মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অনিয়মীয়া জীৱনশৈলী আৰু ৰক্তচাপৰ কাৰণে কম বয়সতে কিডনি বিকল হয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিয়মীয়া জীৱনশৈলী আৰু ৰক্তচাপৰ কাৰণে কম বয়সতে কিডনি বিকল হয়

অনিয়মীয়া জীৱনশৈলী আৰু ৰক্তচাপৰ কাৰণে কম বয়সতে কিডনি বিকল হোৱাৰ বিষয়ে লিখা হৈছে

অনিয়মীয়া জীৱন শৈলীয়ে কম বয়সীয়া যুৱক সকলৰ মাজত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা বৃদ্ধি কৰিছে। এই সমস্যা বিলাকৰ কাৰণে কম বয়সতে কিডনি বিকলতা পূৰ্বতকৈ বহুগুণে বেছিকৈ হোৱা দেখা গৈছে। কিড্‌নি ৰোগ বিশেষজ্ঞ সকলৰ মতে অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ সঠিক সময়ত চিকিৎসা কৰাৰ প্ৰতি মনোযোগ নিদিয়াৰ ফলত ২০ ৰ পৰা ৪০ বছৰ বয়সৰ যুৱল সকলৰ ভৱিষ্যতে কিড্‌নি নষ্ট হোৱাৰ আশংকা থাকে আৰু বহুতৰ ক্ষেত্ৰত কিড্‌নি প্ৰতিস্থাপন কৰাব লগাও হয়গৈ। দিল্লীৰ ভেংকটেশ্বৰ হস্পিতালৰ কিড্‌নি প্ৰতিস্থাপন বিশেষজ্ঞ ডাঃ পি পি বাৰ্মাই কৈছে – ভাৰতৰ কিড্‌নি ফেইল হোৱা ৰোগীৰ শতকৰা ৭০ জনেই পূৰ্বৰে পৰা উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত ভুগি থাকে। যুৱক সকলৰ মাজতো ভূল জীৱন শৈলীৰ পৰিণতিত হোৱা সমস্যা বৃদ্ধি পাইছে। ডাঃ বাৰ্মাই অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপত দীৰ্ঘদিন ধৰি ভুগি থকা যুৱক – যুৱতীৰ মাজত কিড্‌নি ফেইল হোৱা ৰোগীও পাইছে।

এগৰাকী পঁচিছ বছৰীয়া যুৱতীৰ মূৰৰ বিষ, ভোক নলগা, মূৰ ঘূৰণি আৰু ভৰি ফুলা আদি লক্ষণত প্ৰায়ে ভুগি আছিল। দুবছৰ ধৰি এই লক্ষণ বিলাক অৱহেলা কৰি থকাৰ পিছত এদিন তেওঁ উশাহ  নিশাহ লোৱাত কষ্ট পোৱাৰ বাবে ইমাৰ্জেন্সি ৱাৰ্ডত ভৰ্তি কৰাব লগা হ’ল। পৰীক্ষা কৰি তেওঁৰ কিড্‌নি বিকল হোৱাৰ লগতে উচ্চ ৰক্তচাপত ভুগি থকাৰো প্ৰমাণ পোৱা গ’ল।

নয়ডাৰ ফৰ্টিছ হস্পিতালৰ নেফ্ৰ’ল’জি বিভাগৰ সঞ্চালক ডাঃ মনোজ কুমাৰ সিংঘলে কৈছে যে – উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ কিড্‌নি নিষ্ক্ৰিয় কৰাৰ মুখ্য কাৰণ। উচ্চ ৰক্তচাপ হোৱাৰ কাৰণে কিড্‌নিৰ ওপৰত কুপ্ৰভাৱ পৰাৰ আশংকাও বৃদ্ধি পায়। ইয়াৰ বাবে তেওঁ মানুহৰ সলনি হোৱা জীৱন শৈলীয়েই প্ৰধানকৈ দায়ী বুলি কয়।

ডাঃ সিংঘলে কয় যে উচ্চ ৰক্তচাপ থকাটো ধৰা পৰিলে লগে লগে কিড্‌নি দুটাৰো পৰীক্ষা কৰোৱা উচিত। তেওঁ কয় যে উচ্চ ৰক্তচাপ এক নিৰৱ ঘাতক। উচ্চ ৰক্তচাপৰ লক্ষণ সাধাৰণতে প্ৰকাশ নেপায় আৰু ৰোগীয়েও উচ্চ ৰক্তচাপ হোৱা বুলি গম নোপোৱাকৈ থাকে। ডাঃ সিংঘলে কৈছে যে, তেওঁৰ ওচৰলৈ ১৪ – ১৫ বছৰ বয়সীয়া কিড্‌নি ৰোগীও আহিছে আৰু তেওঁলোকৰ ডায়েলিচিছ কৰাব লগা হৈছে। যদি সময়মতে উচ্চ ৰক্তচাপ থকা বুলি ধৰা পৰে, তেনেহ’লে তৎক্ষণাত চিকিৎসা ল’ব লাগে।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.78260869565
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top