অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঁঠুৰ বিষ :

আঁঠুৰ বিষৰ বিষয়ে লিখা হৈছে ।

 

আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পাছলৈহে ভাঁজ লাগে। ইয়াত কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই। গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি৷ আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছকেইটাই দুডাল সবল হাড়ৰ মাজত কুচনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে।

আঁঠুৰ বিষ সাধাৰণতে হোৱা বিষবোৰৰ ভিতৰত অন্যতম। বয়সিয়াল মানুহৰ ক্ষেত্ৰত আঁঠুৰ বিষ বেছিকৈ হোৱা দেখা যায় যদিও কম বয়সীয়া মানুহৰো আঁঠুৰ বিষ নোহোৱা নহয়। বেছিভাগ লোকৰো এনে বিষ জোৰাত বা গাঁঠিত হোৱা নানাধৰণৰ ৰোগৰ বাবে হয়। পিছে আঁঠুৰ চাৰিওফালে মাংসপেশী কম থকা বাবে বহু সময়ত এই জোৰাটোত মোচোকা খোৱা, গাঁঠিৰ পৰা হাড় ওলাই যোৱা বা হাড় ভঙা আদি নানা ধৰণৰ আঘাত পোৱাও দেখা যায়। সেয়েহে আঘাতজনিত কাৰণতো বহুতে আঁঠুৰ বিষত ভোগে। কিছুমানে আকৌ আঁঠুত দুখ পোৱাৰ পাছত বহুদিনলৈ কম। অথচ অনৱৰতে লাগি থকা বিষত ভোগে। এনে লোকৰ পাছত পৰীক্ষা-নিৰীক্ষাৰ অন্তত আঁঠুৰ ভিতৰৰ লিগামেণ্ট ছিঙা বা কাৰ্টিলেজ ফাটি থকাৰ প্ৰমাণ পোৱা হয়। যি কাৰণতে নহওক কিয়, আঁঠুৰ বিষে ভুক্তভোগীক যথেষ্ট কষ্ট দিয়ে। আঁঠুৰ বিষৰ বিষয়ে বিশদভাৱে জানিবলৈ হ’লে আঁঠুৰ গঠন আৰু ক্রিয়াৰ কথা কিছু পৰিমাণে জনা আৱশ্যক।

আঁঠুৰ গঠন আৰু ক্রিয়া -

আঁঠু নামৰ এই গাঁঠি, জোৰা বা সন্ধিটো আমাৰ উৰুত আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি। ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ (Femur) আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া (Tibia) আহি লগ লাগিছে। তদুপৰি আঁঠুৰ ঘিলা (Patella) নামৰ এটা সৰু আৰু প্রায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখভাগত থাকে। এই তিনিওটা হাড় লগ লাগি আঁঠুটো গঠিত। হাড়কেইডালক সোঁৱে-বাৱেঁ, আগে-পিছে কেইবাটাও শক্তিশালী লিগামেণ্টে (Ligament) ইটোৰ লগত সিটোক বান্ধি ৰাখে। তদুপৰি দুডাল অতি শক্তিশালী লিগামেন্ট গাঁঠিৰ ভিতৰত থাকিও হাড় দুডালক সংযোগ কৰি ৰাখে। এই দুডালক ক্ৰুচিয়েট লিগামেণ্ট বোলা হয়। ইয়াৰ উপৰি টান কলা কোষেৰে গঠিত এখন আৱৰণে (Capsule) গাঁঠিৰ ভিতৰখন আৱৰি ৰাখে৷ ফিমাৰ আৰু টিবিয়া নামৰ হাড় দুডালৰ গাঁঠিত লগ লগা মূৰ দুটা মিহি আৰু কিছু টান কার্টিলেজেৰে (Cartillage) আৱৰি থাকে। এই কাৰ্টিলেজক মিনিস্কাছ (Meniscus) বোলা হয়। আনহাতে গাঁঠিৰ ভিতৰখন মিহি কৰি ৰাখিবলৈ কেপচুল নামৰ আৱৰণৰ ভিতৰফালে আন এখন মিহি কলাৰে গঠিত Synovial Membrane নামৰ পাতল আৱৰণ থাকে। ইয়াৰ ভিতৰত থকা কিছু পিছলীয়া তৰল পদার্থই গাঁঠিৰ ভিতৰখনত হাড়ৰ মূৰকেইটা সূচলভাৱে লৰচৰ কৰাত সহায় কৰে৷ আঁঠুৰ হাড় বোৰৰ দুয়োকাষে ডাঙৰ মাংসপেশী নাই যদিও উৰু আৰু আঁঠুৰ তলফালে থকা মাংসপেশীবোৰে আঁঠুটোক স্থিৰেৰে ৰখা আৰু লৰচৰ কৰাত সহায় কৰে।

আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পাছলৈহে ভাঁজ লাগে। ইয়াৰ কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই। গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি। আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছকেইটাই দুডাল সবল হাড়ৰ মাজত কুচনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে।

আঁঠুৰ বিষৰ কাৰণসমূহ -

  • অস্থিঅ’-আৰ্‌থ্রাইটিছ বা অস্থিবাত (Osteoarthritis)।
  • ৰিউমেটইড্‌ আৰ্‌থ্ৰাইটিছ বা গ্ৰন্থিবাত (Rheumatoid Arthritis)।
  • বীজাণুজাত আৰ্‌থ্ৰাইটিছ (Septic Arthritis)।
  • আঁঠুৰ আঘাতঃ (ক) মিনিস্কাছ ফাটি যোৱা, (খ) লিগামেণ্ট ছিঙি যোৱা, (গ) আঁঠুৰ ঘিলা ভঙা, (ঘ) আঁঠুৰ হাড় ভঙা।

অস্থিঅ’ আৰ্‌থ্ৰাইটিছ বা অস্থিবাত -

গাঁঠিৰ ভিতৰত যেতিয়া সংক্রমণ হয়, তাকেই আৰ্‌থ্রাইটিছ বোলা হয়। অস্থিঅ’-আৰথ্রাইটিছত পিছে কোনো ধৰণৰ সংক্রমণ নহয়। ই এক  অৱক্ষয়ী (Degenerative Disease) ৰোগ। সাধাৰণতে বয়সৰ লগে লগে গাঁঠিৰ ওপৰত হোৱা নানাধৰণৰ চাপৰ ফলিত হাড়ৰ মূৰৰ ফালে থকা কাৰ্টিলেজ লাহে লাহে ক্ষয় যায়। গাঁঠিৰ ভিতৰত থকা তৰল পদার্থখিনি লাহে লাহে হ্রাস পাই শেষত নোহোৱা হয়। ইয়াৰ ফলত হাড়ৰ মূৰকেইটা ওচৰ চাপি আহে আৰু ঘাঁহনি খাবলৈ ধৰে। পাছত হাড়ৰ মূৰকেইটাও কিছু ক্ষয় যায়। লাহে লাহে হাড়ৰ কাষৰ পৰা কিছুমান ফেৰেঙনিৰ দৰে ওলাই আহে। বেছিদিন এনেকৈ থাকিলে আৰু খোজ কঢ়াত সময়ত পৰা হেঁচাৰ ফলত হাড়বোৰে বিকৃত ধৰে। এই সময়ত আঁঠুটো বহল আৰু বেঁকা হ’ব পাৰে।

প্রায়েই আঘাতপ্রাপ্ত হোৱা আঁঠুত অস্থিঅ'-আৰ্‌থ্রাইটিছ ৰোগ বেছিকৈ হয়। সেয়েহে ফুটবল খেলুৱৈসকলে কম বয়সতে এই ৰোগত আক্রান্ত হোৱা দেখা যায়। আঘাতপ্রাপ্ত আঁঠুৰ কাৰ্টিলেজত তেজৰ চলাচল কম হোৱা বাবে সাধাৰণতে শৰীৰে এইবোৰ ভালদৰে মেৰামতি কৰিব নোৱাৰে। ফলত অতি সোনকালে এই কাৰ্টিলেজবোৰ ক্ষয়প্রাপ্ত হয় আৰু মূৰবোৰ ইটোৱে সিটোৰ লগত ঘঁহনি খাবলৈ ধৰে। পাছত ইয়ে পূৰ্ণাংগ অস্থিবাতৰ ৰূপ লয়।

ৰিউমেটইড্‌ আৰ্‌থ্ৰাইটিছ বা গ্ৰন্থিবাত -

ই এক লাহে লাহে হোৱা গাঁঠিৰ ৰোগ। এই ৰোগে প্রথমে হাতৰ সৰু সৰু গাঁঠিবোৰ আক্রান্ত কৰে। হাতৰ আঙুলিৰ গাঁঠিবোৰ ফুলি গৈ হাতখন দেখিবলৈ বিকৃত ৰূপ ধৰে। পাছত এই ৰোগে আঁঠু, কান্ধ, খাৰগাঁঠি আদি ডাঙৰ ডাঙৰ গাঁঠিবোৰ আক্রান্ত কৰে। প্রথমে এই ৰোগে আঁঠুৰ কেপচুলৰ ভিতৰ ফালে থকা চাইনোভিয়েল মেমব্রেন নামৰ ঢাকনিখন আক্ৰান্ত কৰে আৰু লাহে লাহে হাড়ত ধৰেগৈ। এই ৰোগত হাড়বোৰ ক্ষয় যায় আৰু হাড়ৰ মাজৰ পৰা কেলচিয়াম আদি ওলাই গৈ হাড়বোৰ লেহুকা হৈ পৰে। আঁঠুৰ ভিতৰত পানী জমা হৈ আঁঠুটো ফুলি উঠে।

বীজাণুজাত আৰ্‌থ্ৰাইটিছ -

কেতিয়াবা বীজাণুৰে সংক্ৰমিত হৈ আঁঠু ফুলি উঠে। বীজাণুৰ সংক্রমণ বাহিৰৰ ঘা আদিৰ পৰা বা কেতিয়াবা ভিতৰৰ কোনো অংগৰ পৰাও হ’ব পাৰে। এনেধৰণে সংক্ৰমিত হ’লে আঁঠুৰ ভিতৰত প্রথমে পানী জমা হৈ ফুলি উঠে আৰু পাছত পূঁজ জমা হয়। সোনকালে চিকিৎসা কৰি পূঁজ উলিয়াই দিলে হাড়ৰ কোনো পৰিৱর্তন নহয়; কিন্তু তেনে নকৰিলে পাছত হাড়তো সংক্রমণ হৈ হাড় নষ্ট কৰি পেলাব পাৰে।

ৰোগৰ লক্ষণ -

অস্থিবাত সাধাৰণতে বয়সীয়া লোকৰহে হয় যদিও আঘাতজনিত কাৰণত কম বয়সীয়া লোকেও এই ৰোগত ভুগিব পাৰে। কম বয়সীয়া লোকৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে, বয়সীয়া লোকৰ মাজত মহিলাৰ সংখ্যা বেছি হয়। প্রথম অৱস্থাত খোজ কঢ়াৰ সময়ত আঁঠুত বিষ অনুভৱ কৰে আৰু লাহে লাহে এই বিষ অনৱৰতে হ’বলৈ ধৰে। লগতে আঁঠুটো লৰচৰ কৰাত অসুবিধা পাবলৈ ধৰে। পাছলৈ আঁঠুটো একেবাৰে জঠৰ হৈ যোৱাও দেখা যায়। আঁঠু লৰচৰ কৰোঁতে বহুতৰ কেৰকেৰ শব্দ হোৱাও শুনা যায়।

গ্ৰন্থিবাত যিকোনো বয়সতে আৰম্ভ হয় যদিও বয়স বাঢ়ি যোৱাৰ লগে লগে আঁঠুৰ বিষ বেছিকৈ হোৱা দেখা যায়। এনে ৰোগীৰ হাতৰ আঙুলিৰ গাঁঠিবোৰ সাধাৰণতে উখহি বিকৃত ৰূপ ধাৰণ কৰা দেখা যায়। বীজাণুজাত আৰ্‌থ্ৰাইটিছ ৰোগ হঠাতে আৰম্ভ হয়। আঁঠুটো উখহি উঠে, ৰঙা পৰে আৰু ইয়াৰ লগতে অসহ্য বিষ হয়। অতিমাত্ৰা জ্বৰ উঠাতো এনে ৰোগৰ লক্ষণ।

