মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আঁঠুৰ বিষ কিয় হয়ঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঁঠুৰ বিষ কিয় হয়ঃ

আঁঠুৰ বিষ কি

 

অসমীয়াৰ এটি নিভাঁজ শব্দ হৈছে বাত তথা বাতবিষ। পিছে এই শব্দটো আজিকালি বৰ বেছি মানুহে ব্যৱহাৰ নকৰা যেন পৰিলক্ষিত হয়। সম্ভৱতঃ ইয়াৰ ঘাই হেতু এনেধৰণৰ হ’ব পাৰে। বাত বা বাতবিষ বুলিলেই অংগাংগীভাৱে বাৰ্ধক্যৰ বিষয়টি জড়িত হৈ থাকে বুলি সৰ্বসাধাৰণৰ মাজত এটি ধাৰণা প্ৰচলিত হৈ আছে। অৰ্থাৎ বাত বিষত আক্ৰান্ত হোৱা মাত্ৰকেই ব্যক্তিগৰাকী বাৰ্ধক্যৰ দুৱাৰডলিত উপনীত হোৱা বুলি পৰোক্ষভাৱে বুজি পোৱা যায়। বৃদ্ধ হ’বলৈ নিশ্চয় সৰহ সংখ্যক ব্যক্তিয়েই মনে-প্ৰাণে কামনা নকৰে। তদুপৰি শব্দটোৰ মাজত যেন আধুনিকত্বৰ গোন্ধ নাই। বিপৰীতক্ৰমে যদিহে আৰ্থ্ৰাইটিছ, আৰ্থ্ৰাইলজিয়া, আৰ্থ্ৰোছিছ, স্পণ্ডাইলছিছ ইত্যাদি কেতবোৰ দাঁতভঙা ইংৰাজী শব্দও একেটা ৰুগ্নাৱস্থাক বুজাবলৈকে ব্যৱহাৰ কৰা হয়। তেতিয়া একেখিনি মানুহৰ বাবে ই গ্ৰহণযোগ্য হৈ পৰে।

তৎসত্ত্বেও বাত শব্দটো অভিধানৰ পৰা একেবাৰে বহিষ্কাৰ হোৱা নাই। গাঁও-ভূঁই আনকি চহৰীয়া মানুহৰো একাংশৰ বাত ৰোগত ভুগি নানা লটি-ঘটি হোৱা দেখা যায়। বাত ৰোগে আজিকালি কোনো এজন ব্যক্তিক বাৰ্ধক্য কালতহে আক্ৰমণ কৰিবলৈ ৰৈ নাথাকে। নাৰী-পুৰুষ, আবাল-বৃদ্ধ-বণিতা- এই আটাইৰে শৰীৰত বাত ৰোগত দুৰ্দান্ত পয়োভৰ। বাতৰ কৰাল গ্ৰাসৰ পৰা ৰেহাই পাইছে, এনেহেন সৌভাগ্যৱান ব্যক্তি আজিৰ দিনত ক’বলৈ গ’লে দেৱৰো দুৰ্লভ। আজিৰ তাৰিখত সমগ্ৰ বিশ্বতে বিচাৰ-খোচাৰ কৰিলে হয়তো বাত ৰোগত আক্ৰান্ত নোহোৱা লোক আঙুলিৰ মূৰত লেখিব পৰা সংখ্যকহে ওলাব। বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসকৰ শৰণাপন্ন হোৱা ব্যক্তিসকলৰ ভিতৰত এক-পঞ্চমাংশই হৈছে বাত ৰোগী। কাৰোবাৰ হয়তো কঁকালৰ বিষ, কাৰোবাৰ হয়তো কমৰৰ বিষ, কাৰোবাৰ হয়তো আঁঠুৰ বিষ। আকৌ কোনোবাই হয়তো হাত বা ভৰিৰ আঙুলিৰ বাত অথবা শৰীৰৰ কোনো অস্থিসন্ধিৰ বাত ৰোগত আক্ৰান্ত হৈছে। সঁচা কথা ক’বলৈ গ’লে বাতৰ প্ৰকোপ বৰ্তমান ঊৰ্ধমুখী। আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ গাঁঠিত হোৱা বিভিন্ন ধৰণৰ বাতজনিত সমস্যাৰ বিষয়ে আলচ কৰিব খুজিছো।

