মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ:

 

প্ৰতিবছৰে ২ এপ্ৰিল তাৰিখে আমি পালন কৰোঁ ‘বিশ্ব অটিজম সজাগতা দিৱস’। এই দিৱস পালনে অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ বিষয়ে নিশ্চিতভাৱে বহুখিনি সজাগতা আনিছে। অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ হ’ল শিশুৰ ক্ষেত্ৰত হ’ব পৰা বিভিন্ন নিউৰ’ডেভেলপমেন্টেল ডিছঅৰ্ডাৰৰ ভিতৰৰ এক বিশেষ গুৰুত্ব পাবলগীয়া এটা সমস্যা।

আমি শিশু এটাৰ অটিজমৰ সমস্যা হৈছে বুলি তেতিয়া কওঁ, যেতিয়া শিশুটোৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰো যে শিশুটিয়ে সামাজিক মিলা-মিচা, পাৰস্পৰিক ভাব বিনিময় আদিৰ ক্ষেত্ৰত গুণগতভাৱে দুৰ্বল আৰু নিম্নমানৰ প্ৰদৰ্শন কৰে। শিশুটোৱে যি আচৰণ আৰু আগ্ৰহ দেখুৱায় সেয়া হয় অতি সীমিত, মাথোঁ পুনৰাবৃত্তি আৰু গতানুগতিক।

অটিষ্টিক শিশু এটাই কোনোবাই সম্বোধন কৰিলে বা মাতিলে তাৰ সঁহাৰি হিচাপে যিধৰণেৰে হাঁহিৰে বা শাৰীৰিক ভংগিমাৰ প্ৰত্যুত্তৰ দিব লাগে সেয়া নকৰে। সিহঁতে বিপৰীতে ব্যক্তিজনৰ চকুলৈ চাই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে আৰু কৰিলেও কাচিৎহে কৰে। সিহঁতৰ সামাজিক বিকাশ হয় অতি নিম্নমানৰ। সিহঁতে সিহঁতৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিসকলক, যেনে- পিতৃ-মাতৃ, সহোদৰ, শিক্ষক আদিৰ চিনাক্ত কৰিব বা তেওঁলোকৰ মাজত থকা প্ৰভেদ ধৰিব নোৱাৰে।

অটিষ্টিক শিশুৰ ক্ষেত্ৰত এনেধৰণৰ আচৰণ প্ৰত্যক্ষ কৰা হয় যে সিহঁতৰ দৈনিক যি ৰুটিন তাৰ সামান্য হীন-ডেঢ়ি হ’লেও কেতিয়াবা সিহঁত সাংঘাতিক ধৰণে উৎকন্ঠিত হৈ পৰে। অথচ সিহঁতক যদি পিতৃ-মাতৃয়ে অচিনাকি ব্যক্তি এজনৰ লগত থৈ যায় বা থাকিবলগীয়া হয়, তেন্তে সিহঁতে সামান্য পৰিমাণেও উৎকন্ঠিত নহ’ব পাৰে। সিহঁতে যেতিয়া স্কুললৈ যাবলৈ আৰম্ভ কৰে তেতিয়া লগৰীয়াৰ লগত বন্ধুত্ব স্থাপন কৰা বা লগৰীয়াৰ লগত একেলগে খেলা-ধূলা কৰা আদিৰ ক্ষেত্ৰত সিহঁতৰ অসমৰ্থতা দেখা যায়। সিহঁতৰ সামাজিক আচৰণ হয় অলপ আচহুৱা ধৰণৰ, অৰ্থাৎ আচাৰ-ব্যৱহাৰ সঠিক ধৰণৰ নহয়। স্কুলত কাৰো প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব নোৱাৰে। ফলস্বৰূপে সিহঁতৰ আচৰণত পাৰস্পৰিক সামাজিক যি আচৰণ সেয়া দেখা নাযায়।

