প্ৰাকৃতিক চিকিৎসা এনে এটা পদ্ধতি যাৰ যোগেৰে প্ৰকৃতিৰ মূল গঠনমূলক তত্বখিনিৰ লগত মিলি যোৱাকৈ শাৰিৰীক, মানসিক, নৈতিক আৰু আধ্যাত্মিক জীৱন ধাৰণৰ পৰিকল্পনা কৰা হয়। স্বাস্থ্যৰ উৎকৰ্ষ সাধন, ৰোগ প্ৰতিৰোধ আৰু ৰোগ নিৰাময়ৰ লগতে পূৰ্বৰ অৱস্থা ঘূৰাই অনাত এই চিকিৎসাই গুৰুত্বপূৰ্ণ ভূমিকা লয়।
ব্ৰিটিছ নেচাৰ’পেথি এচ’চিয়েছনৰ ঘোষণা মতে প্ৰাকৃতিক চিকিৎসা হ’ল এনে এটা পদ্ধতিৰ চিকিৎসা য’ত শৰীৰৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ শক্তিক নিৰাময়ত ব্যৱহাৰ কৰা হয়। সেইবাবেই এনে পদ্ধতিত শৰীৰত সৃষ্টি হোৱা ৰোগৰ কাৰণসমূহ আতঁৰোৱাত গুৰুত্ব প্ৰদান কৰা হয়। অৰ্থাৎ দেহৰ ভিতৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু অলাগতীয়াল সামগ্ৰীসমূহ আতঁৰাই ৰোগ আৰোগ্য কৰা হয়।
প্ৰাকৃতিক চিকিৎসাৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল:
এই চিকিৎসাৰ মতে প্ৰাকৃতিক ধৰণে খাদ্য গ্ৰহণ কৰাতো অত্যাৱশ্যকীয়। সঁতেজ বতৰৰ ফল-মূল, সঁতেজ সেউজীয়া পাতৰ পাচলি আৰু অংকুৰিত বীজ অতি উত্তম খাদ্য। এই পথ্যসমূহক বহলভাৱে তিনি ধৰণৰ শ্ৰেণীত ভাগ কৰা হৈছে:
ক্ষাৰধৰ্মী হোৱাৰ বাবে এই পথ্যসমূহে স্বাস্থ্য উন্নত কৰাত সহায়ক হয়, শৰীৰটো বিশুদ্ধ কৰি ৰাখে আৰু ৰোগৰ পৰা প্ৰতিৰক্ষা প্ৰদান কৰে। এই ক্ষেত্ৰত সকলোবোৰ খাদ্যৰ যথোপযুক্ত মিশ্ৰণ অত্যাৱশ্যকীয়। আমাৰ খাদ্য ২০ শতাংশ আম্লিক আৰু ৮০ শতাংশ খাৰধৰ্মী হোৱাতো সু-স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। যিকোনো ব্যক্তিৰ ভাল স্বাস্থ্যৰ বাবে সুষম খাদ্যৰ অতি প্ৰয়োজন। প্ৰাকৃতিক চিকিৎসাত খাদ্যক ঔষধ হিচাপে ধৰা হয়।
কিছুমান বা সকলো ধৰণৰ খাদ্য, পানীয় বা দুয়োবিধেই এটা নিৰ্দিষ্ট সময়লৈ খোৱাৰ পৰা স্ব-ইচ্ছাই বিৰত থকাটোকে প্ৰাথমিকভাৱে উপবাস বোলা হয়। সংস্কৃতত থকা ‘ব্ৰত’ৰ অৰ্থ হ’ল দৃঢ়সংকল্প আৰু ‘উপবাস’ৰ অৰ্থই ভগৱানৰ কাষত থকাতো বুজায়। উপবাসে থকাজনৰ ওপৰত উপবাসৰ প্ৰভাৱ সম্পূৰ্ণভাৱে বা আংশিকভাৱে পৰিব পাৰে আৰু ই দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী উপবাসো হ’ব পাৰে। স্বাস্থ্য সংৰক্ষণৰ বাবে উপবাসে থকাতো এটা গুৰুত্বপূৰ্ণ চিকিৎসা পদ্ধতি। উপবাসে থাকিবলৈ মানসিক প্ৰস্তুতি এটা অত্যাৱশ্যকীয় পূৰ্ব চৰ্ত। দীৰ্ঘম্যাদী উপবাসে থকাতো এজন উপযুক্ত প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞৰ পৰ্য্যৱেক্ষণতহে কৰা উচিত।
কিমান সময় উপবাসে থাকিব লাগিব সেইটো ৰোগীৰ বয়স, ৰোগৰ ধৰণ আৰু পূৰ্বতে ব্যৱহাৰ কৰা ঔষধৰ ধৰণ আৰু পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান ক্ষেত্ৰত ২ বা ৩ দিনলৈ কম সময়ৰ এলানি উপবাসৰ পৰামৰ্শ প্ৰদান কৰা হয় আৰু লাহে লাহে ইয়াৰ সময় বৃদ্ধি কৰি গৈ সম্পূৰ্ণ এটা দিন উপবাসে থকাৰ পৰামৰ্শ প্ৰদান কৰা হয়। যদিহে ৰোগীয়ে পৰ্য্যাপ্ত সময় জিৰণি আৰু উপযুক্ত যত্ন লাভ কৰে তেন্তে উপবাসৰ পৰা ৰোগীৰ কোনো ক্ষতি নহয়।
পানী, ফলৰ ৰস বা কেঁচা পাচলিৰ ৰস খাইও উপবাসে থাকিব পাৰি। উত্তম নিৰাপদ আৰু অতি কাৰ্য্যকৰী উপবাসৰ পদ্ধতি হ’ল টেঙা চৰবতৰ উপবাস। উপবাসে থকা সময়ত শৰীৰৰ পৰা বৃহৎ পৰিমাণৰ জমা হোৱা বৰ্জিত পদাৰ্থ দহনৰ যোগেৰে ওলাই যায়। এই পৰিষ্কাৰকৰণ প্ৰক্ৰিয়াটোত আমি ক্ষাৰধৰ্মী পানীয় গ্ৰহণ কৰি সহায় কৰিব পাৰো। ফলৰ ৰসত চেনী মিহলালে ই আমাৰ হৃদযন্ত্ৰ শক্তিশালী কৰি তোলে। সেয়েহে ফলৰ ৰসৰ উপবাস এটা ভাল পদ্ধতি। এনে ফলৰ ৰসসমূহ পান কৰাৰ আগমূহুৰ্তত সতেজ ফলৰ পৰা প্ৰস্তুত কৰিব লাগে। শীতলীকৃত আৰু বটল বা টেমাত থকা ফলৰ ৰস ব্যৱহাৰ কৰিব নালাগে। সকলো ধৰণৰ উপবাসে থকাৰ আগতে শৰীৰৰ মলভাণ্ডাৰ সম্পূৰ্ণৰূপে শূণ্য কৰি লব লাগে যাতে ৰোগীৰ দেহত বায়ুৰ সৃষ্টি নহয় বা আন অৱশিষ্ট খাদ্যবস্তু পচিবলৈ আৰম্ভ নকৰে। উপবাসে থকা সময়ছোৱাত প্ৰতি এদিনৰ অন্তৰে অন্তৰে শৌচ খোলোচা কৰাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ছোৱাত প্ৰতিদিনে ৬-৮ গ্লাছ জুলীয়া আহাৰ গ্ৰহণ কৰিব লাগে। শৰীৰৰ পৰা বিষাক্ত আৰু দূষিত বৰ্জিতসমূহ আতঁৰ কৰিবলৈ উপবাসে থকাৰ সময়ত যথেষ্ট পৰিমাণৰ শক্তি খৰছ হয়। সেয়েহে উপবাসে থকা সময়ছোৱাত ৰোগীয়ে যাতে পৰ্য্যাপ্ত শাৰিৰীক জিৰণি আৰু মানসিক নিৰুদ্বেগত থাকে তাৰ প্ৰতি যত্ন লোৱাতো অতি গুৰুত্বপূৰ্ণ।
উপবাস কেনেদৰে ভঙ্গ কৰা হয় তাৰ ওপৰতেই উপবাসৰ সফলতা নিৰ্ভৰ কৰে। উপবাস ভঙ্গ কৰাৰ মূল নিয়মসমূহ হ’ল: অধিক আহাৰ খাব নালাগে, লাহে লাহে খাব লাগে আৰু খাদ্যবস্তু ভালদৰে চোবাব লাগে, স্বাভাৱিক আহাৰ গ্ৰহণ কৰালৈকে কিছুদিন ক্ৰমান্বয়ে আহাৰৰ পৰিমাণ বৃদ্ধি কৰি যাব লাগে।
