মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ‘জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা আৰু সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

‘জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা আৰু সাৱধানতা

‘জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা আৰু সাৱধানতাৰ বিষয়ে লিখা হৈছে

বছৰটোৰ জুন-জুলাই মাহত ৰাজ্যখনৰ গুৱাহাটী মহানগৰীকে ধৰি অন্যান্য জিলাসমুহতো মহামাৰী ৰুপত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে।ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ বহু লোক মৃত্যুমুখত পৰিছে।এই ৰোগৰ পৰা ৰক্ষা পাবলৈ জাপানীজ এনকেফেলাইটিছ অধ্যুষিত জিলাকেইখনত ১-১৫ বছৰৰ শিশুসকলৰ বাবে টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।অসম চৰকাৰৰ ফালৰ পৰা সম্পুৰ্ণ বিনামুলীয়াভাবে এই ৰোগৰ প্ৰতিষেধক টিকা চৰকাৰী চিকিৎসালয়সমুহত ব্যৱস্থা কৰা হৈছে।

জাপানীজ এনকেফেলাইটিছ আচলতে কি?

 

জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ দ্বাৰা সংক্ৰমিত হোৱা এবিধ ৰোগ।এই ৰোগত আক্ৰান্ত ৰোগীৰ অত্যন্ত জ্বৰ হয়।এই ৰোগৰ ভাইৰাছে ৰোগীৰ মগজুত আক্ৰমণ কৰে বাবে ইয়াক মগজুত হোৱা জ্বৰ বুলিও কোৱা হয়।কিউলেক্স নামৰ এবিধ মহৰ প্ৰজাতিয়ে এই ৰোগ বিয়পায়।এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল-জাপানীজ এনকেফেলাইটিছ ভাইৰাছ।প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানীজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল।এই ভাইৰাছবিধ ভাইৰাছৰ ‘Flaviviridea’পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভাইৰাছ।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছ সাধাৰণতে গাহৰি ,বগলী,কণামুচৰি জাতীয় পশু-পক্ষীৰ দেহত সঞ্চিত হৈ থাকে।কিউলেক্স মহৰ দুটা প্ৰধান প্ৰজাতি ‘Culex Tritaenierhynchus’আৰু ‘Culex Vishnui’মহে গাহৰি,বগলী,কণামুচৰি আদিক কামুৰি ৰোগৰ বীজাণু কঢ়িয়াই মানুহক কামুৰিলে মানুহজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে।এইবিধ ৰোগ দক্ষিণ-পুব এছিয়া আৰু পুব-এছিয়াত সচৰাচৰ হোৱা দেখা যায়।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ:

 

জাপানীজ এনকেফেলাইটিছ ৰোগ সংক্ৰমণৰ পিছত প্ৰায় ৫-১৫ দিনলৈ সুপ্ত ৰুপত থাকিব পাৰে।সাধাৰণতে প্ৰতি ২৫০ জন সংক্ৰমিত লোকৰ এজনহে ৰোগত আক্ৰান্ত হয়।এই ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ অতিপাত জ্বৰ হয়।জ্বৰৰ লগতে প্ৰচণ্ড মুৰৰ বিষত আক্ৰান্ত হয়।জ্বৰ সাধাৰণতে ১০৩ ডিগ্ৰী চেলছিয়াছৰ ওপৰত হয়।ৰোগীৰ মানসিক স্থিৰতা হেৰুৱাৰ লগতে মাজে সময়ে অচেতন হোৱা দেখা যায়।এই ৰোগত আক্ৰান্ত হ’লে শৰীৰ দুৰ্বল হৈ পৰে।ক্ৰমে অন্যান্য লক্ষণ যেনে-ডিঙিৰ জড়তা,আভোক ,ওজন হ্ৰাস,দেহৰ কোনো অংশৰ অসাৰতা আৰু দেহৰ উষ্ণতা ৩৮-৪১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱা আদি লক্ষণে দেখা দিয়ে।শেষ অৱস্থাত মানসিক অনগ্ৰসৰতাই দেখা দি কমা অৱস্থালৈকো যাব পাৰে।মগজুত জ্বৰ হোৱাৰ বাবেই ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।এই ৰোগৰ উপযুক্ত চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।এই ৰোগত মৃত্যুৰ হাৰ ভিন্ন হয় যদিও শিশুৰ ক্ষেত্ৰত মৃত্যুৰ সম্ভাৱনা অধিক বুলি জনা যায়।গতিকে এই ৰোগত আক্ৰান্ত হ’লে ৰোগীক  অতি সোনকালে উপযুক্ত চিকিৎসাৰ বাবে ত্ৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ নিব লাগে।শীঘ্ৰে চিকিৎসা প্ৰদান কৰিলে জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা আৰোগ্য  লাভ কৰিব পাৰি।আনহাতে,জন্তুৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰধান লক্ষণ হ’ল-গাহৰিৰ সন্তানহীনতা,গৰ্ভপাত,জ্বৰ আৰু আলস্যভাব।

