মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ‘বিশ্ব ডায়েবেটিছ দিৱস’ আৰু ডায়েবেটিছৰ বিকল্প চিকিৎসাবিলাক:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

‘বিশ্ব ডায়েবেটিছ দিৱস’ আৰু ডায়েবেটিছৰ বিকল্প চিকিৎসাবিলাক:

 

বিশ্ব ডায়েবেটিছ দিৱস প্ৰতি বছৰে ১৪ নৱেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়। ইন্টাৰনেচনেল ডায়েবেটিছ ফেডাৰেচনৰ(IDF)ৰ উদ্যোগত ডায়েবেটিছ ৰোগ সন্দৰ্ভত সমগ্ৰ বিশ্বতে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই প্ৰচাৰ কাৰ্যত কেইবা নিযুত নিযুত লোক জড়িত হৈ আছে। উল্লেখ্য যে ‘বিশ্ব স্বাস্থ্য সংস্থা’ আৰু ‘ইন্টাৰনেচনেল ডাইবেটিছ ফেডাৰেচন’ৰ সহযোগত ১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। ২০০৭ চনৰ পৰা আমেৰিকাত বিশ্ব ডায়েবেটিছ দিৱস ‘ৰাষ্ট্ৰসংঘৰ স্বীকৃত দিৱস’ হিচাপে পালন কৰি অহা হৈছে। ইনচুলিনৰ আৱিষ্কাৰক ফ্ৰেডৰিক বেনটিঙৰ জন্মদিনটোৰ লগত স্ংগতি ৰাখি সমগ্ৰ বিশ্বত পালন কৰা ডায়েবেটিছ দিৱসৰ ২০১৪ৰ পৰা ২০১৬ চনলৈ বিষয় হ’ল- ‘Healthy Living and Dibates’।

এই দিৱস সমগ্ৰ বিশ্বৰ ১৬০ৰো অধিক দেশত পালন কৰা হয়। বিভিন্ন সংগঠন, কোম্পানী, চিকিৎসক, নাৰ্ছ, ডায়েবেটিছ ৰোগী, ডায়েবেটিছ ৰোগীৰ পৰিয়াল লোক এই দিৱসৰ সৈতে জড়িত হয়। ডায়েবেটিছ ৰোগৰ প্ৰচাৰ চলাবলৈ ৰেডিঅ’, টেলিভিচনত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ লগতে পৰীক্ষণ শিবিৰ, পোষ্টাৰ, বাতৰি কাকতত বিভিন্ন লেখা, শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, মানৱ শৃংখল, দৌৰ আৰু চাইকেল চলোৱা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।

ডায়েবেটিছ দিৱসৰ বিষয়বস্তু সময়ে সময়ে সলনি কৰা হয়। যেনে- ২০০৫ চনত ডায়েবেটিছ দিৱসৰ বিষয় আছিল- ‘ডায়েবেটিছ আৰু আহাৰ’, ২০০৬ চনত- ‘ডায়েবেটিছ ৰোগৰ পৰা হোৱা ক্ষতি আৰু আঘাত’, ২০০৭-২০০৮ চনত- ‘শিশু আৰু কিশোৰ অৱস্থাত ডায়েবেটিছ’, ২০০৯-২০১৩ চনত- -‘ডায়েবেটিছ শিক্ষা আৰু প্ৰতিৰোধ ব্যৱস্থা’।

বিশ্ব ডায়েবেটিছ দিৱসৰ ‘ল’গ’ হৈছে এটি নীলা বৃত্ত। ডায়েবেটিছ ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাই এই ‘ল’গ’ সাৰ্বজনীনভাৱে গ্ৰহণ কৰা হয়। এই ‘ল’গ’ৰ অৰ্থ হৈছে- যোগাত্মক চিন্তাৰ অধিকাৰী হোৱা। এই চিহ্নটোৱে সাৰ্বজনীনভাৱে মানুহৰ জীৱন আৰু স্বাস্থ্যক বুজায়। চক্ৰটোৰ নীতলা ৰঙে আকাশৰ বিশালতাক বুজায়। বিশ্বৰ সকলো দেশ ইয়াৰু সৈতে জড়িত। নীলা চক্ৰটোৱে বিশ্বৰ ডায়েবেটিছ ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত ঐক্যবদ্ধতা বুজায়ু।

উল্লেখ্য যে ডায়েত্বেটিছ ৰোগ কেইবাপ্ৰকাৰৰ। যেনে- টাইপ-১, টাইপ-২ আৰু গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ।