উপবাসৰ লাভ আৰু শাৰিৰীক প্ৰভাৱসমূহ: আদিম যুগৰ পৰা আজিৰ আধুনিক যুগলৈকে সকলোবোৰ সংস্কৃতিৰেই বুৰঞ্জীত বিভিন্ন অৱস্থাৰ ক্ষেত্ৰত উপবাসৰ চিকিৎসা চিকিৎসকসকলে প্ৰদান কৰা দেখা যায়। পূৰ্বতে কোনো বিজ্ঞানসন্মত পদ্ধতি নোহোৱাকৈয়ে পৰ্য্যৱেক্ষণ কৰা হৈছিল বা উপবাসক চিকিৎসাৰ এটা উপযুক্ত পদ্ধতি বুলি গ্ৰহণ কৰা হৈছে। পূৰ্বৰ পৰ্য্যৱেক্ষণসমূহ জীৱ-জন্তু চৰিত্ৰৰ ভিত্তিত গৃহীত হৈছিল কিন্তু আজিৰ দিনত এইবোৰ জীৱৰ শৰীৰ তত্বৰ ভিত্তিত হয়। আমি এই প্ৰৱন্ধৰ জৰিয়তে উত্তম উপবাস আমাৰ স্বাস্থ্য উন্নত কৰাত কেনেদৰে সহায়ক হয় সেইসমূহ শৰীৰ তাত্বিক আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰাত থকা লাভালাভসমূহ আগবঢ়াবলৈ চেষ্টা কৰা হৈছে।
উপবাসৰ ফলত শৰীৰতত্বৰ ওপৰত হোৱা উল্লেখযোগ্য প্ৰভাৱসমূহ হ’ল: ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পোৱাৰ ফলত প্লাজমা গ্লুক’জৰ পৰিমাণ হ্ৰাস পায় আৰু ইনচুলিনৰ গাঢ়তা আৰু গ্লুক’জৰ সহনশীলতা কমে, মানসিক হেঁচাৰ পৰিমাণ হ্ৰাস পায় কাৰণ শৰ্কৰা, মাংসসাৰ, লিপিট আৰু ডিএনএ ৰ ক্ষতিৰ পৰিমাণ কম হয়, উষ্ণতাসহ বিভিন্ন ধৰণৰ হেঁচা প্ৰতিৰোধক বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধকৰ কাম-কাজসমূহ উন্নত হয়।
সকলো ধৰণৰ উপবাসে থুলমূল আৰু সম্পূৰ্ণ শৰীৰ তত্বৰ ওপৰত প্ৰভাৱ পেলায়। ই অতি লক্ষ্যণীয়ভাৱে শৰীৰৰ চৰ্বী আৰু ওজন হ্ৰাস কৰে। যিয়ে এক স্বাস্থ্যকৰ হৃদযন্ত্ৰৰ কাম-কাজ চলোৱাত সহায়ক হয় আৰু এইসমূহৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমাই তোলে। হৃদযন্ত্ৰৰ সুৰক্ষাৰ লগতে যকৃতৰ হেঁচাৰ সহনশীলতাও ই বৃদ্ধি কৰে। হোম’ছেপিয়ানসকলৰ শৰীৰত থকা কেটনৰ দৰে বিকল্পৰ শক্তি ভাণ্ডাৰ থকাৰ বাবেই অতিৰিক্ত হেঁচাসহ জীৱন পাৰ কৰিব লগা হয়। অতিৰিক্ত আৰু তেজত থকা গ্লুক’জৰ পৰিমাণ নোহোৱা কৰাৰ ফলত ইনচুলিন আৰু গ্লুক’জৰ সহনশীলতা সক্ৰিয় হয় আৰু এইবোৰ শক্তিৰ উৎস হিচাপে ব্যৱহৃত হয়।
বোকাৰ চিকিৎসা অতি সহজ আৰু কাৰ্য্যকৰী চিকিৎসা পদ্ধতি। ইয়াৰ বাবে ব্যৱহৃত হোৱা বোকা আৱশ্যকভাৱে পৰিষ্কাৰ হ’ব লাগে আৰু সমতলৰ পৰা ৩-৪ ফুট গভীৰতাৰ মাটিৰ পৰা প্ৰস্তুত কৰা হ’ব লাগিব। এই বোকাত শিলৰ টুকুৰা বা কোনো ৰাসায়নিক সাৰ আদি মিহলি হৈ থাকিব নালাগিব।
স্বাস্থ্য আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰাকৃতিকভাৱে শৰীৰত প্ৰভাৱ পেলোৱা ৫ টা উপাদানৰ ভিতৰত বোকাও এবিধ। বোকা ব্যৱহাৰৰ সুবিধাসমূহ হ’ল:
১) সূৰ্য্যত থকা সকলো ৰঙৰ পৰা কলা ৰঙটো শোষণ কৰি লয় আৰু শৰীৰলৈ প্ৰেৰণ কৰে।
২) বোকা দীৰ্ঘসময়ৰ বাবে আৰ্দ্ৰ হৈ থাকে আৰু সেয়েহে শৰীৰৰ অংগৰ ওপৰত লেপি দিলে শীতল কৰি ৰাখে।
৩) ইয়াৰ আকাৰ আৰু সান্দ্ৰতা সহজেই পানীৰে সলনি কৰিব পৰা যায়।
৪) এইবোৰ কম খৰচী আৰু সহজেই উপলব্ধ। ব্যৱহাৰৰ আগতেই বোকাবোৰ প্ৰথমেই শুকুৱাই গুড়ি কৰিব লাগে আৰু ইয়াত থকা শিল, ঘাঁহৰ অংশ আৰু আন সামগ্ৰীসমূহ পৃথক কৰি লৈ ভালদৰে চালি ল’ব লাগে।
এখন পাতল ভিজা কাপোৰত বোকা মাটিলৈ ইয়াক ৰোগীৰ পেটৰ জোখত পাতল তৰপ প্ৰস্তুত কৰি প্ৰয়োগ কৰিব লাগে। এই বোকা টোপোলাৰ প্ৰয়োগৰ সময় ২০-৩০ মিনিট। জাৰকালি প্ৰয়োগ কৰাৰ সময়ত শৰীৰৰ আন অংশ ভালদৰে কম্বলেৰে ঢকাৰ লগতে বোকাৰ টোপোলাৰ ওপৰ অংশও কম্বলেৰে ঢাকি দিব লাগে।
বোকা টোপোলাৰ লাভালাভসমূহ::
১) যেতিয়া পেটত প্ৰয়োগ কৰা হয় ই সকলো ধৰণৰ বদ হজমৰ পৰা মুক্ত কৰে। ই অগ্নাশয়ৰ উত্তাপ হ্ৰাস কৰাত কাৰ্য্যকৰী ভূমিকা লয় আৰু হজম শক্তি বৃদ্ধি কৰে।
২) অতিপাত মূৰৰ বিষত ডাঠ বোকাৰ টোপোলা মূৰত প্ৰয়োগ কৰিলে তৎক্ষণাত মূৰৰ বিষৰ পৰা মুক্ত হ’ব পৰা যায়। যি ক্ষেত্ৰত অধিক সময়ৰ বাবে শীতল প্ৰয়োগৰ প্ৰয়োজনীয়তা থাকে তেনে ক্ষেত্ৰতহে এনে প্ৰয়োগৰ পৰামৰ্শ প্ৰদান কৰা হয়।