বয়স বাঢ়ি যেতিয়া অটিষ্টিক শিশু এটাই কৈশোৰ বা বয়ঃসন্ধি কালত ভৰি দিয়ে তেতিয়া সিহঁতে বন্ধুত্বৰ তাড়না অনুভৱ কৰে যদিও আনৰ আগ্ৰহ, আৱেগ, অনুভূতিৰ প্ৰতি সঁহাৰি দিয়াৰ ক্ষেত্ৰত সিহঁতৰ যি জটিলাতা থাকে, তাৰ বাবে সিহঁতে বন্ধুত্ব স্থাপন কৰিব নোৱাৰে। সিহঁতৰ আচহুৱা আচৰণৰ বাবে সিহঁতৰ সমনীয়াই সাধাৰণতে সিহঁতক এৰাই চলিব বিচাৰে। বয়ঃসন্ধি কালত আৰম্ভ হোৱা স্বাভাৱিক অনুভূতি হিচাপে সিহঁতৰ যৌনতাৰ অনুভূতিও হয়। কিন্তু নিজৰ সামাজিক আচাৰ-ব্যৱহাৰৰ অসমৰ্থতাৰ বাবে সেয়া সম্ভৱপৰ নহয়গৈ।

অটিষ্টিক শিশুৰ ভাষাৰ বিকাশৰে ক্ষেত্ৰতো সমস্যা হোৱা দেখা যায়। সিহঁতে ভাষা প্ৰয়োগ কৰি নিজৰ মনৰ ভাব আনকি প্ৰকাশ কৰাত জটিলতা পায়। সিহঁতৰ ভাষাৰ বিকাশ চকুত পৰাকৈ পলম হয়। সিহঁতৰ ভাষা বুজিবলৈ কঠিন। যদি সিহঁতে শব্দবোৰ জানিব পাৰেও তথাপি শব্দবোৰেৰে অৰ্থপূৰ্ণ বাক্যৰ ৰূপ দিব নোৱাৰে। সিহঁত যে কথা ক’বলৈ অনিচ্ছুক ঠিক তেনে নহয়, কিন্তু সিহঁতৰ ভাষাৰ অস্বাভাৱিকতাৰ বাবে সিহঁতে কথা ক’বলৈ কোনোধৰণৰ প্ৰেৰণা অনুভৱ নকৰে।

ওপৰত ইতিমধ্যে উল্লেখ কৰিছো যে অটিজমৰ সমস্যাত ভোগা শিশু এটাই সীমিতভাৱে বাৰে বাৰে আৰু অগতানুগতিকভাৱে আচৰণ কৰে আৰু আগ্ৰহ দেখুৱায়। সিহঁতৰ বয়সৰ শিশু এটাই যিধৰণেৰে খেলা-ধূলা কৰে সেইদৰে সিহঁতক স্বতঃসফূৰ্তভাৱে খেলা দেখা নাযায়। পুতলা বা আন খেলা সামগ্ৰীবোৰৰ লগত সিহঁতে নিতান্তই যান্ত্ৰিকভাৱে খেলা দেখা যায়। অনুকৰণ কৰি সিহঁতে একো নেখেলে। সিহঁতৰ খেলা-ধূলা বা সিহঁতৰ কামবোৰ হয় অনমনীয় আৰু একঘেয়ামী। সিহঁতে একেবোৰ কামৰে পুনৰাবৃত্তি কৰি থাকে। এনেধৰণৰ শিশুৱে কোনো বস্তু এটা জোৰেৰে ঘূৰাই বা বস্তুটোত জোৰেৰে আঘাত কৰাৰ দৰে কিছুমান আচৰণ কৰে। সিহঁতে কেতিয়াবা আকৌ নিৰ্জীৱ বস্তু এটাৰ লগতো নিবিড় হৈ পৰে।

গুৰুতৰভাৱে মানসিক বাধাগ্ৰস্ততাত ভোগা বহি অটিষ্টিক শিশুৱে চলন-ফুৰণৰ ক্ষেত্ৰতো অস্বাভাৱিকতা দেখুৱায়। এনে শিশু যদি অকলে থাকে তেন্তে সিহঁতে বিভিন্ন ধৰণেৰে মুখ ভেঙুচালি কৰা বা সিহঁতৰ আন কিবা মুদ্ৰাৰো প্ৰত্যক্ষ কৰা হয়। সিহঁতে কোনো ক্ষেত্ৰত পৰিৱৰ্তন হ’লে ভাল নাপায়। যেনে- নতুন এটা ঘৰলৈ যোৱা, ৰূপৰ ভিতৰত আচবাবৰ সালসলনি ইত্যাদি। সদায় কৰি থকা কামৰো ৰুটিন সলনি হ’লে সিহঁত ভয় খাই উঠা, আতংকিত হৈ পৰা বা খঙাল হৈ পৰা দেখা যায়।

কিছুমান অটিষ্টিক শিশুৰ ক্ষেত্ৰত সিহঁতৰ হঠাতে মুডৰ পৰিৱৰ্তন হোৱা প্ৰত্যক্ষ কৰা হয়। সিহঁতে কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে হঠাতে কান্দি উঠে বা হঠাতে হাঁহি উঠে। গতিকে সিহঁতৰ মুডৰ বিষয়ে বুজাটো কঠিন। অটিজমৰ সমস্যাত ভোগা শিশুৰ ক্ষেত্ৰত মন কৰিবলগীয়া আৰু এটা দিশ হ’ল সিহঁতে কেতিয়াবা বিশেষ গুৰুত্ব নিদিবলগীয়া বস্তু এটাৰ প্ৰতিও সাংঘাতিক ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অথচ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া ঘটনা বা পৰিস্থিতি এটাৰ প্ৰতিও কেতিয়াবা নিৰ্বিকাৰ হৈ থাকে। উদাহৰণ স্বৰূপে, সিহঁতে কেতিয়াবা শৰীৰত গভীৰ আঘাত থকা দেখা যায়। অথচ ঘড়ীৰ কাঁটাৰ টিক টিক শব্দটো শুনিলেও থৰ হৈ বহু সময় ধৰি সেই শব্দ শুনা দেখা যায়।

অটিষ্টিক শিশু এটা কেতিয়াবা খুব খঙাল আৰু আক্ৰমণাত্মক হৈ উঠিব পাৰে। সিহঁতে নিজকো আঘাত কৰিব পাৰে। দেখা যায়, বহু অটিষ্টিক শিশুৱে নিজৰ মূৰত আঘাত কৰে, জোৰেৰে চুলিত টানে, নিজকে মাৰে আৰু আঁচোৰে। সিহঁতৰ মনোযোগৰ পৰিসৰ হয় খুব কম। এনেধৰণৰ শিশুৰ ক্ষেত্ৰত আৰু দেখা যাব পাৰে যে সিহঁতৰ টোপনি কম হয়, খোৱা-বোৱাৰ ক্ষেত্ৰত সমস্যা আহে আৰু সিহঁতে ঘনাই বাৰে বাৰে বিছনাত প্ৰস্ৰাৱ কৰিব পাৰে, যাক কোৱা হয় এন’ৰেছিছ বুলি।

বেছিসংখ্যক, অৰ্থাৎ ৭০-৭৫ শতাংশ অটিষ্টিক শিশুৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা হয় যে সিহঁতৰ বুদ্ধিমত্তা গুৰুতৰভাৱে কম। অটিষ্টিক স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ কাৰণ হিচাপে আমি ক’ব পাৰো যে বিভিন্ন ধৰণৰ জৈৱিক আৰু জৈৱ-ৰাসায়নিক কাৰণ এই সমস্যাৰ লগত বিশেষভাৱে জড়িত। বিভিন্ন ধৰণৰ মনো-সামাজিক কাৰণ বা পৰিয়ালৰ কিছুমান কাৰকে এই সমস্যা বঢ়াই তোলাত সহায় কৰে। যেনে- পাৰিবাৰিক ভাঙোন, পৰিয়ালত নতুন সহোদৰৰ আগমন বা কোনো কাৰণত পৰিয়ালটো যদি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয় ইত্যাদি।

