অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ত ‘ভ্ৰমণ প্ৰাণায়াম’ৰ ভূমিকা

ৰোগ নিৰাময়ত ‘ভ্ৰমণ প্ৰাণায়াম’ৰ ভূমিকা

যোগশাস্ত্ৰত বিভিন্ন প্ৰাণায়ামৰ কথা উল্লেখ পোৱা যায়। বৈদিক প্ৰাণায়াম, লঘু প্ৰাণায়াম, সহজ প্ৰাণায়াম, পাশ্চাত্য প্ৰাণায়াম আদি; কিন্তু সাধাৰণ মানুহে কৰিব পৰা উৎকৃষ্ট প্ৰাণায়ামটো হৈছে ‘ভ্ৰমণ প্ৰাণায়াম’। যিসকল লোকৰ নিয়মিত আসন, মুদ্ৰা, প্ৰাণায়াম কৰিবলৈ আহৰি নাথাকে বা এলাহ, তেওঁলোকে নিৰ্মল বায়ুপূৰ্ণ ঠাইত দৈনিক এই প্ৰাণায়াম চৰ্চা কৰিলে অন্যান্য আসন-প্ৰাণায়ামসমূহৰ সুফল লাভ কৰিব পাৰে। বিশেষকৈ প্ৰৌঢ়-প্ৰৌঢ়া আৰু দুৰ্বল ৰোগীসকলৰ কাৰণে এই প্ৰাণায়ামটো বৰ উপকাৰী।

প্ৰণালী

পুৱা আৰু গধূলি ধোঁৱা আৰু ধূলিবৰ্জিত ৰাস্তাত এই প্ৰাণায়ামটো অভ্যাস কৰিব লাগে। যিসকল লোকৰ বাহিৰলৈ ওলাই যোৱাৰ সুবিধা নাই তেওঁলোকে চোতাল বা খোলা বাৰাণ্ডাত বা ছাদত খোজকাঢ়ি ভ্ৰমণ প্ৰাণায়াম অভ্যাস কৰিব পাৰে। প্ৰথমে চাৰিবাৰ পদক্ষেপৰ তালে তালে ১, ২, ৩, ৪ মনে মনে উচ্চাৰণ কৰি উচ্চাৰণৰ লগে লগে দুয়ো নাকেৰে বায়ু আকৰ্ষণ কৰিব লাগে। বায়ু আকৰ্ষণ সমাপ্ত হোৱা মাত্ৰেই আকৌ চাৰি পদক্ষেপৰ তাল তালে শ্বাস ত্যাগ কৰিব লাগে। কেইসপ্তাহমান এইদৰে অভ্যাস কৰাৰ পিছত চাৰি পদক্ষেপত শ্বাস গ্ৰহণ আৰু ছয় পদক্ষেপত শ্বাস ত্যাগ কৰিব লাগে। এইদৰে চাৰি বা ছয় পদক্ষেপ অভ্যাস কৰিব হ’লে ছয় বা আঠ পদক্ষেপ অভ্যাস কৰিব লাগে। অৰ্থাৎ ছয় খোজত শ্বাস গ্ৰহণ আৰু আঠ খোজত শ্বাস ত্যাগ কৰিব লাগে।

শ্বাস গ্ৰহণ আৰু বৰ্জনৰ সময়ত ফোপনি ধৰা উচিত নহয়। প্ৰথম অৱস্থাত মাজে-মাজে দুই-এবাৰ স্বাভাৱিক শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰি বিশ্ৰাম ল’ব লাগে। ভ্ৰমণৰ আদিতে দুই মিনিট, মাজত দুই মিনিট আৰু শেষত দুই মিনিট, মুঠ ছয় মিনিট প্ৰাণায়াম অভ্যাস কৰিব লাগে। ছয় মিনিট প্ৰাণায়ামটোত ভালদৰে অভ্যস্ত হ’লে (৬x৩)=৯ মিনিট, ৯ মিনিটৰ পিছত ১২ মিনিট, ১৫ মিনিট, ১৮ মিনিট হাৰত প্ৰাণায়ামৰ মাত্ৰা ক্ৰমে আধা ঘন্টাৰ পৰা ১ ঘন্টা পৰ্য্যন্ত বঢ়াই নিব পাৰি। এই প্ৰাণায়ামটো কমেও ১৫ মিনিটকৈ পুৱা-গধূলি নিতৌ অভ্যাস কৰোতে কোনোধৰণৰ লৰালৰি কৰা উচিত নহয়।