৩) চকু ৰঙা পৰা, চকুৰ মণিত হোৱা ৰক্তক্ষৰণ, খজুৱতি, এলাৰ্জী, কম দূৰত্ব আৰু দীৰ্ঘ দূৰত্বৰ প্ৰতিবিম্বৰ সমস্যা আৰু বিশেষকৈ গ্লুক’মাৰ ক্ষেত্ৰত এনে বোকাৰ টোপোলা চকুৰ ওপৰত প্ৰয়োগ কৰিলে যথেষ্ট লাভদায়ক ফল পোৱা যায়। মুখৰ বাবে বোকাৰ প্ৰলেপ: পাতল বোকাৰে মুখত প্ৰলেপ দি ৩০ মিনিটৰ বাবে শুকাবলৈ দিব লাগে। ই ছালৰ উজ্জ্বলতা উন্নত কৰাত সহায় কৰাৰ লগতে শালমন আৰু মুখত থকা বিভিন্ন ঘাঁ আদি আতঁৰ কৰে। চকুৰ তলত হোৱা ক’লা দাগসমূহ নোহোৱা কৰাতো ই সহায় কৰে। ৩০ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই পেলাব লাগে। বোকাৰ স্নান: ৰোগীক বহি থকা অৱস্থাত বা শুৱাই লৈ সৰ্ব শৰীৰত বোকাৰ প্ৰলেপ দিব পৰা যায়। ইয়াৰ ফলত ছালত ৰক্ত সঞ্চালন হোৱাৰ লগতে ছালৰ কলাসমূহ উন্নত হোৱাত সহায় কৰে। স্নানৰ সময়ত যাতে অধিক ঠাণ্ডা নালাগে তাৰ প্ৰতি যত্নপৰ হ’ব লাগে। স্নানৰ পিছ্ত সমগ্ৰ শৰীৰটোত ঠাণ্ডা পানী ছটিয়াই ভালদৰে ধুই পেলাব লাগে। যদিহে ৰোগীয়ে অধিক ঠাণ্ডা উপলব্ধি কৰে তেন্তে কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে। এনে ক্ষেত্ৰত ৰোগীৰ গাটো লগে লগে শুকুৱাই উমাল বিছনাত শুৱাই দিব লাগে। বোকা স্নানৰ সময় ৪৫-৬০ মিনিটলৈ হ’ব পাৰে।
১) বোকা স্নানে ৰোগীক সঁতেজ, শক্তি বৃদ্ধি আৰু প্ৰানৱন্ত কৰি তোলে।
২) ঘাঁ আৰু আন ছালৰ ৰোগৰ বাবে বোকাৰ প্ৰয়োগেই হ’ল একমাত্ৰ প্ৰাকৃতিক বেণ্ডেজ।
৩) শৰীৰটো শীতল কৰি তুলিবলৈ বোকা চিকিৎসা ব্যৱহাৰ কৰা হয়।
৪) ই শৰীৰত থকা বৰ্জিত আৰু বিষাক্ত পদাৰ্থসমূহ পনীয়া কৰি পেলায় আৰু শৰীৰৰ পৰা উলিয়াই দিয়ে।
৫) কোষ্ঠ কাঠিন্যতা, মূৰৰ বিষ, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ আদি বিভিন্ন ৰোগত বোকাৰ চিকিৎসা সফলভাৱে ব্যৱহৃত হৈছে।
৬) কোষ্ঠ কাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ মহাত্মা গান্ধীয়ে বোকাৰ চিকিৎসা প্ৰয়োগ কৰিছিল।
জল চিকিৎসা প্ৰাকৃতিক চিকিৎসাৰ এটা ভাগ। বিভিন্ন ধৰণৰ ৰোগ বিভিন্ন ধৰণৰ পানীৰ দ্বাৰা চিকিৎসা কৰা হয়। আদিম কালৰ পৰাই এনে ক্ষেত্ৰত পানীৰ প্ৰয়োগ ব্যৱহাৰ কৰি অহা হৈছে। উষ্ণ আৰু শীতল স্নান, চাউনাছ, ৱাৰ্ফছ আদি ধৰণৰ জল উষ্ণতাৰ চিকিৎসাত গোটা, জুলীয়া, বাষ্প, বৰফ আৰু ভাপ ব্যৱহাৰ কৰা হয়। এইসমূহ আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে প্ৰয়োগ হয়। অতি প্ৰাচীন কালৰ পৰাই বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত পানীক নিৰাময়ৰ উপাদান হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। এই মহান নিৰাময়ৰ উপাদান বিধ বৰ্তমান পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে ব্যৱহৃত হয়। এনে প্ৰয়োগসমূহ সাধাৰণতে বিভিন্ন উষ্ণতাত ব্যৱহৃত হয়। প্ৰয়োগৰ বিভিন্ন উষ্ণতা নিম্নলিখিত তালিকাত দিয়া হ’ল:
ক্ৰমিক নং | তাপমাত্ৰা | ০ ফাৰেনহাইট | ০ ছেলছিয়াছ |
---|---|---|---|
১ | অতি শীতল (বৰফৰ প্ৰয়োগ) | ৩০-৫৫ | -১-১৩ |
২ | শীতল | ৫৫-৬৫ | ১৩-১৮ |
৩ | ঠাণ্ডা | ৬৫-৮০ | ১৮-২৭ |
৪ | অলপ গৰম | ৮০-৯২ | ২৭-৩৩ |
৫ | কুহুমীয়া (স্বাভাৱিক) | ৯২-৯৮ (৯২-৯৫) | ৩৩-৩৭ (৩৩-৩৫) |
৬ | তপত | ৯৮-১০৪ | ৩৭-৪০ |
৭ | অতি তপত | ১০৪ তকৈ অধিক | ৪০ তকৈ অধিক |
পানীৰ ব্যৱহাৰ আৰু প্ৰভাৱসমূহ
১) পৰিষ্কাৰ ঠাণ্ডা পানীৰে যথাযথভাৱে স্নান কৰাতো জল চিকিৎসাৰ এটা উত্তম ধৰণ। এনে স্নানৰ ফলত ছালত থকা সকলোবোৰ দ্বাৰ মুকলি হৈ যায় আৰু শৰীৰটো পাতল আৰু সঁতেজ কৰি তোলে। ঠাণ্ডা পানীৰে স্নান কৰিলে শৰীৰৰ সকলো প্ৰক্ৰিয়া আৰু পেশীসমূহ সক্ৰিয় হৈ পৰে। আৰু স্নানৰ পিছতেই ৰক্ত সঞ্চালন উন্নত হয়। পুৰণি পৰম্পৰাগত প্ৰথা অনুসৰি কোনো বিশেষ উৎসৱ আদিত নদী, পুখুৰী বা নিজৰাত স্নান কৰাতো জল চিকিৎসাৰ এটা প্ৰাকৃতিক ধৰণ।
২) নিজৰ ইচ্ছা অনুসৰি উষ্ণতা আৰু কাৰ্য্যকৰী প্ৰভাৱৰ লগতে বিশেষ অংগ বা সমগ্ৰ শৰীৰত প্ৰয়োগ কৰিব পৰা ই এক অতি নমনীয় মাধ্যম।
৩) ইয়াৰ উত্তাপ শোষণ কৰা ক্ষমতা আছে আৰু শৰীৰৰ উত্তাপ বাহিৰ উলিয়াব পাৰে। সেইবাবেই ইয়াক শৰীৰৰ পৰা উত্তাপ কমোৱা বা শৰীৰটোক উত্তাপ দিয়া কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰি। কেৱল শৰীৰৰ উত্তাপ কমাবলৈহে শীতল পানী ব্যৱহাৰ কৰা নহয়, ইয়াৰ জৰিয়তে শৰীৰৰ শক্তি বৃদ্ধি কৰাৰ লগতে হেৰুৱা উষ্ণতা পুনৰ উৎপন্নও কৰা হয়।
৪) যিহেতু ই সৰ্বদ্ৰৱিত সেয়েহে ইয়াক শৌচ খোলোচা কৰা বা ইউৰিক এছিড, ইউৰিয়া, লোণ, অত্যাধিক শৰ্কৰা আৰু তেজ আৰু খাদ্যত থকা বহুতো বৰ্জিত সামগ্ৰীৰ পৰা শৰীৰটোক আতঁৰত ৰাখিবলৈ খোৱা পানীৰ যোগেদি আভ্যন্তৰীণ হিচাপেও ব্যৱহাৰ কৰা হয়।
মনত ৰাখিবলগীয়া কথা যে সফলভাৱে এই পদ্ধতিসমূহ ব্যৱহাৰ কৰিবলৈ এটা নিৰ্দিষ্ট মাত্ৰাৰ শাৰিৰীক শক্তিৰো প্ৰয়োজন হয়। যি ক্ষেত্ৰত এই শক্তি কম থাকে তেনে ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ কামত নাহে। তীব্ৰতৰ অৱস্থাত অতি উচ্চ মাত্ৰাৰ শক্তিৰ প্ৰয়োজন হয় আৰু সেয়েহে এই ক্ষেত্ৰত শক্তিৰ প্ৰতিক্ৰিয়া সৃষ্টি হ’ব পাৰে। দীৰ্ঘম্যাদী ক্ষেত্ৰত য’ত এই শক্তি কম থাকে এনে স্নান কামত নাহে কিন্তু এনে ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ মৃদুভাৱে কৰিব পৰা যায়। বিভিন্ন ধৰণৰ চিকিৎসাত পানীৰ ব্যৱহাৰ হয় এনে চিকিৎসাসমূহ হ’ল:
