মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অষ্টিঅ’আৰ্থাইটিছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অষ্টিঅ’আৰ্থাইটিছ

অষ্টিঅ’আৰ্থাইটিছৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে বয়স্ক লোক আৰু মহিলাসকল অষ্টিঅ' আৰ্থাইটিছ ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। সমীক্ষাৰ পৰা দেখা গৈছে, ৪০-৫০ বছৰ বয়সৰ আশে-পাশে থকা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰভাৱ অধিক যদিও কোনো ৰোগ বা আঘাতৰ ফলতো কোনো ব্যক্তিৰ আদবয়সতে এই ৰোগ হ’ব পাৰে।

অষ্টিঅ' আৰ্থাইটিছ হৈছে মানুহৰ হাড়ৰ সন্ধি বা গাঁঠিত উৎপন্ন হোৱা এক ৰোগ। হাড়ৰ গঠিত হোৱা সকলো ৰোগৰ ভিতৰত এই ৰোগৰ ফলতে মানুহৰ হাড়ৰ গাঁঠিবোৰ আটাইতকৈ বেছিকৈ আক্রান্ত হয়। সাধাৰণতে অতিৰিক্ত ব্যৱহাৰৰ ফলত গাঁঠি ক্ষয়প্রাপ্ত হৈ এই ৰোগ হোৱা দেখা যায়। শৰীৰৰ কোনো অংশৰ হাড়ৰ গাঁঠিৰ যদি ব্যৱহাৰ কম হয়, তেন্তে সেই গাঁঠি কেতিয়াও অষ্টিঅ’আৰ্থাইটিছ ৰোগত আক্রান্ত নোহোৱাকৈ থাকিব পাৰে। সেইকাৰণে তুলনামূলকভাৱে কম ব্যৱহৃত হোৱা শৰীৰৰ উদ্ধাংশৰ গাঁঠিতকৈ নিম্নাংশৰ গাঁঠিত এই ৰোগৰ মাত্রা অধিক হোৱা দেখা যায়। সাধাৰণতে শৰীৰৰ অধিকতৰ ওজন বহনকাৰী গাঁঠি যেনে আঁঠু, উৰু আৰু ৰাজহাড় আদিত এই ৰোগ সহজে হোৱা দেখা যায়। এই ৰোগৰ ফলত হাড়ৰ সন্ধিৰ বিকলতা বৃদ্ধি পায়। সাধাৰণতে হাড়ৰ গাঁঠিৰ জন্মগত দোষ, বাধাপ্রাপ্ত ৰক্তপ্রবাহ, পূর্বে আঘাতপ্রাপ্ত হোৱা বা বিশেষ কোনো ৰোগত আক্রান্ত হাড়ৰ গাঁঠি আদিত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

অষ্টিঅ’আৰ্থাইটিছ হ’লে হাড়ৰ গাঁঠিবোৰ লৰচৰ কৰাত সুচল হোৱাকৈ সেইবোৰৰ মাজত থকা পিচল গ্ৰীজৰ দৰে পদার্থবিধ (Synovial Fluid) শুকাই যায় আৰু দুডাল হাড়ক সংযোগ কৰা কছনৰ দৰে কোমল কাৰ্টিলেজ (Cartilage) নামৰ পদার্থবিধ ক্ষয়প্রাপ্ত হয়। তেতিয়া লৰচৰ কৰাৰ সময়ত দুডাল হাড়ৰ মাজৰ ব্যৱধান কমি গৈ সংঘর্ষ হয়। এই সংঘৰ্ষৰ ফলত দুয়োফালৰ হাড়েই ক্ষয়প্রাপ্ত হৈ যোৱাৰ ফলত হাড়ৰ গাঁঠিবোৰৰ বিষ হয় আৰু ব্যক্তিজনে সংশ্লিষ্ট অংগবিধ লৰচৰ কৰিবলৈ অসুবিধা পায়। তদুপৰি এই ক্ষয়প্রাপ্ত হোৱা হাড়বোৰৰ সীমাৱৰ্তী অঞ্চলত হাড়ৰ কোষ বৃদ্ধি হৈ জোঙা আকৃতিৰ নতুন হাড় সদৃশ পদার্থৰ সৃষ্টি হয়। এইবোৰক অষ্টিঅ'ফাইট (Osteophyte) বোলা হয়। এই পদার্থবোৰৰ সৃষ্টিৰ ফলতো হাড়ৰ বিষ হয়। চিকিৎসা শাস্ত্ৰত দুই ধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ দেখা যায়— সঠিক কাৰণ নির্ণয় নোহোৱাকৈ হোৱা প্রাথমিক বা প্রাইমাৰী অষ্টিঅ’আৰ্থাইটিছ আৰু কোনো বিশেষ কাৰণ নির্ণয় হোৱা গৌণ বা ছেকেণ্ডেৰী অষ্টিঅ' আৰ্থাইটিছ। প্রাইমাৰী অষ্টিঅ' আৰ্থাইটিছৰ ক্ষেত্ৰত কোনো বেমাৰ বা পূর্বে আঘাতপ্রাপ্ত হোৱাৰ কথা জনা নাযায়। সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ ফলতে এনেধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ হয়। গৌণ বা ছেকেণ্ডেৰী অষ্টিঅ'আৰ্থাইটিছ সাধাৰণতে হাড়ৰ গাঁঠিত হোৱা বিভিন্ন অস্ত্ৰোপচাৰ, আঘাত, শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা, কিছুমান বেমাৰ যেনে, ৰিউমেটইড আর্থাইটিছ, গাউট, ডায়েবেটিছ, হৰম’নজনিত কোনো ৰোগ আদিৰ ফলত হ’ব পাৰে। শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতাৰ সৈতে অষ্টিঅ’আৰ্থাইটিছৰ অতি ওচৰ সম্পর্ক। সেয়ে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী। ইয়াৰ বাহিৰেও শৰীৰৰ সমানুপাতিক নোহোৱা কিছুমান বিসংগতিমূলক ক্রীড়া বা খেল-ধেমালি, দীঘলীয়া সময়জুৰি অবিৰামভাৱে খোজকঢ়া, চিৰি বগোৱা আদিও এই ৰোগৰ কাৰক হ’ব পাৰে। দৈনিক কামৰ তালিকাত আমাৰ আঁঠুকেইটাই আমাৰ শৰীৰৰ ওজনতকৈ প্রায় দুইৰ পৰা সাত গুণ ওজন বহন কৰে। কিন্তু এই ওজনৰ পৰিমাণ আৰু বৃদ্ধি হ’লে তাৰ পৰা উৎপন্ন চাপেও এই ৰোগ সৃষ্টিত অৰিহণা যোগায়।

সাধাৰণতে বয়স্ক লোক আৰু মহিলাসকল অষ্টিঅ’আৰ্থাইটিছ ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। সমীক্ষাৰ পৰা দেখা গৈছে, ৪০-৫০ বছৰ বয়সৰ আশে-পাশে থকা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰভাৱ অধিক যদিও কোনো ৰোগ বা আঘাতৰ ফলতো কোনো ব্যক্তিৰ আদবয়সতে এই ৰোগ হ’ব পাৰে। তদুপৰি মহিলাৰ ৰজোনিবৃত্তিৰ (Menopause)  পাৰ্শ্বক্ৰিয়া হিচাপেও হাড়ৰ গঠন ঠুনুকা হৈ এই ৰোগত আক্রান্ত হোৱাৰ আশংকা প্রবল দেখা যায়।

আৰম্ভণিতে এই ৰোগৰ গতি বৰ লেহেমীয়া যদিও সময় বাগৰাৰ লগে লগে ইয়াৰ গতি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। হাড়ৰ গাঁঠিৰ সঞ্চালনত বাধা আহে আৰু এই বাধা ক্ৰমাতও বৃদ্ধি পায়। কিছুমান হাড়ৰ গাঁঠি, বিশেষকৈ কৰঙনৰ গাঁঠিত কালক্ৰমত নানান বিসংগতিয়ে দেখা দিয়ে।

অষ্টিঅ'আৰ্থাইটিছ ৰোগৰ সঠিক নির্ণয়ৰ বাবে প্রাথমিকভাৱে এক্স-ৰে'ৰ সহায় লোৱা হয়। অভিজ্ঞ চিকিৎসকে ইয়াৰ ভিত্তিতে ৰোগীলৈ প্রয়োজনীয় দিহা-পৰামর্শ আগবঢ়ায়। অষ্টিঅ’আৰ্থাইটিছ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে সঠিক জীৱনশৈলীৰ প্রয়োজন। বেছিসংখ্যক ৰোগীৰ ক্ষেত্ৰত কোনো বিশেষ ধৰণৰ চিকিৎসাৰ প্রয়োজন নহয় যদিও কিছুমান তেনে ব্যক্তিয়ে অবাবতে কঠিন বা দুৰাৰোগ্য ৰোগৰ আশংকাত চিকিৎসকৰ কাষ চাপে। সেইসকল ব্যক্তিক চিকিৎসকে প্রয়োজনীয় দিহা-পৰামর্শেৰে ভৰষা প্রদান কৰাহে দৰকাৰ। ব্যক্তিগৰাকীয়ে নিজৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই হাড়ৰ গাঁঠিৰ সঞ্চালন সীমিত কৰি হাড়ৰ ক্ষয়ৰ পৰিমাণ কমাব বা ৰোধ কৰিব পাৰে। কিন্তু যেতিয়া অধিক সক্রিয় চিকিৎসাৰ প্রয়োজন হয়, তেতিয়া ফিজিঅ’থেৰাপি (আক্রান্ত স্থানত যথোপযুক্ত তাপ প্রয়োগ আৰু পেশী সবলকাৰী ব্যায়াম আদি), বিষ নিৰাময়ক ঔষধৰ প্রয়োগ আৰু অন্যান্য ঔষধ-পাতিৰ দ্বাৰা চিকিৎসা কৰা হয়। এনে চিকিৎসাৰ দ্বাৰাও ৰোগ উপশম নহ’লে অভিজ্ঞ অস্থিৰোগ চিকিৎসকৰ কাষ চাপি উন্নত চিকিৎসা, অস্ত্ৰোপচাৰ আদিৰ সহায় ল’ব পাৰে।

লিখক: ডা: দিগন্ত ফুকন, অস্থিৰোগ বিশেষজ্ঞ।

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top