মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / হোমিঅ’পেথিৰে কিডনী পাথৰৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হোমিঅ’পেথিৰে কিডনী পাথৰৰ চিকিৎসা

হোমিঅ’পেথিৰে কিডনী পাথৰৰ চিকিৎসা কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰা হৈছে।

বহুক্ষেত্ৰত দেখা যায় কিডনী ষ্টোন অস্ত্ৰোপচাৰৰ কিছুদিন পিছত পুনৰ হয়। ইয়াৰ কাৰণ হিচাপে যিসকলৰ এবাৰ কিডনীত ষ্টোন হয়, সেইসকলৰ কিডনীত ষ্টোন হোৱাৰ প্ৰৱণতা থাকে। আনহাতে, ঔষধ নিদিয়াকৈ আঁতৰাবৰ চেষ্টা কৰিলে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা থাকি যায়। একমাত্র হোমিঅ’পেথি ঔষধ দিয়েই এই প্রৱণতাকে সমুলি নির্মূল কৰা সম্ভৱ’। যেতিয়াই এই প্রৱণতা নিঃশেষ হৈ যাব; তেতিয়াই কিডনীয়ে তাৰ সম্পূৰ্ণ কার্যক্ষমতা ঘূৰাই পাব অথবা কোনোদিনেই কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা নাথাকিব।

কিডনীৰ পাথৰ হোৱাটো আমাৰ এক ঘৰুৱা সমস্যা। আমাৰ দেশৰ প্ৰতি ২০জন মানুহৰ মাজত কমেও এই সমস্যাত ভোগা দেখা যায়। যেতিয়া কোনো লোকে গম পায় যে তেওঁৰ কিডনীত পাথৰ হৈছে, তেতিয়া তেওঁৰ ঘৰখনত সকলোৰে হৃৎপিণ্ড কঁপিবলৈ আৰম্ভ কৰে। কপালত চিন্তাৰ ৰেখা স্পষ্ট ৰূপত ধৰা দিয়ে। কিয়নো

(১) অপাৰেচনৰ ভয়

(২) অর্থনৈতিক সংকট

(৩) ওচৰ-চুবুৰীয়া আৰু আত্মীয়ৰ নানা মন্তব্য আদিৰ ফলস্বৰূপে সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মানুহে শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰা দেখা যায়। সেয়ে যিসকলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা এতিয়াও হোৱা নাই, তেওঁলোকৰ উদ্দেশ্যে কোৱা হৈছে যে ইমান চিন্তাৰ কোনো কাৰণ নাই। সৰু সৰু হোমিঅ’পেথিক ঔষধৰ বড়িৰ জৰিয়তে ‘কিডনী ষ্টোন’ৰ সমস্যা সমাধান কৰিব পৰা যায়।

কিডনীৰ পাথৰনো কি ?

আমাৰ দেহত কিডনী দুটাই শৰীৰত চেকনিৰ কাম কৰে। চেকনিৰ মাজেদি পানী নিষ্কাশনৰ সময়ত যি লেতেৰা আৱৰ্জনা পায়, সেইবোৰৰ কিছু অংশ কিডনীৰ মাজত সোমাই থাকে। আৰু সেই সকলো আৱৰ্জনা জমা হৈ শেষত পাথৰৰ সৃষ্টি হয়। সাধাৰণতে ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ মাজত এই সমস্যাই দেখা যায়।

কিডনীত পাথৰ হোৱাৰ কাৰণ, কোন কোন অংশত হ’ব পাৰে?

(১) ভিটামিন A ৰ অভাৱত ।

(২) কিডনী ইনফেকচন।

(৩) পানী কমকৈ খালে।

(৪) তেজত ইউৰিক এচিডৰ পৰিমাণ অধিক হ’লে পাথৰ হোৱাৰ সম্ভাৱনা থাকে।

সাধাৰণতে

(১)কিডনীৰ মাজত

(২) ইউৰেটৰ, অৰ্থাৎ কিডনী আৰু মূত্রথলীৰ সংযোগকাৰী নলীৰ মাজত

(৩) মুত্রথলীৰ মাজত আৰু

(৪) মুত্ৰনলীৰ মাজত পাথৰ হ’ব পাৰে।

কিডনীত পাথৰ হ’লে কি কি লক্ষণে দেখা দিয়ে?