শৰীৰতাত্ত্বিক দিশৰ পৰা চাবলৈ গ’লে আঁঠুৰ গঠন কব্জাৰ লেখীয়া। দুৱাৰৰ কব্জাই যিদৰে কাম কৰে, এজন মানুহৰ আঁঠু আৰু কিলাকুটি- এই দুয়োটা গাঁঠিয়েই অনুৰূপ ধৰণৰ কাম কৰে। ভৰিৰ ঊৰ্ধাংশ আৰু নিম্নাংশ তথা হাতৰ ঊৰ্ধাংশ আৰু নিম্নাংশ যিটো সন্ধিত সংলগ্ন হয়, ক’বলৈ গ’লে সেই গাঁঠি বা সন্ধি দুটাৰ কাৰ্যকলাপ তেনেই সহজ-সৰল। এনেধৰণৰ সৰল সন্ধিৰ উপস্থিতিৰ বাবেই হাত আৰু ভৰিৰ নিম্নাংশ কেতবোৰ নিৰ্দিষ্ট দিশতহে ঘূৰাব পাৰি। দুৱাৰৰ কপাটৰ লেখীয়াকৈ মাথোঁ একেটা দিশতহে খোলা-মেলা কৰিব পাৰি। কব্জাৰ সন্ধিৰ লেখীয়াকৈ হাত-ভৰি তল আৰু ওপৰপিনেহে লৰচৰ কৰিব পৰা যায়, এটা দিশৰ পৰা আনটো দিশলৈ ঘূৰ্ণন কৰিব নোৱাৰি। এনে সীমাবদ্ধতাৰ মাজতে দুৱাৰৰ কপাটৰ লেখীয়াকৈ কিলাকুটি আৰু আঁঠু দুটাই ভালেখিনি কষ্ট বা অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। বিশেষকৈ আঁঠুৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰা বেছি।

মানুহৰ শৰীৰত সৰ্বমুঠ ৬ প্ৰকাৰৰ সন্ধি আছে। সংখ্যাৰ হিচাপত ইয়াৰ লেখ হৈছে ১৮৭।এই ১৮৭টা গাঁঠিৰ ভিতৰত আঁঠুটোৱেই আটাইতকৈ বেছি অত্যাচাৰ সহিবলগীয়া হয়, যিখিনি সম্ভৱতঃ অন্য কোনো গাঁঠিৰ ক্ষেত্ৰতে নহয়। আঁঠুৰ ওপৰত আটাইতকৈ বেছি মাত্ৰাত আঘাত লাগে। সেয়েহে যিকোনো ধৰণৰ বাত ৰোগতে আঁঠুটোৱেই আটাইতকৈ বেছিকৈ আক্ৰান্ত হয়।

বয়স বৃদ্ধিৰ আনুষংগিকভাৱে আঁঠুকেইটাও স্বাভাৱিক মাত্ৰাত ক্ষয় হয়। যদিহে এজন ব্যক্তি শাৰীৰিকভাৱে বেছি সক্ৰিয় হৈ অৰ্থাৎ দৈনন্দিন কাম-কাজৰ পৰিক্ৰমাত তেওঁৰ আঁঠু দুটাৰ অত্যধিক ব্যৱহাৰ হয়, তেনেহ’লে আঁঠু দুটাই যিখিনি অত্যাচাৰ সহিবলগীয়া হয়, সেইখিনি সম্ভৱতঃ মানৱ শৰীৰৰ অন্য কোনো এটা গাঁঠিয়েই সহিবলগীয়া নহয়। প্ৰকৃততে ইমানখিনি চাপ সহ্য কৰাৰ উদ্দেশ্যে মানুহৰ আঁঠুকেইটা তৈয়াৰ হোৱা নাই। অৰ্থাৎ ক’বলৈ গ’লে মানুহৰ আঁঠুৰ ডিজাইন এনেধৰণৰ নহয় যে ই সকলো ধৰণৰ চাপ সহ্য কৰিবলৈ সক্ষম হ’ব। মানুহে নিজৰ আঁঠুৰ ওপৰত নিতৌ বিভিন্ন ধৰণৰ চাপ প্ৰয়োগ কৰিছে আৰু আঁঠু দুটাই সেই চাপ সহ্য কৰিবলৈ অৱশ হৈ পৰিছে। জেমছ এম ফক্স নামৰ এগৰাকী আমেৰিকান বিশেষজ্ঞই সেয়েহে হয়তো প্ৰকৃতাৰ্থত এনেদৰে মন্তব্য কৰিছে- আমি এই গাঁঠিবোৰৰ জৰিয়তে যিবোৰ কাম সমাপন কৰো, যথাৰ্থত তেনেবোৰ কামৰ বাবে ই মুঠেই উপযোগী নহয়। যান-বাহনৰ দুৰ্ঘটনা, ফুটবল খেলা বা কেতবোৰ বৃত্তিত প্ৰয়োজনসাপেক্ষে যিদৰে সমস্ত দিনটোৰ বাবে মাটিত লেপেটা কাঢ়ি বা আঁঠুকাঢ়ি বহিবলগীয়া হোৱা (কাঠমিস্ত্ৰী আদিৰ ক্ষেত্ৰত) কামৰ বাবে আঁঠুটো ডিজাইন কৰা হোৱা নাই। এয়া সময়ত (সুদূৰ অতীতত) মানুহে কৰিবলগীয়া কামবোৰৰ বাবে অৱশ্যে ইয়াক সুন্দৰকৈ ডিজাইন কৰা হৈছিল। তাহানিখন কেৱে পূৰ্বানুমান কৰিব পৰা নাছিল যে আঁঠু দুটাৰ অৱলম্বনত মানুহে আধুনিক কালত ইমানখিনি কাম কৰিবলগীয়া হ’ব।

