মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অন্য এক দৃষ্টিকোণত জ্বৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অন্য এক দৃষ্টিকোণত জ্বৰ :

অন্য এক দৃষ্টিকোণত জ্বৰ, সেই বিষয়ে লিখা হৈছে ।

শৰীৰৰ উত্তাপ বৃদ্ধি, কাৰক যিয়েই বা নহওক ভাইৰেল, ডেংগি, মেলেৰিয়া, টাইফয়ড, এনকেফেলাইটিছ ইত্যাতি সৰ্বসাধাৰণে তাকেই জ্বৰ হোৱা বুলি বুজি পাই নিৰাময়ৰ উপায়ৰ সন্ধান কৰে। জ্বৰ হৈছে বিভিন্ন ৰোগৰ বাহ্যিক প্ৰকাশ, লক্ষণ।

শৰীৰৰ প্ৰতিৰোধী ক্ষমতাৰ অস্তিত্বৰ পৰিচায়ক। ডাঙৰখিনিৰ জ্বৰ হোৱা আৰু ঘৰখনত সৰু সৰু কেইটাৰ জ্বৰ হোৱা শাৰীৰিক পৰিঘটনা একেই যদিও পৰিৱেশটো কিন্তু তফাৎ।

ককাক-আইতাকৰ নাতি-নাতিনীৰ জ্বৰ হোৱা মানেই সেই ইতিহাসৰ জ্বৰাসুৰৰ পূজা-অৰ্চনাৰ কথা, শিশুটোৰ পিতৃ-মাতৃৰ পেৰাচিটামল(জ্বৰ নিয়ন্ত্ৰণ কৰিব পৰা) ঔষধৰ কিমান মাত্ৰাত খুৱাব তাৰ চিন্তা।

মুঠতে অঘোষিত ইমাৰ্জেন্সি। চাৰিওফালে বতৰৰ পৰিৱৰ্তনে বতৰৰ পৰিৱৰ্তনে সৃষ্টি কৰিছে জ্বৰৰ সমস্যা। গৰম, ঠাণ্ডা, বৰষুণে অনা সেমেকা বতৰ মাজে মাজে শৰীৰটোৱে স্থিতি-স্থাপকতা বাহাল ৰাখিব নোৱাৰা অৱস্থাটোৱে জ্বৰাসুৰ নামৰ অসুখটোক সুযোগ দিয়ে হেনো মানুহ এজনক জ্বৰীয়া অৱস্থাত পেলাবলৈ।

তেতিয়া জ্বৰাসুৰক পূজা কৰাৰ বাদে গত্যন্তৰ নাই। এই জ্বৰাসুৰক হেনো স্বয়ং সীতা দেৱীয়েও লৱ-কুশক আৰোগ্য কৰি তুলিবলৈ পূজা কৰিবলগীয়া হৈছিল। সাধুকথাৰ পাতত আছে জ্বৰাসুৰ আছিল দেৱী মা শীতলাৰ বিশিষ্ট বিশ্বাসভাজন সৈনিক।

বসন্ত ৰোগৰ দেৱী মা শীতলাই এদিন তেওঁৰ সৈন্য-সামন্তসকলক মাতি আনি ক’লে যে, মৰ্ত্যলৈ গৈ ঋষি-মুনিৰ আশ্ৰমৰ বাসিন্দাসকলক জ্বৰত ভোগাই থৈ অহা হওক, যাতে শীতলা দেৱীৰ মহাত্ম্য প্ৰচাৰিত হয়। বাল্মীকিৰ আশ্ৰমত থকা লৱ-কুশক অসুস্থ কৰা হওক।

মা শীতলাই এজনী আলৰ বৃদ্ধাৰ ৰূপ লৈ বাল্মীকিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। বৃদ্ধাৰ হাতত ল’লে ৰংচঙীয়া ফুলৰ চানেকি থকা এটা মোনা। মোনাটোত ভৰাই ল’লে বসন্ত, পিঠাখোৱা আদি ৰোগৰ বিষাণু সমৃদ্ধ গুটি।

তপোবনত সেইসময়ত খেলি থকা লৱ-কুশই ৰংচঙীয়া মোনাটোৰে সৈতে বুঢ়ী মানুহজনীক দেখি কাষ চাপি আহি মোনাটো টন-আঁজোৰা কৰিলে। সিঁহত দুটাই চিঞৰি চিঞৰি গালিও পাৰিলে বুঢ়িজনীক।

