মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / স্বাস্থ্য আৰু সুস্থতাৰ বাবে যোগঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য আৰু সুস্থতাৰ বাবে যোগঃ

স্বাস্থ্য আৰু সুস্থতাৰ বাবে যোগৰ বিশযে লিখা হৈছে

স্বাস্থ্য আৰু সুস্থতা এগৰাকী ব্যক্তিৰ জীৱনশৈলীৰ সৈতে জড়িত। জীৱনশৈলী হ’ল মানুহে কিদৰে জীৱন যাপন কৰে আৰু ই মানুহৰ স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে। যিহেতু শৈশৱতে মানুহৰ জীৱনশৈলীয়ে গতি লয় সেয়ে শৈশৱৰে পৰা শুদ্ধ জীৱনশৈলী বাছি লোৱা উচিত। শৈশৱৰে পৰা ইয়াৰ চৰ্চা কৰাটোও আৱশ্যক। মানুহৰ জীৱনশৈলীক বহুকেইটা বিষয়ে প্ৰভাৱান্বিত কৰে। আৰ্থিক দুৰাৱস্থাই দুখীয়া মানুহৰ ক্ষেত্ৰত পুষ্টিহীনতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে আৰ্থিক সচ্ছলতাই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সমাজ এখনৰ সাংস্কৃতিক মূল্যবোধ খাদ্যাভ্যাসৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। দিনটোৰ বহু সময় বহি কটাবলগীয়া হোৱা জীৱনে কৰ’নাৰী ৰোগৰ ক্ষেত্ৰত গুৰুতৰ ভূমিকা পালন কৰে। একেদৰে ধূমপান বা মদ্যপানৰ বাবে হৃদৰোগ বা লিভাৰ চিৰ’ছিছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। শৰীৰ চৰ্চা, সুষম স্বাস্থ্যকৰ খাদ্য, জিৰণি ইত্যাদি এটা সুস্থ জীৱনশৈলীৰ বাবে অতি আৱশ্যকীয়।

যৌগিক চিকিৎসাৰ বৈশিষ্ট্য এই যে-

 

ই যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে, সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ। যৌগিক আসন, মুদ্ৰা আৰু প্ৰাণায়াম অভ্যাসৰ দ্বাৰা স্নায়ু, পেশী, ধমনী, গ্ৰন্থি, হৃৎপিণ্ড, ফুচফুচ প্ৰভৃতি দেহ পৰিচালক যন্ত্ৰবোৰ ইমানেই সবলতৰ আৰু প্ৰাণৱন্ত হৈ উঠে যে কোনো ৰোগ বিষ বা ৰোগবীজাণুৱে দেহত প্ৰৱেশ কৰি বৃদ্ধি পোৱাৰ সুযোগ নাপায়। এইকাৰণে যৌগিক চিকিৎসা সমগ্ৰ চিকিৎসা প্ৰণালীৰ শীৰ্ষস্থানত অধিষ্ঠিত হোৱাৰ যোগ্য। আমাৰ পূৰ্বপুৰুষ ঋষিসকলৰ আৱিষ্কৃত এই যোগ বিজ্ঞান সমগ্ৰ বিশ্বৰ বিস্ময়ৰ বস্তু, সমগ্ৰ বিশ্বৰ পক্ষেই অমূল্য সম্পদস্বৰূপ।

ৰোগ আৰোগ্য কৰাতকৈ ৰোগ সৃষ্টি হ’বলৈ নিদিয়াৰ ব্যৱস্থা কৰাই চিকিৎসা শাস্ত্ৰৰ লক্ষ্য হোৱা উচিত। মানুহক এই লক্ষ্যত উপনীত কৰাৰ ক্ষমতা একমাত্ৰ যৌগিক ক্ৰিয়াৰেই আছে। ৫ বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৯০ বছৰীয়া বৃদ্ধপৰ্যন্ত সকলো বয়সৰ সকলো নৰ-নাৰীৰ উপযোগী সহজ সহজ যৌগিক ক্ৰিয়া আছে। আনহাতে মানুহৰ অধিকাংশ ৰোগৰ সৃষ্টি হয় পথ্যৰ ত্ৰুটীৰ কাৰণে, গতিকে পথ্য ব্যৱস্থা নিৰ্ভুল হোৱা বাঞ্ছনীয়। এই কাৰণে যোগ বিদ্যা অনুশীলনৰ লগে লগে আহাৰে-বিহাৰে সংযত হোৱাতো দৰকাৰ।

যোগৰ লাভালাভঃ

 

-  যোগে শাৰীৰিক, মানসিক, আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে।

- শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।

- শৰীৰ সঞ্চালন বৃদ্ধি কৰে।

- পেশীৰ শক্তি বৃদ্ধি কৰে।

- শৰীৰৰ গঠনত সহায় কৰে।

- হাড় বা গাঁঠি সুৰক্ষিত কৰি ৰাখে।

- ৰক্ত সঞ্চালন বৃদ্ধি কৰে।

- ৰক্তচাপ কমাই দিয়ে।

- অ’ড্ৰিনেল গ্লেণ্ড নিয়মীয়া কৰে।

- আপোনাক সুখী কৰে।

- আপোনাক আকৰ্ষিত কৰে।

- তেজত শৰ্কৰাৰ মাত্ৰা কমায়।

- অংগ-প্ৰত্যংগবোৰ শিথিল কৰে।

- ভাৰসাম্যতা বৃদ্ধি কৰে।

- সিৰাৰ কাম সূচাৰুৰূপে সমাধা হোৱাত সহায় কৰে।

- মানুহৰ মন-আত্মা পৱিত্ৰ কৰে, মনত প্ৰফুল্লতাৰ ভাব আনে।

- আত্মবিশ্বাস, স্মৃতিশক্তি, মনোবল, সাহস বৃদ্ধি কৰে।

(উৎসঃ খবৰ, পাৰ্থপ্ৰতিম দাস, ফোনঃ ৯৮৬৪৩-০৬৭৫৫)।

2.96875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top