মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আঠুৰ বিষ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঠুৰ বিষ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা :

আঠুৰ বিষ আৰু ইয়াৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আঠুযুৰী আমাৰ গোটেই শৰীৰৰ ভাৰ বহন কৰে কাৰণে ইয়াক ভাৰ বহনকাৰী সন্ধি(weight bearing joints) বুলি কোৱা হয়।আমাৰ বিভিন্ন কৰ্ম যেনে খোজ কঢ়া, দৌৰা, আঠু কঢ়া ইত্যাদি বিভিন্ন নিত্য নৈমত্ত্বিক কৰ্মত আঠুযুৰীৰ ভূমিকা বহুত।বৰ্তমান জীৱন শৈলীত বহুতো ৰোগী আঁঠুৰ বিষত ভোগা দেখা যায়। আজি এই লিখনিটোৰ জৰিয়তে আমি আঁঠুৰ বিষৰ সম্পৰ্কে কিছু আলোচনা কৰিম। আলোচনাৰ প্ৰাৰম্ভতে আমাৰ আঠুযুৰীৰ শাৰীৰিক গঠন সম্পৰ্কে কিছু জানি লও আহক।

আঁঠুৰ গঠন -

আমাৰ আঁঠু চাৰিডাল হাড় একগোট হোৱা এটি সন্ধি।ওপৰৰ হাড় ডালৰ নাম femer ,তলৰ দুডাল হাড়।
ডাঙৰ দাল tibia আৰু সৰুদালক fibula বুলি কোৱা হয়।বাচন বৰ্তনৰ ঢাকনিৰ দৰে patela নামৰ এটি গোলাকাৰ হাড়ে এই সন্ধিটোক ওপৰৰ পৰা ঢাকি ৰাখে।হাড়বোৰক এডালৰ লগত আন এডাল সংযোগ কৰি ৰখাটো সহায় কৰে কেতবোৰ সূক্ষ্ম ৰছীৰ দৰে বস্তু যাক কোৱা হয় ligaments। সন্ধিটোৰ বাহিৰৰ পিনে LCL(lateral collateral ligament)আৰু ভিতৰৰ পিনে MCL(medial collateral ligament)থাকে যিয়ে মুখ্যতঃ ডাঙৰ হাড় তিনিডালক সন্ধিটোৰ বাহিৰ আৰু ভিতৰে বান্ধি ৰাখে। সন্ধিটোৰ ভিতৰত দুটি সৰু ligament যেনে anterior crucial ligament আৰু posterior crucial ligament য়ে ভিতৰৰ পৰা সন্ধিটোক বান্ধি ৰাখি শক্তি প্ৰদান কৰে।
Femur আৰু tibia হাড় দুডালৰ যিটো অংশ সন্ধিটোক বানাওতে সহায় কৰে সেই অংশটো অৰ্থাৎ হাড় দুলালৰ অন্তিম অংশত দুয়োডাল হাড় যাতে ঘহনি নাখায় তাৰ বাবে এটি স্পঞ্জ সদৃশ পদাৰ্থ থাকে যাক hyaline cartilage বুলি কোৱা হয়। ইয়াৰোপৰি দুয়োডাল হাঁড়ৰ ঘঁহনীৰ পৰা ৰক্ষা কৰিবলৈ আনএবিধ আহযুক্ত তাৰুণাষ্ঠী(fibro cartilage) অসমীয়া চাৰিটোৰ আকৃতিত গাঁঠিটোৰ মাজত সোমাই থাকে যাক meniscus বুলি কোৱা হয়। এই meniscus য়ে shock absorver ৰ দৰে কাম কৰে আৰু হাড় দুডালক নষ্ট হোৱাৰ পৰা বচাই ৰাখে।গোটেই আঠুটোক এখন চামনিৰ দৰে আৱাৰণে আৱৰি ৰাখে যাক synovial membrane বুলি কোৱা হয়।এই synovial membrenr ৰ থকা কোষবোৰে এটি তৰল সদৃশ পদাৰ্থ নিঃসৰণ কৰে যাক synovial fluid বুলি কোৱা হয়। এই synovial fluide য়ে গাড়ীৰ ইঞ্জিনত থকা মবিলৰ দৰে কাম কৰে অৰ্থাৎ হাড় বোৰক ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে।এই ৰস বিধ কম বেছি নোহোৱাকৈ synovial membrane খনে সন্তুলন বজাই ৰাখে।ইয়াৰ উপৰি bursa, tendon আদি অন্যান্য কেতবোৰ তত্ত্বৰে আঁঠুৰ সন্ধিৰ গঠন হয়।