  • সাধাৰতণতে শিশুসকলৰ টাইপ-১ ডায়েবেটিছ হয়। ইয়াৰ ফলত জীৱনৰ আৰম্ভণিতেই শিশুসকলে ডায়েবেটিছত আক্ৰান্ত হৈ আজীৱন ইনছুলিন লৈ থাকিব লগা হয়। কিয়নো টাইপ-১ ডায়েবেটিছ ৰোগীৰ দেহত থকা অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কৰিব নোৱাৰে। দেহটোৱে যদি ইনচুলিন উৎপাদন কৰিব নোৱাৰে তেতিয়াহ’লে তেজত গ্লু’কজৰ পৰিমাণ অধিক মাত্ৰাত বাঢ়ি যায়। আৰু ইয়াৰ ফলত দেহৰ অংগ-প্ৰত্যংগৰ ক্ষতি হয়।
  • টাইপ-২ ডায়েবেটিছ চল্লিছ উৰ্ধ্বৰ লোকৰ হয়। পিচে শেহতীয়াকৈ যুৱক-যুৱতীসকলৰো টাইপ-২ ডায়েবেটিছ হোৱা দেখা গৈছে।
  • গেষ্টে’চনেল ডায়েবেটিছ কেৱল গৰ্ভৱতী মহিলাসকলৰ হয়। কিছুমান মহিলাৰ গৰ্ভৱস্থাত ব্লাড ছুগাৰৰ(গ্লুক’জ) পৰিমাণ সাংঘাতিকভাৱে বাঢ়ি যায় কিন্তু প্ৰসৱৰ পিছত ব্লাড ছুগাৰ স্বাভাৱিক হয়।

ডায়েবেটিছ ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰাটো সম্ভৱ নহয়। এই ৰোগ গোটেই জীৱন ধৰি থাকে। সেয়ে এই ৰোগ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, এই কথা ৰোগীজনে জানি লোৱা ভাল্।

ডায়েবেটিছ ৰোগীৰ আহাৰ, ব্যায়াম, চিকিৎসা এই সকলোবোৰৰ প্ৰতি চকু ৰাখিব লগা হয়। ৰোগীজনে ডায়েবেটিছ ৰোগৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বিষয়ে বিশদভাৱে জানি লোৱা ভাল। ডায়েবেটিছট্ৰোগৰ বিষয়ে বিশেষভাৱে নাজানিলে ৰোগীৰ অৱস্থা জটিল হৈ পৰাৰ সম্ভাৱনা থাকে। সময়ত চিকিৎসা নকৰালে ৰোগীৰ মৃত্যুও হ’ব পাৰে।

ইয়াৰ বাবেই ৰিস্ক ফেক্টৰবোৰৰ বিষয়ে জানি লোৱা উচিত। যেনে- মেদবহুলতা, গ্লু’কজৰ তাৰতম্য, শাৰীৰিক পৰিশ্ৰম নকৰা, অপুষ্টিকৰ আহাৰ আদিয়ে ৰোগীৰ অৱস্থা আৰু বেছি সংকটজনক কৰি তোলে। এইবোৰ ৰিস্ক ফেক্টৰৰ প্ৰতি গুৰুত্ব নিদিয়া ৰোগীসকলৰ শৰীৰত আন কিছুমান লক্ষণে দেখা দিয়ে। যেনে- সামান্য পৰিশ্ৰমতে ক্লান্তি অনুভৱ কৰা, দেহৰ ওজন কমি যোৱা, পিয়াহ লগা, চকুৰে ধুৱলি-কুঁৱলি দেখা, মনোযোগ দিব নোৱাৰা আদি।