আঁঠুত আঘাত পোৱাৰ পাছত যদি হাড়ত কোনো ধৰণৰ আঘাতৰ চিন নাথাকে, অথচ আঁঠুৰ বিষ লাহে লাহে হৈ থাকে, তেতিয়াহ’লে ই আঁঠুৰ ভিতৰত লিগামেণ্ট বা মিনিস্কাছ ছিঙি থকা বাবে হ’ব পাৰে।

ৰোগ নির্ণয়ৰ উপায় -

আঁঠুৰ বিষ আৰু আঁঠু ফুলি থকা দেখিলে চিকিৎসকে তলত উল্লেখ কৰা ৰোগ নির্ণয়ৰ উপায়সমূহ প্রয়োগ কৰে।

  • এক্স-ৰে: আঁঠুৰ এক্স-ৰে কৰিলে অস্থিবাত আৰু গ্ৰন্থিবাতত হাড়ৰ পৰিৱর্তনসমূহ ধৰা পৰে। তদুপৰি আঘাতপ্রাপ্ত হ’লে হাড়ৰ আঘাত এক্সৰেত ভালদৰে দেখা পোৱা যায়।
  • এম আৰ আই: লিগামেণ্ট বা মিনিস্কাছৰ আঘাত এম আৰ আইত খুব ভালদৰে ধৰা পৰে।
  • আৰথ্ৰ’স্ক’পি (Arthroscopy): এটা সৰু ফুটা কৰি আঁঠুৰ ভিতৰলৈ সৰু আৰু দীঘল যন্ত্র এটা সুমুৱাই দি গাঁঠিৰ ভিতৰখন ভালদৰে চাব পাৰি। আনকি লিগামেণ্ট বা মিনিস্কাছৰ আঘাত মেৰামতি কৰিবও পাৰি।

চিকিৎসা পদ্ধতি

বিষৰ ধৰণ আৰু ৰোগৰ অৱস্থা অনুযায়ী চিকিৎসকে চিকিৎসা পদ্ধতি প্রয়োগ কৰে।

  • বিষ উপশমকাৰী দৰবঃ আঁঠু উখহি থকা আৰু অসহ্য বিষ হোৱা দেখিলে ৰোগীক খোজ কঢ়া বন্ধ কৰি বিছনাত শুই থাকিবলৈ কোৱা হয়। লগতে বিষ নিৰাময় কৰিবলৈ আৰু উখহা কমাবলৈ IbuprufenAceclo fenacdiclofenac ব্যৱহাৰ কৰা হয়।
  • আঁঠুৰ মাংসপেশী সবলীকৰণ ব্যায়াম: বিষৰ কিছু উপশম হোৱাৰ পাছত উৰুৰ মাংসপেশী সবল কৰিবলৈ ব্যায়াম কৰিবলৈ দিব লাগে। এই ব্যায়াম কৰিবলৈ হ’লে বিছনাত বহি লৈ ভৰি দুখন দীঘলকৈ মেলি ল’ব। এখন বিছনাৰ চাদৰ বা তেনেধৰণৰ কাপোৰ কেইবাভাঁজো কৰি আঁঠু দুটাৰ তলত দি ল’ব। তাৰ পাছত আঁঠু দুটা টান কৰি আঁঠুৰ তলৰ কাপোৰখনত জোৰকৈ হেঁচা দিব। ৫ ছেকেণ্ডমান সময় টান কৰি ৰাখি লাহে লাহে ঢিলা কৰি দিব। এনেধৰণে কমেও এশবাৰমান টান ঢিলা কৰিব। দিনত দুই-তিনিবাৰ এনেধৰণে ব্যায়াম কৰিলে বিষৰ উপশম হোৱাৰ উপৰি উখহাও ভালেখিনি কমি যায়।