স্বাভাৱিক গতিত খোজকঢ়া উচিত। ৰাজহাড় পোনকৈ ৰখা উচিত। প্ৰাণায়ামৰ সময়ত বায়ু ধাৰণ শক্তি যি অনুপাতে বৃদ্ধি পাব সেই অনুপাতে শ্বাস গ্ৰহণ আৰু শ্বাস ত্যাগ সহ পদক্ষেপ বঢ়াই ল’ব লাগে। ১২/১৮ মাত্ৰাই এই প্ৰাণায়ামটোৰ সৰ্বশেষ মাত্ৰা। ১২/১৮ মাত্ৰা আয়ত্ত হোৱাৰ পিছত পদক্ষেপৰ হিচাপ ৰখাৰ দৰকাৰ নাই। শ্বাস গ্ৰহণ কৰি কৰি সিমানবাৰ সম্ভৱ যিমানবাৰ পদক্ষেপ ল’ব লাগে। অনুৰূপভাৱে পদক্ষেপৰ তালে তালে শ্বাস ত্যাগ কৰি কৰি অগ্ৰসৰ হ’ব লাগে। উল্লেখ্য, পুৱা প্ৰাত:ক্ৰিয়া সম্পন্ন কৰি দুগিলাচ পানী খাই লৈহে এই প্ৰাণায়াম অভ্যাস কৰিব লাগে। খালী পেটে কৰা উচিত নহয়। সেইদৰে আবেলি গধুৰ আহাৰৰ পিছতেই এই ক্ৰিয়া অভ্যাস কৰা উচিত নহয়। গধুৰ আহাৰৰ তিনি ঘন্টা পিছতহে প্ৰাণায়াম কৰা উচিত। অৱশ্যে পাতল আহাৰৰ আধা ঘন্টা পিছতে প্ৰাণায়ামটো কৰিব পাৰি।

উপকাৰিতা

অন্যান্য প্ৰাণায়ামৰ যিমানবিলাক উপকাৰিতা আছে, সেই সকলোবিলাক উপকাৰিতা আছে, সেই সকলোবিলাক উপকাৰিতা এই প্ৰাণায়ামটোৰ পৰা লাভ হয়। হৃদযন্ত্ৰকে ধৰি দেহৰক্ষাকাৰী অংগ-উপাংগবিলাক সবলতৰ হয়, ৰক্ত পৰিষ্কাৰ হয়, শাৰিৰীক দুৰ্বলতা দূৰ হয়। দৈনিক অন্তত: এঘন্টা ভ্ৰমণ প্ৰাণায়াম কৰিলে দেহ নিৰোগী হয়, মূৰৰ বিষ নহয়। অবিশ্ৰান্তভাৱে আধাঘন্টা প্ৰাণায়াম চৰ্চাৰ ক্ষমতা আয়ত্ত কৰাজনক টাইফয়েড, যক্ষ্মা, প্লুৰেচি, ইনফ্লুয়েঞ্জা, হাপানি প্ৰভৃতি ৰোগে আক্ৰমণ কৰিব নোৱাৰে। ৰোগ আৰোগ্যৰ ঠিক পিছতে হেৰোৱা স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ আৰু শাৰিৰীক দুৰ্বলতা দূৰ কৰিবলৈ এই প্ৰাণায়ামটো খুব উপযোগী। বৃদ্ধ-বৃদ্ধাসকলে এই প্ৰাণায়ামটো নিয়মিতভাৱে কৰিলে জীৱনিশক্তি বৃদ্ধি পাব আৰু বাৰ্ধক্যজনিত বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। বিশেষকৈ উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে আৰু হৃদৰোগৰ আৰম্ভণিৰ ৰোগীয়ে দৈনিক অন্তত: আধা ঘন্টাতকৈ শুদ্ধভাৱে এই প্ৰাণায়ামটো কৰিলে বহুখিনি সুফল পাব।

শাৰিৰীক দুৰ্বলতা বা অসলতাৰ কাৰণে যিসকলে প্ৰাণায়াম কৰাৰ পৰা বিৰত থাকিবলগীয়া হয়, তেওঁলোকে কেৱল পুৱা-গধূলি দৈনিক অন্তত: আধাঘন্টা ভ্ৰমণ প্ৰাণায়াম কৰিয়েই বহুখিনি বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে।

লেখিকা: গীতাঞ্জলী চহৰীয়া।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate