাওঁতে সেই হাইদৰাবাদত অৱস্থিত MICI  অনুষ্ঠানত নিয়মীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে। পাছত দুখন গৱেষণা পত্ৰ-

১)Psychobiology of Yoga আৰু

২)Fuzzy Logic and Buddha  প্ৰকাশ কৰা হয়।

মহৰ্ষিৰ শিষ্য তথা হাভাৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ অধ্যাপক ড° কীথ ৱালেছ (Thesis Physiological Aspects of TM) আৰু ড° বেনছনে স্বাস্থ্যৰ ওপৰত TM ৰ কেনেকুৱা প্ৰভাৱ আদি কেইবালানি গৱেষণা-পত্ৰ প্ৰকাশ কৰি TM ৰ জনপ্ৰিয়তা প্ৰচাৰ কৰে। বিগত শতিকাৰ ১৯৭৪ চনৰ অক্টোবৰ মাহত দিল্লীত ‘Neorophysiology on Enlightment’ নামৰ এখন আন্তৰ্জাতিক পৰ্যায়ৰ আলোচনা-চক্ৰ আয়োজিত হৈছিল, য’ত কীথ ৱালেছে তেওঁৰ গৱেষণা-পত্ৰ পাঠ কৰিছিল। এই চক্ৰত ধ্যানৰ প্ৰভাৱিত ব্যক্তিৰ মন, মগজু আৰু স্ব-প্ৰতিৰোধী তন্ত্ৰৰ মাজত কেনে জৈৱিক সম্বন্ধ বা আধুনিক যুগত সৃষ্টি হোৱা উদ্বেগ, ষ্ট্ৰেছ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি বিভিন্ন ব্যাধিৰ কেনেকৈ উপশম ঘটে তাৰ বিত্ং-বিৱৰণ প্ৰকাশ পায়। লগতে আলোচিত হৈছিল ধ্যানৰ অভ্যাসৰ ফলত যুৱক-যুৱতীৰ মেধাশক্তি, স্মৃতিশক্তি আৰু আই কিউ বৃদ্ধি হোৱা এক ৰিপ’ৰ্ট। হ্ৰাস পাইছিল উচ্ছৃংখলতা, মদ্যপান বা চিগাৰেট সেৱন।

২০০৫ বৰ্ষৰ ১০ অক্টোবৰ তাৰিখে বিশ্বত ‘ৱলৰ্ড মেণ্টেল হেলথ ডে’ উদযাপন কৰি ঘোষণা কৰা হৈছিল যে মানুহৰ ৰোগৰ আশী শতাংশই মানসিক। মাত্ৰ বিশ শতাংশহে শৰীৰজনিত ৰোগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল, হাভাৰ্ড, মাছাচুচেটছ জেনেৰেল হস্পিটাল আৰু মাছাচুচেটছ ইন্সিটিটিউট অৱ টেকন’লজীৰ পৰা প্ৰকাশিত গৱেষণা- পত্ৰত কোৱা হৈছে যে নিয়মীয়া ধ্যানৰ প্ৰভাৱত ব্যক্তিৰ মগজুৰ কীটকেৰল (Cortical Thickness) গাঢ়তা বৃদ্ধি পায় আৰু আৱেগ, সংবেদন আদি নিয়ন্ত্ৰণ হোৱাৰ উপৰি দেহৰ আভ্যন্তৰীণ অংগবোৰ অটুট ৰখাত সহায় কৰে। আমেৰিকাত প্ৰকাশিত ‘য়োগ জাৰ্নেল’ নামৰ আলোচনীখনৰ পাঠকৰ সংখ্যা প্ৰায় ৩,২৫০০০ জন। য়োগৰ বিভিন্ন কাৰ্যসুচীৰ নামত আমেৰিকাই বছৰি খৰচ কৰে ২.৯৫ বিলিয়ন ডলাৰ।

বৰ্তমান মানৱ সমাজত দেখা দিয়া অন্যতম ভয়ানক ব্যাধি নি:সংগতা আৰু উদ্বিগ্নতা। আমেৰিকাৰ চিকাগো বিশ্বনিদ্যালয়ৰ পৰা প্ৰকাশিত এক ৰিপ’ৰ্টত কোৱা হৈছে- নি:সংগতাৰ বাবে বয়স্কসকলৰ মৃত্যু ১৪ শতাংশ আগবাঢ়িছে।

ধনাত্মক চিন্তা: য়োগ দৰ্শনত ধনাত্মক চিন্তাৰ ওপৰত গুৰুত্ব দিছে আৰু উপায়ো বৰ্ণাইছে। বৌদ্ধ দৰ্শনত অষ্টাংগ মাৰ্গ আৰু দশশীলৰ গুৰুত্ব এই ধনাত্মক চিন্তাৰ বাবে। গীতাত কৈছে- ‘তোমাৰ উন্নতিৰ বাবে দোষবোৰ তথা ঋণাত্মক চিন্তা দুৰ কৰিব লাগিব’। মুম্বাইৰ বাসিন্দা নিউৰ’ছাইকিয়াট্ৰিষ্ট ড° ৰাজেশ পাৰিখে ক্লিনিকেল পৰীক্ষাৰ পৰা কৈছে যে-‘There is a lower count of white blood cells which fight infections among depressed people. The our modes do have a bearing on our immunity functions’।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল বিশ্ববিদ্যালয়ে ২০০২ চনৰ আগষ্ট মাহৰ এক প্ৰতিবেদনত প্ৰকাশ যে ধনাত্মক চিন্তাই মানুহৰ আয়ুস বৃদ্ধিত পোনপটীয়া অৱদান আগবঢ়ায়। লগতে এইটোও ৰিপ’ৰ্টত কোৱা হৈছে- নিৰাশাবাদী বা উদ্বেগত ভোগা ব্যক্তিৰ তুলনাত ধনাত্মক চিন্তাৰ ব্যক্তিৰ আয়ুস ৭ বছৰ বেছি হয়।