গতিকে ক’বলৈ গ’লে নানা ধৰণে মানুহে নিজৰ আঁঠুৰ অপব্যৱহাৰ কৰিছে। আজিকালি মেদবহুলতা এটা ভয়াৱহ ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰূপে পৰিগণিত হৈছে। এই অৱস্থাৰ ফলত বৰ্ধিত ওজনখিনিৰ ভৰ বহন কৰিবলগীয়া হৈছে এই আঁঠু দুটাই। অৰ্থাৎ ক’বলৈ গ’লে ‘ভূতৰ ওপৰত দানহ পৰা’ৰ লেখীয়া অৱস্থা। শুনিবলৈ আচৰিত যেন লাগিলেও আজি এষাৰ কথা সত্য বুলি উপলব্ধি হৈছে। সেয়া হৈছে আজিৰ পৃথিৱীত ভোকাতুৰ মানুহৰ তুলনাত শকত-আৱত মানুহৰ সংখ্যা বেছি। ২০০৬ চনৰ শেষৰ পিনে অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন মহানগৰীৰ সমীপৱৰ্তী ‘গোল্ড কোষ্ট’ত অনুষ্ঠিত ইণ্টাৰনেচনেল এছ’চিয়েচন অব্ এগ্ৰিকালচাৰেল ইক’নমিষ্টৰ বাৰ্ষিক অধিৱেশনত আমেৰিকান অধ্যাপক বেৰী পপকিনে এনেদৰে কৈছিল- ‘The world now has more overweight people than hungry ones... There are more than a billion overweight people in the world and 800 million of whom are undernourished.’

আজি বিশ্বৰ জনসংখ্যা হৈছে প্ৰায় ৭৫০ কোটি। ইয়াৰ ভিতৰত ভোকাতুৰ মানুহৰ সংখ্যা হৈছে প্ৰায় ১০০ কোটি, শকত-আৱত মানুহৰ সংখ্যা হৈছে প্ৰায় ১২০ কোটি। বাকী ৫৩০ কোটি মানুহৰ চেহেৰা শকত-আৱতো নহয় জীৰ্ণ-শীৰ্ণও নহয়- মোটামুটি স্বাভাৱিক। অৱশ্যে এটা কথা ঠিক যে এই এশ কোটি শকত-আৱত মানুহ বিশ্বৰ সৰ্বত্ৰতে সমানভাৱে বিয়পি থকা নাই। হয়তো উন্নয়নশীল দেশবোৰত তাকৰীয়াকৈ আছে আৰু উন্নত দেশবোৰত সৰহকৈ আছে। এই সন্দৰ্ভত অধ্যাপক পপকিনৰ মন্তব্য- “Obesity is the norm globally and under nutrition, while still important in a few countries and in targetted population in may others, in no longer the dominant disease.”