জাপানীজ এনকেফেলাইটিছ ৰোগ নিবাৰণ:

 

জাপানীজ এনকেফেলাইটিছ টিকাকৰণেৰে আজীৱন এই ৰোগ হোৱাৰ পৰা আঁতৰত থাকিব পৰা যায়।বৰ্তমান এই ৰোগত ব্যৱহৃত টীকাসমুহ হ’ল-SA14-14-2,IC51 অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত JESPECT আৰু অন্য সকলো ঠাইত  IXIARO নামেৰে বাণিজ্যিকভাৱে প্ৰচলিত আৰু  Chimeri Vax-JE ক IMOJEV নামেৰে বজাৰত উপলব্ধ ।১৯৩০ ৰ দশকত জাপানত ফৰ্মেলিনৰ দ্বাৰা নিষ্ক্ৰিয় কৰা নিগনিৰ মগজুৰ পৰা উৎপাদন কৰা টিকাবিধ ১৯৬০ আৰু ১৯৮০ ৰ দশকত ক্ৰমান্বয়ে টাইৱান আৰু থাইলেণ্ডত প্ৰচলন কৰা বুলি জনা যায়।এই টিকাৰ বহুল ব্যৱহাৰে জাপান,কোৰিয়া,টাইৱান,আৰু ছিংগাপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিছে।জীৱন্ত নিগনিৰ দেহত উৎপাদন কৰা টিকাৰ অত্যধিক মুল্যৰ বাবে দুখীয়া দেশসমুহে এতিয়াও নিয়মিত টিকাকৰণ প্ৰক্ৰিয়াত এই ৰোগৰ টিকাবিধ অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাই।

চিকিৎসা:

 

জাপানীজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই।এই ৰোগত সচৰাচৰ সহায়কাৰী চিকিৎসাহে কৰা হয়।এই ৰোগ এজন ৰোগীৰ পৰা অন্য সুস্থ লোকলৈ নিবিয়পে।

বিৱৰ্তন:

 

এই ভাইৰাছ ১৫০০ ৰ দশকত ইণ্ডোনেচিয়া-মালয়েছিয়াত কোনো ভাইৰাছৰ বিৱৰ্তনৰ ফলত উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়।পৰৱৰ্তী কালত ই পাঁচবিধ ভিন্ন জিন টাইপলৈ বিৱৰ্তিত হৈ এছিয়া মহাদেশত বিয়পি পৰে।

ভাইৰ’লজী:

 

জাপানীজ এনকেফেলাইটিছ ভাইৰাছ “Flavivirus”গোটৰ এবিধ ভাইৰাছ আৰু ই ‘ৱেষ্ট নীল ভাইৰাছ’তথা ‘ছেইণ্ট লুইছ  এনকেফেলাইটিছ’ভাইৰাছৰ ওচৰ সম্পৰ্কীয়।জাপানীজ এনকেফেলাইটিছ মানুহৰ চেৰামত এণ্টিবডীৰ চিনাক্তকৰণ আৰু Cerebrospinal fluid (JgM capture ELISA)দ্বাৰা ধৰা পেলোৱা হয়।

মহামাৰী তথা সংক্ৰামক ৰোগৰ বিজ্ঞান :( Epidemiology)

এছিয়াত বাৰ্ষিক প্ৰায় ৭০,০০০ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়।ইয়াৰ ভিতৰত এই ৰোগত মৃত্যুবৰণ কৰা ৰোগীৰ হাৰ প্ৰায় ০.৩ শতাংশ ৬০ শতাংশ।অনগ্ৰসৰ অঞ্চলত এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি।অতীতত জাপানীজ এনকেফেলাইটিছ ৰোগে সংহাৰী ৰুপ লোৱাৰ পিছত বৰ্তমান টিকাকৰণৰ যোগেদি ইয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা দেশসমুহ হৈছে-চীন,কোৰিয়া,জাপান,তাইৱান আৰু থাইলেণ্ড।অন্যান্য দেশসমুহ যেনে-ভিয়েটনাম,কম্বোডিয়া,ম্যানমাৰ,ভাৰত,নেপাল আৰু মালয়েছিয়াত বৰ্তমানেও এই ৰোগৰ সংক্ৰমন হৈ থকা দেখা যায়।আমাৰ অসমতো এই মহামাৰীয়ে যথেষ্ট ক্ৰিয়া কৰি আহিছে।বছৰটোৰ জুন-জুলাই মাহত এই ৰোগৰ উপস্থিতিৰ প্ৰমাণ হয়,তথা এই ৰোগত বহু লোক আক্ৰান্ত হোৱা দেখা যায়।