ডায়েবেটিছ ৰোগৰ বিষয়ে ভালকৈ জানিলেহে এইবিলাক বিসংগতি প্ৰতিৰোধ কৰা সম্ভৱ।

উল্লেখ্য যে টাইপ-১ ডায়েবেটিছ প্ৰতিৰোধ কৰিব নোৱাৰি, কিন্তু টাইপ-২ ডায়েবেটিছ বিভিন্ন উপায়েৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি। নিয়মীয়াকৈ ব্যায়াম কৰাৰ লগতে পুষ্টিকৰ আহাৰ আৰু উপযুক্ত ওজন ৰক্ষা কৰি চলিলে ৰোগটো নিয়ন্ত্ৰণত থাকে। দিনে অতি কমেও ২০ মিনিটকৈ সময় খোজ কাঢ়িলেও ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ থাকে। উল্লেখ্য যে যিসকল পুৰুষ-মহিলাই নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কম। ভাৰতৰ চহৰ অঞ্চলত বসবাস কৰা মাথোঁ ২২ শতাংশ লোকেহে এৰোবিক ব্যায়াম কৰে। সমগ্ৰ বিশ্বত প্ৰায় ২৮৫ নিযুত লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। উপযুক্ত শিক্ষা আৰু সাৱধানতাৰ অভাৱত ২০৩০ চনত এই সংখ্যা হ’বগৈ ৪৩৫ নিযুত। দ্ৰুতহাৰত বৃদ্ধি পোৱা ডায়েবেটিছ প্ৰতিৰোধৰ বাবে সেয়েহে ‘ইন্টাৰনেচনেল ডায়েবেটিছ ফেডাৰেচনে’ পাঁচবছৰীয়া কাৰ্যসূচী হাতত লৈছে। মানুহক শিক্ষিত আৰু সচেতন কৰি তুলিব বিচাৰিছে। এই কাৰ্যসূচীত আমি সকলোৱে অংশগ্ৰহণ কৰা উচিত।

ডায়েবেটিছ কি?

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য মতে ডায়েবেটিছ মেলিটাছ(টাইপ-২ ডায়েবেটিছ) ৰোগটো হ’ল কেবাটাও বিপাক প্ৰক্ৰিয়াৰ ৰোগৰ এটি থূপ আৰু এই ৰোগবিলাকৰ সমূহীয়া প্ৰতিক্ৰিয়াৰ ফলত দীৰ্ঘদিন ধৰি শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। তেজত জমা হোৱা উচ্চ মাত্ৰাৰ ৰক্ত শৰ্কৰাৰ ফলত সঘনাই প্ৰস্ৰাৱ হোৱা, বেছিকৈ পিয়াহ লগা, বেছিকৈ ভোক লাগি থকা আদি লক্ষণ কিছুমান প্ৰকাশ পায়। এই অৱস্থাটোকে ডায়েবেটিছ বা মধুমেহ ৰোগ বুলি কোৱা হয়। যদি এই ৰোগটোৰ চিকিৎসা কৰা নহয়, তেনেহ’লে শৰীৰত আন কিছুমান বিপজ্জনক জটিলতাৰ সৃষ্টি হ’ব পাৰে।

ডায়েবেটিছ প্ৰধানকৈ দুটা কাৰণত হয়। ইয়াৰে এটা হ’ল অগ্নাশয়ে(পেনক্ৰিয়াছ) পৰ্যাপ্ত মাত্ৰাত ইনাচুলিন উৎপাদন কৰিব নোৱাৰে। আনটো কাৰণ হ’ল, শৰীৰৰ কোষবিলাকে উৎপাদিত ইনচুলিনৰ প্ৰতি উপযুক্ত সঁহাৰি নোৱাৰা হয়। যদিও এলোপেথিক চিকিৎসা ব্যৱস্থাত ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰয় কৰাৰ বাবে ভালেমান ঔষধৰ ব্যৱস্থা আছে, আমি ‘বিশ্ব ডায়েবেটিছ দিৱস’ৰ দিনা কেইটিমান বিকল্প চিকিৎসা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব খুজিছো।

ইউনানী পদ্ধতিৰে ডায়েবেটিছ নিয়ন্ত্ৰণ:

ইউনানী চিকিৎসা পদ্ধতিত ‘ডায়েবেটিছ শ্বাকৰি’ নামৰ এবিধ ৰোগৰ উল্লেখ আছে। এই ৰোগ হ’লে ৰোগীয়ে পানী খালে ক্ষন্তেক পিছতে সেই পানী কিডনিৰ মাজেদি গৈ প্ৰস্ৰাৱৰ ৰূপত শৰীৰৰ পৰা ওলাই যায়। এই ৰোগ হ’লে ৰোগীৰ ‘মিজাজ’ অৰ্থাৎ গৰম হয়। ইয়াৰ কাৰণ হ’ল ৰোগীৰ তেজৰ পৰা পানীভাগ কিডনিয়ে শুহি লৈ তৎক্ষণাত প্ৰস্ৰাৱ থলীলৈ পঠিয়াই দিয়ে।