সেই মুষ্টিমেয়সংখ্যক দেশৰ মাজত লেখত পৰিলেও ভাৰতত শকত-আৱত মানুহৰ সংখ্যা বাঢ়িছে আৰু লগতে বাঢ়িছে আঁঠুৰ সমস্যা।

গতিকে নিৰ্মোহ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি ক’ব পাৰি যে আঁঠুৰ সমস্যাৰ এটা উল্লেখনীয় কাৰক হৈছে বৰ্ধিত ওজন। শৰীৰৰ প্ৰতি পাউণ্ড ওজনৰ বাবে আঁঠুৰ ওপৰত চাপ পৰে প্ৰায় ছয় গুণ। ইয়াৰ অৰ্থ হৈছে যে যদিহে কোনো ব্যক্তিৰ দৈহিক ওজন তেওঁৰ ইপ্সিত ওজনৰ তুলনাত দহ পাউণ্ড বেছি হয়, তেনেহ’লে তেওঁৰ আঁঠুটোৱে অতিৰিক্তভাৱে ৬০ পাউণ্ড ওজন বহন কৰিবলগীয়া হয়। ফলত তেওঁৰ আঁঠুটো অষ্টিঅ’আৰ্থ্ৰাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে।

ক’বলৈ গ’লে ঘাইকৈ বাৰ্ধক্যজনিত স্বাভাৱিক অৱক্ষয়ৰ বাবে আঁঠুত অষ্টিঅ’আৰ্থ্ৰাইটিছ হয়। আঁঠুত গুৰুতৰ ধৰণৰ আঘাত লাগিলে বা বাৰম্বাৰ সৰু-সুৰা আঘাত লাগিলে বা শৰীৰৰ অৱক্ষয় অস্বাভাৱিক ধৰণে বাঢ়ি যোৱা বাবে আঁঠুত বেছিকৈ চাপ পৰিলে বা আঁঠুৰ অস্থি-বিন্যাসত কোনোধৰণৰ ত্ৰুটি থাকিলে বাৰ্ধক্যৰ পূৰ্বেই এই অসুখ হ’ব পাৰে। তদুপৰি যিসকলে নিতৌ ভাৰ বহনৰ কাম-কাজ কৰে, তেওঁলোকৰো আঁঠুত অষ্টিঅ’আৰ্থ্ৰাইটিছ হ’ব পাৰে।

আনহাতে যিসকলে খেলা-ধূলা কৰে, বিশেষকৈ ফুটবল, হকী, কাবাদী ইত্যাদি ‘বডী কণ্টেক্টৰ’ খেলা-ধূলা তেওঁলোকৰো আঁঠুত প্ৰচণ্ড চাপ পৰে। আনহাতে যিসকলে দৌৰা-ঢপৰা, নাচ-বাগ বা স্কিপিং বা জগিং ইত্যাদি বেছিকৈ কৰে তেওঁলোকৰো আঁঠুত বাৰম্বাৰ অলপ অলপকৈ আঘাত লাগি আক্ৰান্ত হ’ব পাৰে। তদুপৰি যিসকলে বেছিকৈ খটখটীয়েদি উঠা-নমা কৰিবলগীয়া হয়, তেওঁলোকৰো আঁঠুত বাৰম্বাৰ আঘাত লাগি আক্ৰান্ত হ’ব পাৰে।

আমাৰ শৰীৰৰ বিভিন্ন গাঁঠিৰ ভিতৰত আঁঠুটোৱেই অষ্টিঅ’আৰ্থ্ৰাইটিছত আক্ৰান্ত হোৱাৰ আশংকা আটাইতকৈ বেছি। ইয়াৰ কাৰণ হৈছে যে স্বাভাৱিক অৱস্থাত আঁঠুৱেই সমস্ত শৰীৰৰ ভাৰ বহন কৰিবলগীয়া হয় আৰু আঁঠুটোৱেই বাৰম্বাৰ এনেধৰণৰ আঘাত সহিবলগীয়া হয়- যিবোৰক আমি বিশেষ গুৰুত্ব নিদিওঁ। পিছে গুৰুত্ব নিদিলেও আঁঠুটো যথাযথভাৱে আক্ৰান্ত হয়।

বিভিন্ন ঠাইত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে যে সুন্দৰী নিপোটল দেহযুক্ত নাৰীৰ তুলনাত স্থূলকায় নাৰীসকল আঁঠুৰ অষ্টিঅ’আৰ্থ্ৰাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা চাৰিগুণে বেছি আৰু সুন্দৰ-সুঠাম শৰীৰযুক্ত পুৰুষৰ তুলনাত শকত-আৱত পুৰুষ একোজন এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা পাঁচগুণে বেছি।