(১) বহু ক্ষেত্ৰত কোনো ধৰণৰ লক্ষণ নাথাকে। যাক ছাইলেন্ট ষ্টোন বুলি কোৱা হয়। এক্স-ৰে বা ছনোগ্রাফী কৰিলেহে ধৰা পৰে।

(২) বহু সময়ত কমৰ বা পিঠিৰ তলফাল মেৰুদণ্ডৰ ওচৰত বিষ অনুভৱ হয়। এটা কম পৰিমাণৰ বিষ সকলো সময়তে থাকে।

(৩) কিডনীৰ বিষ বহু সময়ত পিঠিৰ পৰা ক্ৰমশঃ তল ফাললৈ গতি কৰে, কেতিয়াবা ইয়াৰ তীব্রতা ইমান বেছি হয় যে ৰোগী বিছনা ল’বলগীয়া হয়।

(৪) বিষৰ তীব্ৰতা বৃদ্ধিৰ লগে লগে বমি বা বমি বমি ভাব মনলৈ আহিব ধৰে।

(৫) প্ৰস্ৰাৱত ই সংক্রমিত হোৱাৰ ফলত কমকৈ প্ৰস্ৰাৱ হয়।

(৬) মাজে মাজে জ্বৰ আদিও হ'ব পাৰে।

কিডনীত পাথৰ হ’লে কি কি কৰিব আৰু নকৰিব?

১। পানী বেছিকৈ খাব লাগে, পৰিণত বয়সৰ মানুহে দিনে ৪ লিটাৰতকৈ অধিক পানী খাব লাগে।

২। প্ৰ’টিনজাতীয় খাদ্য কমকৈ খাব লাগে।

৩। ক’লড্রিংকছ কমকৈ খাব লাগে।

৪। ফলত ৰস বেছি খাব লাগে।

৫। ভিটামিনজাতীয় খাদ্য কমকৈ খাব লাগে।

হোমিঅ’পেথিক চিকিৎসাৰ দ্বাৰা কিদৰে কিডনীৰ পাথৰ আঁতৰাব পাৰি

হোমিঅ’পেথিক চিকিৎসাত কিডনী ষ্টোনৰ কোনো নির্দিষ্ট ঔষধ নাই। ৰোগীয়ে যি ধৰণৰ লক্ষণৰ বিষয়ে জনায়, তাৰ ওপৰত ভিত্তি কৰিয়েই ঔষধ দিয়া হয়। হোমিঅ’পেথী চিকিৎসাত ৰোগীৰ কিডনী ষ্টোনৰ লক্ষণ সম্পৰ্কত ৰোগীৰ কেতিয়াৰ পৰা বিষ আৰম্ভ হৈছে, কেনেধৰণৰ অসুবিধা হয়, প্রস্রাৱ জ্বলা-পোৰা হয় নেকি আদি বিভিন্ন প্ৰশ্নৰে ৰোগীৰ ৰোগ সম্পৰ্কত বুজ লৈ ৰোগৰ ঔষধ দিয়া হয়। কিডনী ষ্টোনৰ বিভিন্ন লক্ষণৰ ঔষধো ভিন্ন। বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লগা, প্ৰস্ৰাৱ কৰোঁতে কষ্ট বা বিষ অনুভৱ হোৱা, কিডনীৰ ষ্টোনৰ ৰোগৰ ক্ষেত্ৰত ঔষধো ভিন্ন। সেয়ে হোমিঅ’পেথিত কিডনীৰ ষ্টোন আঁতৰাবৰ বাবে ঔষধতকৈ চিকিৎসকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক মতে ঔষধ পৰিলে ৫ মিঃমিঃ জোখৰ পাথৰো লাহে লাহে গলি প্ৰস্ৰাৱৰ সৈতে ওলাই যায়।

হোমিঅ’পেথিত কিডনী ষ্টোন আঁতৰোৱাৰ সম্ভাৱনা আছেনে?