১) চাপ আৰু উদ্দীপক
শীতল চাপ: পেটত শীতল চাপ।
উষ্ণ চাপ: বুকুত টোপোলা, পেটত টোপোলা, ভিজা বেষ্টনীৰ টোপোলা, কণ্ঠ টোপোলা, আঁঠুত টোপোলা আৰু ভিঁজা বিচনা চাদৰ।
উষ্ণ আৰু শীতল চাপ: মূৰ, হাওঁফাওঁ, বৃক্ক, গেষ্ট্ৰহেপাটিক, পেলভিক আৰু পেটৰ উষ্ণ আৰু শীতল চাপ।
উদ্দীপক।
২) স্নানসমূহ:
কঁকাল পৰ্য্যন্ত স্নান-শীতল, স্বাভাৱিক, উষ্ণ, কুহুমীয়া স্নান আৰু বিকল্প স্নান।
মেৰুদণ্ডৰ স্নান আৰু মেৰুদণ্ডত পানী ছটিওঁৱা: শীতল, স্বাভাৱিক, তপত।
ভৰি আৰু কান্ধৰ স্নান: শীতল, তপত ভৰিৰ স্নান, কান্ধৰ স্নান, তপত ভৰি আৰু কান্ধৰ যুটীয়া স্নান, কেৱল কান্ধৰ স্নান আৰু কেৱল ভৰিৰ স্নান।
বাষ্প শ্বাস লোৱা আৰু বাষ্পৰ স্নান।
মলভাণ্ডাৰৰ জলচিকিৎসা
ইয়াৰ জৰিয়তে মলভাণ্ডাৰ আৰু বৃহদান্তৰ পৰিষ্কাৰ কৰাৰ লগতে সম্পূৰ্ণ খালী কৰি পেলোৱা হয়। ইয়াৰ চিকিৎসা কোষ্ঠকাঠিন্যৰ চিকিৎসাৰ দৰে একেই কিন্তু অতি ব্যাপক। এই চিকিৎসাত ৰোগীয়ে বেদনা অনুভৱ নকৰাকৈ বিশুদ্ধ পানী প্ৰয়োগ কৰি মলভাণ্ডাৰত থকা সকলো অলাগতীয়াল পদাৰ্থ বাহিৰ কৰি দিয়া হয়। ব্যক্তিবিশেষ সাপেক্ষে এনে প্ৰক্ৰিয়াৰ সংখ্যা নিৰ্ভৰ কৰে। বেছিভাগ লোককে একে লেঠাৰীয়ে ৩-৬ বাৰ পৰ্য্যন্ত এনে চিকিৎসাৰ প্ৰয়োজন হয়।
জল চিকিৎসাৰ শাৰিৰীক প্ৰভাৱ আৰু লাভালাভসমূহ:
জল চিকিৎসাৰ নিৰাময় নিৰ্ভৰ কৰে ইয়াৰ কাৰ্য্য প্ৰক্ৰিয়া আৰু উষ্ণতাৰ প্ৰভাৱৰ ওপৰত। উষ্ণতা আৰু শীতলৰ উদ্দীপনা, উষ্ণতাৰ সুৰক্ষাজনিত প্ৰয়োগ পানীৰে হেঁচা প্ৰয়োগ কৰা আৰু স্পৰ্শকাতৰতাৰে যোগেৰে ইয়াৰ প্ৰতিক্ৰিয়াসমূহ শৰীৰক প্ৰদান কৰা। ধমনীৰ স্পন্দনসমূহ শৰীৰৰ ছালৰ ভিতৰলৈকে কঢ়িয়াই নিয়ে আৰু তাৰ ফলত শৰীৰৰ প্ৰতিৰোধমূলক প্ৰক্ৰিয়া সক্ৰিয় হৈ পৰে, হেঁচাৰ সৃষ্টি কৰা হৰমনৰ নিঃসৰণৰ প্ৰভাৱ পেলায়, ৰক্ত সংবহণ আৰু পাচন ক্ৰিয়া শক্তিশালী কৰে, ৰক্তপ্ৰবাহ উন্নত কৰে আৰু বেদনাৰ স্পৰ্শকাতৰতা হ্ৰাস কৰে। সাধাৰণতে উষ্ণতাই শৰীৰৰ ভিতৰৰ অংগসমূহৰ কাম-কাজৰ গতি ধীৰ কৰি তোলে আৰু শীতলতাই এই কাম-কাজসমূহৰ গতি তীব্ৰ কৰি তোলে।
যেতিয়া পুখুৰী বা চৌবাচ্চাত ডুবি স্নান কৰা হয় তেতিয়া ইয়াৰ ক্ৰিয়াগত প্ৰক্ৰিয়াসমূহ অনুভৱ কৰা যায়। এনে ক্ষেত্ৰত শৰীৰৰ ওজন ৫০-৯০ শতাংশলৈ কমি যোৱা যেন ভাব হয়। ইয়াৰ ফলত শৰীৰে অহৰ্নিশে পায় থকা মধ্যাকৰ্ষণ শক্তিৰ হেঁচাৰ পৰা মুক্ত হ’ব পাৰে। পানীৰ জলস্থাপক প্ৰভাৱো আছে। শৰীৰৰ ওপৰত পানী ঢালিলে শৰীৰত মালিচ কৰাৰ দৰে অনুভৱ হয়। পানীৰ প্ৰবাহিত, উদ্দীপক স্পৰ্শই ছালৰ ৰক্ত সংবহণ বৃদ্ধি কৰাৰ লগতে টান পেশীসমূহ কোমল কৰি তোলে।
মালিচ চিকিৎসা
মালিচ হ’ল এটা পৰোক্ষ ব্যায়াম। শৰীৰৰ কোমল কলাসমূহ মালিচৰ যোগেৰে কায়িক, কাৰ্য্যকৰী আৰু কিছুমান ক্ষেত্ৰত শাৰিৰীক লক্ষ্যত উপনীত হ’বলৈ মালিচ কৰা হয়। যদিহে সঠিকভাৱে মালিচ কৰা হয় তেন্তে ই অতি উদ্দীপকৰ কাম কৰে।
প্ৰাকৃতিক চিকিৎসাৰ এটা পদ্ধতি হ’ল মালিচ আৰু ভাল স্বাস্থ্য বজাই ৰাখিবলৈ ই অত্যাৱশ্যকীয়। হেঁচা-গঠন, অসংগঠিত, চলনশীল-স্নায়বিক চাপ, চলন, কম্পন আদি হাতেৰে বা যন্ত্ৰৰে কৰি মালিচ প্ৰদান কৰা হয়। মালিচৰ স্থানসমূহ হ’ল পেশী, কলা, ছাল, সন্ধিসমূহ আৰু বিভিন্ন সংযোগী কলাসমূহ। ৰক্ত কণিকাসমূহো ইয়াৰ ফলত প্ৰভাৱিত হয়। হাত, আঙুলি, কিলাকুটি, আঠু, ভৰি আদিৰে মালিচ প্ৰদান কৰা হয়। এতিয়ালৈকে প্ৰায় ৮০ টাতকৈও অধিক বিভিন্ন ধৰণৰ মালিচ আছে। ৰক্ত সংবহণ আৰু শৰীৰৰ অংগসমূহ শক্তিশালী কৰাৰ লক্ষ্যত এনে মালিচসমূহ কৰা হয়। শীতকালি মালিচৰ পিছত সূৰ্য্য স্নান কৰিলে স্বাস্থ্যৰ শক্তি অক্ষুন্ন থাকে। ই সকলোৰে বাবে লাভদায়ক হয়। ইয়াত মালিচ আৰু সূৰ্য্যৰ ৰশ্মিৰ চিকিৎসাৰ লাভ একেলগে পোৱা যায়। ৰোগাগ্ৰস্ত অৱস্থাত মালিচৰ বিশেষ প্ৰভাৱৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিব লাগে। যিসকলে কচৰৎ কৰিব নোৱাৰে তেওঁলোকৰ বাবে মালিচ হ’ল কচৰতৰ পৰিপূৰক। কচৰতৰ প্ৰভাৱসমূহ মালিচৰ পৰাও পোৱা যায়। মালিচ কৰোতে সৰিয়হৰ তেল, নাৰিকল তেল, জলফাইৰ তেল আদি ধৰণৰ চিকিৎসাগত প্ৰভাৱ থকা তেলসমূহ পিছল পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়।
মূলতঃ সাতবিধ ধৰণে মালিচ কৰা হয়। সেইবোৰ হ’ল: স্পৰ্শ, চপৰিওঁৱা, ঘঁহা, পিটিকা, ভুকু মৰা, কম্পন আৰু সন্ধিসমূহ লৰচৰ কৰা।