তদুপৰি হাইহিল জোতা পৰিধান কৰা নাৰীসকলৰ আঁঠু আক্ৰান্ত হোৱাৰ আশংকা বহু বেছি। গৱেষণাৰ ফলত দেখা গৈছে যে আঢ়ৈ ইঞ্চি বা তাতোকৈ বেছি ওখ হিলযুক্ত জোতা পিন্ধিলে শৰীৰৰ স্বাভাৱিক ভাৰসাম্য বজাই ৰাখিবলৈ চলোৱা প্ৰয়াসত উৰুৰ অস্থি আৰু আঁঠুৰ সন্ধিস্থলত বেছিকৈ হেঁচা পৰা হেতুকে আঁঠুটো ক্ষতিগ্ৰস্ত হয়। অৱশ্যে এটা কথা ঠিক যে আঁঠুৰ বিষৰ একমাত্ৰ কাৰণ অষ্টিঅ’আৰ্থ্ৰাইটিছ নহয়। অন্যান্য বহুতো কাৰকৰ বাবে আঁঠুৰ বিষ হ’ব পাৰে। সেয়েহে ৰোগ নিৰ্ণয় কৰা অতিকৈ প্ৰয়োজনীয়। অভিজ্ঞ চিকিৎসকে সেয়েহে কেতবোৰ পৰীক্ষাৰ দ্বাৰা প্ৰাইমাৰী বা ছেকেণ্ডাৰী আৰ্থ্ৰাইটিছ বা অন্যান্য কি কাৰণে আঁঠুৰ বিষ বা যন্ত্ৰণা হৈছে তাক নিৰ্ণয় কৰে। ৰোগৰ বিৱৰণ বা বুৰঞ্জীও এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

আঁঠুৰ অষ্টিঅ’আৰ্থ্ৰাইটিছ হ’লে প্ৰথমে সামান্য ধৰণৰ বিষ অনুভূত হয়। লাহে লাহে বিষৰ মাত্ৰা বাঢ়ি যায় আৰু আঁঠু ফুলিবলৈ ধৰে। ফলত আঁঠুত এক বিশেষ ধৰণৰ অস্বস্তি অনুভূত হয়। আঁঠুত ক্ষুদ্ৰাতিক্ষুদ্ৰ হাড়ৰ লেখীয়া গাঁথনিৰ সৃষ্টি হয় আৰু আঁঠু লৰচৰ কৰিলে কটকটকৈ এটা শব্দ হয়। বহুতকে আঁঠুৰ পিছপিনে টানি ধৰে। বিষৰ ভয়তে বেছকৈ লৰচৰ নকৰা বাবে আঁঠুৰ ওপৰৰ মাংসপেশী শুকাই যাব পাৰে। ফলত ভৰি আৰু আঁঠুৰ শক্তি বা জোৰ ভালেখিনি কমি যায়। বহুতে বহাৰ সময়ত আঁঠু দুটা পোন কৰি ৰাখে বা শোৱাৰ সময়ত কষ্ট পায়।

জন্মগত কাৰণতেই হওক বা আঘাতজনিত কাৰণতেই হওক আঁঠু বেঁকা হ’লে অষ্টিঅ’আৰ্থ্ৰাইটিছ হ’ব পাৰে। এনে ক্ষেত্ৰত অপাৰেচন কৰি আঁঠু পোন কৰা দৰকাৰ। আঁঠুৰ বিষ কিছু সময়ৰ বাবে স্থায়ী হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মাথোঁ চিকিৎসকৰ পৰামৰ্শমতেহে দৰব খাব লাগে।

আঁঠুৰ পুৰাতন (ক্ৰ’নিক) ধৰণৰ অষ্টিঅ’আৰ্থ্ৰাইটিছ হ’লে অত্যন্ত কষ্ট আৰু যন্ত্ৰণা অনুভূত হ’ব পাৰে। যিবোৰ কাম-কাজ কৰিলে বিষ বাঢ়ে তেনেধৰণৰ কাম-কাজ নকৰাই ভাল। আঁঠুৰ ওপৰৰ মাংসপেশী শুকাই গ’লে আঁঠুৰ জোৰ কমিব পাৰে। এনেক্ষেত্ৰত ‘নি কেপ’ আৰু অন্যান্য ছাপোৰ্ট ব্যৱহাৰ কৰিব লাগে। ঘূৰা-মেলা কৰিলে হাতত ৰবৰযুক্ত লাঠি ল’ব লাগে, যাতে পৰাৰ সম্ভাৱনা কমি যায়।