ইউনানী মতে দুই শ্ৰেণীৰ ডায়েবেটিছ আছে। ইয়াৰে এবিধ হ’ল ‘ডায়েবেটিচ হাৰ’ আৰু এইবিধ ডায়েবেটিছ ৰোগৰ লক্ষণবিলাক তীব্ৰ ৰূপত প্ৰকাশ পায়। লক্ষণবোৰ হ’ল- অতিৰিক্ত পিয়াহ লগা, সঘনাই বেছি পৰিমাণে প্ৰস্ৰাৱ কৰিবলগা ইত্যাদি। আনবিধ ডায়েবেটিছ হ’ল- ‘ডায়েবেটিছ বাৰিড’। এই শ্ৰেণীৰ ৰোগত পিয়াহ আৰু প্ৰস্ৰাৱৰ তীব্ৰতা তুলনামূলকভাৱে কম।

প্ৰস্ৰাৱত শৰ্কৰাৰ উপস্থিতি আৰু অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই ৰোগক আৰু এটা শ্ৰেণীত ভাগ কৰা হৈছে। এই শ্ৰেণীটো হ’ল ‘ডায়েবেটিছ ছাদা’ আৰু এইবিধ ৰোগত ৰোগীৰ অতিৰিক্ত মাত্ৰাত পিয়াহ লাগে, বেছি সঘনাই আৰু বেছি পৰিমাণে প্ৰস্ৰাৱ হয়, কিন্তু প্ৰস্ৰাৱত শৰ্কৰা নাথাকে। আনহাতে ‘ডায়েবেটিছ শ্বাকৰি’ শ্ৰেণীৰ ৰোগটোত ৰোগীৰ পিয়াহ আৰু প্ৰস্ৰাৱৰ তীব্ৰতা বেছি হোৱাৰ প্ৰস্ৰাৱতো শৰ্কৰা বেছি মাত্ৰাত থাকে।

ইউনানী ঔষধ:

ডায়েবেটিছ ৰোগীৰ বাবে:

Magze, Tukhme Jamun, কেৰেলাৰ বাকলি, Magze tukhme neem, মেথি গুটি, বেলৰ পাত, কলঞ্জি, গুড়মাৰ বটী, টাবাশ্বীৰ, চাৰফুকা বা গিলো।

হোমিওপেথিক পদ্ধতিৰে ডায়েবেটিছৰ চিকিৎসা:

হোমিওপেথি চিকিৎসা পদ্ধতিৰেও ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি কোৱা হয়। এই পদ্ধতিমতে- যদি ৰক্ত শৰ্কৰাৰ মাত্ৰা অতিশয় বৃদ্ধি পায়, তেনেহ’লে তাক নিয়ন্ত্ৰণ কৰাত অগ্ৰাধিকাৰ দিব লাগে। হোমিওপেথিকৰ তেজৰ শৰ্কৰা হ্ৰাস কৰিব পৰা ভালেকেইবিধ ঔষধ আছে। আন এটা পদ্ধতিমতে ৰোগীৰ অৱস্থাটো বুজিবৰ কাৰণে ৰোগীৰ শৰীৰৰ গঠন বা আকাৰ-আকৃতি আদি বিষয়বোৰো বিবেচনা কৰা হয়। হোমিওপেথিক ঔষধেৰে ৰোগীৰ চিকিৎসা কৰাৰ আগতে ৰোগীৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক দিশবোৰ সূক্ষ্মভাৱে অধ্যয়ন কৰি লোৱাৰ পিছতহে নিৰ্দিষ্ট ৰোগীজনৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থাটো নিৰ্ণয় কৰা হয়। অৱশ্যে এই দৃষ্টিভংগীবিলাকৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে। ৰোগীজনৰ সাধাৰণ স্বাস্থ্য, ৰোগটোৰ আধিক্য, জটিলতা, আন অংগত হোৱা ক্ষতি আদিৰ ওপৰত নিৰ্ভৰ কৰি ৰোগীজনৰ বাবে কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন হ’ব, সেই বিষয়ে চিকিৎসকজনে নিজে সিদ্ধান্ত লয়।