ৰোগৰ অৱস্থা আৰু প্ৰদান কৰা অংশৰ ওপৰত ভিত্তি কৰি এই মালিচসমূহ নিৰ্ভৰ কৰে।
আন কেইবিধমান সহায়কাৰী মালিচৰ ধৰণ হ’ল: কম্পন মালিচ, পাউদাৰ মালিচ, পানী মালিচ, শুকান মালিচ, নিমপাত, গোলাপৰ পাহি আদিও মালিচৰ ক্ষেত্ৰত পিছল পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়।
মালিচৰ শাৰিৰীক প্ৰভাৱসমূহ
উদ্দীপনাৰ প্ৰভাৱ (স্নায়ুতন্ত্ৰৰ সঁহাৰিৰ জৰিয়তে চিকিৎসা)
- ধমনীৰ ভাচোদাইলেচন।
- পেৰিষ্টেলচিছৰ উদ্দীপনা।
- মাংসপেশীৰ ঘনত্ব বৃদ্ধি বা হ্ৰাস কৰা।
- পেটৰ ভিতৰত থকা অংগসমূহৰ কাৰ্য্যকাৰীতা বৃদ্ধি কৰা।
- নিৰুদ্বেগৰ সঁহাৰি বৃদ্ধি কৰা।
- মাংসপেশীৰ উদ্দীপনাৰ প্ৰভাৱ বৃদ্ধি কৰা।
- হৃদযন্ত্ৰৰ উদ্দীপনা বৃদ্ধি কৰা, সংকোচনৰ হাৰ আৰু শক্তি বৃদ্ধি কৰা।
- ৰোগ প্ৰতিৰোধক প্ৰক্ৰিয়া কাৰ্য্যকৰীভাৱে বৃদ্ধি কৰা।
- যান্ত্ৰিক প্ৰভাৱ (প্ৰত্যক্ষভাৱে হাতেৰে হেঁচা প্ৰয়োগৰ প্ৰতিক্ৰিয়া হিচাপে পোৱা ফলাফলসমূহ)
- শিৰালৈ ঘূৰি অহা তেজৰ পৰিমাণ বৃদ্ধি হোৱা।
- লিম্ফেটিক প্ৰবাহ আৰু লিম্ফেটিক বৰ্জনৰ পৰিমাণ বৃদ্ধি কৰা।
- সংবহন কাৰ্য্যকৰী কৰা।
- শ্বাস প্ৰক্ৰিয়াৰ মিউকাছসমূহ পাতল কৰা।
- ফাইব্ৰছিছ/এঢেচিঅনছ ৰোধ কৰা।
- পেশীৰ কলাসমূহ ঢিলা কৰা আৰু ছুটি কলাসমূহত হেঁচা প্ৰয়োগ।
- স্থানীয়ভাৱে মেটাবলিক হাৰ বৃদ্ধি কৰে।
- ক্ষতি হোৱা কলাসমূহ যোৰা লগায়।
- পেশীৰ গাঢ়তা হ্ৰাস কৰে/বৃদ্ধি কৰে।
- চলনৰ পৰিসীমা বৃদ্ধি কৰে।
- সন্ধিসমূহৰ প্ৰকৃত কাৰিকৰী অৱস্থা বজাই ৰাখে।
- পেশীৰ অ-ভাৰসাম্যতা আতঁৰ কৰে।
- দুৰ্বল পেশীসমূহক শক্তি প্ৰদান কৰে।
শৰীৰৰ বিভিন্ন অংগত প্ৰদান কৰা সকলো সাধাৰণ মালিচে শৰীৰটোক বিভিন্ন দিশৰ পৰা লাভান্বিত কৰে। স্নায়ুতন্ত্ৰ শক্তিশালী কৰে, শ্বাস-প্ৰশ্বাসত প্ৰভাৱ পেলায় আৰু বিভিন্ন শৰীৰৰ অংগ যেনে, হাওঁফাওঁ, ছাল, কিডনী আৰু মলদ্বাৰৰ যোগেৰে তাৎক্ষণিকভাৱে বিষাক্ত দ্ৰব্য আৰু বৰ্জিত পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। ই ৰক্ত সংবহন উন্নত কৰাৰ লগতে দহন প্ৰক্ৰিয়াও শক্তিশালী কৰি তোলে। মালিচৰ ফলত মুখত পৰা বয়সৰ দাগ নোহোৱা হয় আৰু ডিঙিৰ জড়তা আতঁৰ হয় আৰু পেশীৰ বেদনা দূৰ কৰে।
বিভিন্ন চিকিৎসা গৱেষণাত দেখা গৈছে যে মালিচৰ ফলত বেদনাৰ পৰা নিৰাময় পোৱা, আমনিদায়ক ভাৱ আৰু হতাশাবোধ দূৰ হোৱা, সাময়িকভাৱে ৰক্তচাপ নিম্নগামী কৰা আৰু হৃদস্পন্দন হ্ৰাস কৰাৰ ধৰণত লাভালাভসমূহো প্ৰদান কৰে। ইয়াৰ উপৰিও মালিচৰ ফলত শৰীৰতাত্বিক আৰু বিশেষকৈ স্নায়ুতন্ত্ৰৰ ওপৰত যথেষ্ট উদ্দীপনা জগাই তুলি বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে বুলি কিছুমান গৱেষণাত প্ৰকাশ পাইছে যদিও এতিয়াও অধিক বিস্তাৰিত অধ্যয়ন কৰিবলৈ বাকী আছে।
এইটো এটা প্ৰাচীন ৰোগ নিৰাময়ৰ কলা। এই পদ্ধতিত আঙুলি বা যিকোনো জোঙা আহিলাৰে ছালৰ কিছুমান বিশেষ বিন্ধুত, যিবোৰক আকুবিন্ধু বুলি কোৱা হয় (শক্তি সঞ্চিত হৈ থকা বিন্দু) সেইবোৰত চন্দময় গতিত হেঁচা প্ৰদান কৰি শৰীৰৰ প্ৰাকৃতিক স্ব-নিৰাময়ৰ সক্ষমতা জগাই তোলা হয়। যেতিয়া এই বিশেষ বিন্দুসমূহত হেঁচা প্ৰদান কৰা হয় তেতিয়া পেশীসমূহ সক্ৰিয় হয় আৰু ৰক্ত সংবহন বৃদ্ধিৰ বাবে প্ৰবৰ্ধিত কৰে আৰু শৰীৰৰ জীৱনী শক্তিয়ে ৰোগ নিৰাময়ত সহায়ক হয়।
আকুপাংচাৰ আৰু আকুপ্ৰেচাৰ দুয়োবিধ একে বিন্দুতে প্ৰয়োগ কৰা হয়। আকুপ্ৰেচাৰত হাত বা আন সামগ্ৰীৰে হেঁচা প্ৰদান কৰা হয় কিন্তু আকুপাংচাৰত বেজী ব্যৱহাৰ কৰা হয়। বিগত ৫ হাজাৰ বছৰৰ আগৰে পৰাই আকুপ্ৰেচাৰক ৰোগ নিৰাময়ৰ এটা কলা হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। সম্পূৰ্ণ শৰীৰৰ প্ৰক্ৰিয়াটোৰ ৩ হাজাৰতকৈও অধিক অৱস্থাৰ চিকিৎসা কৰিবলৈ আকুপ্ৰেচাৰ ব্যৱহাৰ কৰা হয়। বৰ্তমানে আকুবিন্দুসমূহত সাধাৰণতে ট্ৰেন্সকুটেনাছ ইলেক্ট্ৰিক নাৰ্ভ ষ্টিমুলেচন আৰু লেজাৰ পোহৰৰ সহায়ত এই চিকিৎসা কৰা হয়। আকুপ্ৰেচাৰৰ দৰ্শন আৰু আকুবিন্দুৰ উদ্দীপকৰ মূল তত্ব আকুপাংচাৰৰ সৈতে একেই। বেজীৰ বিপৰীতে হেঁচা, বৈদ্যুতিক উদ্দীপক বা লেজাৰ ৰশ্মি ব্যৱহাৰ কৰাটোৱে দেহৰ ভিতৰত চলি থকা শক্তিৰ ৰেখাসমূহৰ বিশেষ বিন্দু কিছুমানক উত্তেজিত কৰি তোলে। এই ৰেখাসমূহক মেৰিডিয়ান বোলা হয়। শৰীৰটোত মুঠতে ১৪ ডাল মূখ্য মেৰিডিয়ান ৰেখা থাকে আৰু প্ৰতিডালেই একোটা শৰীৰৰ অংগৰ লগত জড়িত থাকে। যেতিয়া শৰীৰৰ শক্তিসমূহ এই মেৰিডিয়ান ৰেখাৰে সমতা ৰক্ষা কৰি চলি থাকিবলৈ সক্ষম হয় তেতিয়া স্বাস্থ্য ভালে থাকে। যেতিয়া আপুনি কোনোবা অংগত বেদনা বা অসুস্থতা বোধ কৰে ই এইটোৱেই নিৰ্দেশ কৰে যে আপোনাৰ শৰীৰৰ শক্তিৰ প্ৰবহন কৰ’বাত বন্ধ হৈছে বা ক্ষতি হৈছে।