আঁঠুৰ অষ্টিঅ’আৰ্থ্ৰাইটিছৰ সম্ভাৱনা কমাবলৈ নিম্নোক্ত ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে-

 

-  আঁঠুত যাতে অতিৰিক্ত চাপ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

- আঁঠুত যাতে সঘনাই সৰু-সুৰা আঘাত নালাগে, সেই বিষয়ে সতৰ্ক হ’ব লাগে।

- দৈহিক সহনক্ষমতাৰ সৈতে তাল মিলাই গধুৰ ওজনযুক্ত বস্তু দঙা-মেলা কৰিব লাগে। নিয়মীয়াকৈ আঁঠুৰ ব্যায়াম কৰিব লাগে।

খেলুৱৈসকলৰ বাবে সতৰ্কতাঃ

 

- দৈহিক সহনসীমাৰ ভিতৰতহে প্ৰেক্টিচ কৰিব আৰু খেলিব লাগে।

- খেলাৰ সময়ত আঁঠুত যাতে আঘাত নালাগে, তাৰ প্ৰতি সতৰ্ক হ’ব লাগে।

- সতৰ্ক হোৱা স্বত্বেও যদিহে আঘাত লাগে, তেনেহ’লে আঘাত আৰোগ্য নোহোৱালৈকে পুনৰ খেলিব নালাগে।

- খেলাৰ পূৰ্বে ঠিক মতে প্ৰেক্টিচ কৰিব আৰু ট্ৰেইনিং ল’ব লাগে।

- ৱাৰ্ম আপ নকৰাকৈ খেলিব নালাগে।

- ক্ৰীড়া জগত এৰাৰ পাছতো ফিজিকেল ট্ৰেইনিং অটুট ৰাখিব লাগে আৰু বয়সৰ সৈতে সংগতি ৰাখি খেলা-ধূলা চলাই নিব লাগে।

আমাৰ আঁঠু এক জটিল অস্থিসন্ধি। ভৰিৰ দুডাল বৃহৎ আকাৰ হাড় আৰু আঁঠুৰ ঘিলা লগ লাগি এই সন্ধি বা জোৰাৰ সৃষ্টি হৈছে। এই সন্ধিত আন এডাল ক্ষুদ্ৰাকাৰ হাড়ো সংযোজিত হৈছে। ই শৰীৰৰ বৃহত্তম অস্থিসন্ধি। আন কিছুমান সন্ধিৰ দৰে ইয়াক সকলো দিশে লৰাব নোৱাৰি। মাথোন সন্মুখলৈ আৰু পিছলৈহে লৰাব পাৰি।

আঁঠুৰ সন্ধিৰ প্ৰদাহ হৈ অষ্টিঅ’আৰ্থ্ৰাইটিছ হয়। ইয়াৰ মূল কাৰণ হল সন্ধিত লগ লগা হাড়কেইডালৰ মূৰ দুটা এবিধ কোমল হাড়ে আৱৰি থাকে। ইয়াক কোমলাস্থি বা উপাস্থি বোলা হয়। উপৰ্যুপৰি ব্যৱহাৰ আৰু অন্যান্য কাৰণত এই উপাস্থিত বিকাৰ ঘটে আৰু উপাস্থি ক্ষয় যায় বা এৰাই যায়। ইয়াৰ ফলতে আঁঠুৰ বিষ হয়, আঁঠু সহজে ভাঁজ নোখোৱা হয়, আঁঠু ফুলি যায় আৰু বিকৃতিৰ সৃষ্টি হয়। এনে হোৱাৰ মূল কাৰণ বয়স বৃদ্ধি যদিও জীৱনশৈলী আৰু কিছুমান ৰোগৰ কাৰণেও হ’ব পাৰে। এই ৰোগসমূহ হ’ল- ৰুউমেটয়ড আৰ্থ্ৰাইটিছ, গাউট (তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি) আদি। ইয়াৰ উপৰি আঁঠু ভাঁজ কৰি দীৰ্ঘ সময় বহি থকাৰ অভ্যাস, লেপেটা কাঢ়ি বহি থকাৰ অভ্যাস, ছিৰি বগোৱা আদিয়েও অষ্টিঅ’আৰ্থ্ৰাইটিছ তথা আঁঠুৰ বিষৰ সৃষ্টি কৰিব পাৰে।