ডায়েবেটিছ ৰোগৰ চিকিৎসাত ব্যৱহৃত হোমিওপেথিক ঔষধবোৰ হ’ল-

১)ইউৰেনিয়াম নাইট্ৰিকাম,

২)ফচফ’ৰিক এচিড,

৩)চিজিজিয়াম জাম্ব’লেনাম(Syzygium Jambolanum),

৪)চেফালেণ্ড্ৰা ইণ্ডিকা(Cephalandra Indica) আদি।

এই ঔষধবিলাক হোমিওপেথিৰ ধ্ৰুপদী ঔষধ। এইবিলাক ঔষধৰ সক্ৰিয় খোৰাক যেনে- মাদাৰ টিংচাৰ বা 3x মাত্ৰাত ব্যৱহাৰ কৰা হয়। ৰোগীজনৰ তেজত থকা ৰক্ত শৰ্কৰা আৰু ৰোগীৰ প্ৰয়োজন অনুপাতে ঔষধৰ পৰিমাণ, ৰূপ বা শক্তি নিৰূপণ কৰা হয়। ভালেমান ঔষধ প্ৰস্তুতকাৰক সংস্থাই, বিভিন্ন সম্পদ ঔষধৰ লগত হোমিওপেথিক ঔষধ সংমিশ্ৰিত ৰূপতো প্ৰস্তুত কৰে। আনহাতে বায়োকেমিক চিকিৎসা পদ্ধতিত ডায়েবেটিছৰ চিকিৎসাৰ বাবে জৈৱ সংমিশ্ৰণ নং-৭ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে।

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল ঔষধৰূপে আন এটি বায়োকেমিক ঔষধ- ‘নেট্ৰাম ফচ’ 3x মাত্ৰাত ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। অৱশ্যে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হোমিওপেথিক ঔষধবোৰ কিমান ফলপ্ৰসূ হৈছে, সেই বিষয়ে বৈজ্ঞানিক অধ্যয়ন তেনেই সীমিত হৈ আছে। কিন্তু ওপৰত উল্লেখ কৰা এই ঔষধবিলাকৰ অধিকাংশই যে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোগাত্মক ফল দিছে- সেই বিষয়ে সন্দেহ নাই। এইবিলাক ঔষধ অকলে বা আন ঔষধৰ সৈতে মিশ্ৰিত প্ৰয়োগ কৰি ভাল ফল পোৱা গৈছে।

ডায়েবেটিছ নিয়ন্ত্ৰণ যোগ:

যোগ অনুশীলনৰ দ্বাৰা ডায়েবেটিছ মেলিটাছ ৰোগ নিয়ন্ত্ৰণলৈ আনিব পাৰি বুলি বিভিন্ন গৱেষণা আৰু অধ্যয়নৰ যোগেদি প্ৰমাণ পোৱা গৈছে। যোগ অনুশীলনেৰে ডায়েবেটিছ ৰোগটো দুটা প্ৰক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰণলৈ আহেয়।

  • প্ৰথমটো হ’ল-

যোগাসনৰ দ্বাৰা অগ্নাশয়ৰ কোষবোৰৰ সক্ৰিয়তা বৃদ্ধি কৰি পৰ্যাপ্ত মাত্ৰাত ইনচুলিন উৎপাদন কৰোৱা হয়।

  • দ্বিতীয়টো হ’ল-

কিছুমান ৰোগীৰ শৰীৰে সৃষ্টি কৰা ইনচুলিনৰ প্ৰতিৰোধ প্ৰক্ৰিয়া যোগাসন অনুশীলনৰ যোগেদি হ্ৰাস কৰোৱা হয়।

ডায়েবেটিছ ৰোগীৰ অনুশীলনৰ বাবে পৰামৰ্শ দিয়া যৌগিক ক্ৰিয়া, যোগাসন আৰু ধ্যান-প্ৰাণায়াম আদি।

  • যৌগিক ক্ৰিয়া: কুঞ্জল, বস্ত্ৰধৌতি, কপালভাটি, অগ্নিসাৰ আৰু নৌলী।
  • আসন: তাড়াসন, কটিচক্ৰাসন, পৱনমুক্তসন, সংৰ্বাংগাসন, মৎসাসন, হলাসন, উষ্ট্ৰাসন, গোমুখাসন, অৰ্ধ-মৎস্যেন্দ্ৰাসন, মণ্ডুকাসন, পশ্চিমোত্তানাসন, ধনুৰাসন, শৱাসন।
  • প্ৰাণায়াম: নাড়ীশোধন, সূৰ্যভেদনা, ভষ্ট্ৰিকা আৰু ভ্ৰামৰী।
  • মুদ্ৰা: উদ্দিয়ানবদ্ধ মুদ্ৰা।
  • ধ্যান: শ্বাস সজাগতা, ওঁম উচ্চাৰণ আৰু ওঁম ধ্যান।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে পাঁচবিধ খাদ্যদ্ৰব্য:

আপোনাৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব খুজিছে যদি তলত উল্লেখ কৰা খাদ্য দ্ৰব্যবোৰ খাব পাৰে।

