মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / স্বাস্থ্য ৰক্ষাত যোগ-ব্যায়াম: এটি আলোচনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাত যোগ-ব্যায়াম: এটি আলোচনা :

স্বাস্থ্য ৰক্ষাত যোগ-ব্যায়াম: এটি আলোচনাৰ বিষয়ে লিখা হৈছে ।

 

যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভৰ এক প্ৰক্ৰিয়া। যোগ-ব্যায়াম ভাৰতৰ মৌলিক সম্পদ। আজিকালি পশ্চিমীয়া উন্নত দেশত এই যোগ-ব্যায়ামৰ অনুশীলন বাঢ়ি গৈ আছে। আমাৰ দেশ ভাৰততো ইয়াৰ যথেষ্ট প্ৰচাৰ হৈ আহিছে।

আমাৰ দেশৰ অতি প্ৰাচীন কালৰে পৰা যোগচৰ্চাৰ পৰম্পৰা চলি আহিছে। যোগে ব্যক্তিৰ মন, শৰীৰ, ভাৱনা আৰু শক্তিৰ শীৰ্ষতম স্তৰত কাৰ্য কৰে। ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

২০১৫ চনত নতুন দিল্লীৰ জনপথত সফলতাৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেতৃত্বাধীন চৰকাৰখনে যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আহিছে। বৰ্তমান যুগত যন্ত্ৰ সভ্যতাৰ বিৱৰ্তনত মনৱ সমাজৰ বহু অগ্ৰগতি হৈছে।

বিজ্ঞানৰ ন ন শাখা বিস্তৃত হৈছে। চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ হৈছে। বুদ্ধি আৰু চিন্তাত মানুহে আগবাঢ়ি গৈছে, লগতে মানুহৰ পৰিশ্ৰম কমি আহিছে। আৰাম, লাহ-বিলাহত মানুহৰ শৰীৰৰ অংগ-প্ৰ্ত্যংগবোৰ লাহে লাহে অকামিলা, এলেহুৱা হ’বলৈ ধৰিছে।

ইয়াৰ ফলত পেশী আৰু শিৰা-উপশিৰাৰ ক্ষতি হ’বলৈ ধৰিছে। যিকোনো বেমাৰে মানুহক আজিকালি নিশকতীয়া কৰি পেলায়, অতি সহজে মানুহ বেমাৰত পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ লাগতিয়াল হৈ পৰিছে দৈনিক শৰীৰ চৰ্চাৰ।

উপযুক্ত ব্যায়াম আৰু খেল-ধেমালীয়ে মানুহৰ দেহক সতেজ, সুস্থ আৰু শক্তিশালী কৰি ৰাখে। পুৰুষৰ লগতে মহিলাসকলেও স্বাস্থ্য আৰু সৌন্দৰ্য ঠিক ৰাখিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়।

মহিলাসকলৰ ব্যায়ামৰ দৰকাৰ মাথোঁ বাহিৰা সৌন্দৰ্য ৰক্ষা কৰিবলৈ নহয়, শৰীৰৰ জটিল যন্ত্ৰসমূহ যেনে- ডিম্বাশয়, জৰায়ু আদিক ঠিক ঠাইত ৰাখি সেইবোৰ সুস্থ আৰু কাৰ্যক্ষম কৰি ৰখাৰ বাবেও শৰীৰ চৰ্চা নাইবা ব্যায়ামৰ অতি প্ৰয়োজন।

যোগ-ব্যায়াম ভাৰতৰ মৌলিক সম্পদ। ভাৰতীয় যোগীসকলে যোগ-ব্যায়ামৰ অনুশীলনৰ দ্বাৰা প্ৰবল ইচ্ছা শক্তি, দীঘলীয়া যৌৱন আৰু দীঘলীয়া জীৱনৰ অধিকাৰী হৈছিল। ইতিহাসে ঢুকি পোৱা দিনৰে পৰা ভাৰতবৰ্ষত যোগ সাধনা-ধ্যানৰ অভ্যাস চলি অহাৰ কথা আমি গম পাওঁ।