মোনাটোত থকা বিষাণু সম্পৃক্ত গুটিবোৰ ওলাই পৰাত সিঁহত দুটাই খাবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত বৃদ্ধাভেশে থকা শীতলা দেৱীয়ে আশ্ৰমৰ আন বাসিন্দাকহে অসুস্থ কৰিম বুলি ভাবিছিল যদিও লৱ-কুশৰ ধৃষ্টতা দেখি তেওঁৰ খং উঠি গ’ল।

‘নিপাত যা’ বুলি অভিশাপ দি শীতলা দেৱী অন্তৰ্দ্ধান হ’ল। জ্বৰাসুৰক নিৰ্দেশ দিলে লৱ-কুশৰ ডিঙি চেপি ধৰি নাক বন্ধ কৰি জ্বৰীয়া কৰি তুলিবলৈ।

সীতা দেৱীৰ হৃদয় হাহাকাৰ কৰি উঠিল, যেতিয়া দুই পুত্ৰক এনেদৰে অসুস্থ হৈ পৰা দেখিলে। নাৰদ মুনি আহিল, হনুমান ধন্বন্তৰীক লৈ আহিল চিকিৎসা বিধানৰ বাবে।

দেৱ চিকিৎসক ধন্বন্তৰীয়ে সীমা দেৱীক শীতলা দেৱীক পূজা-অৰ্চনাৰ বাবে উপদেশ দিলে। ধন্বন্তৰীয়ে মন্ত্ৰপাঠ কৰি নমৰ পাতেৰে স্নান কৰোৱালে শিশু দুটাক আৰু ধীৰে ধীৰে লৱ-কুশ আৰু আন আক্ৰান্ত শিশু সুস্থ হৈ উঠিল।

মৰ্ত্য লোকত মা শীতলা, জ্বৰাসুৰৰ পূজা প্ৰচাৰিত হ’ল। এই ৰোগৰ আখ্যান পোৱা গৈছে অষ্টাদশ শতিকাৰ মাণিকৰাম গংগোপাধ্যায়ৰ ‘শীতলা মংগল’ কাব্যত। হয়তো এতিয়াও সৰু শিশুৰ ‘আই’সকলে দেখা দিছে বুলিয়েই প্ৰচলিত হৈ আছে আমাৰ সমাজত।

মাজু আই, সৰু আই এই সংক্ৰমণবোৰৰ ৰক্ষা পাবলৈ উপলব্ধ হৈছে প্ৰতিষেধক ছিটা। তথাপিও শীতলা ‘মা’ৰ প্ৰতি ভক্তি এতিয়াও অটুট আছে ঘৰে ঘৰে।

সময়ৰ লগে লগে ৰোগ ব্যাখ্যাৰ এক নিজস্বতা তৈয়াৰ হৈছে সুদূৰ অতীতৰ পৰা আজিলৈকে। বৈজ্ঞানিক মানসিকতাক আঁকোৱালি লৈছো যদিও তাৰ পৰিষৰৰ ঊৰ্ধ্বত আমি যেন বিশ্বাস কৰো কাক-সংহিতাত উল্লিখিত কিছু ব্যাখ্যা।

পৃথিৱীত জ্বৰ কিভাৱে আহিল এই বিষয়ে ‘চৰকসংহিতা’ত আন এক ব্যাখ্যা আছে। প্ৰজাপতি দক্ষই আয়োজন কৰা যজ্ঞত শিৱক আহুতি দিবলৈ বাৰণ কৰাত মহাদেৱ শিৱৰ তৃতীয় নয়নৰ পৰা অগ্নি বৰষিলে সেই অগ্নিত ভূত-প্ৰেত বাহিৰ ওলাই আহিল আৰু দক্ষৰ যজ্ঞ ধ্বংস কৰিলে।

শেষত সেই ভূত-প্ৰেতবোৰক শিৱই হেনো আদেশ দিলে মানুহৰ জন্ম-মৃত্যুৰ কাৰকৰূপে তথা মাজে মাজে মানৱৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰি জ্বৰৰূপে থাকিবলৈ।

চৰক সংহিতাত শীতলা দেৱীৰ মাহাত্ম্য প্ৰচাৰ হোৱা নাছিল। কিন্তু পিচলৈ জ্বৰৰ সংগী শীতলাক ‘তুমি জয়ন্তী, তুমিয়েই আদ্যশক্তি’ বুলি প্ৰচাৰ হ’ল।

অসমৰ ইতিহাসত বাণ ৰজা, ঊষা-অনিৰুদ্ধ একো একোটা বিখ্যাত চৰিত্ৰ। তাতো আছে জ্বৰৰ ইতিহাস। শিৱভক্ত দৈত্য বাণ ৰজাৰ কণ্যা ঊষা, তেওঁৰ প্ৰেমত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ।