  • খেজুৰ:

এই ৰঙচুৱা আৰু আঠাযুক্ত ফলবিধ মিঠা যদিও ডায়েবেটিছ ৰোগীয়ে সীমিত মাত্ৰাত খাব পাৰে। খেজুৰত যথেষ্ট পৰিমাণে আঁহ থাকে বাবে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, খেজুৰত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট উপাদান থাকে। আঙুৰ, সুমথিৰা আৰু ব্ৰুকলিতকৈ অধিক মাত্ৰাত এণ্টিঅক্সিডেণ্ট থাকে বাবে এই ফল অকলে বা বাদামৰ লগত মিহলাই খাব পাৰে।

  • গাখীৰ:

কেলচিয়াম আৰু ভিটামিন ‘ডি’ৰ অন্যতম উৎকৃষ্ট উৎস গাখীৰে ৰক্ত শৰ্কৰা বৃদ্ধি নকৰে। ঘৰত প্ৰস্তুত কৰা অন্যান্য দুগ্ধজাত খাদ্যসামগ্ৰী যেনে- চীজ আৰু কম চৰ্বিযুক্ত দৈ বা দৈৰ ঘোল খাব পাৰে। এনেবোৰ দ্ৰব্যই ডায়েবেটিছ নিয়ন্ত্ৰণহে কৰিব। পুৱাৰ জলপানৰ লগত নিয়মীয়াকৈ গাখীৰ খাওক।

  • ফ্লেক্স গুটি:

আঁহ আৰু আলফা লিনোলিনিক এচিড উপাদানেৰে সমৃদ্ধ ফ্লেক্সগুটিয়ে তেজৰ শৰ্কৰাৰৰ মাত্ৰা হ্ৰাস কৰে। লগতে আলফা লিনোলিনিক এচিড ওমেগা-৩ ফেটি এচিডলৈ ৰূপান্তৰিত কৰে আৰু শৰীৰৰ অতিৰিক্ত কলেষ্টেৰলৰ পৰিমাণ কমায়। ফলত হৃদৰোগৰ আশংকা হ্ৰাস পায়। পুৱাৰ জলপানৰ লগত ফ্লেক্সগুটি মিহলাই খাওক অথবা পনিৰৰ লগত মিহলায়ো খাব পাৰে।

  • ছেজ(Sage, পদিনা জাতীয় সুগন্ধি শাক):

এইবিধ শাকে ইনচুনিনৰ উৎপাদন আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ফলত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ হয়। প্ৰাক-ডায়েবেটিক ৰোগীৰ ডায়েবেটিছৰ আশংকা হ্ৰাস কৰে, লগতে টাইপ-২ ডায়েবেটিছ ৰোগো নিয়ন্ত্ৰণত ৰাখে। তাৰোপৰি এইবিধ শাকে লিভাৰটোও কাৰ্যক্ষম কৰি ৰাখে, ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট থাকে। জাৰ্মেনিত হোৱা এটা অধ্যয়নত পোৱা গ’ল যে, ছেজ শাকবিধ পুৱা খালী পেটত খালে ৰক্ত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক মাত্ৰালৈ নামি আহে। এইওবিধ শাকৰ পাত আপুনি আপোনাৰ চাহকাপৰ পানীৰ লগতো সিজাই খাব পাৰে।

    বীন(মাহজাতীয় খাদ্য):

যিহেতু বীন জাতীয়(ফ্ৰেন্সবীন, উৰহী, লেচেৰা আদি) খাদ্যবিলাকত যথেষ্ট পৰিমাণে আঁহ থাকে, সেয়ে এইবিধ খাদ্য মূল আহাৰৰ লগত খালে আহাৰ খোৱাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। বীন পাচলিৰূপে খাই থাকিলে তেজলৈ কম মাত্ৰাত শৰ্কৰা মুকলি হয় আৰু কলেষ্টেৰলৰ মাত্ৰাও বীনে কমাই আনে। বীনল জাতীয় খাদ্যত যিহেতু যথেষ্ট পৰিমাণে কেলচিয়াম থাকে, সেয়ে এইবিধ খাদ্যই শৰীৰৰ চৰ্বি ক্ষয় যোৱাত সহায় কৰে। বীন আৰু গজালি মেলা মগু মাহৰ চালাড প্ৰস্তুত কৰি খাওক অথবা এই দুবিধ খাদ্য দ্ৰব্যৰ চুপ বনাই হ’লেও খোৱাৰ অভ্যাস কৰক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top