ঋষি-মুনিসকলে গছৰ আকাৰ, জীৱ-জন্তুৰ আকৃতি অনুসৰণ কৰি অভ্যাস কৰিছিল। প্ৰকৃতিৰ সৈতে প্ৰকৃতিৰ কোলাত বহি ঈশ্বৰৰ উপাসনা কৰিছিল। যোগ ধ্যান একেধৰণৰেই। উশাহ-নিশাহৰ বিষয়ে ধ্যান-চৰ্চাও কৰিছিল। সেয়াই প্ৰণায়াম বুলি জনা যায়। শ্ৰুতি অনুসৰি শিৱ হৈছে যোগৰ আদি গুৰু।

আনহাতে, যিমানেই বিজ্ঞানৰ প্ৰসাৰ লাভ ঘটিছে সিমানেই যোগ-ব্যায়ামৰ প্ৰসাৰ আৰু প্ৰচাৰ বাঢ়িবলৈ ধৰিছে। আজিকালি পশ্চিমীয়া উন্নত দেশত এই যোগ-ব্যায়ামৰ অনুশীলন বাঢ়ি গৈ আছে। আমাৰ দেশ ভাৰততো ইয়াৰ যথেষ্ট প্ৰচাৰ হৈ আহিছে।

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ ৬৯ তম অধিৱেশনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বকে আহ্বান জনাইছিল। সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱ গ্ৰহণ জৰে আৰু ১৭৭ খন দেশৰ সহযোগিতাত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসস্বৰূপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।

এই প্ৰস্তাৱত স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক স্বীকৃতি দিয়াৰ লগতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা স্থাপন, ৰোগ প্ৰতিৰোধ, জীৱনশৈলী সম্বন্ধীয় ৰোগ প্ৰ্তিৰোধ আদি সকলো ক্ষেত্ৰতে ইয়াৰ ভূমিকাক স্বীকাৰ কৰা হৈছে। আয়ুস মন্ত্ৰালয়ে ২০১৫ চনৰ ২১ জুনত নতুন দিল্লীৰ জনপথত সফলতাৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰে। এই উপলক্ষে দুটাকৈ বিশ্ব ৰেকৰ্ডো স্থাপন হৈছিল। প্ৰথমটো আছিল ৩৫,৯৮৫ জন ব্যক্তিৰে বিশ্বৰ বৃহত্তম সংখ্যক লোকে ভাগ লোৱা যোগ অনুশীলনৰ ৰেকৰ্ড আৰু দ্বিতীয়টো আছিল সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয়তাৰ লোকে(৮৪ জন) ভাগ লোৱা যোগ অনুষ্ঠানৰ ৰেকৰ্ড।

ইয়াৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয় য’ত লাখ লাখ লোকে অংশগ্ৰহণ কৰে। প্ৰাচীন ভাৰতীয় পৰম্পৰা যোগৰ অনুশীলনৰ দ্বাৰা স্বাস্থ্য লাভ আৰু সুস্থ জীৱন যাপন সম্ভৱ হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। বিশ্বৰ বিভিন্ন ঠাইত হোৱা গৱেষণাত ইয়াৰ দ্বাৰা বিভিন্ন শাৰীৰিক আৰু মানসিক ৰোগৰো উপশম ঘটে বুলি প্ৰমাণিত হৈছে। দিনে দিনে বিশ্বজুৰি যোগৰ জনপ্ৰিয়তাও বৃদ্ধি হৈছে আৰু বিশ্ববাসীৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট সু-প্ৰভাৱ পেলোৱা দেখা যায়।

যোগ শব্দটোৰ উৎপত্তি হৈছে- সংস্কৃত ‘যুজ’ ধাতুৰ পৰা, ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হ’ল যুক্ত কৰ, বন্ধন কৰ, উন্নীত কৰ। বহুলভাৱে থকা শব্দটোৰ আন এটি অৰ্থ হ’ল যুক্ত কৰ বা মিলন ঘটা বা মিলন হ। এই বিশাল ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা জীৱৰ ইচ্ছাৰ লগত স্ৰষ্টাৰ মিলন।

