মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / অৰ্শ বা কেচুমূৰীয়া PILES ৰোগৰ কাৰন আৰু নিবাৰনৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৰ্শ বা কেচুমূৰীয়া PILES ৰোগৰ কাৰন আৰু নিবাৰনৰ উপায়

অৰ্শ বা কেচুমূৰীয়া PILES ৰোগৰ কাৰন আৰু নিবাৰনৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

অৰ্শ বা কেচুমূৰীয়া হিন্দীত ববাচিৰ আৰু ইংৰাজীত PILSE বা Hemorrhide ৰোগ লৰাছোৱালী বা যিকোনো বয়সতে হব পৰা এবিধ যন্ত্ৰনাদায়ক ৰোগ । শৌচ কৰোতে তেজ পৰে , শৌচদ্বাৰ খজুৱায়,ফুলি উঠে, গুটি গুটি টেমুনা হয় । শৌচ কঠিন আৰু মলত্যাগত অত্যন্ত কষ্ট হয়। পেট বিষায় , গা মন ভাল নালাগে । উঠা বহাত অসুবিধা হয় । কিছুমানৰ বিষ বেদনা নহলেও প্ৰতিবাৰ মলত্যাগ কৰোতে তেজ গৈ ৰোগী দুৰ্বল হৈ পৰে । বহতে লাজতে প্ৰকাশ নকৰা বা যথোচিত চিকিত্সা নকৰি জটিল পৰিস্থিতিত পৰে। ৰোগৰ অন্তিম পৰ্যায়ত অষ্ট্ৰোপচাৰ কৰিব লগা হয় যদিও সাৱধান নহলে পুনৰ হোৱাও দেখা যায় ।

ৰোগৰ কাৰন -

সাধাৰনতে যকৃত দুৰ্বল, দীৰ্ঘদিন কৌষ্ঠকাঠিন্যত ভুগা লোক , শৌচ কঠিন, খুব বলপুৰ্ৱক মলত্যাগ কৰা,পানী কম মাত্ৰাত খোৱা , সময়মতে ভোজন নকৰা, সেউজীয়া শাক পাচলি কমকৈ খোৱা , জলা মচলা, মাছ মাংস গুৰুপাক জুতিলগা আহাৰ খোৱা, ফাষ্টফুড , বিৰুদ্ধ ভোজন, বাহি খাদ্য খোৱা , অধিক নিশালৈ উজাগৰে থকা, অধিক সময় থিয় হৈ বা বহি থকা , সঘনাই চাইকেল চলোৱা বা কঠিন আসনত বহা , শৌচ প্ৰস্ৰাবৰ বেগ আহিলেও বন্ধকৈ ৰখা আদি কাৰনতে এই ৰোগ হব পাৰে ।

নিবাৰনৰ ঘৰুৱা উপায় -

১। পকা বেল একোটাকৈ ৮/১০দিন খালে এই ৰোগ উপসম হয়।
২। ঘৃতকুমাৰী (চালকু্ঁৱৰী-Aloevera) পাতৰ মাজৰ কোমল ৰসাল সাহ এচামুচ (বা এলোবীৰা জুচ) গৰু ঘী বা গাখিৰেৰে দিনে দুবাৰ খালে এই ৰোগ আৰোগ্য হয় ।নাইবা ঘৃতকুমাৰী পাতৰ ৰস/জুচ বা জেল ৪চামুচ , ১চামুচ নেমুৰস আৰু আন্দাজমতে ক'লানিমখ মিহলাই ৰাতিপুৱা খালে শৌচ ক'চা , পাচন শক্তি আৰু আৰু পেটৰ বিভিন্ন ৰোগৰ লগতে অৰ্শ ৰোগ আৰোগ্য হয় ।
৩। ইসৱগুল গুড়ি(আয়ুৰ্বেদিক দোকানত পাব) এক চামুচ এগিলাচ গৰম গাখীৰ বা গৰম পানীত মিহলাই ৰাতি শোৱাৰ আগতে কিছুদিন খালে অৰ্শ ৰোগৰ লগতে কৌষ্ঠ কাঠিন্য আৰু পেটৰ নানা সমস্যা দুৰ হয় বা নিশা শোৱাৰ আগতে এগিলাচ গৰম পানীৰে এচামুচ ত্ৰিফলা চুৰ্ণ খাব ।
৪। ডালিমৰ পুৱ ফালৰ শিপা বা গা গছৰ চাল , নাইবা ডালিমৰ পাত বা ফলৰ বাকলি পানীত উতলাই আধা পানী থকাত ৩--৪ চামুচ দিনে দুবাৰ খাব । নাইবা ডালিমৰ পাত , বা বাকলি ছাঁত শুকাই গুড়ি কৰি এচামুচকৈ এগিলাচ গৰম পানীত মিহলাই খাব । এচামুচ চেনি বা গুড় মিহলাব পাৰে । বা ডালিম ফলৰ ৰসত আন্দাজমতে ক'লা নিমখ বা সাধাৰন নিমখ মিহলাই খাব পাৰে ।
৫। পদুম পাতৰ কেচা ৰস ,চেনি আৰু গাখীৰ মিহলাই খালে অৰ্শ ৰোগৰ বাবে উপকাৰী ।
৬। সোনাৰু গছৰ বীজৰ মাজৰ কোমল অংশ ১০ গ্ৰাম পানীত মিহলাই ৰাতিপুৱা খাব ।এই বীজৰ সাহ শোচদ্বাৰত লগাব পাৰে ।
৭। হালধী আৰু গাখীৰত গুড় মিলাই খোৱাতো অৰ্শৰোগৰ বাবে হিতকাৰী ।
৮। হাড়জোৰা লতাৰ ৰস ৪-৫ টোপাল আধাকাপ পানীত মিহলাই নিয়মিত কিছুদিন খালে এই ৰোগ আৰোগ্য হয় ।
৯। ৰাতিপুৱা খালিপেটে ২-৩ গিলাচ কুহুমীয়া গৰম পানীত নেমু আৰু ক'লা নিমখ বা সাধাৰন নিমখ মিহলাই খালে শৌচ ঢিলা হোৱাৰ লগতে অৰ্শ ৰোগৰ বাবে উপকাৰী ।লগতে গোল নেমু বা কাজি নেমুত ক'লা নিমখ মিহলাই দিনত ৩/৪ বাৰ চুহি খাব ।
১০। অৰ্শৰোগত গুহ্যদ্বাৰৰ বিষ, জলন আদিৰ বাবে দুপৰটেঙা(পাতেগজা) পাত থেতেলাই কিছুসময় লেপ দিব ।বা মিঠা আমৰ গুটিৰ পোৰা ছাই নাৰিকল তেলেৰে গুহ্যদ্বাৰত লগাব,বা কৰবী গছৰ শিপা থেতেলাই মলদ্বাৰত লগাব পাৰে । মুলা থেতেলাই শোচদ্বাৰত লগাব পাৰে। ফিতকিৰি পানীৰে শৌচদ্বাৰ ধুব ।

