মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অস্থিওআৰ্থাইটিচ্ বা সন্ধি-বাত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অস্থিওআৰ্থাইটিচ্ বা সন্ধি-বাত :

অস্থিওআৰ্থাইটিচ্ বা সন্ধি-বাতৰ বিষয়ে লিখা হৈছে ।



অস্থিওআৰ্থাইটিচ্ বা সন্ধি-বাত হ'ল এবিধ সন্ধি বা গাঁঠিৰ প্ৰদাহ বা আৰ্থাটিচ্ য'ত শৰীৰৰ এটা বা ততোধিক সন্ধি বিকলতা হয় আৰু শেষলৈ সন্ধিৰ উপাস্থিসমূহ ক্ষয়প্ৰাপ্ত হয়। উপাস্থি বা cartilage হ'ল কিছুমান প্ৰটিনজাতীয় পদাৰ্থ যিয়ে গাঁঠিৰ হাড়বিলাকৰ মাজত cushion বা গাদী হিচাপে কাম কৰে। অস্থিওআৰ্থাইটিচক বয়সীয়াল মানুহৰ বেমাৰ বুলি কোৱা হয়। বিৰুদ্ধ আহাৰ সেৱন আৰু অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত কম বয়সৰ লোকো আজিকালি এই বেমাৰত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে ৪৫-৫০ বছৰ বয়সৰ আশেপাশে এই বেমাৰটো হোৱা দেখা যায় আৰু পুৰুষতকৈ মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় কাৰণ Menopause বা ৰজোনিবৃত্তিৰ প্ৰভাৱত মাইকী মানুহৰ হাড়বিলাক অধিক দুৰ্বল হৈ পৰে।
সাধাৰণতে হাত, ভৰি, ৰাজহাড় আৰু শৰীৰৰ ওজন বহনকাৰী সন্ধি যেনে- আঁঠু, উৰু-সন্ধি ইত্যাদি এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।


অস্থিওআৰ্থাইটিচৰ প্ৰকাৰ –

অস্থিওআৰ্থাইটিচ্ হোৱাৰ কাৰণটো যদি জনা নাযায় তেন্তে ইয়াক প্ৰাথমিক (Primary) অস্থিওআৰ্থাইটিচ্ বুলি কোৱা হয় আৰু যদি অস্থিওআৰ্থাইটিচ্ হোৱাৰ জনা যায় তেন্তে তাক গৌণ (Secondary) অস্থিওআৰ্থাইটিচ্ বুলি জনা যায়।
প্ৰাথমিক অস্থিওআৰ্থাইটিচ্ কোনো বেমাৰ আজাৰ বা আঘাত ইত্যাদিৰ ফলত উৎপন্ন নহয়। সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ প্ৰভাৱত এনে ধৰণৰ অস্থিওআৰ্থাইটিচৰ উৎপত্তি হয়। ইয়াৰ ফলত সন্ধিৰ মাজত থকা পিছল গ্ৰীজৰ (grease) নিচিনা synovial fluid যিয়ে সন্ধিৰ লৰচৰ প্ৰক্ৰিয়াত সহায় কৰে, শুকাই যায় আৰু সন্ধিৰ দুইফালৰ হাড়বিলাক পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহে আৰু সন্ধিৰ মাজত থকা ঠাই কমি যায়। ইয়াৰ ফলত সন্ধি লৰচৰ কৰাৰ সময়ত দুইফালৰ হাড়ৰ উপাস্থি বিলাকৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয় আৰু বিষ আৰু প্ৰদাহ উৎপন্ন হয়। এই ঘৰ্ষণৰ ফলত কেতিয়াবা সন্ধিৰ দুইফালৰ হাড়বিলাকৰ সূক্ষ্ম তৰপ কিছুমান চকলা চকল হৈ এৰি আহিবলৈ ধৰে। ইয়াৰ ফলত গাঁঠিবিলাকৰ বিষ হয় আৰু গাঠিবিলাক লৰচৰ কৰিবলৈ অসুবিধাৰ সৃষ্টি হয়। এৰি যোৱা হাড়বিলাকৰ পৰা কোষ বৃদ্ধি হৈ নতুন হাড়ৰ কলাৰ সৃষ্টি হবলৈ ধৰে আৰু সেইবিলাক দেখাত জোঙা আকৃতিৰ হয় যাক osteophyte বুলি কোৱা হয়।
গৌণ অস্থিওআৰ্থাইটিচ্ সাধাৰণতে গাঁঠিত হোৱা আঘাত, ধাৰাবাহিক অস্ত্ৰোপচাৰ, মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধি, কিছুমান বেমাৰ যেনে- ৰিউমেটইড্ আৰ্থাটিচ্, গাউট, ডায়েবেটিজ বা অন্য হৰমন জনিত সমস্যা ইত্যাদিৰ পৰিপেক্ষিতত হোৱা দেখা যায়। মেদবহুলতা আৰু অস্থিওআৰ্থাইটিচক ভাই ভনী বুলি কোৱা হয়। যি মানুহৰ শৰীৰৰ ওজন অধিক সেই মানুহৰ অস্থিওআৰ্থাইটিচ্ হোৱাৰ সম্ভাৱনা থকাই নহয় হোৱাটো প্ৰায় নিশ্চিত। আনহাতে অধিক ভাৰ বহনকাৰী কামৰ বাবে বা শৰীৰৰ ভাৰবহনকাৰী গাঠিবিলাকত অধিক চাপ পৰিলেও অস্থিওআৰ্থাইটিচৰ সৃষ্টি হব পাৰে।
চিনাক্তকৰণ :

সাধাৰণ x-ray ৰ সহায়ত অস্থিওআৰ্থাইটিচ্ চিনাক্ত কৰা হয়।


আয়ুৰ্বেদিক দৃষ্টভংগী -

আয়ুৰ্বেদত এই বেমাৰটোক সন্ধি-বাতৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদত কোৱা হৈছে যে বিৰুদ্ধ আহাৰ আৰু অশুদ্ধ জীৱনশৈলী যেনে- বাহী আহাৰ, প্ৰিজাৰ্ভেটিৱযুক্ত খাদ্য, শুকান, ৰুক্ষ আহাৰ, শীতল পানীয় আৰু খাদ্য আদিৰ অধিক সেৱনৰ লগতে ৰাত্ৰিজাগৰণ, মলমূত্ৰ আদি অধাৰণীয় বেগ অধিক সময়লৈ ধৰি ৰখা ইত্যাদি কাৰকৰ প্ৰভাৱত বাত দোষ প্ৰকূপিত হৈ যদি শৰীৰৰ সন্ধি বা গাঁঠিত গৈ আশ্ৰয় লয় তাৰ ফলত গাঁঠিবিলাকৰ ক্ষয়প্ৰাপ্ত হবলৈ ধৰে আৰু প্ৰকূপিত বাতে গাঁঠিৰ ভিতৰত প্ৰদাহ আৰু ভয়ঙ্কৰ বিষযুক্ত সন্ধি-বাতৰ সৃষ্টি কৰে।
প্ৰকূপিত বাত দোষে শৰীৰৰ সন্ধি বিলাকত তলত দিয়া লক্ষণসমূহ উৎপন্ন কৰে -
আক্ৰান্ত সন্ধি ফুলি উঠে আৰু সন্ধি বা গাঁঠিৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত কট্ কট্ (crapitus) শব্দ হয়, লগতে সংকোচন আৰু প্ৰসাৰণৰ ফলত, ঘৰৰ চিৰি বগোৱা ইত্যাদি কামৰ সময়ত গাঁঠিত বিষ অনুভূত হয় তেন্তে বুজিব লাগিব যে সন্ধি-বাতৰ আৰম্ভণি হৈ গৈছে।
চিকিৎসা :

আয়ুৰ্বেদীক চিকিৎসাত ঔষধৰ ব্যৱহাৰৰ উপৰিও কিছুমান খাদ্যাভাস আৰু জীৱনশৈলী সলনি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।
*খাদ্যাভাস :-

গৰম আৰু সতেজ খাদ্য সেৱন কৰা উচিত।
- দাইল, মাংস আদিৰ চুপ আদা, জালুক, পিপ্পলী আদি মিহলাই সেৱন কৰিব লাগে।
-সদায় কম পৰিমাণৰ ঘীঁ আৰু তেল খাদ্যৰ লগত গ্ৰহণ কৰা উচিত। ইয়াৰ ফলত গাঁঠিবিলাকৰ শুকাই যাব ধৰা গ্ৰীজৰ নিচিনা পিছল অংশ খিনিৰ পৰিপূৰ্তি হয়।
-মছলাযুক্ত, শুকান, ভজা পোৰা খাদ্য অধিক হাৰত খোৱা অনুচিত।
-নিয়মিত মধ্যমীয়া ধৰণৰ ব্যায়াম কৰা উচিত। কিন্তু গাঁঠিত চাপ বা টান পৰা ব্যায়াম কৰা অনুচিত।
*ঔষধ –

বিভিন্ন ধৰণৰ ঔষধী গুণ সম্পন্ন তেলেৰে আক্ৰান্ত গাঁঠিবিলাকৰ মালিচ কৰা উচিত। যেনে- মহাবিষগৰ্ভ তেল, মহানাৰায়ন তেল, দশমূল তেল ইত্যাদি । এই তেলবিলাকৰ যিকোনো এবিধ তেল অকমান গৰম কৰি গাঁঠিৰ চাৰিওফালে দহ মিনিট মান সময় মালিচ কৰিব লাগে। ইয়াৰ ফলত তেল গাঁঠিৰ ভিতৰফালে সোমাই যায় আৰু গাঁঠিৰ শুকাই যোৱা গ্ৰীজৰ নিচিনা পিছল তৰল পদাৰ্থৰ পৰিপূৰ্তি হয়। ইয়াৰ উপৰিও তলত দিয়া ঔষধ সমূহ ব্যৱহাৰ কৰিব পৰা যায়।


*একক ঔষধী-

নিৰ্গুণ্ডি, এৰণ্ড, লসূনা, গুগ্গুল, শিগ্ৰু, ৰাস্না ইত্যাদি ।


*যৌগিক ঔষধি –

মহাবাত বিধ্বমসন ৰস, মহাযোগৰাজ গুগ্গুল, মহাৰাস্নাদি ক্বাথ ইত্যাদি ।


*পেটেন্ট ঔষধী –

ৰিঅ'স্থ, ৰুমালয়া ফৰ্ট ইত্যাদি।
ইয়াৰ উপৰিও গৌণ অস্থিওআৰ্থাইটিচৰ ক্ষেত্ৰত বেমাৰ অনুযায়ী চিকিৎসা কৰোৱা উচিত। মেদবহুলতাৰ বাবে শৰীৰৰ ওজন বা চৰ্বী কমোৱাটো অত্যন্ত জৰুৰী।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top