ভাৰতত ব্যাপকভাৱে আঁঠুৰ বিষ হোৱা দেখা যায়। পশ্চিমীয়া দেশবোৰত ইয়াৰ মাত্ৰা কম। ভাৰতীয়সকলে আঁঠু ভাঁজ কৰি বহি ঘৰুৱা কাম-কাজ কৰে, কিছুমানে লেপেটা কাঢ়ি বহিও কৰে। তদুপৰি ভাৰতীয় লোকে পায়খানা কৰোঁতে আঁঠু ভাঁজ কৰিহে বহে। এই কাৰণেও আঁঠুৰ বিষৰ সম্ভাৱনা বৃদ্ধি হয়।

স্বাভাৱিক অৱস্থাত খোজকঢ়াৰ সময়ত শৰীৰৰ ওজনৰ তিনিগুণ ওজন আঁঠুৱ বহন কৰিব লাগে। জগিং কৰিলে, বেগাই খোজ কাঢ়িলে, দৌৰিলে এই ওজন দহগুণ হয়গৈ। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ শৰীৰৰ ওজন যদি ৬০ কেজি হয়, তেনেহ’লে স্বাভাৱিকভাৱে খোজকাঢ়িলে ১৮০ কেজি আঁঠুৱে সহিব লাগে। আনহাতে দৌৰোঁতে বা জগিং কৰোঁতে সেই ওজন হ’বগৈ ৬০০ কেজি। আগতে কোৱা হৈছে, সন্ধিত উপাস্থি থাকে। অত্যধিক ওজন সহিবলগীয়া হ’লে এই উপাস্থি ধ্বংসপ্ৰাপ্ত হয়। আঁঠুৰ ওপৰত ভৰ দি বা লেপেটা কাঢ়ি বহিলে আঁঠুত সম্পূৰ্ণ ভাঁজ ধৰে, ফলত আঁঠুৰ সন্ধিত বৰ্ধিত চাপ পৰে। ইয়ে উপাস্থি ধ্বংস হোৱাত অৰিহণা যোগায় আৰু সোনকালেই অষ্টিঅ’আৰ্থ্ৰাইটিছ তথা বিষ আৰম্ভ হয়। মেদবহুল হ’লে এনে সম্ভাৱনা বৃদ্ধি পায়। কম বয়সতে অষ্টিঅ’আৰ্থ্ৰাইটিছ হোৱাৰ প্ৰধান কাৰক হ’ল মেদবহুলতা।

মেদবহুলতাৰ মাত্ৰা অনুসৰি যিবোৰ খাদ্যই দেহত অধিক পৰিমাণৰ কেলৰী সৃষ্টি কৰে, তেনে খাদ্য কম পৰিমাণে খাব লাগে, যেনে- চেনি, গ্লুক’জ, আলু, ভাত আদি। চৰ্বিৰ পৰিমাণ ন্যূনতম হ’ব লাগে। অধিক চৰ্বিয়ে আৰু অধিক কেলৰীয়ে প্ৰদাহ বৃদ্ধি কৰে। শৰীৰৰ ওজন কমালে প্ৰদাহ তথা বিষৰ উপশম পোৱা যায়, কিয়নো কম ওজনে আঁঠুৰ ওপৰত সৃষ্টি হোৱা চাপ হ্ৰাস কৰে।

আঁঠুৰ সৈতে জড়িত মাংসপেশীসমূহ শক্তিশালী হৈ থকা প্ৰয়োজন। শক্তিশালী মাংসপেশীয়ে অষ্টিঅ’পৰোছিছৰ সম্ভাৱনাও হ্ৰাস কৰে। নিয়মিতভাৱে খোজকাঢ়িলে বা আঁঠুৰ ব্যায়াম কৰিলে মাংসপেশীসমূহ শক্তিশালী হৈ থাকে।