মানুহ,গৰু আৰু ঘোঁৰা এই ৰোগৰ সংক্ৰমণৰ অন্তিম পোষক।গাহৰিৰ দেহত এই ৰোগৰ বীজাণুৰ দ্ৰুত বৃদ্ধি ঘটে আৰু সেয়েহে গাহৰিয়ে এই ৰোগ বিয়পোৱাত এক প্ৰধান ভুমিকা পালন কৰে।অৱশ্যে জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ প্ৰাকৃতিক পোষক মানুহৰ পৰিৱৰ্তে বনৰীয়া চৰাইৰ বাবে এই ৰোগ সম্পুৰ্ণৰুপে নিৰ্মুল কৰা সম্ভৱ নহয় বুলি জনা যায়।

জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা  পোৱাৰ উপায়: (প্ৰসংগ অসম):

 

*কিউলেক্স মহে পুৱা-গধুলি যিকোনো সময়তে কামুৰিব পাৰে।গতিকে ,মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ পৰাপক্ষত দীঘল হাতৰ চোলা,পেণ্ট আদি পৰিধান কৰিব লাগে।

*শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ঔষধযুক্ত আঁঠুৱা যোগান ধৰা হয়।গতিকে এই আঁঠুৱা ব্যৱহাৰ কৰি মহৰ কামোৰৰ পৰা নিজকে বচাই ৰখা উচিত।

*যিহেতু কিউলেক্স মহে গাহৰি,বগলী,কণামুচৰি আদিক কামুৰি মানুহক কামোৰে,গতিকে ঘৰত গাহৰি বা গাহৰিৰ গঁৰাল থাকিলে বাসস্থানৰ পৰা আঁতৰত ৰাখিব লাগে।পাৰিলে গাহৰিৰ গঁৰালটো মহ প্ৰতিৰোধক আঁঠুৱাৰে বেৰি ৰাখিব লাগে।বগলী আৰু কণামুচৰি জাতীয় পক্ষীবোৰৰ পৰা আঁতৰি থাকিব লাগে।

*জাপানীজ এনকেফেলাইটিছ অধ্যুষিত জিলাকেইখনৰ ১-১৫ বছৰৰ শিশুসকলৰ বাবে টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।প্ৰতিজন অভিভাৱকে নিজৰ শিশুটিকো এই টিকা দিয়াটো নিশ্চিত কৰা উচিত লগতে প্ৰাপ্তবয়স্ক লোকসকলেও জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকা লোৱাটো জৰুৰী।

এনকেফেলাইটিছ ৰোগ আৰু আমাৰ কৰণীয়:

 

এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হ’লে ভীতিগ্ৰস্ত নহৈ উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক আৰোগ্য কৰিবলৈ চেষ্টা কৰা উচিত।প্ৰতিদিনে বাস কৰা অঞ্চলটোক জাপানীজ এনকেফেলাইটিছ মুক্ত কৰি ৰখাৰ বাবে যত্ন কৰিব লাগে।পৰাপক্ষত মহে কণী পাৰিব নোৱাৰাকৈ অৰ্থাৎ আবাসগৃহৰ চৌপাশত পানী জমা হৈ থাকিবলৈ দিব নালাগে।নলা-নৰ্দমাসমুহ পৰিষ্কাৰ কৰি ৰাখিব লাগে।এই ৰোগৰ ভয়াৱহতাৰ প্ৰতি সমাজৰ প্ৰত্যেকজন লোককে সজাগ কৰি তোলাটো সচেতন লোক হিচাপে প্ৰতিজন মানুহৰে নৈতিক কৰ্তব্য হোৱা উচিত।এই ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সবিশেষ জানিবলৈ হ’লে বা ইয়াৰ লক্ষণসমুহ দেখিলে ততালিকে আশা কৰ্মী,এ এন এম নতুবা এম পি ডব্লিউৰ লগত যোগাযোগ কৰা উচিত আৰু আটাইতকৈ ওচৰৰ চিকিৎসালয়খন তথা চিকিৎসকৰ কাষ চাপক।অন্যথা যিকোনো সহায়ৰ বাবে ডায়েল কৰক ১০৪।

এয়া হৈছে এই ভয়াৱহ ৰোগ নিৰাময় তথা ৰোগৰ পৰা আঁতৰি থাকি এখন সুস্থ আৰু সবল সমাজ গঢ়াত আমাৰ কৰণীয়।আমি সকলো সজাগ হোৱাৰ সময় সমাগত।আমাৰ সুস্থ ভৱিষৎ কেৱল আমাৰ হাতত।সবল স্বাস্থ্য তথা সুৰক্ষিত অসম গঢ়াটো আমাৰ প্ৰত্যেকৰে লক্ষ্য হোৱা উচিত।

উৎস: বনশ্ৰী কাকতি (ৰাইজৰ বাতৰি )

 

 

 

 

 

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top