মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আমনিদায়ক ঘামচি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমনিদায়ক ঘামচি:

আমনিদায়ক ঘামচিৰ বিষয়ে লিখা হৈছে

ঘামচি(Prickly Heats) কোনো ৰোগ নহয় যদিও সময় বিশেষে ই ৰোগতকৈও বেছি অশান্তিত ভোগায়। ছালৰ বহিৰ্ভাগত, বিশেষকৈ মুখমণ্ডলত দেখা দি সৌন্দৰ্য প্ৰকাশত ব্যাঘাত জন্মায়। ঘমচিয়ে সৃষ্টি কৰা আমনিদায়ক সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত মিলিয়াৰিয়া ৰুব্ৰা(Miliaria Rubra) বুলি কোৱা হয়। আমাৰ সকলোৰে জ্ঞাত যে ঘামচি গৰমৰ দিনত হয়। আমাৰ দেহৰপৰা ওলোৱা ঘামৰ লগত ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে। বায়ুমণ্ডলৰ উত্তাপ বেছি পৰিমাণে বৃদ্ধি পালে নতুবা কঠোৰ পৰিশ্ৰমৰ ফলত দেহৰ উত্তাপ বৃদ্ধি পালে ছালত থকা ঘৰ্মগ্ৰন্থিৰ ৰন্ধ্ৰৰ জৰিয়তে শৰীৰৰ তাপশক্তি ঘামৰ ৰূপত বাহিৰ হৈ আহে। ফলত মাটি কলহৰ ভিতৰৰ পানী ঠাণ্ডা হোৱাৰ দৰে দেহেও তাপ হেৰুৱাই কিছু শীতল হয় আৰু তেতিয়া শান্তি অনুভৱ হয়। এই ঘামত পানীৰ লগতে লৱণো প্ৰচুৰ পৰিমাণে থকা হেতুকে ঘামৰ সোৱাদ লুণীয়া হয়। মন কৰিবলগীয়া যে দেহত যেতিয়া বেছি তাপৰ উদ্ভৱ ঘটে, তেতিয়াই ঘামৰ সৃষ্টিও বেছিকৈ হৈ ঘৰ্মগ্ৰন্থিবোৰেদি বাহিৰ ওলাবলৈ ধৰে। কিন্তু তেনে অৱস্থাত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকিলে অথবা ঘামখিনি ধুই-মচি দিয়াৰ ব্যৱস্থা নকৰিলে ঘামত থকা লৱণসমূহে এটা সময়ত ঘৰ্মগ্ৰন্থিৰ মুখত খলমা মাৰি আবদ্ধ হৈ ৰন্ধ্ৰসমূহ বন্ধ কৰি দিয়ে। ফলত গৰমৰ সময়ত ওলোৱা ঘাম বাহিৰ ওলাব নোৱৰা হৈ এহাতে দেহত উত্তাপৰ সঞ্চায়ন ঘটাই অশান্তি দিয়ে আৰু আনহাতে ঘৰ্মগ্ৰন্থিৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। ফলত ঘৰ্মগ্ৰন্থিৰ মুখবোৰ কিছু পৰিমাণে ফুলি উঠি ঘমচিৰ সৃষ্টি কৰে। সেই ঘামচিবোৰে ছালত খজুৱতি তোলে আৰু তেতিয়া হাতৰ নখেৰে বা অন্য আহিলাৰে সেইবোৰ খজুৱাবলগীয়া হৈ পৰে। তাৰ পৰিণতিতে ক্ষত স্থানত বেক্টেৰিয়াৰ আক্ৰমণ সংঘটিত হৈ ঘামচিৰ স্থানত সৰু সৰু ঘাৰ সৃষ্টি হোৱাৰ বাট মুকলি হয়। কিন্তু তেনে অৱস্থাত পুনৰ ঘামৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা থাকে। সেয়ে তেনে অৱস্থাৰ উদ্ভৱ হ’লে, বিশেষকৈ শিশুসকলৰ তেনে হোৱা দেখিলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আৱশ্যকীয় হৈ পৰে। এতিয়া ঘমচিৰ উৎপত্তি আৰু সমস্যা লাঘৱৰ উপায়ৰ বিষয়লৈ অহা যাওক। ঘামৰ উৎপত্তিৰ ফলত এটা সময়ত ঘৰ্মগ্ৰন্থিৰ মুখবোৰ বন্ধ হৈ পৰে। এতেকে গাত ঘাম বেছি সময়লৈ লাগি থাকিবলৈ নিদিলেই ঘামচি সৃষ্টিৰ পৰিৱেশ বিনষ্ট হোৱাটো স্বাভাৱিক। গতিকে ঘামচি সৃষ্টিৰ পৰিৱেশ বিঘ্নিত কৰাৰ লগতে দেখা দিয়া ঘামচিৰ অপক্ৰিয়া ৰোধ কৰিব পাৰিলেই ঘামচিৰ সমস্যা লাঘৱ হোৱাৰ উপায় ওলাব। তাৰ বাবে অৱলম্বন কৰিবলগা ব্যৱস্থা কেইটামান হ’ব এনেধৰণৰ- • ঘাম ওলোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই ঘামখিনি আঁতৰাব লাগে নতুবা ঘামহীন কাপোৰেৰে মচি আঁতৰাব লাগে। • যথাসম্ভৱ শীতল পৰিৱেশত থাকিব লাগে। • কপাহী কাপোৰৰ ঘাম শোষণ ক্ষমতা বেছি বাবে গৰমকালি কপাহী কাপোৰ পিন্ধিব লাগে। • বগা কাপোৰৰ তাপ গ্ৰহণ ক্ষমতা কম হোৱা হেতুকে দেহক কম তাপ প্ৰদান কৰাৰ সুবিধা থকাত গৰমৰ সময়ত বগা বস্ত্ৰ পৰিধানত গুৰুত্ব দিব লাগে। • খোৱাপানীৰ পৰিমাণ বঢ়াই দিলে ঘামত ওলোৱা লৱণৰ পৰিমাণো কম হোৱাত গৰমৰ দিনত পানী কিছু বেছিকৈ খাব লাগে। • ভিটামিন ‘চি’ সমৃদ্ধ ফল বেছিকৈ খাব লাগে, কিয়নো ঘামৰ অপক্ৰিয়াৰোধী শক্তি ইয়াৰ বেছি থাকে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top