উপযুক্ত বিন্দুটো বিচাৰি উলিয়াবলৈ সাধাৰণতে সাম্ভাৱ্য অংশত আঙুলীৰে হেঁচা দি থকা হয় আৰু যি অংশত হেঁচিলে কুটকুটি উঠে বা স্পৰ্শকাতঁৰ, ফুলি উঠা বা ঘাঁ ৰ লক্ষণ পোৱা যায়, তেতিয়া সেই অংশত অধিক বেদনা হোৱাকৈ জোৰে হেঁচি ধৰা হয়। একেৰাহে হেঁচা দি বা ৫ ছেকেণ্ডৰ বিৰতিৰ মূৰে মূৰে অংশটো উত্তেজিত কৰি তোলা হয়। সাধাৰণতে প্ৰতিটো চিকিৎসা কাল ১ মিনিটেই পৰ্য্যাপ্ত হয়।
মূৰৰ বিষ, চকুত হেঁচা পৰা, চাইনাছৰ সমস্যা, ডিঙিৰ বিষ, পিঠিৰ বিষ, বাতবিষ, মাংসপেশীৰ বিষ আৰু মানসিক হেঁচাৰ বাবে স্নায়ৱিক চাপ, আলচাৰৰ বিষ, ঋতুশ্ৰাৱৰ সময়ৰ বিষ, তপিনাৰ বিষ, কোষ্ঠকাঠিন্য আৰু বদহজম, হতাশাবোধ আৰু ইনছমেনিয়াত আকুপ্ৰেচাৰে কাৰ্য্যকৰীভাৱে উপশম পোৱাত সহায়ক হ’ব পাৰে।
শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা আৰু সু-স্বাস্থ্য বজাই তোলাত আকুপ্ৰেচাৰৰ ব্যৱহাৰে অধিক সঁহাৰি দিয়ে। স্নায়ৱিক চাপ কমোৱাৰ লগতে ৰক্ত সঞ্চালন বৃদ্ধি আৰু শৰীৰটোক গভীৰভাৱে জিৰণি দিয়াত আকুপ্ৰেচাৰৰ নিৰাময়ক স্পৰ্শই সহায় কৰে। স্নায়ৱিক হেঁচাৰ পৰা মুক্ত হোৱাৰ ফলত আকুপ্ৰেচাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধকসমূহ শক্তিশালী কৰাৰ লগতে সু-স্বাস্থ্য বজাই ৰাখে।
আকুপাংচাৰ পদ্ধতিত বিষৰ পৰা মুক্ত কৰিবলৈ বা ৰোগ নিৰাময়ৰ বাবে শৰীৰৰ বিশেষ বিন্দু কিছুমানত অতি সুক্ষ্ম বেজী সুমুৱাই দিয়া হয়। আকুপাংচাৰ শব্দটো লেটিন শব্দ একাচ অৰ্থাৎ বেজী আৰু পাংগেৰে অৰ্থাৎ খুঁচি দিয়া শব্দৰ পৰা আহিছে।
চীনাসকলৰ পৰম্পৰাগত চিকিৎসা সূত্ৰ অনুসৰি আকুপাংচাৰ বিন্দুসমূহ মেৰিডিয়ানত থাকে। যিবোৰ জীৱনীশক্তিৰ প্ৰৱাহ। অৱশ্যে শৰীৰতত্ব বা হিষ্টল’জিকেল হিচাপে আকুপাংচাৰৰ বিন্দু বা মেৰিডিয়ান থকাৰ কোনো ভেটি বিচাৰি পোৱা নাযায়।
চীন দেশত প্ৰস্থৰ যুগৰ পৰাই আকুপাংচাৰৰ ব্যৱস্থা থকাৰ তথ্য বিচাৰি পোৱা গৈছে। সেই সময়ত এই চিকিৎসা বিয়ান চি বা ধৰাল শিলেৰে কৰা হৈছিল। আকুপাংচাৰ যে চীন দেশত আৰম্ভ হৈছিল তাৰ কোনো নিশ্চয়তা পোৱা হোৱা নাই। ইয়েল্ল’এম্পেৰোৰছ ক্লাচিক অফ ইন্টাৰনেল মেডিচিন (আকুপাংচাৰৰ ইতিহাস) পুথিখনত প্ৰথম আকুপাংচাৰ চিকিৎসাৰ ব্যৱহাৰৰ লিখিত বৰ্ণনা পোৱা যায়। এই পুথিখন খৃষ্টপূৰ্ৱ ৩০৫-২০৪ ত প্ৰকাশিত হৈছিল। খৃষ্টপূৰ্ৱ ১০০০ৰ সময়ছোৱাতো কিছুমান হিয়েৰ’গ্লাইফিক পোৱা গৈছে যিবোৰে সেই সময়ত আকুপাংচাৰৰ ব্যৱহাৰৰ কথা নিৰ্দেশ কৰিবও পাৰে। আন এক প্ৰবাদ মতে আকুপাংচাৰ সেই সময়ত চীন দেশত আৰম্ভ কৰা হৈছিল যি সময়ত সৈনিকসকলে যুদ্ধত শৰীৰৰ কোনো এঠাইত কাঁড়ৰ খোচ খোৱাৰ ফলত শৰীৰৰ অন্য অংগৰ বিষ নিৰাময় হোৱাৰ অভিজ্ঞতা লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই মানুহে কাঁড়েৰে এই ব্যৱহাৰিক পৰীক্ষাসমূহ আৰম্ভ কৰে আৰু পিছলৈ বেজীৰে চিকিৎসা কৰাতো আৰম্ভ হয়। চীন দেশৰ পৰা কোৰিয়া, জাপান, ভিয়েটনাম আৰু পূব এছিয়াৰ বহুবোৰ দেশলৈ আকুপাংচাৰ বিস্তাৰিত হৈ পৰে। পৰ্তুগীজ মিচনাৰীসকলে ১৬০০ শতিকাত প্ৰথম বাৰৰ বাবে পশ্চিমীয়া দেশসমূহত আকুপাংচাৰৰ তথ্য লাভ কৰে।
চীনাসকলৰ পৰম্পৰাগত চিকিৎসাত ‘স্বাস্থ্য’ক শৰীৰৰ ভিতৰত থকা য়িন আৰু ইয়াং ৰ ভাৰসাম্য অৱস্থাক বুজায়। কিছুমানে য়িন আৰু ইয়াঙক ক্ৰমে সংবেদনশীল আৰু সহ সংবেদনশীল স্নায়ৱিক প্ৰক্ৰিয়াৰ লগত তুলনা কৰে। বিশেষকৈ আকুপাংচাৰক কিউৱাইৰ মুক্ত প্ৰৱাহ বোলা হয়। এই চীনা দৰ্শনৰ বিস্তাৰণৰ ধাৰণাক অনুবাদ কৰিবলৈ কঠিন আৰু ইয়াক সাধাৰণভাৱেই জীৱনীশক্তি বুলিব পাৰি। কিউৱাই সামগ্ৰী নহয়, ই ইয়াং আৰু য়িন যি তেজৰ এটা অংশ। আকুপাংচাৰ চিকিৎসাই কিউৱাই আৰু তেজৰ মুক্ত প্ৰৱাহ নিয়ন্ত্ৰিত কৰে, য’ত অভাৱ থাকে তাত বৃদ্ধি ঘটায়, অধিক থকা অংশৰ পৰাই বাহিৰ কৰি দিয়ে আৰু য’ত বন্ধ হৈ থাকে তাত মুক্ত প্ৰৱাহ প্ৰবৰ্ধন কৰে। আকুপাংচাৰৰ চিকিৎসা পুথিসমূহৰ মতে “যদি বিষ নাই তেন্তে ৰোধক নাই; যদি ৰোধক নাই তেন্তে বিষো নাই”।
পৰম্পৰাগত চীনা চিকিৎসাত মানুহৰ সম্পূৰ্ণ শৰীৰটোক সকলোবোৰ কাম-কাজত জড়িত কৰি চিকিৎসা কৰা হয়। এই অংগবোৰ সক্ৰিয়ভাৱে শাৰিৰীক প্ৰক্ৰিয়াৰ লগত জড়িত নাথাকিবও পাৰে। এনে চীনা পদ্ধতিক জাং ফু বোলা হয়। জাং মানে নাৰীভুৰ বা গোটা অংগ আৰু ফু মানে পাত্ৰ বা খালী অংগ। জাং ফু মূলতঃ হাওঁফাওঁ, হৃদযন্ত্ৰ, বৃক্ক আদিসমূহ অন্তৰ্গত হয়। য়িনা, ইয়াং, কিউৱাই আৰু তেজৰ অসমতা হ’লেও ৰোগ হয় বুলি ধৰা হয়। এইসমূহৰ চিকিৎসা বেজী, হেঁচা প্ৰয়োগ, উত্তাপ আদি সংবেদনশীল শৰীৰৰ অংগত প্ৰদান কৰি এই অসমতা দূৰ কৰিবলৈ চেষ্টা কৰা হয়। শৰীৰৰ এই ক্ষুদ্ৰ অংশসমূহক পৰম্পৰাগতভাৱে আকুপাংচাৰ বিন্দু বা চীনা ভাষাত জুৱে বোলা হয়।