বহুক্ষেত্ৰত দেখা যায় কিডনী ষ্টোন অস্ত্ৰোপচাৰৰ কিছুদিন পিছত পুনৰ হয়। ইয়াৰ কাৰণ হিচাপে যিসকলৰ এবাৰ কিডনীত ষ্টোন হয়, সেইসকলৰ কিডনীত ষ্টোন হোৱাৰ প্ৰৱণতা থাকে, আনহাতে, ঔষধ নিদিয়াকৈ আঁতৰাবৰ চেষ্টা কৰিলে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা থাকি যায়। একমাত্ৰ হোমিঅ’পেথি ঔষধ দিয়েই এই প্ৰৱণতাক সমূলি নিৰ্মূল কৰা সম্ভৱ। যেতিয়াই এই প্রৱণতা নিঃশেষ হৈ যাব; তেতিয়াই কিডনীয়ে তাৰ সম্পূৰ্ণ কার্যক্ষমতা ঘূৰাই পাব অথবা কোনোদিনেই কিডনীত পাথৰ হোৱাৰ সম্ভৱনা নাথাকিব। কিডনী ষ্টোনৰ ক্ষেত্ৰত হোমিঅ’পেথি সঠিক চিকিৎসা হয়নে ?

চিকিৎসাৰ আৰম্ভণিতে আট্রা ছ’নোগ্রাফী বা আই ভি ইউ বা এক্স-ৰে কৰি পাথৰৰ স্থান, জোখ, তেজত ইউৰিয়া তথা ক্রিয়েটিবিনৰ মাত্ৰা কিমান আছে জানি লোৱাটো অত্যন্ত জৰুৰী। তিনি মাহৰ অন্তৰে অন্তৰে এই পৰীক্ষাসমূহ কৰি পাথৰৰ জোখ, স্থান আদি। পৰিৱৰ্তন হৈছে নে নাই সেয়া জনাটো অতিশয় প্রয়োজনীয়। যদি ক্ৰমশঃ পাথৰটো সৰু হৈ আহে, তেতিয়া চিকিৎসা চলাই যাব লাগে আৰু যদি পাথৰ গলি গৈ আঁতৰ হোৱাৰ পথত, তেনেহ’লে আৰু চিকিৎসাৰ প্ৰয়োজন নাই।

কিমান দিন সময় লাগে। কিডনী ষ্টোনৰ হোমিঅ’পেথি চিকিৎসাত

হোমিঅ’পেথি চিকিৎসাৰ ম্যাদ নিৰ্ভৰ কৰে পাথৰৰ আয়তন আৰু স্থানৰ ওপৰত। পাথৰ যদি কিডনীৰ মাজত থাকে তেনেহ’লে ৬-৮ মাহ সময় লাগিব পাৰে। পাথৰ যদি ইউৰেটাৰ অথবা মূত্ৰনলীৰ মাজত থাকে; তেনেহ’লে অনেক কম সময় লাগে।

বহুতৰ মনত ভয় থাকে কিবা অসুবিধা হ’ব পাৰে নেকি?

চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে সঠিকভাৱে হোমিঅ’পেথি ঔষধ খালে আৰু মাজে মাজে পৰীক্ষাসমূহ কৰাই থাকি ব্যৱস্থা গ্রহণ কৰিলে অসুবিধা হোৱাৰ কোনো সম্ভাৱনা নাথাকে। কিডনীত পাথৰ হ’লেও ভয় খাবলগীয়া নাই। কম খৰচতে, সামান্য পৰিমাণৰ হোমিঅ’পেথি ঔষধ খালেই কিডনীৰ পাথৰ আঁতৰাই সুস্থ তথা স্বাভাৱিক জীৱন যাপন কৰিব পৰা যায়।

উৎস: জীৱন আৰু স্বাস্থ্য বিশেষ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top