ভাৰতীয় ষড়দৰ্শনৰ এটি হ’ল যোগ। মহামুনি পতঞ্জলিয়ে লিখা ‘যোগাসূত্ৰ’ক শ্ৰেষ্টঃ প্ৰমাণিত গ্ৰন্থ হিচাপে ধৰা হয়। ভাগৱত গীতাৰ ষষ্ঠ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- ‘দুখ-কষ্টৰ পৰা মুক্ত হোৱাটোৱেই যোগৰ আচল উদ্দেশ্য’।

‘যোগশ্চিত্তবৃত্তিনিৰোধ’।।- ইয়াৰ অৰ্থ হ’ল, ‘চিত্তক নানাবিধৰ বৃত্তি বা আকাৰ বা পৰিমাণ গ্ৰহণ কৰিবলৈ নিদিয়াটোৱেই যোগ’।

যোগে মানুহৰ স্বাস্থ্য আৰু কল্যাণ সাধনৰ বাবে সম্পূৰ্ণৰূপে সহায় কৰে। যোগে মানুহৰ স্বাস্থ্যৰ উন্নতি আৰু উপকাৰৰ বাবে বিস্তৃতভাৱে সহায় কৰে। যোগে জীৱদনৰ সকলো স্তৰৰ সামঞ্জস্য ৰক্ষা কৰে আৰু সেইবাবে ৰোগ নিৰোধ, স্বাস্থ্য প্ৰোতসাহন আৰু জীৱনশৈলী সম্বন্ধিত বহু বেমাৰৰ নিৰাময়ত সহায় কৰে।

আমাৰ অনুভূতিৰ মূল গৰাকী হ’ল মন। যিয়ে এই মনক সংযত কৰি মোহমুক্ত্ হ’ব পাৰিছে তেৱেঁই যোগী হৈছে। মনক সংযত কৰিবলৈ হ’লে দেহৰ সংযম পালন আৱশ্যক, আৰু মন-শৰীৰৰ মাজত সামঞ্জস্য ৰাখিব পৰা অত্যন্ত সূক্ষ্ম বিজ্ঞানৰ ওপৰত আধাৰিত জ্ঞানেই হ’ল যোগ।

ই এক আধ্যাত্মিক অনুশাসন। ই মানুহৰ স্বাস্থ্যৰ কলা আৰু বিজ্ঞান। যোগ ব্যক্তিৰ মন, শৰীৰ, ভাৱন আৰু শক্তিৰ শীৰ্ষতম স্তৰত কাৰ্য কৰে। ইয়াক ব্যাপক ৰূপত চাৰিটা ভাগত ভাগ কৰা হৈছে। কৰ্মযোগত শৰীৰৰ প্ৰয়োগ, জ্ঞানযোগত মনৰ প্ৰয়োগ, ভক্তিযোগত ভাবৰ প্ৰয়োগ আৰু ক্ৰিয়াযোগত শৌৰ্য শক্তিৰ প্ৰয়োগ কৰা হয়। ইটো সিটোৰ মাজত সমাহিত হৈ থাকে। ব্যক্তি এই চাৰিটা যোগৰ অদ্বিতীয় সংযোগ হয়। বিভিন্ন ব্যক্তি, সমষ্টি, পন্থা, পৰম্পৰাৰ মাজত যোগে ভিন্ন ৰূপত বিস্তৃত আৰু প্ৰসাৰতা লাভ কৰি আছে। যোগ সাধনাত মন, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, বন্ধ, মুদ্ৰা, ষঠকৰ্ম, যুক্তাহাৰ, মন্ত্ৰ, জপযুক্ত কৰ্ম আদি অভ্যাস কৰা হয়।

আনহাতে, প্ৰকাৰ অনুযায়ী যোগ দুই প্ৰকাৰৰ। ৰাজযোগ আৰু হঠযোগ। ৰাজযোগত মনক প্ৰাধান্য দিয়া হয় আৰু মনক নিয়ন্ত্ৰিত কৰিবৰ উপায় নিৰ্দেশ কৰা হৈছে। হঠযোগেৰে দৈহিক সুস্থতা আৰু দীঘলীয়া জীৱন লাভ কৰিব পৰা যায়। কিন্তু ডাঙৰ ডাঙৰ যোগীসকলৰ অভিমত অনুসৰি ৰাজযোগ আৰু হঠযোগ দুয়ো পৰিপূৰক। ৰাজযোগৰ বাটত হঠযোগক জখলা হিচাপে ধৰা হয় বুলি মত প্ৰকাশ কৰে।