অটিষ্টিক স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ চিকিৎসাৰ বিষয়ে ক’বলৈ হ’লে পিতৃ-মাতৃয়ে এনেধৰণৰ শিশুক এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা উচিত। এজন মনোৰোগ বিশেষজ্ঞই এগৰাকী ক্লিনিকেল মনস্তত্ত্ববিদৰ লগত সহযোগিতাৰে চিকিৎসাৰ সঠিক ব্যৱস্থা কৰিব। তদুপৰি শিশুটোৰ অটিজমৰ সমস্যা প্ৰকৃততে হৈছে নে আন কিবা সমস্যা হৈছে সেই বিষয়ে ক্লিনিকেল মনস্তত্ত্ববিদ এগৰাকীয়ে উপযুক্ত মনোবৈজ্ঞানিক টেষ্ট প্ৰয়োগ কৰি ডায়েগ্ন’ছিছ কৰাত সহায় কৰিব আৰু যদি এই সমস্যাই হৈছে তেন্তে এই সমস্যা কেনেকুৱা পৰ্যায়ত হৈ আছে সেয়া নিৰূপণ কৰিব। অটিষ্টিক শিশুৰ বুদ্ধি পৰীক্ষা কৰোৱাটোও খুব দৰকাৰী। কাৰণ সিহঁতৰ আচৰণৰ সংশোধন কৰিবৰ বাবে বুদ্ধিৰ লগত মিলাকৈ আচৰণ সংশোধনৰ সঠিক পদ্ধতি প্ৰয়োগৰ জৰিয়তেহে লাভৱান হ’ব পাৰি। অটিষ্টিক শিশুৰ পিতৃ-মাতৃয়ে কাউন্সেলিঙৰ বাবে নিজে আগ্ৰহী হোৱা দৰকাৰ। তেওঁলোকে সমস্যাটোৰ বিষয়ে ভালকৈ বুজি উঠা আৰু শিশুটোৰ উপযোগীকৈ আচৰণ সংশোধনৰ পদ্ধতিবোৰ শিকি লোৱা খুব গুৰুত্বপূৰ্ণ। পিতৃ-মাতৃয়ে অটিষ্টিক শিশুক সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণ কৰিবলৈ শিকাবলৈ যাওঁতে সিহঁতে তেওঁলোকে বিচৰা ধৰণে কৰা প্ৰতিটো কামৰ বাবে প্ৰেৰণা আৰু পুৰস্কাৰ দিব লাগে। স্কুলত শিক্ষকে প্ৰয়োগ কৰা বিভিন্ন ধৰণৰ আচৰণ সংশোধনৰ পদ্ধতিৰ লগতে সু-সংগঠিতভাৱে ক্লাছৰূমত দিয়া বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তেও অটিষ্টিক শিশুৰ আচৰণ সংশোধন আৰু সামাজিক বিকাশ ঘটোৱা সম্ভৱপৰ হ’ব পাৰে।

বৰ্তমান চৰকাৰে ‘ৰাইটছ অৱ পাৰ্ছনছ উইথ ডিজেবিলিটীজ বিল-২০১৬’ৰ জৰিয়তে এনেধৰণৰ শিশুৰ বাবে বহুতো পদক্ষেপ লৈছে। এনে শিশুক ব্যক্তিগত স্বাধীনতাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। এইধৰণৰ শিশুৰো আন এজনৰ দৰে সমাজত জীয়াই থকাৰ অধিকাৰ আছে। গতিকে এনে শিশুক অন্যায় বা অৱহেলা কৰাটো আইন মতে দণ্ডনীয়। ওঠৰ বছৰ নোহোৱালৈকে এনে শিশুক চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ পঢ়াৰ সুবিধা দিয়া হয়। এই আইনখনত অটিজমকে ধৰি এনেধৰণৰ আন কিছুমান সমস্যাত ভোগা শিশুৰ বাবে চৰকাৰী বহু সা-সুবিধা আৰু অধিকাৰৰ বিষয়ে উল্লেখ আছে। গতিকে পিতৃ-মাতৃ, অভিভাৱক, শিক্ষককে ধৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে এইবোৰৰ বিষয়ে জনা উচিত।

এই লেখাৰ উদ্দেশ্যই হৈছে অটিজমৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। গতিকে আশা কৰিছো- পাঠকসকলে অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ বিষয়ে পঢ়াখিনি যেন কেৱল মনৰ মাজতে সামৰি নথয়। আপোনালোকে এতিয়াৰে পৰা যদি ওপৰত উল্লেখ কৰা লক্ষণবোৰৰ কিছু হ’লেও কোনো শিশুৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰে তেন্তে অলপো পলম নকৰি শিশুটোৰ পৰিয়ালৰ মানুহৰ সজাগ কৰক আৰু তেওঁলোকক শিশুটোক চিকিৎসাৰ বাবে লৈ যোৱাত সহায় কৰক। কাৰণ আমি প্ৰত্যেকেই জানো যে যিকোনো সমস্যাৰ যিমান সোনকালে চিনাক্তকৰণ হয় আৰু চিকিৎসা গ্ৰহণ কৰা হয় সিমানে ফলাফল ভাল হয়।

উৎস: জিএনআৰচি স্বাস্থ্য(জয়শ্ৰী বুঢ়াগোহাঁই)

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top