খোজকাঢ়োতে মন কৰিবলগীয়া কথা হ’ল- আঁঠু ব্যৱহাৰ কৰি খোজকঢ়াতকৈ উৰুসন্ধি ব্যৱহাৰ কৰি খোজকঢ়াৰ অভ্যাস কৰা উচিত। আঁঠু যিমানদূৰ সম্ভৱ পোন কৰি ৰাখি উৰু পোনতে উদৰৰ ফালে আনি, তাৰ পাছত পিছফালে নি খোজকাঢ়িলে আঁঠুৰ ওপৰত পৰা চাপ হ্ৰাস পায়। এনেকৈ খোজকাঢ়িলে বেগো বৃদ্ধি হয়। ছিৰি বগাওঁতেও সাৱধান হ’ব লাগে। যিসকল ব্যক্তিৰ আঁঠুৰ বিষ থাকে, তেওঁলোকে ওপৰলৈ ছিৰি বগাই যাওঁতে ভাল আঁঠুৰ ভৰিখন প্ৰথমে আগবঢ়াই দি আক্ৰান্ত ভৰিখন পিছত আগবঢ়াব লাগে। এনে কৰিলে আক্ৰান্ত আঁঠুৰ ওপৰৰ চাপ কম হ’ব। ছিৰিৰে নামি আহোঁতে ইয়াৰ ওলোটা অৰ্থাৎ আক্ৰান্ত ভৰিখন প্ৰথমে আগবঢ়াই ভালখন পাছত আগবঢ়াব লাগে।

আঁঠুৰ বিষ কেতিয়াবা সাময়িক হয়। কিন্তু তিনি সপ্তাহতকৈ বেছিদিন বিষ থাকিলে অভিজ্ঞ অস্থি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে সম্পূৰ্ণ শাৰীৰিক পৰীক্ষা কৰি প্ৰয়োজনীয় নিৰ্ণায়ক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব আৰু সেই চিকিৎসা আগবঢ়াব। আঁঠুৰ অষ্টিঅ’আৰ্থ্ৰাইটিছৰ সৈতে জড়িত সম্ভাৱ্য ৰোগসমূহ হ’ল- তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি, স্তিমিত থাইৰয়ড, অষ্টিঅ’পৰোছিছ, ৰিউমেটয়ড আৰ্থ্ৰাইটিছ। এইবোৰৰ এক বা একাধিক ৰোগ হ’লে তাৰ চিকিৎসা কৰিব লাগিব। তদুপৰি বিষনাশক দৰবৰো প্ৰয়োজন হ’ব। কিন্তু জধে-মধে বিষনাশক দৰব ব্যৱহাৰ নকৰিব। অত্যধিক বিষনাশক দৰব সেৱনে বৃক্ক বিকল কৰিব পাৰে।

মন কৰিবলগীয়া- সোনকালে ৰোগ নিৰ্ণয় কৰি চিকিৎসা কৰিলে আঁঠুৰ সন্ধি সম্পূৰ্ণ অকামিলা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। সম্প্ৰতি আক্ৰান্ত উপাস্থি মেৰামতিৰ বাবে গ্লুক’চামিন আৰু ডাইচেৰিন দৰব ব্যৱহাৰ কৰা দেখা গৈছে। কিন্তু এই দৰব সকলোৰে ক্ষেত্ৰত ফলপ্ৰসূ নহ’বও পাৰে। তদুপৰি এই দৰব ব্যয়বহুলো। আন এবিধ দৰব হল পায়ফচকনেট। এই দৰব অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। কিছু ক্ষেত্ৰত হায়ালুৰনিক এচিড ইনজেকচন ব্যৱহাৰ কৰা হয়। এই দৰবে কিছু পৰিমাণে বিষ প্ৰশমন কৰে যদিও ফলপ্ৰসূ দৰব হিচাপে চিহ্নিত হোৱা নাই। অৱশ্যে ষ্টেৰ’য়ড ইনজেকচনে আঁঠুৰ প্ৰদাহ প্ৰশমন কৰি বিষৰ উপশম কৰিব পাৰে। ইয়াৰ উপৰি ফিডিঅ’থেৰাপী, গৰম সেক, ছটৱেভ ডায়াথাৰ্মী আৰু মাংসপেশী শক্তিশালী কৰিব পৰা ব্যায়ামে আঁঠুৰ প্ৰদাহ সৃষ্টি কৰা বিষৰ ভালেখিনি উপশম ঘটাব পাৰে।

বিষ যদি অধিক হয়, দীৰ্ঘদিন ধৰি বিষনাশক দৰব ব্যৱহাৰ কৰিবলগীয়া হৈ থাকিলে নতুবা আঁঠুৰ সন্ধিৰ অত্যধিক বিকল হ’লে টোটেল ৰিপ্লেচমেণ্টৰ লেখীয়া শল্য চিকিৎসা কৰিবলগীয়া হয়।

 

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top