গুণৰ দিশত চিন্তা কৰি আসনক দুভাগত ভগোৱা যায়। ধ্যানাসন আৰু স্বাস্থ্যসন।

যোগৰ উচ্চাংগ, ধ্যান, ধাৰণা, সমাধি আৰু পূজাপাঠ অভ্যাসৰ বাবে ধ্যানাসনৰ ব্যৱহাৰ হৈ থাকে। যেনে- পদ্মাসন, বীৰাসন, বজ্ৰাসন, গোমুখাসন ইত্যাদি।

আনহাতে, স্বাস্থ্যাসনে দেহৰ স্নায়ু সবল কৰি মানুহৰ স্বাস্থ্য অটুট ৰাখে আৰু নিৰোগী দেহ লাভৰ বাবে বেমাৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ সহায় কৰে। যেনে- ভূজংগাসন, শলভাসন, ধনুৰাসন, মৎস্যাসন, শশংগাসন ইত্যাদি। স্বাস্থ্যাসনৰ কিছুমানক ধ্যানাসন হিচাপেও ব্যৱহাৰ কৰা হয়।

যোগ-ব্যায়াম সকলোৱে অভ্যাস কৰিব পাৰে। কিন্তু প্ৰয়োজন অনুসৰি আৰু বয়স অনুসৰিহে লাগতিয়াল ব্যায়াম কৰা উচিত। ইয়াৰ বাবে যোগ-ব্যায়ামৰ অভিজ্ঞ শিক্ষক তথা গুৰুৰ পৰামৰ্শ ল’ব লাগে।

যোগ-ব্যায়াম পুৱা অভ্যাস কৰিলেই ভাল। কিন্তু যিসকলে পুৱা সময় নাপায় তেওঁলোকে দিনৰ যিকোনো এটি নিৰ্দিষ্ট সময়ত কৰিব পাৰে। লগতে, নিতৌ একে সময়তে অভ্যাস কৰা অতি দৰকাৰ।

যোগ-ব্যায়ামৰ অভ্যাস কৰিলে দৈহিক ক্লান্তি আঁতৰি গৈ দেহা সুস্থ আৰু সবল হৈ উঠিব। যোগ-ব্যায়ামে দেহৰ তেজ চলাচল ঠিকমতে কৰে আৰু দেহক সতেজ কৰি তোলে। দিনটোৰ অৱসাদ আঁতৰি।

সাধাৰণতে বেমাৰ-আজাৰ হ’লে বা মাহেকীয়া অসুস্থতাৰ সময়ত যোগ ব্যায়াম ৪/৫ দিন বন্ধ ৰাখিব লাগে।

যোগ-ব্যায়াম কৰাৰ সময়ত ঢিলা কাপোৰ পিন্ধিব লাগে। আনহাতে, তিৰোতাসকলে উড্ডীয়ান কৰাৰ সময়ত কৌপিন জাতীয় পোচাক পিন্ধিলে ভাল।

মুকলি ঠাইত মুক্ত বায়ুত যোগ-ব্যায়াম লাহে-ধীৰে কৰিব লাগে। অতি কোমল বা অতি টান কোনো বস্তুৰ ওপৰত যোগাসন কৰিব নালাগে। একেবাৰে একো নোখোৱাকৈ বা অতিপাত খাই যোগ-ব্যায়াম কৰিব নালাগে। পুৱা আহাৰ খোৱাৰ পিছত তিনিঘন্টা পাৰ হ’লে যোগ-ব্যায়াম কৰা উচিত। কিন্তু গোমুখাসন ৰাতি আহাৰ খোৱাৰ পিছত কৰিলে হজম শক্তি বাঢ়ে আৰু অনিদ্ৰা আঁতৰি যায়।