অধিকাংশ আকুপাংচাৰ বিন্দু “১২ টা মূল মেৰিডিয়ানত” পোৱা যায় আৰু ২ টা “৮ টা অতিৰিক্ত মেৰিডিয়ানত” পোৱা যায়। এই মুঠ ১৪ টা বিন্দুৰ কথা কিউৱাই আৰু তেজ পৰিবাহী পথত থকা বুলি পৰম্পৰাগত চীনা চিকিৎসা শাস্ত্ৰত পোৱা যায়। আন উখহা বিন্দুসমূহতো বেজীৰে খোছা হয় কিয়নো তেওঁলোকে বিশ্বাস কৰে যে এইসমূহতো ৰোধক আছে।
যিবোৰ ৰোগ, লক্ষণ বা অৱস্থাত আকুপাংচাৰ এটা কাৰ্য্যকৰী চিকিৎসা হিচাপে দেখা পোৱা গৈছে সেইবোৰ হ’ল::
• এলাৰ্জীক ৰিনটিছ।
• বিষাদগ্ৰস্ততা।
• মূৰৰ বিষ।
• মূৰ ঘুৰোৱা আৰু বমি কৰাৰ লগতে ৰাতিপুৱাৰ ভাগৰ অসুস্থতা।
• ক্ষুদ্ৰান্ত, মুখ, ডিঙি, কিলাকুটি, তপিনা, আঠু, দাতঁৰ বিষ আৰু অস্ত্ৰোপচাৰৰ পিছত হোৱা বিষ।
• প্ৰাথমিক ডাইছমেন’ৰিয়া।
• বাতবিষ।
• ছায়্যাটিকা।
• চাৰ্ভিকেল আৰু লাম্বাৰ স্পনছাইল’ছিছ।
• ব্ৰংকেল হাঁপানি
• অনিদ্ৰা ৰোগ
সূৰ্য্যৰ ৭ টা ৰঙৰ ৰশ্মিৰ পৃথক পৃথক চিকিৎসাগত প্ৰভাৱ আছে। এই বৰণসমূহ বেঙুণীয়া, আকাশী, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। ৰঙা ৰঙে সু-স্বাস্থ্যৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসাত কাৰ্য্যকৰী ভূমিকা লয়। ৰঙীণ বটল আৰু গ্লাছত পানী আৰু তেল থৈ এক নিৰ্দিষ্ট সময়ৰ বাবে সূৰ্য্যৰ পোহৰত ৰখা হয় আৰু এই আহিলাটো বিভিন্ন অসুস্থতাৰ চিকিৎসাত ক্ৰম’ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই সাধাৰণ ক্ৰম’ চিকিৎসাৰ ব্যৱস্থাই অতি কাৰ্য্যকৰীভাৱে নিৰাময় প্ৰক্ৰিয়াত সহায়ক হয়।
সতেজ বায়ু ভাল স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। বায়ু স্নানৰ জৰিয়তে এই চিকিৎসাৰ সুবিধা লাভ কৰিব পৰা যায়। সকলো ব্যক্তিয়েই প্ৰতিদিনে ২০ মিনিট বা সম্ভৱ হ’লে তাতকৈ অধিক সময়ৰ বাবে বায়ু স্নান কৰিব লাগে। ইয়াৰ লগতে পুৱাৰ ভাগত শীতল মালিচ আৰু কচৰতে অধিক লাভান্বিত কৰে। এই প্ৰক্ৰিয়াত শৰীৰৰ পোছাক খুলি বা অতি পাতল কাপোৰ পৰিধান কৰি পৰিষ্কাৰ আৰু নিৰিবিলি সতেজ বায়ু চলাচল কৰা স্থানত প্ৰতিদিনে খোজ কাঢ়িব লাগে। ইয়াৰ আন এটা পদ্ধতি হ’ল ওপৰৰ চালি নথকা আৰু চাৰিওকাষে বিন্ধাযুক্ত বেৰ থকা, যাতে বায়ু ভালদৰে চলাচল কৰিব পাৰে কিন্তু আনে যাতে বাহিৰৰ পৰা দেখা নাপায় তেনে এটা কোঠাও তৈয়াৰ কৰি ল’ব পৰা যায়।
ঠাণ্ডা বায়ু বা পানীৰ শীতল প্ৰভাৱৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া স্বৰূপে স্নায়ু কেন্দ্ৰই তেজৰ সংপৰিবহণ নিয়ন্ত্ৰণ কৰে আৰু উপৰিভাগলৈ অধিক পৰিমাণৰ তেজ পঠিয়াই দিয়ে ফলত ছাল অংশ উমাল হৈ পৰে আৰু তেজ পৰিবাহী শিৰাবোৰ ৰঙা হৈ পৰে। তেজৰ এই সোঁতে উপৰিভাগত থকা বৰ্জিত পদাৰ্থসমূহ আতঁৰাই পেলায়।
চুম্বক চিকিৎসাত মানুহৰ অংগসমূহত চুম্বকীয় পদ্ধতি ব্যৱহাৰ কৰি ৰোগৰ চিকিৎসা কৰা হয়। এই চিকিৎসা অতিশয় সহজ, কম খৰচী আৰু সম্পূৰ্ণৰূপে বেদনাশূণ্য। এই চিকিৎসাত একেবাৰেই পাৰ্শ্বক্ৰিয়া নাই বুলিব পাৰি। এই চিকিৎসাত কেৱল চুম্বককেই চিকিৎসা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। চুম্বক চিকিৎসাত চিকিৎসাৰ বাবে উপলব্ধ বিভিন্ন শক্তিৰ চুম্বক শৰীৰৰ অংগ অথবা গোটেই শৰীৰটোতে সাধাৰণ চিকিৎসাৰ বাবে প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰা হয়। পেট, আঠু, কঁকাল আদি বিভিন্ন অংগৰ বাবে চুম্বকীয় পেটিও পোৱা যায়। এই চিকিৎসাত চুম্বকীয় নেকলেচ, পিয়লা, গিলাছ আৰু ব্ৰেছলেট আদিও ব্যৱহৃত হয়।
যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বিকাশ আৰু প্ৰবৰ্ধন আয়ুৰ্বেদ, উনানী, সিদ্ধা আৰু হোমিঅ’পেথিৰ দৰে আশা কৰা মতে হৈ উঠা নাই কিয়নো এই ক্ষেত্ৰত শিক্ষিত মানৱ শক্তিৰ অভাৱ আছে। তথাপিও সাম্প্ৰতিক বছৰবোৰত বিভিন্ন বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠনে স্নাতক মহাবিদ্যালয়ৰ লগতে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ স্বাস্থ্য গৃহ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে।
বৰ্তমানে ভাৰতত ১২ খন এনে মহাবিদ্যালয় আছে।:
১) ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, বাংগালুৰৰ অধিভুক্ত ৩ খন কৰ্ণাটকত।
