অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উনানী

পাতনি

ভাৰতবৰ্ষত উনানী পদ্ধতি চিকিৎসাৰ এক দীৰ্ঘ সময় আৰু চিত্তাকৰ্ষক ধৰণৰ তথ্য প্ৰমাণ আছে। ১১ শতিকাৰ আশে পাশে আৰবী আৰু পাৰস্যবাসীসকলে এই চিকিৎসা প্ৰৱৰ্তন কৰিছিল। বৰ্তমানে উনানী চিকিৎসা চলি থকা দেশসমূহৰ ভিতৰত ভাৰত অগ্ৰগামী। ভাৰতবৰ্ষত সকলোতকৈ অধিক সংখ্যক উনানী শিক্ষা, গৱেষণা আৰু স্বাস্থ্যকেন্দ্ৰ আদি প্ৰতিষ্ঠানসমূহ আছে।

নামটোৱেই নিৰ্দেশ কৰে যে উনানী পদ্ধতি গ্ৰীচ দেশত আৰম্ভ হৈছিল। হিপক্ৰেটিছে এই উনানী পদ্ধতি প্ৰতিষ্ঠা কৰিছিল। এই পদ্ধতিৰ বৰ্তমান অৱস্থাৰ বাবে আন বহুলোকৰ ওচৰত ঋণী, যিসকলে অধিক সংখ্যক গ্ৰীচ সাহিত্য কেৱল আৰবীলৈ অনুবাদ কৰি ৰক্ষা কৰাই নহয়, তেওঁলোকৰ সমসাময়িক চিকিৎসাসমূহত নিজৰ অৱদান দিওঁ সমৃদ্ধ কৰিছে। এই সময়ছোৱাত তেওঁলোকে পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা, উদ্ভিদবিদ্যা, শৰীৰ গঠন তন্ত্ৰবিদ্যা, শৰীৰ বিদ্যা, ৰোগবিদ্যা, চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱহাৰ ব্যাপকভাৱে কৰিছিল।

ইজিপ্ত, চিৰিয়া, ইৰাক, প্ৰাৰ্চী, ভাৰত, চীন আদিৰ সমসাময়িক চিকিৎসা পদ্ধতিসমূহৰ সৰ্বোত্তম পদ্ধতিসমূহ গ্ৰহণ কৰি উনানী চিকিৎসা পদ্ধতি সমৃদ্ধশালী হৈ উঠিছিল। ভাৰতবৰ্ষত উনানী পদ্ধতিৰ ঔষধ প্ৰথমে আৰম্ভ কৰে আৰৱীসকলে আৰু কম সময়ৰ ভিতৰতে ই তৃণমূল পৰ্য্যায়লৈ সম্প্ৰসাৰিত হৈ পৰে। সেই সময়ৰ দিল্লীৰ চুলতানসকলে উনানী পদ্ধতিৰ পণ্ডিতসকলক পৃষ্ঠপোষকতা কৰিছিল আৰু এওঁলোকৰ অধিকাংশকেই দেশৰ কৰ্মচাৰী আৰু চিকিৎসক হিচাপে নিয়োগ কৰিছিল।

বৃটিছসকলে ভাৰত শাসন কৰাৰ সময়ছোৱাত এই চিকিৎসা পদ্ধতি অতি দুখ লগা হৈ পৰে। ইংৰাজসকলে এলোপেথিক পদ্ধতি আৰম্ভ কৰে আৰু ইয়াক তৃণমূল পৰ্য্যায়লৈ প্ৰৱৰ্তন কৰা হয়। ইয়াৰ ফলত উনানী পদ্ধতিৰ ঔষধ আৰু চিকিৎসাৰ শিক্ষা, গৱেষণা আৰু ব্যৱহাৰত বাধা আহি পৰে। দুটা দশকৰ বাবে উনানী পদ্ধতিৰ লগতে আন সকলো চিকিৎসাৰ পৰম্পৰাগত পদ্ধতিসমূহক অবজ্ঞা কৰা হয়। ৰাজকীয় সাহাৰ্য্য নাপালেও এই পদ্ধতিসমূহৰ প্ৰতি যিহেতু সৰ্বসাধাৰণ লোকৰ বিশ্বাস আছিল সেইবাবেই চেগা-চুৰুকাকৈ এই পদ্ধতিসমূহ চলি আছিল। বিশেষকৈ দিল্লীৰ চৰিফি পৰিয়াল, লক্ষ্ণৌৰ আজিজ পৰিয়াল আৰু হাইদৰাবাদৰ নিজামৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই ইংৰাজ শাসনৰ কালছোৱাত উনানী ঔষধ পদ্ধতি জীৱিত আছিল।

স্বাধীনতাৰ পিছত ভাৰতৰ আন আন চিকিৎসা পদ্ধতিসমূহৰ লগতে উনানী চিকিৎসাও কেন্দ্ৰীয় চৰকাৰ আৰু জনসাধাৰণৰ পৃষ্ঠপোষকতাত নতুনকৈ উন্নতি কৰাৰ উৎসাহ পায়। এই ক্ষেত্ৰত সকলো দিশৰ পৰা উন্নয়নৰ বাবে ভাৰত চৰকাৰে ভালেমান পদক্ষেপ হাতত লয়। ইয়াৰ শিক্ষা আৰু প্ৰশিক্ষণৰ নিয়ন্ত্ৰণ আৰু প্ৰবৰ্ধনৰ বাবে আইন প্ৰণয়ন কৰা হয়। ঔষধ উৎপাদন আৰু চিকিৎসাৰ বাবে গৱেষণা প্ৰতিষ্ঠান, পৰীক্ষাগাৰ আৰু নিয়ন্ত্ৰণমূলক আইন প্ৰস্তুত কৰা হৈছে। বৰ্তমান দিনত উনানী চিকিৎসা পদ্ধতি, ইয়াৰ অনুমোদিত চিকিৎসকসকল, চিকিৎসালয়, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসহ ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে।

উনানীৰ মূলতত্ব আৰু ধাৰণাসমূহ

উনানী পদ্ধতিৰ মূল মতবাদ হিপক্ৰেটিছৰ জনপ্ৰিয় চাৰিটা ৰসিকতাৰ সূত্ৰৰ ভিত্তিত প্ৰতিষ্ঠিত। এটা শৰীৰত চাৰি ধৰণৰ ৰস থাকে- ৰক্ত, শ্লেষ্মা, হালধীয়া আৰু কলা। মানুহৰ শৰীৰ নিম্ন লিখিত সাতটা উপাদানৰ দ্বাৰা গঠিত বুলি বিবেচনা কৰা হয়।

  • আৰ্কান (উপাদানসমূহ)
  • মেজাজ (মানসিক অৱস্থা)
  • আখলট (ৰস)
  • আজা (অংগ)
  • আৰৱা (আত্মা)
  • কুৱা (শক্তিসমূহ)
  • আফাল (কাম-কাজসমূহ)

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate