মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অত্যধিক মূৰৰ বিষ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অত্যধিক মূৰৰ বিষ :

অত্যধিক মূৰৰ বিষৰ বিষয়ে লিখা হৈছে ।

 

ব্ৰেইনত কোনো ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে অত্যধিক মূৰৰ বিষ হ’ব পাৰে। যেনে-

*মেলিনজাইটিছ,

*এনকেফেলাইটিছ,

*চেতিব্ৰেল মেলেৰিয়া ইত্যাদি।

প্ৰথম অৱস্থাত অৱশ্যে কাৰণ ধৰিব পৰা নাযায় বাবে লক্ষণভেদে চিকিৎসা কৰা হয়। কিন্তু এনেকুৱা ধৰণৰ মূৰৰ বিষবোৰ অত্যন্ত ভয়াৱহ।

মূৰৰ বিষ সচৰাচৰ হৈ থকা এটি শাৰীৰিক উপসৰ্গ। বৰ্তমান সময়ত কৰ্মব্যস্ত জীৱনৰ মাজেদি চলিবলৈ যাওঁতে কেতিয়াবা নিজৰ শৰীৰ-মন আদিৰ প্ৰতি যত্ন ল’বলৈ আহৰিয়ে নাথাকে। দিনবোৰ পাৰ হৈ যায় স্বতঃসফূৰ্তভাৱে।

*অত্যধিক কামৰ বোজা,

*সাংসাৰিক বেমেজালি,

*মানসিক উদ্বিগ্নতা,

*পাৰিপাৰ্শ্বিক প্ৰতিকূল পৰিৱেশৰ বাবে কেতিয়াবা অলপ গা বা মূৰৰ বিষ অনুভৱ হ’লেও বহুক্ষেত্ৰত তেনে বৈষম্যৰ প্ৰতি মন-কাণ দিয়া নহয়।

খুব বেছি যন্ত্ৰণা হ’লে অতি সাধাৰণভাৱে ফাৰ্মাচীৰ পৰা বিষৰ দৰব খায়েই আকৌ ব্যস্ত হৈ যায় নিজ নিজ কৰ্তব্যত। বহুক্ষেত্ৰত আকৌ এইবোৰ উপসৰ্গক সিমান গুৰুত্ব দিয়া নহয়।

কিন্তু সঘনাই অসহ্য মূৰৰ বিষ যেতিয়া হয় তেতিয়াহে চিকিৎসকৰ ওচৰলৈ যোৱা হয়।

*বৰ্তমান সময়ত প্ৰদূষিত পৰিৱেশ,

*অত্যধিক মটৰ গাড়ী,

*মেচিনৰ শব্দ আদিয়ে মূৰৰ বিষৰ প্ৰধান কাৰণ যদিও চিকিৎসকসকলে অসহ্য মূৰৰ বিষ হ’লে বিভিন্ন দিশ চিন্তা-চৰ্চা কৰি চালি-জাৰি চায়।

চিকিৎসকৰ ওচৰলৈ ভয়ংকৰ ধৰণৰ মূৰৰ বিষ, মূৰৰ বিষত অচেতন হৈ যোৱা, বমি হৈ যোৱা, শব্দ আৰু পোহৰৰ প্ৰতি বিৰক্তি ভাব দেখুওৱা ইত্যাদি ধৰণৰ অনেক বেমাৰীসকলে ইজনৰ পিছত সিজনকৈ চিকিৎসকৰ ওচৰলৈ ঢাপলি মেলে।

কেতিয়াবা চিকিৎসকসকলে মূৰৰ বিষৰ কোনো কাৰণ বিচাৰি নাপাই বিষনাশক দৰব আৰু পৰিৱেশ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়েই ৰোগীক বিদায় দিয়েই ৰোগীক বিদায় দিয়ে। কিন্তু কেতিয়াবা মূৰৰ হঠাৎ আৰম্ভ হোৱা বিষে ক’ব নোৱাৰাকৈ জটিল ৰূপ ধাৰণ কৰা দেখা যায়।

বৰ্তমান সময়ত অনেক ধৰণৰ গৱেষণা চলি আছে। ব্ৰেইন কেমেষ্ট্ৰী আৰু ইলেক্ট্ৰ’চাইক’লজী ইত্যাদিৰ বিষয়ে বৰ্তমান বিশ্বৰ বিজ্ঞানীসকলে অহৰহ গৱেষণা কৰি আছে। অনাৱিষ্কৃত ৰহস্য উদঘাটনৰ বাবে। অৱশ্যে বৰ্তমান সময়ত অনেক ধৰণৰ গৱেষণা চলি আছে।

ব্ৰেইন কেমেষ্ট্ৰী আৰু ইলেক্ট্ৰ’চাইক’লজী ইত্যাদিৰ বিষয়ে বৰ্তমান বিশ্বৰ বিজ্ঞানীসকলে অহৰহ গৱেষণা কৰি আছে। ব্যস্ত হৈ আছে অনাৱিষ্কৃত ৰহস্য উৎঘাটনৰ বাবে। অৱশ্যে বৰ্তমান সময়ত সচৰাচৰ যিবোৰ কাৰণত মূৰৰ বিষ অনুভৱ হয় সেই কাৰণবোৰৰ ভিতৰত-

*ছাইনাছাইটিছ,

*উচ্চ ৰক্তচাপ,

*অত্যধিক মানসিক চাপ,

*মূৰত আঘাত পোৱা,

*মেনিনজাইটিছ,

*চেৰিব্ৰেল মেলেৰিয়া,

*ব্ৰেইন টিউমাৰ,

*ব্ৰেইন কেন্সাৰ,

*ভাইৰেল ফিভাৰ,

*অত্যধিক প্ৰদূষিত বায়ু সেৱন ইত্যাদিয়ে প্ৰধান।

ইয়াৰ যিকোনো এটা কাৰণৰ বাবে মূৰৰ অত্যধিক বিষ আৰু বিষত বমি হৈ যোৱা দেখা যায়। স্নায়ুবিদসকলৰ মতে কেতিয়াবা শাৰীৰিক কষ্টও মূৰৰ বিষৰ কাৰণ হ’ব পাৰে। কিন্তু কেতিয়াবা এইবোৰ কাৰণৰ ভিতৰত কোনো এবিধ কাৰণো বিচাৰি পোৱা নাযায়। আৰু তেতিয়াই সমস্যাই দেখা দিয়ে।

মূৰৰ বিষৰ প্ৰকাৰ -

মূৰৰ বিষ কেইবাধৰণে হ’ব পাৰে। কেতিয়াবা দেখা যায় গোটেই মূৰটোৱে বিষাই থাকে। আকৌ কেতিয়াবা গোটেই মূৰটো নিবিষায়, এটা ফালহে বিষায়। কেতিয়াবা চকুৰ ওপৰৰ দিশটো বিষায়। ছাইনাছাইটিছৰ কাৰণে হোৱা বিষবিলাকত চকুৰ ওপৰৰ দিশটো বিষায়।

কিছুমানৰ আকৌ ডিঙি আৰু মূৰৰ ভিতৰৰ মগজুৰ ভিতৰত বিষায়। ৰক্তচাপজনিত বিষবিলাক এনেকুৱা হয়। কেতিয়াবা মূৰ ৰৈ ৰৈ বিষায়। কিছুমান বেমাৰীৰ আকৌ সূৰ্য উদয়ৰ সময়ত বিষায় আকৌ কেতিয়াবা সূৰ্য যেতিয়া মূৰৰ ওপৰ পায়হি তেতিয়া বিষায় আৰু সূৰ্যাস্তৰ সময়ত বিষ কমি যায়।

এনে কিছু বেমাৰীও পোৱা যায় যিসকলৰ ৰাতি টোপনিৰ মাজত বিষ হয় আৰু সাৰ পাই যায়।

ছাইনাছাইটিছৰ বাবে হোৱা বিষ -

প্ৰতিজন ব্যক্তিৰ মূৰৰ ভাৰসাম্য কৰাৰ বাবে তিনিযোৰ ছাইনাছ বা ফুটা আছে। যেনে- মেক্সলাৰী ছাইনাছ, ইথমইড ছাইনাছ আৰু ফ্ৰ’ন্টেল ছাইনাছ নামেৰে থকা এই তিনিযোৰ ছাইনাছে ইন্ট্ৰাক্ৰেনিয়েল ভাৰসাম্য ৰক্ষা কৰাৰ উপৰি শব্দত কম্পনাংক আদি নিৰ্ণয় কৰাত সহায় কৰে।

কিন্তু কেতিয়াবা অত্যধিক ধূলি-মাকতি, প্ৰদূষিত পৰিৱেশ আদিৰ ফলত বীজাণু আদিৰ দ্বাৰা সংক্ৰমিত হৈ ফুলি উঠে, তেতিয়া ইয়াক ছাইনাছাইটিছ বুলি কোৱা হয়।

এই অৱস্থাত উক্ত ছাইনাছ তিনিযোৰ অক্সিজেনৰ যোগান নাপায় আৰু ফল স্বৰূপে ইন্ট্ৰাক্ৰেনিয়েল বেলেঞ্চ ৰক্ষা কৰাত বিজুতি ঘটে আৰু তেতিয়াই নাকৰ ওপৰৰ পিনে, কপাল আৰু চকুৰ ওপৰৰ অংশ আৰু মূৰৰ বিষ অনুভৱ হ’বলৈ ধৰে।

অত্যধিক চৰ্দি লাগিলেও এই অৱস্থাৰ সৃষ্টি হয় আৰু তেতিয়াই অত্যধিক মূৰৰ বিষ অনুভৱ হ’বলৈ ধৰে।

ভাইৰাছ বা বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত -

ব্ৰেইনত কোনো ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে অত্যধিক মূৰৰ বিষ হ’ব পাৰে। যেনে-

*মেলিনজাইটিছ,

*এনকেফেলাইটিছ,

*চেৰিব্ৰেল মেলেৰিয়া ইত্যাদি।

প্ৰথম অৱস্থাত অৱশ্যে কাৰণ ধৰিব পৰা নাযায় বাবে লক্ষণভেদে চিকিৎসা কৰা হয়। কিন্তু এনেকুৱা ধৰণৰ মূৰৰ বিষবোৰ অত্যন্ত ভয়াৱহ।

কাৰণ এই অৱস্থাত উপযুক্ত সময়ত উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰিলে ৰোগী তৎক্ষণাত মৃত্যুমুখত পৰিব পাৰে।

যেনে হঠাৎ অত্যধিক মূৰৰ বিষ বা মূৰৰ কামোৰৰ লক্ষণ পালে সেয়া অৱহেলা নকৰি অনতিপলমে চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। মূৰৰ বিষৰ চিকিৎসা কেতিয়াও নিজে কৰা উচিত নহয় আৰু ইয়াক গুৰুত্ব প্ৰদান নকৰিলে নিজৰ কাৰণেই বিপদ মাতি আনিব পাৰে।

ব্ৰেইন টিউমাৰ বা কেন্সাৰ -

ব্ৰেইনত কোনোধৰণৰ টিউমাৰ বা কেন্সাৰ হ’লেও সঘন মূৰৰ বিষ অনুভৱ কৰা দেখা যায়। বিষৰ দৰব খালে অলপ সময়ৰ বাবে আৰাম পোৱা যায় যদিও অলপ পিছতে আকৌ বিষ অনুভৱ হয়। আকৌ কেতিয়াবা বিষৰ দৰব খায়ো আৰাম পোৱা নাযায়।

সদায় মূৰৰ ভিতৰত বিষ, উচ্চ ৰক্তচাপ, বমি হোৱা বা বমি বমি ভাব লাগি থকা আদিও লক্ষণ দেখা পোৱাৰ লগে লগে ইয়াক গুৰুতৰ বেমাৰৰ আগজাননী বুলি গম পোৱা যায়। যদিও উপযুক্ত সময়ত আৰম্ভণি অৱস্থাত ৰোগ নিৰ্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলে কিছুক্ষেত্ৰত অৱশ্যে সুফল পোৱা যায়।

ই এটা অতি জটিল ব্যাধি। কিছুদিন আগতে এপ’ল’ হাস্পতালত মগজুৰ টিউমাৰৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰি ডাঃ বালাসুব্ৰমণিয়াম নামৰ চিকিৎসকজনে দেশবাসীৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

সদ্য জন্মপ্ৰাপ্ত এটি নৱজাতকৰ ব্ৰেইন টিউমাৰ অস্ত্ৰোপচাৰ কৰি আৰোগ্য কৰা দেখা পাই ইয়াক যে অস্ত্ৰোপচাৰৰ পৰা আৰোগ্য কৰিব পাৰি সেয়া প্ৰমাণ হৈছে।

ব্ৰেইন ইনজুৰি বা আঘাত -

কোনো ধৰণৰ দুৰ্ঘটনা আদিৰ ফলত মূৰত খুব জোৰে আঘাত লাগিলে আৰু সেই আঘাতে যদি মগজুৰ ভিতৰৰ পৰা ৰক্তক্ষৰণ ঘটায় বা মগজুৰ কোনো অংশত তেজ গোট মাৰে, তেতিয়া ৰোগীজনে অত্যন্ত মূৰৰ বিষ অনুভৱ কৰে।

ৰোগীজন মাজে মাজে অচেতন হৈ যাব আৰু বমি হ’ব বা বমি বমি ভাব হয়। তেনেকুৱা কোনো আঘাত লাগিলে তুৰন্তে চিকিৎসকৰ লগত পৰামৰ্শ কৰি ব্ৰেইনৰ চিটিস্কেন বা এম আৰ আই কৰি চাব লাগে।

তেনে বেমাৰীবোৰৰ অস্ত্ৰোপচাৰ কৰি মগজুৰ ৰক্তক্ষৰণ বন্ধ কৰিব লাগে বা গোটমৰা তেজখিনি গুচাই দিব লাগে। অৱশ্যে এনেধৰণৰ অস্ত্ৰোপচাৰ খুব ব্যয়বহুল। সকলো চিকিৎসালয়ত এনেধৰণৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা সম্ভৱ নহয়।

মগজুৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ সম্পন্ন কৰা অস্ত্ৰোপচাৰ হয় জটিল আৰু কৃতকাৰ্যতাৰ হাৰো খুব লেখত ল’বলগীয়া বিধৰ নহয়। অসমত এইধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত দুই-এজন চিকিৎসকেহে সাফল্যৰ মুখ দেখা পাইছে।

সেয়ে মূৰৰ বিষক অৱহেলা নকৰি শীঘ্ৰে যিমান সম্ভৱ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে প্ৰয়োজন চিটিস্কেন, এম আৰ আই, এক্স-ৰে আদিৰ অতি সঠিক প্ৰতিবেদন। সঠিক ৰোগ নিৰ্ণয় কৰিব পাৰিলে অতি জটিল অস্ত্ৰোপচাৰৰ দ্বাৰা ইয়াৰ পৰা উপশম পোৱা যায়।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

 

 

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top