আঁঠুৰ বিষৰ কাৰণ -

১)অষ্টিও আৰথ্ৰাইটিজ:

আঁঠুৰ বিষৰ মুখ্য কাৰণটোৱেই হৈছে আঁঠুৰ অবয়ব সমূহৰ ক্ষয় হোৱা। শৰীৰৰ ওজন বৃদ্ধি,বৰ্ধিত বয়স,অত্যাধিক পৰিশ্ৰম,ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ, বংশানু ভাবে তথা খাদ্যৰ বিসংগতি, কেলচিয়াম আৰু ভিতামিন আৰু মিনাৰেলৰ অভাৱত আঁঠুৰ অবয়ব সমূহৰ ক্ষয় হবলৈ ধৰে। পোনতে shock absorber সদৃশ cartilage সমূহৰ ভাঙোন আৰম্ভ হয়।যাৰ লগে লগে আঠুটোক বান্ধি ৰখা ligaments আৰু কন্দৰা সমূহৰো ক্ষয় হবলৈ ধৰে।এটা সময়ত আঠুটোৰ ভিতৰত থকা তেল সদৃশ জলীয়াংশৰ(synovial fluid) পৰিমাণ কমিবলৈ ধৰে আৰু ওপৰৰ হাঁড়ৰ লগত তলৰ হাড়ৰ ঘঁহনি খাবলৈ ধৰে।এই ঘঁহনিৰ ফলত হাঁড়ৰ বাহ্যিক আৱৰণ যাক peiostium বুলি কোৱা হয় সেই আৱৰণ খন বিদিৰ্ণ হোৱাৰ ফলত সেই ঠাইৰে কাঁইট সদৃশ হাড়ৰ সৃষ্টি হয় যাক ostrophyte অৰ্থাৎ হাঁড়ৰ কাঁইট বুলি কোৱা হয়।খোজ কাঢ়িলে বা দৌৰিলে এই কাইটবোৰে কাষৰ মাংশপেশী তথা লিগামেণ্ট আৰু টেন্দন সমূহক খুচিবলৈ ধৰে কাৰণে ৰোগীজনে অসহ্য বিষ অনুভৱ কৰিবলৈ ধৰে।

লক্ষণ -


*আঁঠুৰ বিষ। আঠুটো লৰচৰ কৰিব অসুবিধা হ’ব।

*বহাৰ পৰা উঠা বা উঠাৰ পৰা বহা অসুবিধা হ’ব।

*কেতিয়াবা বহাৰ পৰা উঠিলে বিজুলী মৰাৰ দৰে বিষ অনুভব হ’ব।

*গাঁঠিটো লৰচৰ কৰিলে মৰক মৰক শব্দ হ’ব।

*আঠুটো ফুলিব পাৰে।কেতিয়াবা পানী জমা হব’ও পাৰে।

*বৰ্ধিত অৱস্থাত ভৰি দুখন ধেনুভিৰীয়া হ’ব পাৰে।

*খোজৰ বিসংগতি হ’ব।

*গাঁঠিটোৰ আশে পাশে থকা মাংসপেশী সমূহ শুকাব পাৰে।

২)আঁঠুৰ আঘাত:

কিবা কাৰণত আঁঠু আঘাতপ্ৰাপ্ত হলে হাড় ভাঙিলে,tendon, ligaments, meniscus, bursa আদি আঘাতপ্ৰাপ্ত হলে আঘাত অনুযায়ী বিভিন্ন ধৰণৰ বিষ হব পাৰে।

৩)পপলিতিয়েল চিষ্ট:

আঠুটোৰ পিছফালৰ অংশক potlitial অংশ বুলি কোৱা হয়।চিষ্ট হৈছে এখন অৱৰণৰ ভিতৰত পানী জমা হোৱা।কেতিয়াবা আঁঠুৰ এই অংশত চিষ্ট হোৱা দেখা যায় যিয়ে আঠুটোৰ চলন ফুৰণত ব্যাঘাত জন্মায় আৰু পৰৱৰ্তী সময়ত বিষৰ সৃষ্টি কৰে এনে ক্ষেত্ৰত চিষ্ট টো উঠাই দিলে বিষৰ পৰা আৰাম পায়।

৪)কেতবোৰ অন্য ৰোগৰ লক্ষণ হিচাবে:

কেতবোৰ ৰোগ যেনে rheumatoid arthritis, SLE,rheumatic arthritis ইত্যাদি অন্য ৰোগ যি মুখ্যতঃ আঠুত বিষৰ সৃষ্টি নকৰে, এনে ৰোগটো কেতিয়াবা আঁঠুৰ বিষ হয়।

৫)আঁঠুৰ সংক্রমন:

সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হলেও আঁঠু ফুলি যায় আৰু বিষ আৰম্ভ হয়।

ইয়াৰোপৰি বিভিন্ন ৰোগত আঁঠুৰ বিষ হব পাৰে।আমি এই সংক্ৰান্তত আজি বহলাই আলোচনা নকৰো। পৰবৰ্তী সময়ত আপোনালোকে বিচাৰিলে আলোচনা কৰিম।

আয়ুৰ্বেদিক দৃষ্টিভংগী -

হেজাৰ হেজাৰ বছৰ পুৰণি আয়ুৰ্বেদ শাস্ত্ৰত আঁঠুৰ বিষৰ লক্ষণ,চিকিৎসা সম্পৰ্কে বৰ্ণনা পোৱা যায়। আয়ুৰ্বেদত সন্ধিগত বাত, জানু সন্ধি শূল, জানু সন্ধি শোথ, ক্ৰষ্টক শীর্ষক ইত্যাদি বিভিন্ন আঁঠুৰ ৰোগৰ বৰ্ণনা পোৱা যায়।আজিৰ লিখনিটোত আমি যিহেতু অষ্টিও আৰথ্ৰাইটিছ ওপৰত হে বেছি গুৰুত্ত দিছো সেয়েহে ইয়াৰ সম্পৰ্কত আয়ুৰ্বেদিক দৃষ্টিভংগী দাঙি ধৰিলো।আঠুক আয়ুৰ্বেদত জানু সন্ধি বুলি কোৱা হয়। অত্যাধিক পৰিশ্ৰমৰ ,আৰু বৰ্দ্ধক্য জনীত কাৰণ, আৰু বায়ু দোষৰ বিসংগতিৰ কাৰণ সমূহৰ ফলত শৰীৰৰ বায়ু দোষৰ বিসংগতি হবলৈ ধৰে যাৰ ফাল স্বৰূপে হাড় বোৰ দুৰ্বল হয়, সন্ধিটোৰ আশে পাশে থকা মাংসপেশী তথা স্নায়ু কণ্ডৰা সমুহৰ ৰাচনাত্মক বিসংগতি হবলৈ ধৰে।ফলত জানু সন্ধি দুৰ্বল হৈ পৰে আৰু কালক্ৰমত আঁঠুৰ বিষৰ আৰম্ভণি হয়। এয়া হৈছে সহজ ভাষাত এক থুলমূল আভাষ ।

উপচাৰ:
আপোনাৰ কৰণীয়:

১)শৰীৰৰ ওজন কমাওক।

২)খোজ কাৰোতে সদায় চিধা হৈ খোজ কাঢ়িব।

৩)ওখৰা-মোখৰা ৰাস্তাত বেছিকৈ খোজ নাকাঢ়িব।

৪)বেছিকৈ চিৰি নবগাব।

৫)কেলচিয়াম যুক্ত তথা পুষ্টিকৰ আহাৰ খাব।

শাৰীৰিক ব্যায়াম -

আঠুযুৰী শক্তিশালী কৰি ৰখাটো অতি দৰকাৰী । নিতৌ কেতবোৰ ব্যায়াম কৰিলে আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। আঁঠুৰ বিষৰ যিহেতু কাৰণ বহুত সেয়েহে কাৰণ সমূহ জানি ব্যায়াম সমূহ কৰিলে বেছি উপকাৰ পোৱা যায়। তথাপি তলৰ ব্যায়াম কেইটা কৰিব পাৰিব।