য়োগ: বিলিয়ন ডলাৰ বিজনেছ

পাশ্চাত্য জগতত উচ্চ শিক্ষা এক বজাৰত পৰিণত হোৱাৰ দৰে, য়োগ বৰ্তমান বিলিয়ন ডলাৰ ব্যৱসায়ত পৰিণত হৈছে। কেইবাগৰাকী ভাৰতীয় য়োগ-গুৰুৰ (মহৰ্ষি মহেশ যোগী, ড° দীপক চোপ্ৰা, বি কে এছ আয়েংগাৰ যোগানন্দ পৰমহংস আদি) বিদেশত য়োগ অনুষ্ঠান আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত য়োগ অভ্যাস কৰা সভ্যৰ সংখ্যা ১৫ নিযুত। ইয়াৰে ৭২ শতাংশ মহিলা আৰু ২৮ শতাংশ পুৰুষ। প্ৰতিবছৰ নতুন সদস্যৰ বৃদ্ধি ২০ শতাংশ। ‘ৱৰ্লড য়োগ ফাউণ্ডেচন’ সংস্থাৰ এক হিচাব অনুসৰি য়োগৰ (শ্ৰেণীৰ বক্তৃতা DVD  ,পোছাক পৰিষদ) বছৰি খৰচ কেৱল আমেৰিকাত ৪০ বিলিয়ন মাৰ্কিন ডলাৰ। ৭৫ হাজাৰ আৰু অধিক ডলাৰ বছৰি উপাৰ্জন কৰা য়োগ গুৰুৰ সংখ্যা ৪৪ শতাংশ (আমেৰিকাত)। বছৰি ১০ হাজাৰ ডলাৰ উপাৰ্জনৰ গুৰুৰ সংখ্যা ২৪ শতাংশ। ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ সংখ্যা ৪০.৬ শতাংশ। ২৫ ৰ পৰা ৫৪ বছৰৰ ৪১ শতাংশ, ৫৬ বছৰ বয়সৰ ঊৰ্ধ্বৰ সংখ্যা ১৮.৪ শতাংশ আৰু কলেজৰ ছাত্ৰৰ সংখ্যা ৭১ শতাংশ।

ভাৰতবৰ্ষত সেই অনুপাতত অভ্যাস কৰা ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতীৰ সংখ্যা যথেষ্ট কম।

সামৰণি: আধুনিক বিজ্ঞানৰ, বিশেষকৈ প্ৰযুক্তিবোৰৰ আৱিষ্কাৰ আৰু সমন্বয়ৰ ফলত মেডিকেল বিজ্ঞানীসকলে শৰীৰ, মন আৰু স্বভাৱ-চৰিত্ৰৰ সমন্বয় আৰু প্ৰভাৱ অধ্যয়ন কৰিবলৈ সহজ হৈছে। উদাহৰণ হিচাবে- বুদ্ধদেৱে কোৱা-‘আমি যেনে চিন্তা কৰো তেনে হওঁ’ বা বৰ্তমান আমেৰিকাৰ উন্সকনচিন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ উপনিষদৰ- ‘য়দ ভাৱম, তদ ভৱতি’ ৰ ওপৰত গৱেষণা চলি আছে। বিজ্ঞানৰ নেন’ প্ৰযুক্তি আৱিষ্কাৰৰ ফলত অণু, পৰমাণুৰ জোখ ল’ব পৰা বা অধ্যয়ন কৰাত সুবিধা হৈছে। উদাহৰণ হিচাবে ইনফ্লুৱেঞ্জা ভাইৰাছ ১৫০ নেন’মিটাৰ (১ নেন’মিটাৰ= এক মিটাৰ দৈৰ্ঘ্যৰ ১০০ কোটি ভাগৰ এভাগ)।

প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে- ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ৰ অধ্যাপক তথা নিয়মীয়াকৈ ধ্যান কৰা ড° ব্ৰুচ এইচ লিপটনে তেওঁৰ ‘দ্য বায়’লজী অৱ বিলিফ’ গ্ৰন্থত লিখিছে- How you think about your own Thinking? Biochemical effects of the brain’s functioning show that all the cells of your body are affected by your thoughts’

সেই কাৰণে বৰ্তমান নিৰোগী স্বাস্থ্য আৰু মনৰ বাবে য়োগ বা ধ্যানৰ প্ৰভাৱ বাঢ়িছে। পৰিসংখ্যা বিজ্ঞানীসকলে কৈছে অহা ২০৫০ বৰ্ষত মানুহৰ গড় আয়ুস ১৫০ বছৰ হ’ব।

লেখক: ড° মুকুন্দ ৰাজবংশী (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

3.12121212121
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top