কোনো টান ৰোগ হ’লে সেয়া সম্পূৰ্ণকৈ ভাল নোহোৱালৈকে কোনো আসন কৰিব নালাগে। হাই ব্লাড-প্ৰেচাৰ, হাৰ্টৰ বেমাৰ আদি টান বেমাৰত ভুগি থকাসকলে এইধৰণৰ আসন যেনে- পদহস্তাসন, শশংগাসন, পশ্চিমোত্তানাসন, শীৰ্ষাসন, সৰ্বাংগসন, হলাসন, বিভিন্ন মুদ্ৰা-আসনসমূহ অভ্যাস নকৰিব।

জণ্ডিচ, টিবি ৰোগীয়ে ভাল নোহোৱা পৰ্যন্ত কোনো ব্যায়াম, আসন, মুদ্ৰা কৰিব নালাগে।

আনহাতে, যোগ আসন তথা যোগ-ব্যায়াম শাৰীৰিক সুস্থতা, স্নায়ুতন্ত্ৰ, কংকালতন্ত্ৰক সুষমভাৱে কাৰ্য কৰাত, হৃদয় আৰু নাড়িৰ স্বাস্থ্যৰ বাবে হিতকৰ অভ্যাস হয়। মধুমেহ, শ্বাস সম্বন্ধিত বিকাৰ, ৰক্তচাপ, জীৱনশৈলী সম্বন্ধিত বিকাৰ যোগে নিৰাময় কৰে। যোগ অভ্যাসে অৱসাদ ভাগৰ, চিন্তা সম্বন্ধীয় বিকাৰ আৰু মানসিক দুঃচিন্তা দূৰ কৰাত সহায় কৰে। যোগে মহিলাসকলৰ মাহেকীয়া ধৰ্ম নিয়মীয়া কৰাত সহায় কৰে। এক কথাত ক’বলৈ গ’লে যোগে শৰীৰ আৰু মনৰ নিৰ্মাণ এনে সাৱলীলভাৱে কৰে যে ফলত মন আৰু শৰীৰ সমৃদ্ধ হয়। পৰিপূৰ্ণ জীৱনৰ উন্নতিৰ বাবে যোগেই মূল শ্ৰোত। ই আমাৰ মনক সদায় সন্তুলিত কৰি ৰখাত সহায় কৰে। ইয়াৰ মাজতেই আমাৰ আত্মবিকাশ সমাহিত হৈ আছে।

মুঠৰ ওপৰত সংসাৰৰ দুখপূৰ্ণ জীৱনত সু-স্বাস্থ্যৰ অধিকাৰী হৈ লগতে সুস্থ মগজুৰ সৈতে দীঘলীয়া জীৱন ধাৰণ কৰিবলৈ যোগ-ব্যায়ামৰ অনুশীলন বৰ্তমান পৃথিৱীত প্ৰতিজন মানুহৰ কাৰণে অতি প্ৰয়োজন। কেৱল ‘যোগ দিৱস’ৰ দিনটোতেই নহয় জীৱনৰ প্ৰতিটো দিনতে ইয়াৰ অভ্যাস তথা চৰ্চা কৰাটো আমাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় বিষয়।

কেইটামান সহজ আসন:

১)শৱাসন:

মৃতকৰ দৰে অৱস্থান কৰাটোৱেই শৱাসন।

প্ৰণালী:

ভৰি দুখনক পোন কৰি চিৎ হৈ শুব লাগে। হাত দুখন শৰীৰৰ কাষত ৰাখিব লাগে। এতিয়া ভৰিৰ পৰা মূৰলৈ স্নায়ুবিলাক শিথিল কৰি দিব লাগে। মনক সম্পূৰ্ণকৈ শান্ত, সংযত আৰু চিন্তা-ভাৱনাশূন্য ৰাখিব লাগিব। এনেকৈ ১০/১২ মিনিট মৃতকৰ দৰে শুই থাকিলে শৰীৰৰ সকলো ক্লান্তি আঁতৰি যায়। একোটা আসন কৰাৰ পিছত তিনি ছেকেণ্ডলৈ শৱাসন কৰি জিৰণি ল’ব লাগে। সকলো আসন শেষ কৰি ৫/৭ মিনিট শৱাসন অভ্যাস কৰিলে আসন কৰি যি ক্লান্তি হয় সেয়া আঁতৰি যায়।