ৰাজকন্যা ঊষাৰ শয়নকক্ষত এদিন বন্দী হ’ল অনিৰুদ্ধ কোঁৱৰ বাণ ৰজাৰ সেনাৰ হাতত। যুদ্ধ বিনা গতি নাই। শ্ৰীকৃষ্ণ যুদ্ধথলীত অনিৰুদ্ধক উদ্ধাৰৰ যাত্ৰা।

স্বয়ং মহাদেৱ বাণ ৰজাৰ পক্ষত। প্ৰবল যুদ্ধ। মহাদেৱ শিৱই ভেদিলে ‘ৰুদ্ধ জ্বৰ’। সৈন্য-সামন্তকে ধৰি স্বয়ং শ্ৰীকৃষ্ণও আক্ৰান্ত হ’ল। প্ৰতিযুদ্ধৰূপে শ্ৰীকৃষ্ণৰ বাণে কঢ়িয়াই লৈ গ’ল ‘বিষ্ণু জ্বৰ’।

এক ভয়াল সংগ্ৰাম দুই জ্বৰৰ মাজত। শেষত ‘ৰুদ্ৰ জ্বৰ’ পৰাস্ত হ’ল। ৰুদ্ৰ জ্বৰক ক্ষমা কৰি দি শ্ৰীকৃষ্ণই উপদেশ দিলে ৰুদ্ৰ জ্বৰৰ সংহাৰ তাপিত হওক বৰঞ্চ সাধাৰণ ‘জ্বৰ’ হিচাপে পৃথিৱীত থাকক মানুহৰ বিশেষ অনিষ্ট বিনা।

কবিৰাজি চিকিৎসাৰ ইতিহাসত জ্বৰৰ উৎস হিচাপে ওপৰত উল্লেখ কৰা গল্প দুটাই প্ৰচলিত হৈ আছে।

মা শীতলাৰ আনুগত্য সেনাধ্যক্ষ জ্বৰাসুৰৰ মূৰ্তিৰ বিশেষত্ব আছিল। হৰিবংশ আৰু বিভিন্ন গ্ৰন্থত উল্লেখ আছে যে,

  • জ্বৰ দেৱতাৰ তিনিভৰি,
  • তিনিমূৰ,
  • ছয়বাহু আৰু
  • ‘ন’ টা চকু।

চুলিবোৰ সোণালী বৰণৰ আৰু নখৰ স্পৰ্শ বজ্ৰৰ দৰে। তেওঁৰ বাবে মন্ত্ৰপাঠো ভিন্ন। আজিৰ দিনত জ্বৰ হোৱা ৰোগী এজনক হাড়ৰ বিশেষজ্ঞই পৰীক্ষা নকৰে, হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ গ’লেতো প্ৰায় গেঙেৰি মাৰিয়েই দিব, যদিওবা তেখেতসকলৰো জ্বৰৰ চিকিৎসা জ্ঞান আছে। তেনে এটা পৰিবেশ সাধুকথাৰ দেৱতাৰ সমাজতো আছিল।

জ্বৰ হ’লে জ্বৰাসুৰ, বসন্ত হ’লে শীতলা, কলেৰা ওলাবিবি আৰু মুখলগা বেজালি কৰা ইত্যাদিত পাঁচ ভগৱানৰ স্থানত যোৱা ইত্যাদি। তেতিয়া দেৱীসকলৰ মাজত হিন্দু-মুছলমান বিভেদ নাছিল।

অসুস্থতাৰ এই দেৱীসকল ‘ওলাবিবি’ মুছলমান তেওঁৰ আন নাম ওলাইচণ্ডী, মা শীতলাৰ ভগ্নী লোক-জীৱনত হিন্দু-মুছলমান বুলি কোনো বিভেদ নাছিল।

কোনোৱে যদি ঈদ মানিছিল, কোনোৱে পূজা বিধান। কিন্তু অসুস্থ হ’লে সকলোৱে একেই থানত সেৱা জনায়।

পৰৱৰ্তী সময়ত ব্ৰিটিছ আমোলত কবিৰাজি, আল্যোপ্যাথি, হোমিঅ’পেথি তিনিওটা পৃথক চিকিৎসা পদ্ধতি ৰূপেৰে নিলগাই পেলোৱা হ’ল। তিনিওটা সংযোগবিহীন।

ঊনৈশ শতিকাত বিভিন্ন অধ্যয়নৰ মাজেৰে প্ৰকাশ কৰিলে যে, কোনো ভূত-প্ৰেতে জ্বৰ সৃষ্টি নকৰে, এইবোৰ কোনো বিদেহ আত্মা নহয়।

