যোগ হ’ল এনে এটা পদ্ধতি যাৰ দ্বাৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ ক্ষমতাসমূহক সামঞ্জস্যভাৱে বিকাশ ঘটাব পৰা যায়। ইয়াৰ দ্বাৰা সম্পূৰ্ণ আত্ম উপলব্ধি অৰ্জন কৰিব পৰা যায়। সংস্কৃত শব্দ য়োগাৰ অৰ্থ হ’ল ‘ইওকে’ অৰ্থাৎ স্বীকাৰ কৰা। সেয়েহে যোগৰ অৰ্থ এনেদৰেও বুজিব পাৰি যে কোনো এক আত্মাৰ লগত ভগৱানৰ আত্মাৰ মিলন হোৱা। মহাঋষি পতঞ্জলিৰ মতে মনৰ চঞ্চলতা দমাই ৰখাটোৱে হৈছে যোগ।
সংস্কৃতি, ৰাষ্ট্ৰীয়তা, জনগোষ্ঠী, জাত-পাত, মতবাদ, লিংগ, বয়স আৰু শাৰিৰীক অৱস্থাৰ ভিন্নতা নিৰ্বিশেষে অভ্যাস আৰু প্ৰয়োগৰ বাবে যোগ হ’ল এক বিশ্বজনীন ব্যৱস্থা। পুথি পঢ়ি বা সন্যাসীৰ পোছাক পৰিধান কৰি কোনো লোকেই প্ৰতিষ্ঠিত যোগী হ’ব নোৱাৰে। নিয়মীয়া অভ্যাস নাথাকিলে কোনো ব্যক্তিয়ে যোগৰ কৌশলসমূহৰ উপকাৰীতা বা অন্তৰ্নিহিত সম্ভাৱনাসমূহ বুজি পাব নোৱাৰে। নিয়মীয়া অভ্যাস (সাধনা) আৰু শৰীৰ আৰু মনৰ এটা নক্সা প্ৰস্তুত কৰিব পাৰিলেহে বাস্তৱিক উন্নতি সাধিব পাৰি। সমগ্ৰ চেতনাসমূহক কেন্দ্ৰীভূত কৰাৰ যোগেৰে শীৰ্ষতম চেতনা উপলব্ধি কৰিবলৈ অভ্যাসকাৰীসকলৰ অতি তীব্ৰ ইচ্ছাশক্তিৰ প্ৰয়োজন হয়।
যোগ হ’ল মানৱ চেতনা বিকাশৰ এটা বিৱৰ্তনমূলক প্ৰক্ৰিয়া। একোজন নিৰ্দিষ্ট ব্যক্তিৰ ভিতৰতেই যে সমগ্ৰ চেতনাসমূহৰ বিৱৰ্তন নিজে নিজেই আৰম্ভ হৈ যাব এনে কোনো কথা নাই। এইটো তেতিয়াহে আৰম্ভ হব যেতিয়া ব্যক্তিজনে বিচাৰিব। মদ আৰু মাদক দ্ৰব্য গ্ৰহণ, অত্যাধিক পৰিশ্ৰম, অত্যাধিক যৌন অভ্যাস আৰু অন্য উদ্দীপক সামগ্ৰীৰ ব্যৱহাৰ আদি ধৰণৰ বদ অভ্যাসবোৰে ব্যক্তিক বিস্মৃত কৰি তোলে আৰু অচেতন অৱস্থালৈ ঘূৰাই নিয়ে। ভাৰতীয় যোগীসকলে সেইখিনিৰ পৰা আৰম্ভ কৰে, য’ত পশ্চিমীয়া মনোবিজ্ঞান শেষ হয়। যদিহে ফ্ৰয়েডৰ মনোবিজ্ঞান অসুস্থতাৰ মনোবিজ্ঞান হয় আৰু মাচলোৰ মনোবিজ্ঞান সুস্থ লোকৰ হয়, তেন্তে ভাৰতীয় মনোবিজ্ঞান হ’ল সংস্কৃতিৰ। যোগৰ ক্ষেত্ৰত মানুহৰ মনোবিজ্ঞানৰ প্ৰশ্ন নাহে, এইটো এটা উচ্চতম চেতনাৰ প্ৰশ্ন। এইটো মানসিক স্বাস্থ্যৰ প্ৰশ্নও নহয়, ই আত্মাৰ উন্নতিৰহে বিষয়।
উৎস: আইএনডিজি দল।
Thank you for the note.
Thank you for the note...