মনত ৰাখিবলগীয়া -

  • সকলো লোকৰে দিনচৰ্চাত আহাৰ বিহাৰ ,চলন ফুৰন কাজ কামৰ ধৰনসমুহ ভিন ভিন ।ৰোগৰ প্ৰথমাৱস্থাত ওপৰত উল্লখিত ৰোগৰ কাৰন বোৰৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱন শৈলী Live Style ৰ সলনি কৰিলে এই ৰোগৰ লগতে দেহৰ বিভিন্ন ৰোগ সহজে দুৰ হয় । নিতৌ পৰ্যাপ্ত পৰিমানে( কমেও ৩-৪লি: ) পানী খোৱাতো নিত্যান্তই আৱশ্যক ।
    খোৱাৰ এঘন্টা আগৰ বা পাছৰ সময়চোৱাত বা আহাৰৰ লগত বেচিকৈ পানী নাখাব । এঘন্টা পাচত পানী খাব । এনে কৰিলে আহাৰ সহজে হজম হয় আৰু পেটৰ গেছ(acidity) , লিভাৰ দুৰ্বলতা আৰু কৌষ্ঠকাঠিন্যৰ সমস্যা দুৰ হয়।
  • কোনো ধৰনৰ শৌচ কচা হোৱা আহাৰ ,জলা মচলা, ভজা, পোৰা, বা গুৰুপাক ভোজন ,চাহ,কফি, ফাষ্ট ফুড, নিৱাদ্ৰব্য সেৱন নকৰিব।অধিক শাকপাচলী, ৰসাল ফল, লঘুপাক সুষম আহাৰ নিয়মিত সময়মতে খাব ।
  • অধিক নিশালৈ উজাগৰে থকা পুৱা দেৰিকৈ উঠা পৰিত্যাগ কৰি প্ৰাতঃভ্ৰমনেৰে শুদ্ধ বায়ু সেৱন কৰিব ।
  • নিয়মিত যোগাসন প্ৰাণায়াম ,ব্যায়াম আদি কৰিলে অৰ্শ ৰোগৰ লগতে দেহৰ নানা ৰোগ আৰোগ্য হয় ।
  • নিয়মিত কপালভাতি, হলাসন, ভুজংগাসন , আদি সহজ যোগাসন আৰু প্ৰাণায়াম কৰিব। নজনা সকলে আনৰ পৰা শিকি লব ।

সুপথ্য:- পুৰনি চাউলৰ ভাত, অমিতা,ওলকচু, কচুৰ ঠুৰি , কছুৰ আঞ্জা, মগুদাইল,নেমু ,কৰ্দ্দৈ টেঙা, আমলখি,শিলিখা, চেংমৰা, মানিমুনি, আহজাতীয় পাচলী আৰু ফল, কুহিয়াৰ, ডাবৰ পানী, ডালিম, মধুৰীআম, গুড় আদি ।

নিষেধ :-বেচিকৈ চাইকেল চলোৱা, কঠিন আসনত বহা, শৌচ প্ৰস্ৰাৱৰ বেগ ৰোধ কৰা , বৰা চাউল বা ন-চাউলৰ পিঠা বা ভাত খোৱা, ৰঙালাও, পুৰৈ শাক, মাংস, তেলাল মাছ, ময়দাৰে বনোৱা খাদ্যসামগ্ৰী, বেচিকৈ তেলত ভজা খাদ্য,বিৰুদ্ধ আহাৰ সহজে হজম নোহোৱা আৰু পেটত অগ্নিবৰ্দ্ধক গুৰুপাক আহাৰ, ধুমপান,'মদ্যপান, উপৱাসে থকা আদি ।

লেখক:- যতীন দাস

3.21428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top