মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অমনোযোগিতাজনিত অন্ধত্ব- মবাইল ফোনৰ বিপদঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমনোযোগিতাজনিত অন্ধত্ব- মবাইল ফোনৰ বিপদঃ

মবাইল ফোনৰ বিপদৰ বিষয়ে লিখা হৈছে

ম’বাইল ফোনত কথা পাতি মচগুল হৈ বা মেচেজ লিখি লিখি হঠাতে গাড়ীৰ সমুখতে পৰা, হাতত ম’বাইল ফোন লৈ ৰৈ থকা মানুহ, ৰিক্সা বা আন যান-বাহনত খুন্দা মাৰি দিয়া আদি ঘটনা আজিকালি ৰাস্তাত তেনেই সুলভ। বহুতে ভাবে যে ইহঁত অন্ধ হ’ল নেকি ? নহ’লে চকুৰ আগতে থকা মানুহ, গাড়ী আদি দেখা নাপায়নে ? হয় এয়া এক অন্ধত্বই হয়। বিজ্ঞানৰ ভাষাত ইয়াৰ নাম হ’ল- অমনোযোগিতাজনিত অন্ধত্ব। দেখা গৈছে যে অতিমাত্ৰা ম’বাইল ফোন ব্যৱহাৰ কৰাসকল প্ৰায়ে এনে অন্ধত্বত ভুগে।

ম’বাইল ফোনৰ পৰা বিপদ কোনো নতুন কথা নহয়ঃ

 

কিছু দিনৰ আগতে প্ৰকাশ পাইছিল যে ম’বাইল ফোনে কিছুমান কেঞ্চাৰ ৰোগ সৃষ্টি কৰিব পাৰে। ‘ইণ্টাৰনেচনেল এজেন্সী ফ’ৰ ৰিচাৰ্চ অন কেঞ্চাৰ’ নামৰ এক গৱেষণা প্ৰতিষ্ঠানে ফ্ৰান্সৰ লিয়’নত অনুষ্ঠিত কৰা এক আন্তাৰ্জাতিক সন্মিলনত এই কথা প্ৰকাশ পাইছিল যে ম’বাইল ফোন ছেটত ব্যৱহাৰ কৰা ৰেডিঅ’ ফ্ৰিকুৱেঞ্চীৰ বিদ্যুৎ চুম্বকীয় তৰংগই মানুহৰ দেহত মানে মূলতঃ মগজুত কেঞ্চাৰ হোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰে। ম’বাইল ফোন কোম্পানীবোৰে স্বাভাৱিক কাৰণতে এই তথ্য অশুদ্ধ বুলি কৈছিল। পাছে তৎসত্ত্বেও এয়া প্ৰায় স্পষ্ট হৈ পৰিছিল যে ম’বাইল ফোনৰ পৰা যি বিকিৰণ হয় সেয়া যথেষ্ট শক্তিশালী আৰু ই শৰীৰৰ মস্তিষ্ক, হৃদযন্ত্ৰ আদি গুৰুত্বপূৰ্ণ অংগত অনাকাংক্ষিত প্ৰভাৱ পেলাব পাৰে। এই সম্পৰ্কত গৱেষণা কৰা দলটোৱে ম’বাইল ফোনৰ পৰা হোৱা বিকিৰণক ‘গ্ৰুপ ২ বি কাৰ্চিন জেনিক এজেণ্ট’ হিচাপে চিনাক্ত কৰিছিল আৰু গ্লিঅ’মা নামৰ মগজুৰ কেঞ্চাৰ ৰোগত লগত এই বিকিৰণৰ বিশেষ সম্পৰ্ক থকাৰ কথা কৈছিল।

অমনোযোগিতাজনিত অন্ধত্ব কি ?

চমুকৈ ক’বলৈ গ’লে অমনোযোগিতাজনিত অন্ধত্ব হ’ল যি কোনো কাৰণত পাৰিপাৰ্শ্বিকৰ প্ৰতি অমনোযোগী হ’লে সৃষ্টি হোৱা অন্ধতা। আমি চকুৰে দেখা বুলি ক’লেও আচল কথাটো হ’ল যে চকুৱে দেখিবৰ বাবে প্ৰয়োজনীয় সংকেতবোৰ কেৱল গ্ৰহণ কৰে। মগজুত সেই সংকেতবোৰ প্ৰচেছিং হ’লেহে আমি দেখা পাওঁ। কিছুমান মানুহ শুই থাকোতে চকু কেইটা অলপ মেল খাই থাকে। তেতিয়া তেওঁৰ চকুত কিছুমান পোহৰ বা দৃশ্য ধৰা পৰেই। কিন্তু তেওঁ যে দেখা নাপায় তাৰ কাৰণ হ’ল শুই থকা বাবে মগজুত সেই তথ্যবোৰৰ প্ৰচেছিং নহয়।

ম’বাইল ফোনৰ পৰাহে যে অমনোযোগিতাজনিত অন্ধত্ব হ’ব পাৰে, সেয়া কিন্তু নহয়। প্ৰকৃততে ম’বাইল ফোনৰ যুগৰ আগৰে পৰাই এই শব্দ দুটাৰ প্ৰচলন আছিল। যেতিয়া মানুহ খুব ব্যস্ত থাকে বা বিৰক্ত হৈ থাকে নাইবা তেওঁৰ অৱসাদ জন্মে অথবা বিভিন্ন কাৰণত তেওঁৰ মনটো খেলিমেলি হৈ থাকে, তেতিয়া এনে লক্ষণৰ সৃষ্টি হয়। সাধাৰণতে বিশেষজ্ঞ বা পণ্ডিতসকলে প্ৰায়ে নিজৰ চিন্তাত বিভোৰ হৈ থাকে বাবে তেওঁলোকৰ ক্ষেত্ৰত এনে লক্ষণ বেছিকৈ সৃষ্টি হয়। কিন্তু ইমান প্ৰৱলভাৱে নহয়। উদাহৰণস্বৰূপে এনে চিন্তাৰ ফলত গাড়ীত তলত সোমোৱা ঘটনা কম। পাছে এতিয়া ম’বাইল ফোন, আইপডৰ হেডফোন আদিৰ অত্যধিক ব্যৱহাৰৰ ফলত এনে লক্ষণৰ সংখ্যা আৰু প্ৰৱলতা যথেষ্ট বৃদ্ধি পাইছে।

ম’বাইল ফোন- হেডফোন সৃষ্ট অমনোযোগিতাজনিত অন্ধত্বঃ

 

সম্প্ৰতি নতুনকৈ প্ৰকাশ পোৱা তথ্যমতে ম’বাইল ফোন আৰু লগতে আইপডৰো হেডফোনৰ ব্যৱহাৰ পথচাৰীৰ বাবে ঘাতক হৈ পৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় এটা গৱেষকৰ দলে চলোৱা এক অধ্যয়নত এই কথা স্পষ্ট হৈ পৰিছে। এই সন্দৰ্ভত তেওঁলোকৰ এক ৰিপোৰ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত ‘ইনজিয়ৰী প্ৰিভেনছন জাৰ্নেল’ নামৰ এক পত্ৰিকাত প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই গৱেষক দলটোৱে ২০০৪ চনৰ পৰা ২০১১ চনলৈকে এই দেশখনৰ পদপথত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত এক অধ্যয়ন চলাইছিল। সেই অধ্যয়নৰ যোগেদি প্ৰকাশ পোৱা মতে পথচাৰীয়ে কাণত হেডফোন লগাই ম’বাইল ফোনত কথাপাতি খোজকাঢ়ি গৈ থাকোতে বা আইপড তথা আন ইলেকট্ৰ’নিক যন্ত্ৰৰ হেডফোনৰ যোগেদি গীত শুনি গৈ থকাৰ সময়ত গুৰুতৰ দুৰ্ঘটনাত পতিত হোৱাৰ হাৰ দিনে দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে। হেডফোনৰ ব্যৱহাৰ কৰাৰ সময়ত পথচাৰীজন সাধাৰণতে আন কথা-কাণ্ডৰ প্ৰতি তেনেই অমনোযোগী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সততে গুৰুতৰ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। ২০০৪-২০১১ ৰ কালছোৱাত কাণত হেডফোন লগাই সংঘটিত দুৰ্ঘটনাসমূহৰ ভিতৰৰ ১১৬ টা দুৰ্ঘটনাত পথচাৰীৰ প্ৰাণহানি হৈছে। ২০০৪-২০০৫ চনত এনেদৰে প্ৰাণহানি হোৱা লোকৰ সংখ্যা ১৬ জন আছিল। যদিও ২০১০-২০১১ চনত এই সংখ্যা বাঢ়ি ৪৭ জন হ’ল। ১১৬ টা দুৰ্ঘটনাৰ মাজৰ ৮১ টা হ’ল মুখামুখি সংঘৰ্ষ। ইয়াৰ ৭০ শতাংশ ঘটনাত পথচাৰীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। লক্ষণীয়ভাৱে এই দুৰ্ঘটনাৰ এক চতুৰ্থাংশৰ ক্ষেত্ৰত গাড়ীচালকে হৰ্ণ বজোৱা সত্ত্বেও পথচাৰীয়ে ম’বাইল ফোন বা হেডফোনত মগ্ন হৈ থাকি বা অমনোযোগিতাজনিত অন্ধ হৈ একোকে নমনি বা নুশুনি মৃত্যুক আঁকোৱালি লৈছিল। তেনে লক্ষণত ভুগি চলন্ত ৰেলৰ আগত পৰি মৃত্যু হোৱা লোকৰ সংখ্যাও কম নহয়। এনেকৈ মৃত্যু ঘটা প্ৰতি তিনিজনৰ ভিতৰত দুজনৰে বয়স ত্ৰিশ বছৰৰ তলৰ আছিল। আমাৰ ভাৰততো কম নহয়। অধ্যয়নৰ তথ্যবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ’লেও আমাৰ দেশতো যে এনে ঘটনা ঘটি থাকে, আৰু তাৰ সংখ্যা যে সেই দেশতকৈ বেছিহে হ’ব, তাত কোনো সন্দেহেই নাই। অলপতে গুৱাহাটীৰ চান্দমাৰিত ম’বাইল ফোনত কথা পাতি এজন লোকে সমুখৰ প্ৰকাণ্ড ৰেল গাড়ীখনো দেখা নাপাই ৰেল গাড়ীৰ তলত সোমাই মৃত্যুক সাৱটি লৈছিল। প্ৰণালীবদ্ধ অধ্যয়নৰ অভাৱৰ বাবে হয়তো বহুতো ঘটনাৰ কথা প্ৰকাশ পোৱা নাই। ম’বাইল ফোনত নিমগ্ন হৈ থকাসকলে, বিশেষকৈ ডেকা প্ৰজন্মই এইবোৰ কথা অনুধাৱন কৰা উচিত। ম’বাইল ফোন ব্যৱহাৰ প্ৰয়োজনীয় বুলি ধৰি ল’লেও ইয়াৰ ব্যৱহাৰ যিমান পাৰি কমালে আৰু ৰাস্তা বা ৰাজহুৱা স্থানত হেডফোনৰ ব্যৱহাৰ নকৰাৰ লগতে ম’বাইল ফোনৰ উচিত ব্যৱহাৰ কৰিলে এনেবোৰ বিপদৰ পৰা নিশ্চয় হাত সাৰিব পৰা যাব।

শেষত এটা কথা কৈ থ’ব পাৰি যে এয়া কিন্তু মানসিক ৰোগ নহয়। যি কামৰ পৰিপ্ৰেক্ষিতত এনে অন্ধত্বৰ সৃষ্টি হৈছিল, সেইবোৰ এৰি নিজে কিছু সচেতন হ’লে এনে লক্ষণৰ পৰা সহজেই হাত সাৰিব পৰা যায়।

 

(উৎসঃ জিজ্ঞাস, অভিজিৎ শৰ্মা বৰুৱা))।

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top