এই সময়ত নানাধৰণৰ বিষ উপশমকাৰী মলমো আঁঠুত মালিচ কৰিব পাৰি।

  • বিষ আৰু উখহি থকা অৱস্থাত আঁঠুৰ ওপৰত এটা ক্ৰেপ বেণ্ডেজ (Knee Cap) মাৰি ল’লে খোজ কাঢ়িবলৈ সুবিধা হয়।
  • বৈদ্যুতিক সেক: ইয়াৰ উপৰি নানাধৰণৰ যন্ত্ৰৰে (যেনে—শ্বটৱেভ ডায়েথার্মি, আল্ট্ৰাছ’নিক থেৰাপি আদি) বৈদ্যুতিক সেক দিলেও বিষৰ উপশম হোৱাৰ উপৰি আঁঠুৰ জড়তা নোহোৱা হয় আৰু গাঁঠিৰ লৰচৰ কৰাৰ ধৰণৰো উন্নতি হয়।
  • আঁঠুৰ গাঁঠিত কৰ্টিশ্যন বেজি: ওপৰত উল্লেখ কৰা ব্যৱস্থাসমূহৰ প্রয়োগৰ পাছতো বিষ উপশম নহ’লে, আঁঠুৰ ভিতৰত কৰ্টিশ্যন (Cortison) বেজি দিব পাৰি। এই বেজি দিবলৈ ৰোগীয়ে চিকিৎসালয়ত থকাৰ প্রয়োজন নাই; বহিঃবিভাগতে এনে বেজি দিব পৰা হয়। অভিজ্ঞ চিকিৎসকে ভালদৰে দিলে এই বেজিয়ে অতি সোনকালে বিষ উপশম কৰে।
  • (ক) গ্রন্থিবাতত যিহেতু প্রথমে চাইন’ভিয়েল মেমব্রেন নামত ঢাকনিখন আক্রান্ত হয়, প্রথম অৱস্থাতে এই ঢাকনিখন অস্ত্ৰোপচাৰ কৰি কাটি উলিয়াই দিব পাৰিলে এই ৰোগ বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। পিছে এই ৰোগত ভাল ফল পাবলৈ হ’লে অন্য গাঁঠি আক্রান্ত হ’ব নালাগিব।
  • (খ) অস্তিবাতত ভোগা ৰোগীয়ে অইন সকলো ধৰণৰ চিকিৎসা কৰাৰ পাছতো যদিও বিষৰ পৰা নিস্তাৰ নাপায়, তেতিয়াহ’লে আঁঠুৰ বেমাৰী হাড়-মূৰকেইটা কাটি উলিয়াই দি তাৰ ঠাইত ধাতুৰে তৈয়াৰী গাঁঠি বহুৱাই দিব পাৰি (Total Knee Replacement)। এই অস্ত্রোপচাৰে এতিয়া যথেষ্ট জনপ্রিয়তা অর্জন কৰিছে। পিছে বেছি বয়সিয়াল লোকেহে অইন সকলো চিকিৎসা কৰাৰ পাছতো বিষ নকমিলে এই অস্ত্ৰোপচাৰ কৰা উচিত।
  • (গ) বীজাণুজনিত আৰ্‌থ্ৰাইটিছত যদি গাঁঠিৰ ভিতৰত পূঁজ জমা হয়, অস্ত্ৰোপচাৰ কৰি পূঁজ অতি সোনকালে উলিয়াই দিব লাগে। বেছিদিন পূঁজ ভিতৰত থাকিলে গোটেই গাঁঠিটো নষ্ট কৰি পেলাব।
  • (ঘ) আঘাতপ্রাপ্ত আঁঠুত লিগামেণ্ট ছিঙি গ’লে ইয়াক মেৰামতি কৰিবলৈ অস্ত্ৰোপচাৰ কৰা হয়। মিনিস্কাছ ফাটি গ’লে ইয়াক কাটি উলিয়াই দিবলৈও অস্ত্ৰোপচাৰ কৰিব লগীয়া হয়। অৱশ্যে এইবোৰ অস্ত্ৰোপচাৰ আজিকালি আৰ্‌থ্ৰ’স্কপিৰ দ্বাৰাও কৰিব পাৰি।

লেখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, দৈনিক জনমভূমি।

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top