বিভিন্ন পৰজীৱী, উদ্ভিদাণু আৰু জীৱাণু বিষাণু’ এইবোৰেই ৰুদ্ৰ সৃষ্ট ভূত। পিচলৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে জ্বৰ-ৰোগ চাবলৈ লোৱা হয়।

আলোপ্যাথিত থাকিল জীৱাণু ধ্বংস কবিৰাজিত থাকিল বায়ু-পিত্ত-কফ তিনিওটাৰ অসুস্থতা। হোমিঅ’পেথিত থাকিল ৰোগীৰ ধাতু, স্নায়ৱিক অসুস্থতা আদিৰ তত্ত্ব। বৌদ্ধধৰ্মৰ পাততো দেৱীৰ মাহাত্ম্যৰ উল্লেখ আছে। যি দেৱীয়ে বসন্তৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰে।

হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ কৰা দেৱী শীতলা আৰু প্লেগ ৰোগৰ বৌদ্ধ দেৱী পৰ্ণশৰ্বৰীৰ আকৃতিগত অনেক মিল আছে। বৌদ্ধ দেৱতা হয়গ্ৰীৱ আৰু হিন্দু জ্বৰাসুৰ প্ৰায় একে।

জ্বৰ এক লক্ষণ। ই নিজে ৰোগ নহয়। শৰীৰৰ অন্তৰ্ভাগত সৃষ্টি হোৱা কোনো ৰোগৰ উৎপন্নক প্ৰতিহত কৰিবলৈ উষ্ণতা বৃদ্ধিৰ সূচনা হয়। ইয়াত থাকে কেতবোৰ ৰসায়নিক ক্ৰিয়া-বিক্ৰিয়া। শৰীৰৰ বিভিন্ন কোষৰ অংশগ্ৰহণ।

যি কাৰণতেই জ্বৰ নহওক কিয়, প্ৰথম কথা জ্বৰ হ’লে বিশ্ৰামৰ প্ৰয়োজন। পানীয় আহাৰ ঘনকৈ সেৱন কৰে, পেৰাচিটামল দ্ৰব্য চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা।

সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো জ্বৰ হোৱা মাত্ৰেই অধৈৰ্য হৈ পৰাৰ যুক্তি নাথাকে। কিছুমান জ্বৰ নিজে নিজেই কমি যায়। বহুদিন ধৰি-

  • জ্বৰ,
  • উশাহৰ কষ্ট,
  • শৰীৰ দুৰ্বল হৈ পৰা,
  • মূৰ্চ্ছা যোৱাৰ দৰে হোৱা

এনেবোৰ জটিল অৱস্থাত সৃষ্টি নোহোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’বই লাগে।

জ্বৰাসুৰৰ মাহাত্ম্য, মা শীতলা দেৱীৰ প্ৰতি ভক্তি সেইবোৰ সমাজত চলি থাকিলেও বৈজ্ঞানিক যুক্তিৰে ‘জ্বৰ’ নামৰ সমস্যাটোক বিচাৰ কৰি চাবই লাগিব।

জৰা-ফুকা, মাদলি-তাবিজ সেইবোৰে হয়তো ৰুদ্ৰ জ্বৰক বাধা দিব পৰা মেৰঘৰসদৃশ বুলি কোনোৱে ভাবিলেও আমি সৰ্বসাধাৰণে চিকিৎসা বিজ্ঞানৰ যথাৰ্থতাক নুই কৰিব নোৱাৰো।

‘কৃশ পিঙ্গললোমক্ষং কৃষ্ণাঞ্জনচয়োপমম প্ৰলয়াম্বুদনিঘোমং সৰ্বভূতভয়াপহম’- মন্ত্ৰেৰে পূজিত জ্বৰাসুৰ ‘তুমি জয়ন্তী তুমি আদ্যশক্তি’ প্ৰাৰ্থনাৰে মা শীতলা আৰাধনা সেই আধ্যাত্মিকতাক সন্মান জনায়ো সকলোৱে মানুহজনৰ স্বাস্থ্যৰ অধিক অৱনতি নঘটিবলৈকে চিকিৎসা বিজ্ঞানৰ সহায় লওক, যাতে ‘জ্বৰত ঢুকাই থাকিল’ ধৰণৰ দুখজনক সংবাদ একোটা পৰিয়ালত সৃষ্টি নহওক।

লেখিকা: ডাঃ মৌচুমী বৰকটকী(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top