উপকাৰিতা:

শাৰীৰিক আৰু মানসিক ক্লান্তি আঁতৰাবলৈ শৱাসন অতি উত্তম। এই আসন কৰি জিৰণি ল’লে নতুন উদ্যম আৰু কৰ্মশক্তি পোৱা যায়। থিয় হৈ থাকিলে হৃদপিণ্ডই যি পৰিশ্ৰম কৰিব লাগে তেজ চলাচল কৰাবলৈ শুই থাকিলে ই অতি সহজ হয় আৰু পৰিশ্ৰম নহয়।

২)পদ্মাসন:

ভৰি দুখন মেলি পোন হৈ বহিব লাগে। এতিয়া সোঁ ভৰিখন বেঁকাই লৈ জুনুৰ ওপৰত ৰাখিব লাগে। এতিয়া বাওঁ ভৰিখন বেঁকাই আনি সোঁ ভৰিৰ ওপৰত ৰাখিব লাগে। কামিহাড় পোনকৈ ৰাখি বাওঁ হাত বাওঁ কৰঙনৰ ওপৰত আৰু সোঁ হাত সোঁ কৰঙনৰ ওপৰত ৰাখিব লাগে অৰু পোন হৈ বহিব লাগে। উশাহ-নিশাহ স্বাভাৱিক ৰাখিব লাগে। এনে অৱস্থাত ৩০ ছেকেণ্ড থকাৰ পিছত ভৰি দুখন মেলি দিব লাগে আৰু ভৰি পৰিৱৰ্তন কৰি আগৰ নিৰ্দেশ মতে পদ্মাসন অভ্যাস কৰিব লাগে। এই আসন প্ৰথমতে ৩০ ছেকেণ্ডলৈ চাৰিবাৰ কৰিব লাগে। পিছত একেৰাহে ৪/৫ মিনিট অভ্যাস কৰিব লাগে।

উপকাৰিতা:

এই আসন অভ্যাস কৰিলে মন স্থিৰ হয়। ভৰিৰ বাত নিৰ্মূল হয়। ফলত যৌৱন অটুট থাকে। পদ্মাসন অভ্যাস কৰিলে মনৰ একাগ্ৰতা বৃদ্ধি পায়। দেহ নিৰোগী কৰি ৰাখিবলৈ পদ্মাসন বৰ উপকাৰী।

৩)বজ্ৰাসন:

নীলডাউন হোৱাৰ দৰে আঁঠু মেৰাই লৈ বহিব লাগে। আঁঠু দুটা একে লগত থাকিব আৰু ভৰিৰ আঙুলিলৈ সকলো অংশ মাটিত লগোৱা থাকিব। এতিয়া ভৰিৰ গোড়ালী দুটা অলপ ফাঁক কৰি ইয়াৰ ওপৰত তপিনা ৰাখি কামিহাড়, বুকু পোন কৰি বহিব লাগে। চাব লাগিব ভৰিৰ গোড়ালী দুটা যেন গুহ্যদ্বাৰৰ কাষত থাকে। হাত দুখনক পোন কৰি আঁঠুৰ ওপৰত পোন কৰি ৰাখিব লাগে। উশাহ-নিশাহ স্বাভাৱিক ৰাখি ৩০ ছেকেণ্ডমান সময়লৈ ৩/৪ বাৰমান কৰিব লাগিব। প্ৰত্যেকবাৰ কৰাৰ পিছত এবাৰকৈ শৱাসনত জিৰণি ল’ব লাগে।

উপকাৰিতা:

ভৰিৰ গাঁঠিত বাতৰ বিষ থাকিলে এই আসনৰ দ্বাৰা সহজে আঁতৰে। খোৱাৰ পিছত এই আসন কৰিলে হজম শক্তি বৃদ্ধি পায় আৰু অনিদ্ৰা আঁতৰে।

৪)উষ্ট্ৰাসন:

এই আসন কৰিলে উষ্ট্ৰৰ দৰে দেখা যায় বাবে ইয়াক উষ্ট্ৰাসন বোলে।

প্ৰণালী:

নীলডাউন হৈ দুহাতেৰে পাছফালে দুই ভৰিৰ গোড়ালী ধৰিব লাগে। ইয়াৰ পিছত পেট আৰু বুকু ধনুৰ দৰে বেঁকাই মূৰটো পাছ ফালে ওলোমাই দিব লাগে। এনে অৱস্থাত চাব লাগে যে কিলাকূটি দুটা ভাজ হৈ নাযায়। এইদৰে ৩০ ছেকেণ্ডমান থাকি উশাহ-নিশাহ স্বাভাৱিক ৰাখিব লাগে। আসনটো ৩/৪ বাৰ কৰিব লাগে আৰু প্ৰতিবাৰৰ অন্তত এবাৰকৈ শৱাসনত জিৰণি ল’ব লাগে।

উপকাৰিতা:

সূৰ্যোদয়ৰ আগত টোপনিৰ পৰা উঠি এগিলাচ পানী খাই আসনটো কৰিলে কোষ্ঠ-কাঠিন্য বেমাৰ ভাল হয়, পেটৰ চৰ্বি কমায়, কঁকাল আৰু কামিহাড়ক নমনীয় ৰাখে। বুকুৰ প্ৰসাৰতাৰ বাবেও এই আসনটো দৰকাৰী(মহিলাৰ)।

৫)পশ্চিমোত্তানাসন:

ভৰি দুখন সন্মুখৰ ফালে মেলি দি বহিব লাগে। এতিয়া হাত দুখনেৰে ভৰিৰ বুঢ়া আঙুলি ধৰিব লাগে। বাওঁ হাতেৰে বাওঁ আঙুলি আৰু সোঁ হাতেৰে সোঁ আঙুলি ধৰিব লাগে। ইয়াৰ পিছত কিলাকূটি ভজুৱাই বুকু আৰু পেট আঁঠুৰ লগত লগাব লাগে আৰু কপাল আঁঠুৰ সোঁমাজত ঠেকাই ৰাখিব লাগে। উশাহ-নিশাহ     স্বাভাৱিক ৰাখি প্ৰতিবাৰ ৩০ ছেকেণ্ডকৈ আসনটো কৰিব লাগে। এইদৰে ৩/৪ বাৰ কৰোতে প্ৰতিবাৰৰ অন্তত এবাৰকৈ শৱাসনত জিৰণি ল’ব লাগে।

উপকাৰিতা:

এই আসনটো নিয়মীয়াকৈ কৰিলে পেটৰ পেশীবোৰ সুস্থ, সবল আৰু কৰ্মক্ষম হৈ থাকে। পাকস্থলী, অগ্ন্যাশয়, যকৃত আদিক সক্ৰিয় ৰাখে। কামিহাড়ৰ স্থিতিস্থাপকতা বঢ়ায়। আমাশয় বেমাৰৰ কাৰণে আৰু পেটৰ বায়ু উলিওৱাত এই আসনটো বৰ লাগতিয়াল।

এনেধৰণৰ আৰু অন্যান্য ব্যায়াম তথা যোগাসন আছে যাৰ সহায়ত আমি সুস্থ, সবল হৈ থাকিব পাৰো। সেইবাবেই প্ৰতিজন মানুহৰ বাবেই এই যোগ আসন খুবেই দৰকাৰী। দৈনিক আমাৰ অৱসাদগ্ৰস্ত জীৱনৰ বাবে এই আসনসমূহৰ অভ্যাস অতি প্ৰয়োজন, যাৰ দ্বাৰা আমাৰ জীৱনৰ অৱসাদ, দুখ-কষ্ট, মানসিক চাপ আদি আঁতৰ কৰি এক আনন্দময় আৰু সুস্থ মনৰ সৈতে শাৰীৰিকভাৱেও সুস্থ-সবল জীৱন যাপন কৰিব পাৰো।

এয়াই হ’ল যোগ-ব্যায়াম আৰু ইয়াৰ মহত্ব তথা প্ৰয়োজনীয়তা, যি আমাৰ বাবে অতি উপকাৰী তথা ই আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হোৱা উচিত বুলিও ক’ব পৰা যায়।

লেখিকা: বনশ্ৰী কাকতি(ৰাইজৰ বাতৰি)

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top