২) ৪ খন তামিলনাডু এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয় চেন্নাইৰ অধিভুক্ত।
৩) ২ খন অন্ধ্ৰ প্ৰদেশত, স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বিজয়ৱাৰাৰ অধিভুক্ত।
৪) আয়ুস বিশ্ববিদ্যালয়, ৰাইপুৰ, ছট্টিছগড়ৰ অধিভুক্ত ১ খন।
৫) ভাৰ্কাতুল্লা বিশ্ববিদ্যালয়, ভুপাল আৰু আয়ুৰ্বেদ বিশ্ববিদ্যালয়, জামনগৰ, গুজৰাটৰ অধিভুক্ত একোখনকৈ।
পৰিৱেশ চিকিৎসা আৰু যোগৰ উপলব্ধ পাঠ্যক্ৰমসমূহ:৫ বছৰ ৬ মাহ (৪ বছৰ ৬ মাহৰ পাঠ্যক্ৰম+১ বছৰ ইন্টাৰ্নশ্বীপ)ৰ স্নাতক পাঠ্যক্ৰমে “বেছেল’ৰ অফ নেচাৰ’পেথি এণ্ড য়োগিক চাইন্স” ডিগ্ৰী প্ৰদান কৰে।
সফল অভ্যাসৰ বাবে এই চিকিৎসা পাঠ্যক্ৰমসমূহে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ দৰ্শনৰ লগতে চিকিৎসা আহিলা আৰু প্ৰয়োজনীয় নীতি-নিয়মসমূহো স্থাপন কৰাৰ চেষ্টা কৰিছে। এই মহাবিদ্যালয়সমূহত তাত্বিক, ব্যৱহাৰিক, গৱেষণাগাৰৰ সুবিধা আদিৰ ব্যৱস্থা আছে যিয়ে ছাত্ৰসকলক সকলো দিশৰ পৰা প্ৰশিক্ষিত কৰি তোলে। এই পাঠ্যক্ৰমত সকলো ফালৰ পৰা সম্পূৰ্ণ প্ৰাকৃতিকভাৱে সামগ্ৰিক চিকিৎসাৰ অধ্যয়নৰ সুযোগ প্ৰদান কৰা হয়। এইটো অতি আকৰ্ষণীয় কথা যে দেশৰ বহুতো অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠানে যোগ আৰু ইয়াৰ বিভিন্ন বিষয়ৰ কাৰ্য্যকৰীতাৰ ওপৰত প্ৰমাণ চাবলৈ গুৰুত্ব সহকাৰে চেষ্টা চলাইছে। কিছুমান বিশ্ববিদ্যালয়ে যোগ বিভাগ স্থাপন কৰি ব্যক্তিৰ সকলো ধৰণৰ উন্নয়ন, ব্যক্তিত্বৰ বিকাশৰ বাবে যোগক এক আহিলা হিচাপে গ্ৰহণ কৰিছে। এই সমূহত এবছৰীয়া শিক্ষকৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোগৰ ওপৰত প্ৰমাণপত্ৰ, ডিপ্লমা আৰু ডিগ্ৰী পাঠ্যক্ৰম চলোৱা এনে ১৮ খন বিশ্ববিদ্যালয় আছে। বিশ্ববিদ্যালয় অনুদান আয়োগেও বিশ্ববিদ্যালয়সমূহত যোগৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াই যোগৰ প্ৰবৰ্ধন কৰি আহিছে। কিছুমান বিশ্ববিদ্যালয়ে প্ৰমাণ পত্ৰৰ পৰা পিএইচডি পৰ্য্যায়লৈ বিভিন্ন স্তৰৰ যোগৰ শিক্ষা প্ৰদান কৰি আহিছে। বহুবোৰ বিশ্ববিদ্যালয়ে আকৌ আগত ১-২ বছৰৰ ভিতৰত যোগ বিভাগ স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। বহুবোৰ বিদেশী বিশ্ববিদ্যালয়তো যোগ শিক্ষা আৰু গৱেষণাৰ কাম চলি আছে। বহুবোৰ ৰাজ্যই তেওঁলোকৰ শৈক্ষিক পাঠ্যক্ৰমত যোগ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ লৈছে। দিল্লী চৰকাৰ আৰু নতুন দিল্লী পৌৰ নিগমৰ অধীনৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত প্ৰায় এহেজাৰজন যোগ শিক্ষকক নিযুক্তি দিয়া হৈছে। ভাৰতৰ উপৰিও বিভিন্ন দেশত মানসিক অসুস্থতাৰ চিকিৎসা হিচাপে নিয়মীয়াকৈ যোগাভ্যাস কৰা হয়।
এইটো এটা উৎসাহজনক কথা যে, বিভিন্ন পশ্চিমীয়া দেশসমূহত প্ৰাকৃতিক চিকিৎসাৰ শিক্ষাত অতি গুৰুত্ব প্ৰদান কৰা হৈছে আৰু উপযুক্ত স্বীকৃতি দিছে। আমেৰিকা, জাৰ্মানী, ব্ৰিটেইন আদিৰ বিভিন্ন স্থানত নেচনেল কলেজ অফ নেচাৰ’পেথিক মেডিচিন, অৰেগন এণ্ড ব্ৰিটিছ কলেজ অফ নেচাৰ’পেথি এণ্ড অষ্টেঅ’পেথি, লণ্ডন আদিৰ দৰে বিভিন্ন মহাবিদ্যালয় আছে।
চৰকাৰী পঞ্জীভুক্ত প্ৰাকৃতিক চিকিৎসা আৰু যোগ চিকিৎসক:
ক্ৰমিক নং | ভাৰতীয় ঔষধৰ ৰাজ্যিক পৰিষদসমূহৰ নাম | প্ৰাকৃতিক চিকিৎসকৰ সংখ্যা |
---|---|---|
১ | ভাৰতীয় ঔষধ পৰিষদ, চেকেণ্ডৰাবাদ, অন্ধ্ৰ প্ৰদেশ চৰকাৰ | ৮০০ |
২ | কৰ্ণাটক আয়ুৰ্বেদ, উনানী আৰু প্ৰাকৃতিক চিকিৎসক পৰিষদ, বাংগালোৰ, কৰ্ণাটক চৰকাৰ। | ৩৪০ |
৩ | তামিলনাডু ভাৰতীয় ঔষধ পৰিষদ, চেন্নাই, তামিলনাডু চৰকাৰ | ৬৭০ |
৪ | মধ্য প্ৰদেশ আয়ুৰ্বেদ, উনানী, প্ৰাকৃতিক চিকিৎসা পৰিষদ, ভুপাল, মধ্য প্ৰদেশ চৰকাৰ | ১৮ |
৫ | ছট্টিছগড় আয়ুৰ্বেদ,উনানী আৰু ভাৰতীয় ঔষধ পৰিষদ, ৰায়পুৰ, ছট্টিছগড় চৰকাৰ | ৭৫ |
চিকিৎসালয়, বিছনাৰ সংখ্যা আৰু চিকিৎসা কেন্দ্ৰসমূহ:
• অন্তঃবিভাগ চিকিৎসালয়সমূহ – মুঠ ১০,০০০ বিছনাসহ প্ৰায় ২৫০ খন (প্ৰাকৃতিক চিকিৎসা আৰু যোগ)।
• চিকিৎসা কেন্দ্ৰ (বহিঃবিভাগ)- সমগ্ৰ ভাৰততে প্ৰায় ৩০০ টা যোগ আৰু প্ৰাকৃতিক চিকিৎসা)।
• যোগ চিকিৎসালয়সমূহ-৬ খন।
• প্ৰাকৃতিক চিকিৎসাত ব্যৱহৃত সামগ্ৰীৰ উৎপাদনকাৰী গোট- প্ৰায় ৪০ টা।
• য়োগা এণ্ড নেচাৰ’পেথি বেচড ট্ৰিটমেন্ট ফৰ ২১ ডিজিজেছ।
• ডিজিজ ৱাইজ ইনফৰমেছন ইন আয়ুস চিষ্টেম।
• মাইথ এণ্ড ফেক্টছ এবাউট আয়ুস।
উৎস: আয়ুস বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়,ভাৰত চৰকাৰ
শেহতীয়া উন্নীতকৰণ: : 3/18/2020