১)ওপৰ মুৱাকৈ শুই লওক।এতিয়া হাত দুখনৰ সহায়ত এখন ভৰি কোচাই গাৰ পিনে টানক। কিছুসময় ৰাখি এইখন ভৰি চিধা কৰি আনখন ভৰি কৰক।এনেকৈ দহ বাৰ বাৰমান কৰক।

২)ওপৰ মুৱাকৈ শুই লৈ আঠুযুৰীৰ তলত এটি গাৰু ৰাখক। এতিয়া আঠুযুৰীৰে গৰুটোৰ ওপৰত জোৰ দিয়ক অৰ্থাৎ মজিয়াৰ পিনে জোৰ দিয়ক।

৩)চিধাকৈ শুই ভৰিদুখন এখন চকীৰ ওপৰত ৰাখক।এতিয়া কঁকাখন ওপৰৰ পিনে দাঙি ভৰি দুখন চিধা কৰক।পুনৰ আগৰ অৱস্থালৈ আহক।এনেদৰে দহ বাৰ কৰক।

৪)এতিয়া ওলোটাকৈ শুই লওক।হাত দুখন শৰীৰৰ দুয়োকাষে ৰাখি এখন ভৰি কোচাওক ।কিছুসময় ৰাখি পুনৰ আগৰ অৱস্থালৈ যাওক। এনেদৰে আনখন ভৰি ও কৰক।এনেদৰেই দহবাৰ মান কৰক।

৫)এতিয়া থিয় হৈ লওক।

এটি চিৰিত এখন ভৰিৰে থিয় হওক। কিছু সময় থাকি পুনৰ আগৰ অৱস্থা লৈ আহক। এতিয়া আনখন ভৰিৰে কৰক। এনেদৰেও দহ বাৰ মান কৰক।

৬)থিয় হৈ এখন ভৰি বুকুলৈ কোচাওক। কিছু সময় ৰখি পুনৰ আগৰ অৱস্থা লৈ আহক। এনেদৰেই আনখন ভৰিও কৰক। এনেদৰেও দহ বাৰ মান কৰক।

৭)এতিয়া বহি লওক।দুয়োখন ভৰিৰ মাজত গাৰু এটি ৰাখক(দুয়ো আঁঠুৰ মাজত)। এতিয়া গাৰুটোক আঠুদুটাৰে জোৰকৈ হেচক।কিছু সময় পিছত পুনৰ কৰক।এনেদৰেও পাঁচবাৰ মান কৰক।

৮)কাপোৰৰ দুই কিলোমান বালি ভৰ্তি সৰু গাৰু এটি বনাই লওক।এতিয়া এখন ওখ ঠাইত বহক যাতে ভৰি দুখন ওলমি থাকে। এতিয়া এই বালি ভৰ্তি গাৰুটো এখন ভৰিৰ পতাত ৰাখক। এতিয়া ভৰিখন চিধাকৈ মেলি দিয়ক। কিছু সময় চিধাকৈ ৰাখি পুনৰ আগৰ অৱস্থালৈ আহক।এনেদৰে এখন ভৰিৰে দহ বৰ মান কৰি আনখন ভৰিৰেও দহ বাৰমান কৰক। এনে কৰিলে আঠুটোৰ মাজৰ ঠাইখিনি বাঢ়ি যায় যাৰ ফলত হাড় বোৰৰ ঘঁহনি খোৱা কমি যায় আৰু আৰু আঁঠুৰ বিষ কমিবলৈ ধৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লব কিমান ওজনৰ বালি লব লাগিব এইটো জানিবলৈ।

আয়ুৰ্বেদিক চিকিৎসা:

আগতেই উল্লেখ কৰিছো যে আয়ুৰ্বেদত এই বেমাৰৰ বিষয়ে সুন্দৰ বৰ্ণনা পোৱা যায়। আমি চিকিৎসা কৰোতে দুটা কথাৰ ওপৰত বেছি গুৰুত্ব দিও। সেই দুটা হৈছে গাঁঠিটো ফুলিছে নেকি নে ফুলা নাই। ফুলিলে কফ আৰু বায়ুৰ চিকিৎসা কৰা হয় আৰু নুফুলিলে অকল বাতনাশক চিকিৎসা কৰা হয়। ইয়াৰ কাৰণে চিকিৎসকৰ পৰামর্শ লব লাগে। তথাপি কেইটামান ঘৰুৱা দিহা আগবঢ়ালো।

১)ধাতুৰাৰ পাত, পছাটিয়াৰ পাত, এৰা গছৰ পাত সম পৰিমাণত লৈ হালধীৰ গুৰিৰ লগত আঠুটোৰ চাৰিওপিনে প্ৰলেপ লগাই চাফা কাপোৰেৰে বান্ধি থব তিনি চাৰি ঘণ্টা সময়। এনেকৈ কেই দিন মান কৰিব।

২)এটা প্ৰেচাৰ কুকাৰত ওপৰোক্ত গছৰ পাত সমূহ দি কুকাৰৰ হুইছেল ত খুলি এডাল গেছৰ পাইপত সংযোগ কৰিব। এতিয়া কুকাৰটো গেছৰ ওপৰত ৰাখি উতলিলে পাইপেৰে বাষ্প বাহিৰ হ’ব। এই বাষ্প সমূহ দূৰৰ পৰা আঠুটোৰ চাৰিওপিনে লাগাওঁক।এনেদৰে আধা ঘণ্টাকৈ সদায় পোন্ধৰৰ পৰা এমাহ মান কৰিলে যথেষ্ঠ আৰাম পোৱা যায়।

৩)অকনমান শুকান বালি ৫০গ্ৰাম সৈন্ধব নিমখৰ লগত ভাজি এখন মাৰ্কিন কাপোৰত টোপোলা বনাই আঠুটোৰ চাৰিওপিনে সেকি দিলে যথেষ্ট আৰাম পাব।

(এই আটাইখিনি কৰ্ম দেখাত যদিও সহজ যেন লাগে তথাপিও আৰম্ভণিতে এজন আয়ুৰ্বেদিক চিকিৎসকক দেখুৱাই ল’ব)

আয়ুৰ্বেদৰ অন্যান্য ফলপ্ৰসু চিকিৎসা -

আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত এই ৰোগ সংক্ৰান্তত বহুতো গৱেষণা হৈছে। ইয়াৰে ভিতৰত কেতবোৰ পিণ্ড স্বেদ চিকিৎসা, বস্তি চিকিৎসা, স্নেহন চিকিৎসা আদি প্ৰধান। আয়ুৰ্বেদ চিকিৎসাত ৰোগ আৰু ৰোগীৰ বালাবল চাইহে চিকিৎসা কৰা হয়। সেয়েহে ৰোগী নোচোৱাকৈ আয়ুৰ্বেদিক চিকিৎসা কৰাটো উচিত নহয়।

আয়ুৰ্বেদিক চিকিৎসাত এই ৰোগৰ চিকিৎসাৰ বাবে বহুতো ঔষধি আছে।এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।

পৰিসংহাৰ:
সদৌ শেষত prevention is better than cure কথা শাৰী মনত ৰাখি আঁঠুৰ বিষ নোহোৱাৰ বাবেই ওপৰোক্ত কৰণীয় সমূহৰ লগতে ব্যায়াম সমূহ নিয়মীয়াকৈ কৰক। নহলে আঁঠুৰ বেমাৰ বাঢ়ি গলে আঁঠু পুনঃ সংস্থাপন(knee transplant) কৰাৰ গত্যান্তৰ নাথাকিব।

ইয়াৰোপৰি মনত ৰখা দৰকাৰ যে knee transplant কৰিও সম্পূৰ্ণ সুস্থ হব বুলি আশা কৰিব নোৱাৰি।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top